ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/আগষ্ট-২০১৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (১৫ অক্টোবৰ ১৯৩১- ২৭ জুলাই ২০১৫) বা ড° এ. পি. জে. আব্দুল কালাম, এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল। কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল। তেখেতে তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজি (MIT), এ’ৰস্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে, তেখেত এজন এ’ৰস্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO) আৰু ভাৰতীয় মহাকাশ অধ্যয়ন সংস্থাত (ISRO) কাৰ্যনিৰ্বাহ কৰিছিল। কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে "ভাৰতৰ মিছাইল মানৱ"। ভাৰতত বেলিষ্টিক ক্ষেপণাস্ত্ৰ (ballistic missile) আৰু "উৎক্ষেপণ যান" (launch vehicle) প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি প্ৰদান কৰা হৈছিল। ১৯৭৪ চনৰ প্ৰথম নিউক্লীয়েৰ পৰীক্ষাৰ পাছত, ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" নিউক্লীয়েৰ পৰীক্ষণত ড° কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মুখ্য ভুমিকা পালন কৰিছিল। ২০০২ চনত ড° কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ আই আই এমত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়।

বিতংকৈ পঢ়ক...