ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২৪/ৱিকিমিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পোনপ্ৰথমে মই অসমীয়া ৱিকিমিডিয়াৰ সকলো সদস্যকে নমস্কাৰ জনাইছোঁ। ২০১৩-১৪ চনমানত প্ৰথমবাৰৰ বাবে অসমীয়া কী-পেডত অসমীয়া বৰ্ণকেইটাৰ সৈতে মোৰ পৰিচয় ঘটিছিল। সেই সময়ত অসমীয়া কী-পেড ব্যৱহাৰকাৰীৰ সংখ্যা সীমিত আছিল। মাতৃভাষাত লিখিবলৈ সুবিধা পোৱাৰ বাবে দিনটোৰ বেছিভাগ সময়েই কিবা কিবি লিখি নিজৰ প্ৰতিভা বিকাশ কৰাৰ চেষ্টা কৰাৰ দৰে হৈছিল। কেৱল অসমীয়া ভাষাত অসমীয়া কী-পেডত লিখাৰ নিচাৰ বাবেই বহু দীঘল দীঘল লেখা মোবাইলৰ জী-মেইলত লিখি ড্ৰাফট কৰি ৰাখিছিলোঁ। তেতিয়া সামাজিক মাধ্যমত অসমীয়াত কথা-বতৰা গোটটি সাংঘাতিক জনপ্ৰিয় আছিল। বহু লোকে সেই গোটৰ পৰাই নিজৰ নিজৰ সৃষ্টিশীল কামসমূহ কৰি আগুৱাই গৈছিল। সকলোৰে আলোচনা, সমালোচনা, ব্যংগবোৰে ইজনে সিজনৰ কাষ চপোৱাত সহায় কৰিছিল। ময়ো প্ৰথমে তাতেই ভুলে শুদ্ধই অসমীয়াত দুই এটা গল্প, প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেই প্ৰয়াস এতিয়াও অব্যাহত ৰাখিবলৈ চেষ্টা কৰি আছোঁ। বহু সময়ত দেখা যায় মাতৃভাষাৰ মাধ্যমত শিক্ষাগ্ৰহণ কৰা আৰু অন্য মাধ্যমত শিক্ষা গ্ৰহণ কৰাসকলক লৈ তৰ্ক-বিতৰ্ক হৈ থাকে। অন্য মাধ্যম অৰ্থাৎ ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাসকলক লৈ প্ৰায়ে সমালোচকৰ সমালোচনাৰ সন্মুখীন হোৱা যায়। অৱশ্যে এই কথাও নুই কৰিব নোৱাৰি যে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰা অধিক সংখ্যক ল'ৰা-ছোৱালীৰ অসমীয়া ভাষা-প্ৰীতি পুতৌজনক। তাৰ বাবে কেৱল মাধ্যম জগৰীয়া হ'ব নোৱাৰে বুলি ভাবোঁ। মই বৰ্তমান মাতৃভাষাত অধ্যয়নৰত বহু লোকৰ লেখাতো বানানৰ গুৰুতৰ ভুল দেখা পাওঁ। সৰু-সুৰা ত্ৰুটি আৰু গুৰুতৰ ভুল এই দুয়োৰে মাজত পাৰ্থক্য আছে। উদাহৰণস্বৰূপে - 'বিনয়ী' শব্দটো যদি আমি 'বিণয়ী' বুলি লিখোঁ তেন্তে বানানৰ ক্ষেত্ৰত ব্যাকৰণৰ ভুল বুলি শুদ্ধ কৰিলে সেয়া সাংঘাতিক গুৰুতৰ ভুল হয়তো নহয়। কিন্তু যদি আমি 'অস্কাৰ' শব্দটো লিখিবলৈ গৈ 'অঁস্কাৰ' শব্দটো লিখোঁ, সেয়া গুৰুতৰ ভুল নহয়নে! এইখিনি কথা কোৱাৰ প্ৰয়োজন এই কাৰণেই অনুভৱ কৰিছিলোঁ কিয়নো যিকোনো ভাষা এটা শিকাৰ প্ৰথম কঠীয়াতলী ঘৰখনেই। সেয়া লাগিলে অসমীয়া হওক বা ইংৰাজী বা অন্যান্য যিকোনো ভাষা। মই সৰুৰে পৰাই ইংৰাজী মাধ্যমত পঢ়া শুনা কৰিছিলোঁ যদিও দেউতাই বিভিন্ন অসমীয়া শিশু আলোচনী, শিশু গ্ৰন্থ ইত্যাদি আনি পঢ়া মেজৰ ওপৰত সজাই ৰাখিছিল। মোৰ এতিয়াও মনত পৰে মেট্ৰিকৰ আগে আগে আৰু উচ্চতৰ মাধ্যমিকত ইচ্ছা কৰিয়েই অতিৰিক্ত হিচাপে অসমীয়া বিষয়টো বাছনি কৰি লৈছিলোঁ। আমাৰ সময়ত ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা, বিদ্যালয়ৰ প্ৰাংগণত বেছিভাগ সময়তে ইংৰাজীত কথা পতাৰ পাছত অসমীয়া বিষয়টো বাছি লোৱাৰ বাবে কিছুসংখ্যকে উচ্চতৰ মাধ্যমিকত মই ফেইল কৰিম বুলিয়েই ভাবিছিল। কিন্তু তেনে হোৱা হ'লে মই নিজৰ ওচৰতে ভীষণ লাজ পালোহেঁতেন। ভাষা-প্ৰীতি গঢ় লোৱাৰ ক্ষেত্ৰত মোৰ জীৱনত দেউতাৰ অৱদান উল্লেখযোগ্য। এই ছেগতে মা-দেউতালৈ বিশেষকৈ দেউতালৈ মই কৃতজ্ঞতা যাচিলোঁ। সৰুতেই অসমীয়া ভাষাটোৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবেই অনাগত দিনত মই অসমীয়া ভাষাত বিভিন্ন ধৰণৰ কিতাপ-পত্ৰ পঢ়া, লিখা-মেলা কৰা, গ্ৰন্থ পাঠ কৰা আদি কামসমূহ নিজৰ সীমাবদ্ধতাৰ ভিতৰত কৰিবলৈ চেষ্টা কৰি আছোঁ। ইংৰাজী কী ৱৰ্ড এটা লিখি চাৰ্চ কৰিলে যিদৰে ইংৰাজী ৱিকিপিডিয়াত প্ৰয়োজনীয় তথ্য বিচাৰি পোৱা যায় সেইদৰে অসমীয়াতো পোৱা হ'লে, বৰ উপকাৰ হ'লহেঁতেন বুলি মনে মনে ভাবি থাকিছিলোঁ। আৰু তেনে সময়তে ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য ঈশান জ্যোতি বৰাৰ পৰা মই ২০১৯ বৰ্ষৰ কোনোবা এটা দিনত অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে অৱগত হৈছিলোঁ। ২০১৯ বৰ্ষৰ ১৪ মে' তাৰিখে মই অসমীয়া ৱিকিপিডিয়াত এটা একাউণ্ট সৃষ্টি কৰিছিলোঁ যদিও একো আও-ভাও নোপোৱাৰ হেতুকে সক্ৰিয় ভাৱে কাম কৰিবলৈ অলপ সংকুচিত হৈছিলোঁ। ব্যস্ততাৰ বাবেও সময় মিলাব নোৱাৰি তেনেকৈ কাম নকৰাকৈ কেৱল একাউণ্ট সৃষ্টি কৰাতেই মোৰ অৱদান সীমাবদ্ধ হৈ ৰৈছিল। তাৰ মাজতে এবাৰ ৱিকিপিডিয়াত কেনেকৈ প্ৰবন্ধ সৃষ্টি কৰে সেই প্ৰসংগত মৃদুল দা (মৃদুল কুমাৰ শৰ্মা) লৈ ফোন কৰোঁতে তেওঁ দুই-এটা পৰামৰ্শ দি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিও কেনেকৈ প্ৰবন্ধ সৃষ্টি কৰিব পাৰি সেই বিষয়ে বুজাই দিলে। এই ছেগতে মই মৃদুলদা লৈ কৃতজ্ঞতা জনালোঁ। ২০২০ বৰ্ষত কভিড মহামাৰীৰ বাবে সকলোৱে ঘৰতে গৃহবন্দী হৈ থাকিবলগা হোৱাত অসমীয়া ৱিকিপিডিয়াই এখনি অনলাইন কৰ্মশালাৰ আয়োজন কৰিছিল। কৰ্মশালাখনৰ বিষয় মোক অনামিকাই (অনামিকা বড়া) খবৰটো দিছিল। লগতে কৰ্মশালাখনত যোগদান কৰিবলৈ অনুৰোধ কৰিছিল। যিহেতু মইও সেই সময়ত গৃহবন্দী হৈ আছিলোঁ আৰু কামৰ বোজাও কিছু পৰিমাণে কমি আছিল, সেয়ে 'এই সুযোগনো কিয় হেৰুৱাওঁ'-এই মানসিকতাৰে কৰ্মশালাখনত যোগদান কৰিছিলোঁ। তাতেই ৱিকিৰ বিভিন্ন প্ৰকল্পসমূহৰ বিষয়ে জানিব পাৰিছিলোঁ। পৰৱৰ্তী সময়ত অসমীয়া ৱিকিমিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউৎসৰ বিষয়ে গম পাওঁ। কিদৰে ৱিকিউৎসত অসমীয়া গ্ৰন্থসমূহ মুদ্ৰণ সংশোধন কৰি ডিজিটাইজেছন কৰা হয় সেই বিষয়ে জানি বৰ ভাল লাগিছিল। অনলাইন কৰ্মশালাখন হৈ হোৱাৰ পিছত ৱিকিউৎসই এখন এডিটাথনৰ আয়োজন কৰিছিল। প্ৰথমবাৰৰ বাবে মই তাত অংশ গ্ৰহণ কৰি বহু নজনা কথা শিকিছিলোঁ। তাতোকৈ ভাল লগা কাৰণটো আছিল এগৰাকী গ্ৰন্থপ্ৰেমী হিচাপে ৱিকিউৎসৰ এই এডিটাথনখনৰ মাধ্যমেৰে মই বহু পুৰণি আপুৰুগীয়া গ্ৰন্থ পঢ়িবলৈ সুযোগ পাইছিলো। এই সুযোগতে অনামিকালৈ ধন্যবাদ জনালোঁ। লগতে সেই সময়ত মোক সহায়-সহযোগ কৰা অগ্ৰজ গীতাৰ্থ দা (গীতাৰ্থ বৰদলৈ) আৰু অনুজ প্ৰিয়াংকুশলৈও (প্ৰিয়াংকুশ ডেকা) ধন্যবাদ জনালোঁ।

মৃদুল দায়ে দিয়া পৰামৰ্শ লৈ বহু সাহস কৰি প্ৰথমবাৰৰ বাবে ২৬/০৫/২০২০ -ত অসমীয়া ৱিকিপিডিয়াত 'আমলা ৰুইয়া' নামৰ প্ৰবন্ধটি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেনেকৈয়ে অসমীয়া ৱিকিপিডিয়াত মোৰ যাত্ৰা আৰম্ভ হৈছিল। মাজতে দুবছৰমান থাকিব পৰা নাছিলোঁ যদিও বৰ্তমান কম-বেছি পৰিমাণে জ্যেষ্ঠ সকলৰ পৰা শিকি বুজি সক্ৰিয় হ'বলৈ যত্ন কৰিছোঁ। বিচাৰিলে নজনাটো শিকাই দি মোক উপকৃত কৰাৰ বাবে ঈশান জ্যোতি বৰাক মই আন্তৰিক ধন্যবাদ জনালোঁ।

এটা সময় আছিল যেতিয়া অসমীয়াত প্ৰয়োজনীয় তথ্যৰ বাবে কিতাপেই একমাত্ৰ আহিলা আছিল। কিন্তু বৰ্তমান ইণ্টাৰনেটত বিচাৰিলে বহু তথ্য আমি পাবলৈ সক্ষম হওঁ একমাত্ৰ অসমীয়া ৱিকিপিডিয়াত দিনে-ৰাতিয়ে প্ৰবন্ধ সৃষ্টি কৰি থকা সক্ৰিয় সদস্যসকলৰ প্ৰচেষ্টাৰ বাবেই।

মনলৈ আহোঁতেই থাওকতে কথা এটা কৈ থওঁ বুলি ভাৱিলোঁ। বহু সময়ত আমি দেখিবলৈ পাওঁ অসমীয়া বিশিষ্ট ব্যক্তিসকলৰ (সাহিত্যিক, চিকিৎসক, সমাজকৰ্মী, খেলুৱৈ, অভিনেতা ইত্যাদি) ভাল অৰ্থাৎ মানসম্পন্ন ফটো খুব কমেই ইণ্টাৰনেটত উপলভ্য হৈ আছে। থকা ফটোকেইখনেই বছৰি পুনৰাবৃত্তি হৈ থাকে। মানৱ ফটো (Human portrait) লোৱা যিসকল ফটোগ্ৰাফাৰ আছে; তেওঁলোকলৈ (তেওঁলোকৰ পৰিচিত কোনো ফটোগ্ৰাফাৰ যদি আছে) এটি অনুৰোধ কৰিব খুজিছোঁ। যদিহে তেওঁলোকে সেই ব্যক্তিসকলৰ ফটোসমূহ ক'ৰবাত তুলি ৰাখিছে, তেন্তে ৱিকিকমন্সত সেই ফটোসমূহ আপলোড কৰে যেন। ৱিকিত যদি তেনে কোনো সদস্য আছে তেন্তে এই অনুৰোধটো মন কৰিব বুলি আশা কৰিলোঁ।

আমি বহু সময়ত প্ৰয়োজনীয় তথ্যৰ অভাৱৰ বাবে আক্ষেপ কৰোঁ। মই ভাবোঁ, এনে এটা দিন আহিব যিদিনা ইণ্টাৰনেটত অসমীয়া ভাষাত তথ্যৰ অভাৱৰ বাবে ভৱিষ্যত প্ৰজন্মই আক্ষেপ নকৰিব। অসমীয়া ৱিকিত এমুঠিমান অসমীয়া মানুহে নীৰৱে কৰি থকা এই ভাষা আন্দোলনে মোক বাৰুকৈয়ে প্ৰভাৱিত কৰি আহিছে। এইখিনিতে ড° ভবেন্দ্ৰ নাথ শইকীয়াছাৰৰ উক্তি দুটা মই সমূহ ৱিকিযোদ্ধালৈ উৎসৰ্গা কৰিছোঁ -

১/ "বহু লোকে এই গুলী-বাৰুদ,তৰ্ক-বিতৰ্ক,অন্যায়-অনাচাৰৰ মাজতো ছবি আঁকি আছে,কবিতা লিখিছে,নাচিছে, গাইছে। এওঁলোকৰ কামৰ কিমানখিনি জাতিটোৰ বাবে বৰঙণি হিচাপে পৰিগণিত হয়গৈ, সেইটো পিছ কথা; কিন্তু সাম্প্ৰতিক পৰিবেশৰ মাজতো এওঁলোকৰ প্ৰতি উৎসাহমূলক,প্ৰেৰণামূলক দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজনীয়। দেশৰে অৱস্থা নাই,জাতিটো থাকে নে নাথাকে তাৰেই ঠিক নাই,ছবি আঁকি,কবিতা লিখি,গভীৰ চিন্তা-চৰ্চা কৰি কি ডাল হ’ব - এই ধৰণে এওঁলোকক আমনি কৰা উচিত নহ’ব।"

২/ "কিবা এটা কথাৰ বিষয়ে কিবা অলপমান লিখিলেই লগে-লগে লাভ হোৱা হ’লে কথাই নাছিল। তথাপি ধৈৰ্য ধৰি কথাবোৰ কৈ থাকিব লাগে - জানোচা এসময়ত কিবা লাভ হয়গৈ-এই আশাত।"

যিকোনো পৰিস্থিতি, ব্যক্তিগত বহু সমস্যা আৰু সীমাহীন ব্যস্ততাৰ মাজত থাকিও অসমীয়া ভাষাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অক্লান্ত ৱিকিমিডিয়ানসকললৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ।

'মনৰ কথা' লিখি থকাৰ মাজতেই বৰ দুঃসংবাদ এটাই আমাক সকলোকে ব্যথিত কৰিলে। অসমীয়া ৱিকিমিডিয়া গোটৰ এগৰাকী পুৰণি আৰু সক্ৰিয় সদস্য চন্দন চিৰিং ফুকনৰ আকস্মিকভাৱে দেহাৱসান ঘটে। সহস্ৰাধিক সম্পাদনা আৰু পাঁচশৰো অধিক প্ৰবন্ধ লিখাৰ লগতে তেওঁ অসমীয়া ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউদ্ধৃতিৰ এজন গুৰিধৰোঁতা আছিল। বিভিন্ন সময়ত বিভিন্নজনক নিঃস্বাৰ্থভাৱে সহায়-সাৰথি কৰি ৱিকিপিডিয়াত কাম কৰিবলৈ উৎসাহিত কৰি যোৱা চন্দন চিৰিং ফুকনৰ এই বিয়োগ আমাৰ বাবে অপূৰণীয় ক্ষতি। আশা কৰিছোঁ, তেওঁৰ মাতৃভাষাপ্ৰেম, ৱিকিপ্ৰকল্পৰ প্ৰতি থকা আগ্ৰহ আৰু হেঁপাহক আমি সদায় জীয়াই ৰাখিব পাৰিম। -Mousumi.Das (বাৰ্তা) 17:50, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]