হৈ গুদু খেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হৈ গুদু বা অঞ্চল বিশেষে ৰাণীৰ দু খেল অসমৰ এক অসমৰ পৰম্পৰাগত আৰু এসময়ৰ অতি জনপ্ৰিয় খেল৷ হৈ গুদু আৰু ৰাণীৰ দু খেল প্ৰায় একেধৰণেই খেলা হয়; মাত্ৰ সামান্য এটা পাৰ্থক্য আছে৷ সাধাৰণ হৈ গুদু খেলত আটাইবোৰ খেলুৱৈ বৃত্তৰ মাজত সোমাই থাকে আৰু প্ৰতিপক্ষই বৃত্তৰ চাৰিওকাষে ঘূৰি ঘূৰি চুবলৈ চেষ্টা কৰে৷ আনহাতে ৰাণীৰ দু খেলত আঁচৰ সিপাৰে আন এটা গোলাকাৰ বৃত্তৰ মাজত দলপতি বা ৰাণী সোমাই থাকে৷ সাধাৰণতে আদিতে এই খেল ল’ৰাৰ মাজতে খেলা হৈছিল যদিও পিছলৈ ল’ৰা-ছোৱালী উভয়েই পৃথকে পৃথকে এই খেল খেলিবলৈ লয়৷ এই খেলত আজিকালিৰ কাবাডী খেলৰ দৰে উশাহ বন্ধ কৰি হৈ গুদু হৈ গুদু বা কেৱল গুদু গুদু গুদু গুদু নাইবা হাউ গুদু নুগুদু মাগুৰ জালি, ঘোঁৰাৰ নাকে দিলোঁ তালি আদি উশাহ নেপেলোৱাকৈ গাই বৃত্তাকৰে ঘূৰে আৰু থিয় হৈ থকা বিপক্ষক হাতেৰে চুবলৈ যত্ন কৰে৷[1]

খেলৰ নিয়ম[সম্পাদনা কৰক]

এই খেলৰ বাবে আহল-বহল মুকলি ঠাইৰ প্ৰয়োজন হয়৷ খেলস্থানত মাজতে এডাল আঁচ টানি দুভাগ কৰা হয় আৰু খেলুৱৈসকলো দুটা সমান ভাগত ভাগ হৈ ল’ব লাগে৷ কোনে আগতে খেলিব এটা পইচা ওপৰলৈ দলিয়াই দি চিত-পত চাই ঠিক কৰা হয়৷ আঁচৰ সিপাৰে প্ৰতিপক্ষৰ খেলুৱৈসকল থাকিব৷ প্ৰতিপক্ষই আঁচৰ ইপাৰৰ পৰা উশাহ এটা আৰম্ভ কৰি উশাহটো নসলোৱাৰ প্ৰমাণস্বৰূপে মুখেৰে হৈ গুদু হৈ গুদু আদি কৈ কৈ উশাহটো শেষ হোৱাৰ আগতেই আগৰ ঠাইলৈ উভতি আহিব লাগিব৷ ইয়াৰ মাজতে যদি তেওঁ প্ৰতিপক্ষৰ কাৰোবাক চুব পাৰে তেন্তে তেওঁ মৰা পৰিব বা আঁচৰ ভিতৰত থাকোঁতেই যদি তেওঁৰ উশাহ শেষ হয়, তেন্তে তেওঁ মৰা পৰিব৷ আনহাতে, ৰাণীৰ দু খেলত আঁচৰ ভিতৰত আন এটা বৃত্ত কৰা হয় য’ত ৰাণী বা দলপতি থাকে৷ তেওঁক বেৰি প্ৰতিপক্ষৰ খেলুৱৈসকল থাকে৷ আঁচৰ সিপাৰৰ পৰা ৰাণীৰ পক্ষই মুখেৰে গুদু গুদু বুলি উশাহ টানি ইপাৰে দৌৰি আহিব আৰু আন খেলুৱৈসকলক চুবলৈ চাব৷ বৃত্তৰ মাজত থকা ৰাণী নিজৰ দলৰ মাজলৈ পলাই অহাৰ চেষ্টা কৰিব, তেনে কৰোঁতে তেওঁ কাকো চুব নোৱাৰে৷ ৰাণীক বেৰি বিৰোধী দলৰ বাকী খেলুৱৈসকল থাকিব৷ তেওঁলোকে ৰাণীক আহিবলৈ নিদিয়াকৈ থাকিব৷ ৰাণীক ঘেৰি ৰখাসকলক মাৰিবলৈ ৰাণীৰ পক্ষই উশাহ আৰম্ভ কৰি দু দু দু দু বুলি খেদি যাব আৰু আঁচৰ সিপাৰে থকা খেলুৱৈক হাতেৰে চুই নিজৰ ঠাইলৈ উভতি আহিব৷ আঁচৰ ভিতৰত থাকোঁতে তেওঁ উশাহ শেষ হ’লে তেওঁ মৰা পৰিব৷[2]

বৈশিষ্ট্য[সম্পাদনা কৰক]

উশাহ ধৰি ৰখাটোৱেই এই খেলৰ প্ৰধান বৈশিষ্ট্য৷ তদুপৰি দলীয় সমন্বয় আৰু একাগ্ৰতাই খেল আকৰ্ষণীয় কৰি তোলে৷

শিকনীয় বিষয়[সম্পাদনা কৰক]

এইখেলৰ পৰা কেইবাটাও কথা শিকিব পাৰি৷ দলীয় সহযোগিতা আৰু শাৰিৰীক শক্তি আৰ্জিত হয়৷ উশাহ দীঘলীয়া কৰি ৰখাৰ গুণ আয়ত্ব কৰিব পাৰি৷ আত্মৰক্ষাৰ বাবে সচেতনতা গুণ আয়ত্ব কৰিব পাৰি৷ সুযোগৰ অপেক্ষাত থাকি ধৈৰ্য আয়ত্ব কৰিব পাৰি৷ এই খেলত যথেষ্ট শাৰিৰীক শক্তি প্ৰয়োজন হয়, সেয়ে নিজকে সুস্থ সবল কৰি খেলৰ উপযোগী কৰি ৰাখিবলৈ শিশুসকল অনুপ্ৰাণিত হয়৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমীয়া মানুহৰ ইতিহাস, পৃ: নং ৩৪২, নগেন শইকীয়া
  2. লুকাভাকু, এলি আহমেদ