ৰেণ্ডম ৰিফ্লেকশ্যনছ্

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Random Reflections  
লেখক ময়ূৰ বৰা
প্ৰচ্ছদ শিল্পী নিতুল কুমাৰ দত্ত
ভাষা ইংৰাজী
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক আঁক-বাক
প্ৰকাশ নৱেম্বৰ,২০১৬
আই.এচ.বি.এন. 978-93-85934-18-6

ৰেণ্ডম ৰিফ্লেকশ্যনছ্(ইংৰাজী: Random Reflections) হৈছে অসমীয়া শিক্ষাবিদ, লেখক, সমালোচক ময়ূৰ বৰাৰ এখন ইংৰাজী প্ৰবন্ধৰ সংকলন। আঁক-বাক প্ৰকাশনৰ পৰা ২০১৬ চনৰ নৱেম্বৰত প্ৰথম প্ৰকাশ পোৱা গ্ৰন্থখনৰ মূল্য দুশ টকা। পিতৃ-মাতৃলৈ কিতাপখন উছৰ্গা কৰি লেখকে এনেদৰে লিখিছে,"for my parents who are no more...Banalata Bora and Bharat Chandra Bora।" [1]

বিৱৰণ[সম্পাদনা কৰক]

কিতাপখনত মুঠ ২৪টা প্ৰবন্ধ আছে।[1] প্ৰবন্ধসমূহ হৈছে-

  1. How periphery can enrich mainland
  2. Attitude and development
  3. Counter narrative as metaphor
  4. Whither our literary world
  5. Slutwalk: Will it transcend symbolism?
  6. Agriculture in Assam: Perennially wait-listed?
  7. Facebook and Sankaradeva
  8. Asom Sahitya Sabha: A few questions
  9. when unremitting emotional outpouring ebb...
  10. Obituary of indifference
  11. Inclusive development as the master narrative
  12. Bezbaroa on Sankaradeva
  13. When rhetoric reigns supreme...
  14. Bonhomie at border
  15. Appropriating Ambedkar, denigrating Dalit
  16. When perception collides with reality
  17. Tragic trend among teenagers
  18. Enchanting Egypt
  19. That night in Cairo
  20. A river through time
  21. Monsoon idyll
  22. Scintillating Singapore
  23. What an encounter!
  24. The sound of Silence

লেখকৰ পৰিচয়[সম্পাদনা কৰক]

ময়ূৰ বৰা হৈছে এজন অসমীয়া লেখক আৰু সমালোচক। একবিংশ শতিকাৰ প্ৰথম দশকত বাতৰিকাকত আৰু আলোচনীৰ মাধ্যমেৰে প্ৰবন্ধ ৰচনাৰ দ্বাৰা সাহিত্যকৰ্মক সমৃদ্ধ কৰা অসমীয়া নতুনচাম লেখকৰ ভিতৰত এজন ময়ূৰ বৰাৰ। [2]তেখেতে ২০১৮ চনলৈকে ১৪খন গ্ৰন্থ ৰচনা কৰে।[3] ইয়াৰে দুখন গ্ৰন্থ ইংৰাজী ভাষাত ৰচনা কৰা। তেওঁ ইংৰাজীলৈ এখন গল্প সংকলনো অনুবাদ কৰিছে। ধৰ্মীয় আৰু সামাজিক দিশত চলি থকা ভণ্ডামি, অন্ধবিশ্বাস, জাতিবাদ প্ৰথা, আৰু সামগ্ৰিকভাৱে অসমৰ জ্বলন্ত সমস্যা তথা সাম্প্ৰতিক সময়ৰ দুৰ্নীতি আদি তেওঁৰ লেখাৰ মূল বিষয়বস্তু। প্ৰথাগত চিন্তা আৰু ধাৰণাৰ বিৰুদ্ধে যুক্তিনিষ্ঠ প্ৰশ্ন উত্থাপন, জাতিৰ ঐতিহ্যৰ প্ৰতি দায়বদ্ধতা[4] আৰু ঐতিহাসিক সমলৰ সন্ধান আদি বৈশিষ্ট্যবোৰো ময়ূৰ বৰাৰ প্ৰবন্ধৰ অন্যতম শক্তি।[2]বৰ্তমানলৈকে তেওঁ সৰ্বমুঠ ১৬খন গ্ৰন্থৰ লেখক।[5]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 ময়ূৰ বৰা (নৱেম্বৰ,২০১৬). Random Reflections. আঁক-বাক. ISBN 978-93-85934-18-6. 
  2. 2.0 2.1 সম্পাদনা-ডিম্পল চমুৱা (2015-16). নৰ্থ লখিমপুৰ কলেজ আলোচনী. পৃষ্ঠা. 95. 
  3. "Meet Mayur Bora- the acclaimed writer with 14 books to his credit" (en ভাষাত). Guwahati Plus. https://www.guwahatiplus.com/article-detail/meet-mayur-bora-the-acclaimed-writer-with-14-books-to-his-credit। আহৰণ কৰা হৈছে: 28 September 2018. 
  4. "বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন". North east now. 10 dec, 2017. https://assam.nenow.in/%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a6%bf%e0%a6%b7%e0%a7%8d%e0%a6%9f-%e0%a6%b2%e0%a7%87%e0%a6%96%e0%a6%95-%e0%a6%9a%e0%a6%bf%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a6%be%e0%a6%ac%e0%a6%bf%e0%a6%a6-%e0%a6%ae/। আহৰণ কৰা হৈছে: 21 July 2021. 
  5. বৰা, ময়ূৰ (২০২০). কিছু ইতিবাচক চিন্তাৰে ময়ূৰ বৰা. অৰ্চনা বৰঠাকুৰৰ সৈতে সাক্ষাৎকাৰ. Archana's Let us talk. https://www.youtube.com/embed/dGjuEwDa6d4.+Guwahati. 

লগতে চাওক[সম্পাদনা কৰক]

চিৰদিন অসমীয়া