ৰাধা আৰু ৰুক্মিণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাধা আৰু ৰুক্মিণী(ইংৰাজী: Radha and Rukmini) আহোম ৰাজত্বকালত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ দুই মহিলা ৰণুৱা৷ এওঁলোক দুয়ো মৰাণ সেনাপতিৰ পত্নী আছিল৷[1]এই দুই নাৰীক লৈ ৰজনীকান্ত বৰদলৈয়ে “অসম হিতৈষী’’ নামৰ কাকতত “ৰাধা-ৰুক্মিণীৰ ৰণ’’ নামৰ এখন উপন্যাস ৰচনা কৰিছিল৷ আন এখন অসমীয়া উপন্যাস দণ্ডিনাথ কলিতাৰ “গণবিপ্লৱ’’তো[2] ৰাধা আৰু ৰুক্মিণীৰ ৰণকুশলতাৰ কথা বৰ্ণনা কৰা হৈছে৷

মোৱামৰীয়া বিদ্ৰোহত ৰাধা-ৰুক্মিণীৰ লগতে আন কেইবাগৰাকী মহিলাৰ অংশগ্ৰহণে দেশৰ প্ৰথম নাৰীবাহিনীৰ ৰূপ লৈছিল৷ ইতিহাসত বহুল উল্লেখ নথকা এইসকল ৰমণীৰ সাহস আৰু ৰণকৌশলে প্ৰতাপী আহোম ৰজাৰ বিপক্ষে যুঁজ দিয়াত মোৱামৰীয়া বাহিনী সফল হৈছিল৷ ৰাধা আৰু ৰুক্মিণীৰ দৃঢ় মনোবলে মোৱামৰীয়া সৈন্যবাহিনীক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছিল৷[3]

মোৱামৰীয়া প্ৰধান সেনাপতি মোহনমালাৰ তলতীয়া সেনাপতি আছিল ৰাঘৱ মৰাণ আৰু নাহৰ খোৰা৷ এই নাহৰ খোৰাৰে (পদ্মনাথ গোহাঞিবৰুৱাৰ ’অসম বুৰঞ্জীম’তে “ৰাঘৱ মৰাণ’’ৰ পত্নী আছিল ৰাধা-ৰুক্মিণী) দুই পত্নী ভাতুকী আৰু ভাবুলী৷ যুঁজৰ সময়ত এই দুই পত্নী সৈন্যসকলৰ সৈতে ৰণ কৰিছিল৷ তেওঁলোকৰ পূৰ্বৰ নাম গুচাই ৰাধা আৰু ৰুক্মিণী ৰখা হৈছিল৷ সৈন্যবাহিনীৰ মাজত সোমাই তেওঁলোকে এনে তীব্ৰৰূপত ৰণ কৰিছিল যে, প্ৰতিপক্ষই ক’বলৈ বাধ্য হৈছিল যে, ৰাধা-ৰুক্মিণীয়ে বন্দুকৰ গুলী আঁচল পাতি ধৰিব পাৰে, কোনো অস্ত্ৰ-শস্ত্ৰই তেওঁলোকক আঘাত কৰিব নোৱাৰে৷[4] ৰাধা আৰু ৰুকুণী বা ৰুক্মিণী বৰ চতুৰা নাৰী আছিল৷ তেওঁলোকে সৈন্যৰ সকলো ৰণকৌশল আয়ত্ব কৰি যুঁজত পুৰুষৰ সমানে সমানে অংশ লৈ ৰণ জয় কৰিছিল৷ আহোম সেনাৰ মাজত প্ৰচাৰ হৈছিল যে, ৰাধা আৰু ৰুক্মিণীয়ে সাক্ষাৎ ৰণচণ্ডীৰ ৰূপ লৈ এফালৰ পৰা সকলোকে নিধন কৰি গৈছে৷ অস্ত্ৰ-শস্ত্ৰই আঘাত নকৰা দুই নাৰীৰ বিষয়ে অন্ধবিশ্বাস বিয়পি পৰাত সৈন্যসকল পিছ হুঁহুকি যাবলৈ ধৰিলে৷ যুঁজত জয়লাভ কৰাৰ পিছত নাহৰ খোৰাৰ পুত্ৰ ৰমাকান্ত ৰজা হোৱাত ৰাঘৱ মৰাণ বৰবৰুৱা হৈ বহিল৷ ৰমাকান্তই মৰাণ সম্প্ৰদায়ৰে বিভিন্ন জনক বিভিন্ন বিষয়বাব দি নগৰত ৰাঘৱ বৰবৰুৱাক থৈ ৰমাকান্ত পাত্ৰ-মন্ত্ৰীসহিতে খুটিয়াপোতালৈ গ’ল৷ ৰুক্মিণী ৰাঘৱৰ সৈতে ৰংনাথত(ৰংপুৰ) থাকিল আৰু ৰাধা গ’ল গৌৰিসাগৰলৈ৷ ৰমাকান্তই আন বৈষ্ণৱ সত্ৰবোৰত নিৰ্যাতন কৰিবলৈ ধৰিলে৷ অতিষ্ঠ হৈ আহোম ডা-ডাঙৰীয়াসকলে আলচ কৰি ৰাঘৱ মৰাণে বলপূৰ্বক পত্নী কৰি ৰখা কুঁৱৰী কুৰঙ্গনয়নীৰ সৈতে গোপনে ষড়যন্ত্ৰ কৰিলে৷ তাৰ ফলস্বৰূপে ৰাঘৱ মৰাণক বধ কৰিবলৈ সক্ষম হ’ল আৰু তাৰ পিছত হৰ-গৌৰী দ’লত থকা ৰাধাক বেৰি ধৰি হানি-খুচি বধ কৰা হ’ল৷ ইয়াৰ পিছত ৰাুক্মিণীকো আন আন মৰাণ বিষয়াসকলৰ লগত বেৰি ধৰি বধ কৰা হ’ল৷[5]

তথ সূত্ৰ[সম্পাদনা কৰক]

  1. http://thaiahom.blogspot.com/2017/07/blog-post_96.html?m=1
  2. গণ-বিপ্লৱ. https://as.wikisource.org/wiki/%E0%A6%97%E0%A6%A3-%E0%A6%AC%E0%A6%BF%E0%A6%AA%E0%A7%8D%E0%A6%B2%E0%A7%B1. 
  3. হাজৰিকা, অমৃত (৬ জুলাই ২০২০). "ড° দেৱব্ৰত শৰ্মাৰ মোৱামৰীয়া গণবিদ্ৰোহ". দৈনিক অগ্ৰদূত: ৫. 
  4. বৰবৰুৱা, হিতেশ্বৰ (২০১৮). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ২৭৯. 
  5. গোহাঞিবৰুৱা, পদ্মনাথ (২০১৭). অসমৰ বুৰঞ্জী. এবিটি পাব্লিকেশ্বনচ্. পৃষ্ঠা. ১২৩.