ৰঞ্জন ৰশ্মি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰঞ্জন ৰশ্মি হৈছে বিদ্যুত চুম্বকীয় বিকিৰণৰ এটা অংশ, দৃশ্যমান পোহৰতকৈ ৰঞ্জন ৰশ্মিৰ তৰংগদৈৰ্ঘ কম, ৰঞ্জন ৰশ্মি বিকিৰণৰ বিভিন্ন অংশ বিভিন্ন কামত ব্যৱহৃত হয়।

ৰঞ্জন ৰশ্মি ক্ষুদ্ৰ তৰঙ্গ বিশিষ্ট এক ধৰণৰ ত্বৰিক চৌম্বিক বিকিৰণ। ইয়াৰ আন এক নাম এক্স-ৰে (X-ray)। ৰঞ্জনৰশ্মিৰ তৰঙ্গ দৈৰ্ঘ্য (সাধাৰণতে ১০-০.০১ ন্যানোমিটাৰ) সাধাৰণ পোহৰতকৈ অনেক কম কাৰণে ইয়াক খালি চকুৰে দেখা নাযায় । ১৮৯৫ চনত উইলিয়াম ৰন্টগেনে এই ৰশ্মিৰ আবিস্কাৰ কৰে। তৰঙ্গদৈৰ্ঘ্য যিমানেই চুটি হয় পদাৰ্থ ভেদ কৰাৰ ক্ষমতা সিমানেই বেছি হয়। চিকিৎসাক্ষেত্ৰত ৰোগনিৰ্ণয়ত যুগান্তকাৰী পৰিবৰ্তন আনিছে ৰঞ্জনৰশ্মিয়ে।

Hand mit Ringen: ৰণ্টজেনে তোলা প্ৰথম মানবদেহৰ এক্স-ৰে চিত্ৰ। ৰণ্টজেনে ১৮৯৫ এ ২২ ডিচেম্বৰত তেখেতৰ স্ত্ৰী আনা বাৰ্থা ৰণ্টজেনৰ হাতৰ ছবি তোলে।[1][2]

বৈশিষ্ট্য[সম্পাদনা কৰক]

এক্স-ৰে ছবি(ৰেডিঅ’গ্ৰাফ), taken by উইলিয়াম ৰণ্টজেন, of Albert von Kölliker's hand.

এক্সৰে আৰু সাধাৰণ পোহৰৰ মাজত প্ৰধান পাৰ্থক্য হল ইয়াৰ তৰঙ্গ দৈৰ্ঘ্য। সাধাৰণ পোহৰৰ তৰঙ্গ দৈৰ্ঘ্য 7x10^-7m ৰ পৰা 4x10^-7m পৰ্যন্ত। এক্সৰেৰ তৰঙ্গ দৈৰ্ঘ্য 10^-8m ৰ পৰা 10^-13m পৰ্যন্ত। সাধাৰণ পোহৰ দৃশ্যমান আৰু বিভিন্ন ৰঙত বিভক্ত হয়। কিন্তু এক্সৰে দৃশ্যমান নহয়। এক্সৰে উচ্চ ভেদন ক্ষমতাসম্পন্ন। এক্সৰেই আয়ন সৃষ্টিকাৰী বিকিৰণ গেচৰ মাজেদি সৰকি যোৱাৰ সময়ত গেচক আয়নিত কৰে, কিন্তু সাধাৰণ পোহৰে সেইটো নকৰে।

প্ৰকাৰভেদ[সম্পাদনা কৰক]

  1. কোমল এক্সৰে(Soft X-ray): এক্সৰে যন্ত্ৰত কম বিভব পাৰ্থক্য প্ৰয়োগ কৰি যি এক্সৰে পোৱা যায় অৰ্থ্যাত্‌ যি এক্সৰেৰ তৰঙ্গ দৈৰ্ঘ্য অপেক্ষাকৃত বেছি, ফলত ভেদন ক্ষমতা অপেক্ষাকৃত কম, তাকে কোমল এক্সৰে(Soft X-ray) বোলে।
  2. কঠিন এক্সৰে(Hard X-ray): এক্সৰে যন্ত্ৰত বেছি বিভব পাৰ্থক্য প্ৰয়োগ কৰি যি এক্সৰে পোৱা যায় অৰ্থ্যাত্‌ যি এক্সৰেৰ তৰঙ্গ দৈৰ্ঘ্য অপেক্ষাকৃত কম, ফলত ভেদন ক্ষমতা অপেক্ষাকৃত বেছি, তাকে কঠিন এক্সৰে(Hard X-ray) বোলে।

একক[সম্পাদনা কৰক]

এক্সৰেৰ একক হল ৰণ্টজেন। এক ৰণ্টজেন বুলিলে সেই পৰিমাণৰ বিকিৰন বুজায় যি স্বাভাবিক চাপ আৰু তাপমাত্ৰাত এক মিলিমিটাৰ বায়ুত এক স্থিৰ বৈদ্যুতিক আধানৰ সমান আধান উৎপন্ন কৰিব পাৰি।

আবিষ্কাৰ[সম্পাদনা কৰক]

বিজ্ঞানী ৰণ্টজেনে তড়িৎক্ষৰন নলীত(discharge tube) 10^-3mm পাৰদ চাপত বায়ুৰ মাজত তড়িৎৰক্ষনৰ পৰীক্ষা কৰিবলৈ গৈ লক্ষ্য কৰে যে, নলীৰ পৰা কিছু দূৰত অবস্থিত বেৰিয়াম প্লাটিনোচাইনাইড আবৃত পৰ্দাত প্ৰতিপ্ৰভাৰ সৃষ্টি হৈছে। পাছত তেওঁ আবিষ্কাৰ কৰে যে, তড়িৎক্ষৰন নলীৰ পৰা ক্যাথোড ৰশ্মি যেতিয়া নলীয়েদি গৈ দেৱালত পৰে তেতিয়া এই ৰশ্মিৰ উৎপত্তি হয়। তেওঁ এই ৰশ্মিৰ নাম ৰাখে এক্সৰে ৰশ্মি বা এক্সৰশ্মি।

সংজ্ঞা[সম্পাদনা কৰক]

দ্ৰুতগতিসম্পন্ন ইলেক্ট্ৰনে কোনো ধাতুক আঘাত কৰিলে তাৰ পৰা অতি ক্ষুদ্ৰ তৰঙ্গ দৈৰ্ঘ্যৰ আৰু উচ্চ ভেদন ক্ষমতা সম্পন্ন এক প্ৰকৃতিৰ বিকিৰণ উৎপন্ন হয়। এই বিকিৰণকে এক্সৰে বা এক্সৰশ্মি(X-Ray)বোলা হয়।

উৎপাদন[সম্পাদনা কৰক]

এক্সৰে টিউবৰ প্ৰধান অংশৰ চিত্ৰ

ফিলামেণ্টে F-ৰ ভিতৰেদি প্ৰবাহিত তড়িৎপ্ৰবাহ ক্যাথোড C-ক উত্তপ্ত কৰে। ইলেক্ট্ৰন তাপীয় নিঃসৰণ প্ৰক্ৰিয়াত ই এক্সৰে টিউবৰ প্ৰয়োজনীয় অংশ ক্যাথোডৰ পৰা মুক্ত হৈ আহে। তাৰপাছত এটা অতি উচ্চ বিভব প্ৰভেদ V-ৰ দ্বাৰা ইলেন্ট্ৰন সমূহৰ ত্বৰিত হয় আৰু আ্যনোডৰূপী লক্ষবস্তু T-ত আঘাত কৰে। ফলত এক্সৰে উৎপন্ন হয়।

ধৰ্ম[সম্পাদনা কৰক]

  • এই ৰশ্মিয়ে সৰলৰেখাত গতি কৰে।
  • ই অত্যাধিক ভেদন ক্ষমতাসম্পন্ন।
  • এক্সৰে তড়িৎচৌম্বক তৰঙ্গ, তড়িৎক্ষেত্ৰ বা চৌম্বকক্ষেত্ৰৰ দ্বাৰা ই বিচ্যুত নহয়।
  • ইয়াৰ তৰঙ্গ দৈৰ্ঘ্য তেনেই চুটি।
  • সাধাৰণ পোহৰৰ তুলনাত এক্সৰেৰ প্ৰতিফলন, প্ৰতিসৰণ, ব্যতিচাৰ, অপবৰ্তন আৰু পোলাৰায়ন হৈ থাকে।
  • ফটোগ্ৰাফিক প্লেটৰ উপৰতো ইয়াৰ প্ৰতিক্ৰিয়া আছে।
  • এই ৰশ্মিৰ আলোক তড়িৎ ক্ৰিয়া আছে।
  • জিঙ্ক চালফাইড, বেৰিয়াম প্লাটিনোচাইনাইড প্ৰভৃতি পদাৰ্থত এই ৰশ্মিয়ে প্ৰতিপ্ৰভাৰ সৃষ্টি কৰে।
  • ই আয়ন সৃষ্টিকাৰী বিকিৰন।
  • ই আধান নিৰপেক্ষ।

ব্যৱহাৰ[সম্পাদনা কৰক]

চিকিৎসা বিজ্ঞানত ইয়াৰ ব্যৱহাৰ
  • স্থানচ্যুত হাড়, হাড়ত দাগ বা ফাঁট, ভাঙি যোৱা হাড়, শৰীৰৰ ভিতৰৰ যিকোনো অংগৰ বা হাওঁফাওঁৰ কোনো ক্ৰুতি, দাঁতৰ বিসংগতি ইত্যাদিৰ অবস্থান নিৰ্ণয়ত ব্যবহৃত হয়।
  • চিটি স্কেন হ’ল কম্পিউটাৰৰ সহায়ত ৰঞ্জন ৰশ্মিৰ দ্বাৰা গৃহিত চিত্ৰ সংৰক্ষিত কৰি ত্ৰিমাত্ৰিক বা প্ৰস্থছেদ চিত্ৰ বনোৱাৰ ব্যৱস্থা।
  • কেঞ্চাৰৰ চিকিৎসাত ৰঞ্জন ৰশ্মিৰ বিকিৰণ ব্যবহৃত হয়।
  • পৰিপাক (Digestive) নলীৰে খাদ্যবস্তুৰ গমন পথ অনুসৰণ, আলচাৰ নিৰ্ণয় ইত্যাদিৰ বাবে ব্যৱহাৰ কৰা হয়।
শিল্পত ব্যৱহাৰ
  • ধাতব ঢালাইৰ দোষ ত্ৰুটিপূৰ্ণ ৱেল্ডিং, ধাতব পাতৰ গাঁত ইত্যাদি নিৰ্ণয়ত ব্যৱহৃত হয়।
  • কেলাস গঠন পৰীক্ষাত এক্সৰে ব্যৱহৃত হয় আৰু স্বৰ্ণকাৰসকলে ইয়াৰ সহায়ত আচল বা নকল গহনা চিনাক্ত কৰিব পাৰে।
  • টফি- লজেন্স, চিগাৰেট ইত্যাদিৰ মান ঠিকে আছে নে নাই বা টফি- লজেন্সত ক্ষতিকাৰক কিবা মিশ্ৰিত হৈছে নেকি তাক জনাৰ বাবে ব্যৱহৃত হয়।
অনুসন্ধান বিভাগত ব্যৱহাৰ
  • কাঠৰ বক্স বা চামৰাৰৰ মোনাত বিস্ফোৰক লুকুৱাই ৰাখিলে তাক বিচাৰি উলিওৱাত ব্যৱহাৰ কৰা হয়।
  • কাষ্টম কৰ্মকৰ্তাসকলে চোৰাং মালৰ অনুসন্ধান কৰাত ব্যৱহাৰ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Kevles, Bettyann Holtzmann (1996). Naked to the Bone Medical Imaging in the Twentieth Century. প্ৰকাশক Camden, NJ: Rutgers University Press. পৃষ্ঠা. 19–22. ISBN 0813523583. 
  2. Sample, Sharron (2007-03-27). "X-rays". The electromagnetic spectrum. NASA. http://science.hq.nasa.gov/kids/imagers/ems/xrays.html। আহৰণ কৰা হৈছে: 2007-12-03. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]