ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
চন্দন চিৰিং ফুকনলৈ শ্ৰদ্ধাৰ্ঘ্য বিশেষ
ত্ৰয়োদশ বৰ্ষ | মে’ | ২০২৪ | পঞ্চম সংখ্যা
মুখবন্ধ
মুখবন্ধ সম্পাদনা কৰক
 ২০১২ চনৰ পৰা অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান চন্দন চিৰিং ফুকনৰ যোৱা ২৭ এপ্ৰিল, শনিবাৰে অকালতে দেহাৱসান ঘটিছে। অসমীয়া ভাষাটো ডিজিটেল পৃথিৱীখনত প্ৰতিষ্ঠা কৰাৰ বাবে নিৰলস অৱদান আগবঢ়াই যোৱা চন্দন চিৰিং ফুকনক হেৰুৱাই অসমীয়া ৱিকিমিডিয়া সমাজ শোকাভিভূত। এয়া কেৱল অসমীয়া ৱিকিমিডিয়া সমাজৰ বাবে নহয়, সমগ্ৰ অসমৰ বাবেই এক অপূৰণীয় ক্ষতি। তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সকলোলৈকে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

চন্দনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ হ'ল-

১) চন্দনৰ সকলো লেখা, ৱিকিত অৱদানৰ পৰিসংখ্যা, পদক আৰু ৱিকিপত্ৰিকাৰ শ্ৰদ্ধাঞ্জলিসূচক বাৰ্তাসমূহ যোগ দি এখন অনলাইন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ প্ৰস্তাৱ। এই স্মৃতিগ্ৰন্থৰ অনলাইন আৰু অফলাইন কপি অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব।

২) চন্দনৰ লগত জড়িত সকলো ফটো, অডিঅ' আৰু ভিডিঅ' ফাইল লগ লগাই এটা ভিডিঅ' প্ৰস্তুত কৰাৰ সিদ্ধান্ত। এই সংকলিত ভিডিঅ' ৰূপটো অসমীয়া ৱিকিৰ ইউটিউব চেনেল আৰু অন্যান্য সামাজিক মাধ্যমত অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব।

৩) ৱিকিউদ্ধৃতিত প্ৰতিমাহে সৰ্বোচ্চ সম্পাদনা কৰা সদস্যগৰাকীক 'চন্দন চিৰিং পদক' প্ৰদান কৰা হ'ব।

৪) চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাস গঠন।

৫) বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান এজনক ‘চন্দন চিৰিং ফুকন বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা' দিয়াৰ প্ৰস্তাৱ।

৬) ৱিকিউদ্ধৃতিত সক্ৰিয়তা বঢ়োৱাৰ উদেশ্যে ১ মে'ৰ পৰা ৩১ মে', ২০২৪ লৈ এখন চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা আয়োজন কৰা হৈছে। এই মেলাত সৰ্বোচ্চ অৱদানকাৰীসকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্ৰমান্বয়ে ১২০০/-, ৮০০/- আৰু ৫০০/- টকাৰ সৈতে মানপত্ৰ প্ৰদান কৰা হ'ব। পুৰস্কাৰসমূহ অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব।

উচৰ্গা
শ্ৰদ্ধাঞ্জলি সম্পাদনা কৰক
চন্দন চিৰিং ফুকনৰ ৱিকি-জীৱন
ৱিকিৰ বিভিন্ন প্ৰকল্পলৈ অৱদান
  • অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা: ৫৮৩
  • অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা: ১২,৮৯৩
  • অসমীয়া ৱিকিউৎসত সম্পাদনা: ১০৯০
  • অসমীয়া ৱিকিউদ্ধৃতিত সম্পাদনা:১২৮৯। তাৰোপৰি তেওঁ অসমীয়া ৱিকিউদ্ধৃতিৰ প্ৰশাসক ৰূপেও কাৰ্য্যনিৰ্বাহ কৰি আছিল।
  • কমন্সত আপলোড কৰা চিত্ৰ আৰু নথিৰ সংখ্যা: ৬৩২ খন
  • মুঠ গোলকীয় সম্পাদনা: ১৯,৫২০ টা
অংশ লোৱা ৱিকি কৰ্মশালাসমূহ
  • ২৫ অক্টোবৰ, ২০১৪: ৱিকি চাহমেল, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, গুৱাহাটী
ৱিকিপত্ৰিকাত মনৰ কথা
প্ৰাপ্ত পদকসমূহ
  • ২০১২ জুলাই মাহত অক্লান্ত কৰ্মী পদক
  • ২০১২ ছেপ্তেম্বৰ মাহত বিশেষ বঁটা
  • ২০১৪ নৱেম্বৰ মাহত The Teamwork Barnstar
  • ২০১৫ জুলাই মাহত The Teamwork Barnstar
  • ২০২০ মে’ মাহত ঐতিহাসিক প্ৰবন্ধৰ বাবে ইতিকথা পদক
  • ২০২০ ডিচেম্বৰ মাহত ৱিকি ঈগল পদক
  • ২০২১ ফেব্ৰুৱাৰী মাহত ফটোগ্ৰাফাৰৰ পদক
  • ২০২১ মাৰ্চ মাহত সুলেখিত প্ৰবন্ধকাৰ পদক
  • ২০২১ মে’ মাহত গ্ৰীক কিংবদন্তি পদক
  • ২০২১ মে’ মাহত এই মাহৰ ৱিকিমিডিয়ান পদক
  • ২০২১ আগষ্টত ৱিকিউদ্ধৃতিৰ The Original Barnstar
  • ২০২১ আগষ্ট মাহত ৰামায়ণ কথকতা পদক
  • ২০২১ বৰ্ষৰ ছেপ্তেম্বৰ মাহত অসমীয়া ৱিকিউৎসত সহযোগিতা পদক
  • ২০২১ বৰ্ষৰ ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়াৰ বিচাৰক পদক
  • ২০২১ বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ প্ৰবন্ধকাৰ পদক
  • ২০২২ জানুৱাৰীত ৱিকিউদ্ধৃতিৰ অক্লান্ত কৰ্মী পদক
  • ২০২২ ফেব্ৰুৱাৰী মাহত জুতি-বুধি পদক
  • ২০২২ মে’ মাহত ৱিকিপত্ৰিকা পদক
  • ২০২২ জুলাই মাহত অমূল্য অৱদান পদক
  • ২০২২ আগষ্ট মাহত মাছ সম্পৰ্কীয় প্ৰবন্ধৰ বাবে শল্কলী পদক
  • ২০২২ ডিচেম্বৰ মাহত অমূল্য অৱদান পদক
  • ২০২৩ ফেব্ৰুৱাৰীত ৱিকিউদ্ধৃতি অধিনায়ক পদক
  • ২০২৩ মাৰ্চ মাহত এডিটাথনৰ তেজীঘোঁৰা পদক
  • ২০২৩ চনৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনৰ সমন্বয়ক পদক
  • ২০২৩ মে’ মাহত এই মাহৰ ৱিকিপিডিয়ান পদক
  • ২০২৩ জুন মাহত কৰ্মশালাৰ সোণালী পদক
  • ২০২৩ জুন মাহত পঞ্চ শতাধিক তাৰকা পদক
  • ২০২৩ বৰ্ষৰ ৱিকিপিডিয়াৰ গৌৰৱ পদক
  • ২০২৩ আগষ্ট মাহত স্বাধীনতা সংগ্ৰামী এডিটাথন পদক
  • ২০২৩ নৱেম্বৰ মাহত মাজুলীৰ গড়মূৰত অনুষ্ঠিত হোৱা অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰীতিমেল আৰু কৰ্মশালাৰ বাবে ৱিকি গৌৰৱ পদক
  • ২০২৩ নৱেম্বৰ মাহত এছিয়ান মাহৰ সহযোগী পদক
  • ২০২৩ বৰ্ষৰ Wikipedia Asian Month 2023 Barnstar
  • ২০২৪ মাৰ্চ মাহত সৃষ্টিমূলক বিষয়ৰ পদক
  • ২০২৪ চনৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনৰ বাবে কৃতজ্ঞতা আৰু অভিনন্দন

গুণগত ছবি

ৱিকিপিডিয়া শীৰ্ষক চন্দনৰ এটি কবিতা

সূৰ্য্যোজ্বল ৱিকিপিডিয়াৰ বাটত

আঙুলিৰ দলঙেৰে নামি আহে
অযুত আখৰৰ সমদল
প্ৰতিডোখৰ অস্থিৰ মজ্জাগত বৰ্ণমালা

ধীৰে ধীৰে বাঢ়ে অসমীয়াৰ আয়ুসৰেখা
এখন এখনকৈ খুলি দিওঁ
বুঢ়া লুইতে নিজহাতে টুকি ৰখা
ইতিহাসৰ সাঁচিপতীয়া পৃষ্ঠাৰ দুৱাৰ

মোকলাই দিওঁ প্ৰতিজন জিজ্ঞাসুৰ বাবে

নগা পাহাৰৰ বুকুৰ সাঁচতীয়া কথাৰ ভঁৰাল

তাজমহলৰ পৰা মহাচীনৰ শৈল প্ৰাচীৰলৈকে

অৰণ্যগৰ্ভা আফ্ৰিকাৰ পৰা আৰৱীয় ঐতিহ্যলৈকে

সামৰি আনো তলুৱাত
গঙ্গা টেমছ নীলনদীৰ পাৰৰ পৰা
বুটলি বুটলি সাজোঁ তথ্যৰ মৌকোঁহ
অসমীয়া ৱিকিপিডিয়াৰ পাতত চিঞাহী বুলাই
ভুমুকিয়াই চাওঁ সংস্কৃতিৰ খোটালি
নিলগাই দিওঁ গোলকীয় সভ্যতাৰ আঁৰকাপোৰ
আৰু পৃথিৱীৰ প্ৰতিটো কোণৰ পৰা গাওঁ

অসমীয়া ভাষাৰ সূৰুযমুখী গীত।


  • বহু বছৰ আগৰে পৰাই ৱিকিৰ জৰিয়তে চন্দনৰ সৈতে অনলাইন সম্পৰ্ক গঢ়ি উঠিছিল। ২০২৩ চনৰ নৱেম্বৰত মাজুলীত অনুষ্ঠিত হোৱা প্ৰীতিমেল আৰু কৰ্মশালাত তেওঁক প্ৰথম কায়িকভাৱে লগ পাইছিলোঁ। তাৰ কিছুদিন পিছতে তেওঁৰ স্বাস্থ্যৰ অৱনতিৰ খবৰ পাওঁ। লাহে লাহে তেওঁৰ স্বাস্থ্য ভাল হৈ আহিছিল, ৱিকিত সম্পাদনা কৰিছিল, ফেচবুকত কবিতা লিখিছিল। শয্যাগত হৈ থাকোঁতে তেওঁ বহুত পৰিকল্পনা কৰিছিল। কেইবাটাও সাধু/গল্পৰ প্ল’ট মোবাইলত ভইচ ৰেকৰ্ডিং কৰি ৰাখিছিল। ভাল হৈ তেওঁ সেইবোৰ সজাই-পৰাই প্ৰকাশ কৰাৰ কথা কৈছিল। কিন্তু অকস্মাৎ তেওঁ গুছি গ’ল। যোৱাৰ আগমুহূৰ্ততো তেওঁ তেওঁৰ সপোনৰ প্ৰকল্প ৱিকিউদ্ধৃতিত এখন সম্পাদনা মেলা পাতি গ’ল। চন্দন চিৰিং ফুকন অসমীয়া ৱিকিমিডিয়াৰ গৌৰৱ আছিল আৰু গৌৰৱ হৈ সদায় জিলিকি থাকিব।

দিব্য দত্ত  (বাৰ্তা) 02:47, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • চন্দনদা আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱাটো আমাৰ অসমীয়া জাতিটোৰ বাবেই দুখৰ খবৰ বুলি অনুভৱ কৰিছোঁ। আজিৰ ব্যক্তিনিষ্ঠ পৃথিৱীখনত তেওঁৰ দৰে অসমীয়া ভাষাটোৰ প্ৰতি দায়বদ্ধ এজন যুৱক পোৱাটো আমাৰ বাবে কিমান যে গৌৰৱৰ কথা আছিল! অকালতে তেওঁক হেৰুৱালোঁ। তেওঁৰ কৰ্মোদ্যম, আগ্ৰহ আৰু ৱিকিমিডিয়া প্ৰকল্পসমূহত কাম কৰাৰ স্পৃহা দেখি আমি অনুপ্ৰাণিত হৈছিলোঁ। শেহতীয়াভাৱে নিজৰ ৰুগীয়া দেহাৰেও নিজৰ কথা নাভাবি ৱিকিৰ প্ৰকল্পসমূহত কাম কৰিছিল। চন্দন দাদাই নিজৰ একক প্ৰচেষ্টাৰেই ‘ৱিকি-উদ্ধৃতি’ প্ৰকল্পটো অসমীয়া ভাষাত আৰম্ভ কৰিছিল। তেওঁৰ এই কৰ্তব্যনিষ্ঠা আৰু আত্মত্যাগ আমাৰ বাবে আছিল পৰম কৌতূহলৰ বিষয়। তেওঁৰ কামত আছিল সততা। নাছিল আত্মপ্ৰচাৰৰ তিলমানো হাবিয়াহ। ৱিকিৰ নীতি-নিয়মসমূহৰ প্ৰতি তেওঁ যিধৰণৰ দায়বদ্ধতা দেখিছিলোঁ, সময়ত অন্য সদস্যৰ সৈতে ইতিবাচক বিতৰ্ক দেখিছিলোঁ, সেইবোৰ দেখি আমাৰ সাহস বাঢ়িছিল। ৱিকিমিডিয়া প্ৰকল্পসমূহৰ উত্তৰণৰ বাবে তেওঁ যিখিনি কাম কৰি গ’ল, সেয়া তেওঁক নজনা বা অনুধাৱন কৰিব নোৱৰাসকলে নিশ্চয় নুবুজিব। কিন্তু তেওঁৰ এই অৱদানে যে অসমীয়া ভাষাটোক অধিক শক্তিশালী ৰূপত ইণ্টাৰনেটৰ পৃথিৱীত পৰিচয় প্ৰদান কৰি গ’ল, সেয়া ভাবি আমি সকলোৱে গৰ্ব অনুভৱ কৰা উচিত। তেওঁ আমাৰ মাজত সদায় আছিল আৰু থাকিব। তেওঁক আমি জীয়াই ৰাখিম। অসমীয়া ৱিকিমিডিয়া সমাজ তেওঁৰ প্ৰতি আজীৱন কৃতজ্ঞ হৈ থাকিব।

BhuyanBhaskar (বাৰ্তা) 07:58, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • চন্দন চিৰিং ফুকন, অসমীয়া ৱিকিপিডিয়াৰ জৰিয়তে চিনাকি হৈছিল তোমাৰ লগত। তোমাৰ শেষৰ কবিতাকেইটাই মন চুই গৈছিল, এতিয়া কন্দুৱাইছে। তাৰেপৰাই দুটামান শব্দ ধাৰ কৰি তোমালৈ লিখিছোঁ এয়া:

সেউজ বাগিচাৰ পিয়াসী তুমি


নৈখনৰ পাৰৰ শিলটো উকা কৰি
তুমি উৰা মাৰাঁ
তোমাৰ শৰালি পাখিৰে
উদং নৈখনৰ পাৰত পৰি ৰয়
তোমাৰ বাউল খোজবোৰ।

৪ বাই ৩ ফুট খিৰিকিখনে
বান্ধি ৰাখিব নোৱাৰে তোমাক আৰু
তোমাৰ পদযুগলত
বনদেৱীয়ে বা বোলাই যোৱা
নিৰ্মোহ ডেউকা।

শীতে লঠঙা কৰি যোৱা
প্ৰস্তৰ গছবোৰৰ ওপৰেৰে
তুমি উৰা মাৰাঁ
তোমাৰ দুখবোৰ সৰি পৰে
এজাক প্ৰতিশ্ৰুতিৰ বৰষুণ হৈ।



- প্ৰভাকৰ শৰ্মা নেওগ (বাৰ্তা) 03:46, 5 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • বহু আশা আৰু প্ৰতিশ্ৰুতি এৰি অসমীয়া ৱিকিৰ অক্লান্ত কৰ্মী চন্দন চিৰিং ফুকন অকালতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। যোৱা দহবছৰৰো বেছি দিন একেলগে কাম কৰি থাকিও এবাৰো চন্দনক সশৰীৰে লগ পোৱা নহ'ল। কিন্তু ৱিকিৰ কামত চন্দনৰ নিষ্ঠা, উদ্যম আৰু আন্তৰিকতা দেখি মুগ্ধ হৈছিলোঁ। অসমীয়া ভাষাটো ডিজিটেল পৃথিৱীখনত প্ৰতিষ্ঠা কৰাৰ বাবে নিৰলস অৱদান আগবঢ়াই যোৱা চন্দন আৰু আমাৰ মাজত নাই। এয়া অসমীয়া ৱিকিৰ বাবে অপূৰণীয় ক্ষতি! আজি বহুতৰ অজানিতেই অসমে এগৰাকী সঁচা অসমীয়া আৰু অসমীয়া ভাষাৰ সাধকক হেৰুৱালে। চন্দনৰ সৰলতা, নিষ্ঠা আৰু কৰ্মোদ্যমে অসমীয়া ৱিকিৰ সকলোকে সদায়ে প্ৰেৰণা যোগাই যাব। তেওঁৰ স্মৃতি আমাৰ মাজত চিৰদিন জীয়াই থাকিব।

Joli Rumi (বাৰ্তা) 12:51, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • চন্দনক তেওঁৰ ৱিকি জীৱনৰ আৰম্ভণিৰে পৰা জানিছিলোঁ আৰু সেই সময়তে এটা সম্পৰ্ক গঢ় লৈ উঠিছিল যদিও তেওঁক কায়িকভাৱে দুবাৰ লগ পাইছিলোঁ; প্ৰথমবাৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় ৱিকিমিটত আৰু দ্বিতীয়বাৰ মাজুলী ৱিকিমিটত; প্ৰথমবাৰ তেওঁক কাণফুলি পিন্ধা এজন ষ্টাইলিচ যুৱকৰ ৰূপত, দ্বিতীয়বাৰ হাড়ে-ছালে লগা একেবাৰে বিধ্বস্ত ৰূপত। জানিছিলোঁ, তেওঁৰ অসুখ হৈ আছে, কিন্তু অসুখে যে সেই ধুনীয়া ল’ৰাটোক এনেকৈ বিধ্বস্ত কৰি থৈ যাব, সপোনৰো অগোচৰ আছিল। তথাপিও তেওঁ মনৰ বল অকণো হেৰুৱা নাছিল। ৰুগীয়া দেহেৰেই, কোনেও খুঁত উলিয়াব নোৱৰাকৈ তেওঁ মাজুলী ৱিকিমিট সফলতাৰে সম্পাদন কৰাত নেতৃত্ব দিছিল।

তাৰ পিছৰ পৰ্যায়ত তেওঁৰ শাৰীৰিক অৱস্থাৰ আৰু দ্ৰুতগতিত অৱনতি ঘটিছিল। ৱিকি সতীৰ্থসকলৰ পৰাই গম পাইছিলোঁ যে বহুদিন হাস্পাতালত থাকি তেওঁ ঘৰলৈ উভতিছে। পিছে তেওঁৰ শাৰীৰিক অৱস্থাৰ বিশেষ উন্নতি নঘটিল। এদিন তেওঁক মেছেজ কৰিলোঁ, ফোন এটা কৰিব পাৰিম নেকি বুলি। তেওঁ জনালে যে কথা পাতিলে তেওঁৰ ভাগৰ লাগে। ময়ো ক’লোঁ যে প্ৰথমে তেওঁ সুস্থ হৈ লওক, তাৰ পিছত কথা। কিন্তু সেই দিনটো যে আৰু কেতিয়াও নাহিল। তেওঁৰ সৈতে পাতিম বুলি ভবা বা পাতিবলগীয়া বহু কথাই আধৰুৱা হৈ থাকিল।

মৃত্যু এক অৱশ্যম্ভাৱী পৰিঘটনা। আমাৰ চৌপাশে প্ৰতিদিনে অজস্ৰ মৃত্যু দেখি থাকোঁ। সেই মৃত্যুবোৰে মোৰ মনত তেনে বিশেষ একো প্ৰতিক্ৰিয়া সৃষ্টি নকৰে। কিন্তু চন্দনৰ মৃত্যুত মই মৰ্মাহত হৈ পৰিছোঁ। মোৰ দৃঢ় বিশ্বাস আছিল, তেওঁ ৰোগক জয় কৰিবই। পিছে মোৰ বিশ্বাস যে চূৰ্ণ-বিচূৰ্ণ হৈ গ’ল।

সম্ভৱতঃ অসমীয়া ৱিকিমিডিয়ানসকলৰ ভিতৰত চন্দনৰ প্ৰতিয়ে মোৰ আটাইতকৈ বেছি মৰম-ভালপোৱা আছিল। তেওঁ “সংখ্যা”তকৈ “মান”কহে অধিক গুৰুত্ব দিছিল। তেওঁ যি কৰিছিল, অত্যন্ত সততাৰে পৰিপাটিকৈ কৰিছিল। ৱিকিপিডিয়াৰ নীতিসমূহ অনুসৰণ কৰাত তেওঁ যথেষ্ট গুৰুত্ব দিছিল। তেওঁৰ নেতৃত্ব দিব পৰা গুণটোও আছিল তেওঁৰ ব্যক্তিত্বৰ এক আভুষণ। তেওঁৰ ‘প্ৰায়’ একক প্ৰচেষ্টাত অসমীয়া ৱিকিউদ্ধৃতিয়ে নিজা ডমেইন লাভ কৰিবলৈ সক্ষম হৈছিল। মাজুলী ৱিকিমিটৰ সফল সম্পাদনাৰ ক্ষেত্ৰতো তেওঁ ৫০%-ৰো অধিক কৃতিত্ব দাবী কৰিব পাৰে।

অকালতে পৃথিৱী এৰি যোৱা চন্দনৰ মৃত্যুত আক্ষৰিক অৰ্থতে অসমীয়া ৱিকিপ্ৰকল্পবোৰৰ ক্ষতি হ’ল। ৰোগ শয্যাত পৰি থাকিও তেওঁ ৱিকিপ্ৰকল্পলৈ নিৰন্তৰ অৱদান আগবঢ়াই গৈছিল। কাকো হীন দেখুৱাব নিবিচৰা, কোনো অহমিকা নথকা এই ল'ৰাটোক মই বহুত মিচ কৰিম। মোৰ জ্ঞান-বুদ্ধি সক্ৰিয় হৈ থকালৈকে চন্দন, তোমাক স্মৰণ কৰিম!
বাবুল বৈশ্য (বাৰ্তা) 15:29, 30 April 2024 (ইউ.টি.চি.

  • ফেব্ৰুৱাৰীৰ সন্ধিয়া এটা। অচিনাকি নম্বৰৰ পৰা ফোন এটা আহিল। ৰিচিভ কৰোঁতেই দৃঢ় কণ্ঠস্বৰ এটাই 'হেলো' বুলি ক'লে। পট্‌কৈ মাতটো ধৰিব নোৱাৰি 'কোনে কৈছে! ' বুলি সুধিলোঁ। 'মই চন্দনে কৈছোঁ। কিতাপ পঢ়িবৰ বাবে কিণ্ডল এটা কিনিম বুলি ভাবিছোঁ। কোনটো ল'লে ভাল হ'ব অলপ ছাজেষ্ট কৰিবাচোন। ' 'নম্বৰ সলালা নেকি! ধৰিব পৰা নাই। মাতটোও বেলেগ লাগিছে। ' মই সুধিলোঁ। সি ব্যগ্ৰতাৰে সঁহাৰি দি ক'লে- 'অঁ হয় নেকি! '-- তাৰপিছত আমাৰ মাজত কথা আগবাঢ়িল।

এইজনেই চন্দন। গুৱাহাটীত কেইবাদিনো চিকিৎসাধীন হৈ থাকি সামান্য উপশম পোৱাৰ পাছতেই পৰৱৰ্তী পৰিকল্পনা যুগুতোৱাত ব্যস্ত হৈ পৰা চন্দন। সেইদিনাই ফোনত কথাবাৰ্তা সামৰিয়েই সি মোক অনলাইন অৰ্ডাৰ কৰা কিতাপৰ তালিকাখনো দেখুৱালে। ইয়াৰে আগতে সি শয্যাশায়ী অৱস্থাৰ পৰাই ৱিকিমিডিয়াৰ হোৱাটছ্‌আপ গোটত নিজৰ মন্তব্য দিয়াৰ কামো কৰি ৰাইজৰ পৰা মৃদু ধমক খাই থৈছে। ভাৱ হয়, মাতৃভাষাৰ প্ৰতি কিমান অদম্য ভালপোৱা থাকিলে এনে শাৰীৰিক অৱস্থাৰে মানুহ এজনে ম'বাইলত মেছেজ লিখি, ভয়ছ মেছেজ পঠিয়াই নিজৰ দায়িত্ব পালন কৰি থাকিব পাৰে! জীৱনটোক প্ৰাণভৰি ভালপোৱা, অদম্য হেঁপাহৰে সৰু-বৰ সকলো কামতেই সৰ্বস্ব উজাৰি দিয়া সেইজন চন্দন যে আমাৰ মাজত নাই-সেইটো কথা মনলৈ আনিয়েই মই ভীষণ অসহজবোধ কৰিছোঁ।

ৱিকিপিডিয়াৰ জৰিয়তেই চন্দনৰ লগত মোৰ চিনা-পৰিচয় হৈছিল। সৰু সম্পাদনা এটা কৰাৰ পৰা আৰম্ভ কৰি ৱিকিউদ্ধৃতিৰ ডমেইন অনাৰ সকলো সৰু-ডাঙৰ কামতে চন্দনে যি চিৰিয়াছনেছৰ পৰিচয় দিছিল, সেয়াই মোৰ লগতে সকলোকে প্ৰেৰণা যোগাইছিল। চন্দনৰ লগত বন্ধুত্ব ৱিকিপিডিয়াৰ বাহিৰতো ব্যপ্ত হৈছিল। কৰ্মসূত্ৰে গুৱাহাটীলৈ আহিলেই সি সময় উলিয়াই চাহ-ভাত খাই আড্ডা দিয়াৰ পৰিকল্পনা কৰিছিল। অৱশ্যে বৰপেটাত থাকোঁতে দৌলোৎসৱৰ সময়ত যাম-যাম বুলি সময় মিলাব নোৱাৰি পাছত তাৰ সমুখত দুখ প্ৰকাশ কৰিছিলোঁ। সি প্ৰত্যুত্তৰত Sarcasm কৰিছিল।

চন্দন আছিল কবিতাৰ এজন বিশেষ গুণমুগ্ধ। ভাৱ-ভাষা আৰু শব্দচয়নত তাৰ দখল মানিবলগীয়া। অসমৰ লোককথা আৰু লোকসাহিত্য সম্পৰ্কে তাৰ গভীৰ জ্ঞানৰ কথা কৈ তাক প্ৰশংসা কৰিছিলোঁ। সি স্বভাৱসুলভ বিনম্ৰতাৰে প্ৰশংসাৰ স্ৰোত স্তিমিত কৰিছিল। প্ৰায়েই আমাৰ মাজত চিনেমা-চিৰিজৰ বিষয়ে আলোচনা হৈছিল। ফেণ্টাছী, কল্পবিজ্ঞানধৰ্মী ছবি-ছিৰিজ তাৰ প্ৰিয় আছিল। গতিকে শেহতীয়াকৈ তেনেধৰণৰ চিনেমা-চিৰিজ চালেই তাৰ লগত শ্বেয়াৰ কৰিছিলোঁ।

অসমীয়া থলুৱা ব্যঞ্জন আৰু জুতি-পুতিবোৰ চন্দনে বিশদভাৱে জানিছিল। প্ৰায়েই কিছুমান ব্যঞ্জনৰ ছবি সি লোভনীয় ৰূপত হোৱাটছ্ আপ, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা দেখিছিলোঁ। এবাৰ গুৱাহাটীৰ 'ছাৰছ মেলা'ত লগ হৈ দুয়োটাই পোৰা হাঁহৰ মাংস খালোঁ। শেহতীয়াভাৱে এইবছৰত‌ হোৱা মেলালৈ সি আহিব নোৱাৰিলেও মোক ফটোগ্ৰাফী প্ৰতিযোগিতাৰ লিংক এটা দি যোগদান কৰিবলৈ কৈছিল। তাৰ কথা ৰাখি দুখনমান ফটো আপলোড কৰিছিলোঁ।

এনেকুৱাই আছিল চন্দন। সোঁতৰ বিপৰীতে নিজৰ এটা স্বকীয় সোঁত সৃষ্টি কৰি লোৱা চন্দন।

জীৱনত আমি কিছুসংখ্যকহে এনে মানুহ লগ পাওঁ, যাৰ সান্নিধ্যৰ কথা মনলৈ আনিলে আমাৰ অভিব্যক্তিত এক অমলিন সুখানুভূতিৰ পোহৰ পৰে। চন্দন তেনে এক সত্তাৰ নাম আছিল। নিজকে কৃত্ৰিমভাৱে প্ৰবোধ দিবলৈ গৈ এতিয়া ভাবিছোঁ, জীৱনটো বোধহয় এনেকুৱাই। মানুহৰ সুখ-দুখ-উদাৰতা কিম্বা পৰিকল্পনাৰ প্ৰতি ই কেতিয়াবা প্ৰয়োজনাধিক নিৰপেক্ষ হৈ পৰে। ‌

আজি চন্দনৰ অবৰ্তমানত সান্নিধ্যৰ সেই মুহূৰ্তবোৰে আমাৰ স্মৃতিজগতক বাৰুকৈয়ে শোকাভিভূত কৰিছে। চন্দনৰ প্ৰতিভা, তাৰ কৰ্মোদ্যম আৰু পৰিকল্পনাবোৰক আমি আমাৰ মাজত সদায় প্ৰৱাহিত কৰি ৰাখিবলৈ চেষ্টা কৰি যাম।

ঈশান জ্যোতি বৰা (বাৰ্তা) 17:14, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • কিছুমান ব্যক্তি হেৰাই গ'লে বহু সময়লৈ মনটোৱে সেই ব্যক্তিগৰাকীৰ অনুপস্থিতি মানি ল'ব পৰাকৈ প্ৰস্তুত নাথাকে। চন্দন চিৰিং ফুকন তেনে এজন ব্যক্তি আছিল। কম সময়ৰ বাবে তেওঁক পাইছিলোঁ যদিও অলপতে অনুষ্ঠিত হৈ যোৱা 'নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪'-ত তেওঁৰ উৎসাহপূৰ্ণ যোগদান আৰু কাম কৰাৰ উদ্যম দেখি তবধ মানিছিলোঁ। ৱিকিৰ যিকোনো প্ৰকল্পত কাম কৰাৰ কথা ওলালেই অসমীয়া ৱিকি পৰিয়ালে তেওঁৰ নামেই আগে ভাগে ল'ব। এনে মানুহ আমাৰ মাজৰ পৰা অকালতে নোহোৱা হৈ যোৱাটো আমাৰ বাবে অপূৰণীয় ক্ষতি। পুৱাৰ ভাগত খবৰটো পায় বহু সময়লৈ মনটো বুজাব নোৱাৰাকৈ বেয়া লাগি থাকিল। নিজৰ জীৱনৰ জটিল সময়খিনিতো নীৰৱে অসমীয়া ভাষাৰ হকে ৱিকিত তেখেতে যিখিনি কৰি থৈ গ'ল সেয়া সকলোৰে বাবে আদৰ্শ হৈ ৰ'ব। ৱিকি পৰিয়ালৰ হৈ এগৰাকী ৱিকিমিডিয়ান হিচাপে তেওঁৰ কৰ্মৰাজি আন দহজনৰ সৈতে ভাগ বতৰা কৰিবলৈ আজীৱন চেষ্টা কৰিম।

Mousumi.Das (বাৰ্তা) 18:12, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • চন্দনৰ সৈতে চিনাকি ৱিকিৰ মাধ্যমেৰেই হৈছিল। পিছত তুমিৰ পৰা তই বুলি মাতিব পৰা হ'লোঁ। মই এফালে বাস্তৱক মানি ল'ব পৰাকৈ সক্ষম বুলি মনক প্ৰবোধ দি আছোঁ যদিও মুহূৰ্ততে সেয়া চকুপানীলৈ ৰূপান্তৰিত হৈছে। নিজকে অসহায় যেন অনুভৱ কৰি চট্‌ফটাই উঠোঁ। চন্দনে মনত মায়াসানি গুচি গ'ল। কিছুদিন লাগিব সহজ হ'বলৈ, তাৰেই আশাত ৰৈছোঁ‌। শ্ৰদ্ধাঞ্জলি কিনো জনাম!! চন্দন তই সুখত থাক!

Nayan j Nath (বাৰ্তা)(ডুবু)

  • জন্মিলে মৃত্যু অনিবাৰ্য। এয়াই প্ৰকৃতিৰ নিয়ম। কিন্তু প্ৰকৃতিৰ এই নিয়মে চিৰ-বিচ্ছেদৰ যি গভীৰতম যন্ত্ৰণা মানুহক দিয়ে, তাক অনুভৱ কৰাটো কষ্টকৰেই নহয়, প্ৰায় অসাধ্য যেন হৈ পৰে। তেনে এক অনুভৱে গ্ৰাস কৰি ধৰিছে সমগ্ৰ অসমীয়া ৱিকিমিডিয়া সমাজক। কাৰণ অসমীয়া ৱিকিমিডিয়া সমাজৰ এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান চন্দন চিৰিং ফুকনৰ অকাল দেহাৱসান। চন্দন দাৰ লগত মোৰ চিনাকি ৱিকিমিডিয়াৰ যোগেদিয়েই হোৱা। চন্দন দা মোৰ নিজা ককাইদেউৰ নিচিনা আছিল যদিও তেওঁ মোৰ বন্ধুতকৈ কম নাছিল। প্ৰায় সকলোবোৰ কথাই তেওঁৰ লগত ভাগ-বতৰা কৰিছিলোঁ। ৱিকিৰ বিষয়ে আলোচনা কৰিছিলোঁ। তেওঁৰ পৰা বহু কথা শিকিছোঁ আৰু বহু কথা শিকিবলৈ বাকী থাকি গ'ল। তেওঁৰ কৰ্মস্পৃহা দেখি অভিভূত হৈছিলোঁ। মাতৃভাষা আৰু ৱিকিৰ প্ৰতি থকা তেওঁৰ প্ৰেম আছিল কোনো মাতৃৰ নিজ সন্তানৰ প্ৰতি থকা প্ৰেমৰ লেখিয়া। মানুহক আপোন কৰি ল'ব পৰাটো আছিল তেওঁৰ এক বিশেষ গুণ যি গুণৰ অধিকাৰী হোৱাটো সকলোৰে পক্ষে সম্ভৱ নহয়। তেওঁ সদায়েই মোক ৱিকিমীটত যোগদান কৰিবলৈ উৎসাহ যোগাইছিল। নিজৰ একাকীত্ব স্বভাৱৰ বাবে ম‌ই তেওঁৰ সেই আহ্বান বাৰাম্বাৰ নাকচ কৰিবলগীয়া হৈছিল। তথাপিও তেওঁ বেয়া নাপাইছিল। ধেমালীৰ সুৰেৰে কিছু কথা শুনাইছিল যদিও সেয়া মৰমতে কোৱা কথা। ৱিকিমীটত নহ'লেও ২০২২ চনৰ কোনোবা এটা দিনত ঈশান দাৰ লগত তেওঁক লগ কৰাৰ সোভাগ্য ঘটিছিল। মিতভাষী চন্দন দাৰ সেই সান্নিধ্য ম‌ই কেতিয়াও পাহৰিব নোৱাৰোঁ। চিনেমা-ৱেব চিৰিজৰ ক্ষেত্ৰত তেওঁৰ জুতি মোৰ লগত কিছু মিলিছিল বাবে আমি প্ৰায়েই সেইবোৰ কথা আলোচনা কৰিছিলোঁ। আজি এনেবোৰ আলোচনাত ভাগ ল'বলৈ চন্দন দা নাই। তেওঁৰ বিয়োগত কেৱল আমাৰ জীৱনতেই নহয়, সমগ্ৰ অসমৰ লগতে অসমীয়া ৱিকিমিডিয়া সমাজত এক বিৰাট শূণ্যতাই বিৰাজ কৰিছে। অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল সেয়া সদায় অমৰ হৈ ৰ'ব আৰু এই ৱিকিমিডিয়াৰ যোগেদিয়েই চন্দন দা চিৰদিনলৈ অসম আৰু অসমীয়াৰ মাজত জীয়াই থাকিব। আৰুনো কি ক‌ওঁ! মৃত্যুৰ সিপাৰে যদি সঁচাকৈয়ে স্বৰ্গৰ অস্তিত্ব আছে সেই স্বৰ্গতেই চন্দন দা কুশলে থাকক।

চাণক্য (বাৰ্তা) 10:19, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • নিয়তিয়ে অতি নিখুঁত পৰিকল্পনাৰে চন্দনক আমাৰ মাজৰপৰা কাঢ়ি লৈ গল! নহ’লেনো ইমান আশা-আকাংক্ষা, জীৱনৰ প্ৰতি হাবিয়াস থকা তজবজীয়া যুৱকজন এনেকৈ হেৰাই যায় নে! যি সময়ত তেওঁক আমাৰ, পৰিয়ালৰ, সমাজৰ অতি প্ৰয়োজন হৈছিল, অসমীয়া ৱিকিমিডিয়াৰ জয়যাত্ৰা সমদলৰ অক্লান্ত পথিকজনে সেই সময়তে মৃত্যুৰ ওচৰত হাৰ মানি আমাক শোক সাগৰত ডুবাই অনন্তধামলৈ গুছি গ’ল।
তুমি আমাৰ প্ৰত্যেকৰে হৃদয়ত বাস কৰিবা চন্দন! তোমাক আমি সদায় সুঁৱৰিম।

Jyoti chiring (বাৰ্তা)10:04, 3 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • হাড়ে-হিমজুৱে অসমীয়া ভাষাটোক ভালপোৱা নিৰলস শক্তিৰ অধিকাৰী দাদাজন এনেকৈ হঠাৎ এদিন আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব বুলি কাহানিও ভবা নাছিলোঁ৷ অসমীয়া ৱিকিউদ্ধৃতিৰ প্ৰতি আপোনাৰ যি অগাধ প্ৰেম আছিল তাক একতাৰ বলেৰে প্ৰাপ্ত আমাৰ এই as.wikiquote.org ড’মেইনেৰে বান্ধি ৰাখিবলৈ সদায়ে চেষ্টা কৰি যাম৷ আপুনি কৈছিল— “যদি পৰিস্থিতিয়ে ৱিকিউদ্ধৃতি পুনৰ উমনিত সুমুৱাটোৱেই বিচাৰে তেন্তে সেয়াই হওক। ইমান কম মানুহেৰে তিনিটা প্ৰকল্প বলে নোৱাৰিম আমি।” অসমীয়া ৱিকিউদ্ধৃতিক পুনঃ ইনকিউবেটৰলৈ যাব দিব নোৱাৰি; এয়া কেৱল অসমীয়া ভাষাটোৰ বাবেই নহয় আপোনাকো অসন্মান কৰা হ’ব৷ আপোনাৰ সপোনৰ প্ৰকল্প অসমীয়া ৱিকিউদ্ধৃতিত যি প্ৰথমখন উদ্ধৃতি মেলা আপুনি মৃত্যুৰ আগমুহূৰ্তত পাতি থৈ গ’ল তাৰ বাবে আমি সদায়ে চিৰকৃতজ্ঞ হৈ ৰ’ম৷ পূৰ্বৰ সক্ৰিয়তা আনিব নোৱৰাৰ বাবে পাৰিলে ক্ষমা কৰি দিব৷ শেষত দাদা আপোনাৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক; তাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ৷ 🙏

𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 17:25, 3 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • চন্দন যে নাই সেই কথাটো মই এতিয়াও সহ্য কৰিব পৰা নাই। শ্ৰদ্ধাঞ্জলি জনাব লাগিব বুলি ভবাই নাছিলোঁ,নয়ন জ্যোতি নাথ আৰু মোক মাজুলীত লগ কৰাৰ কথা কৈছিল । অলপ সুস্থ অনুভৱ কৰাৰ লগে লগেই নতুন উদ্যমেৰে বিভিন্ন পৰিকল্পনা কৰিছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, আমি ঠগ খালোঁ। সুস্থ হ'বলৈ ধৰা আমাৰ চন্দনক ইমান সোনকালেই লৈ গ'ল। আমাৰ ৱিকিৰ বাবে অপূৰণীয় ক্ষতি। বিভিন্ন খাদ্যৰ সোৱাদ লৈ ভাল পোৱা চন্দনক খাদ্যৰ ফটো আৰু টেষ্ট লোৱা দেখিছিলোঁ কেৰেলাত । বিভিন্ন খাদ্যৰ সমাহাৰে চন্দনৰ প্লেট উপচি পৰিছিল। মোকো বিভিন্ন খাদ্যৰ সোৱাদ লোৱাইছিল।

তুমি যতেই আছা শান্তিৰে থাকা চন্দন। আমি সদায়েই তোমাক মনত ৰাখিম। 🙏

Rumi Borah~aswiki (বাৰ্তা) 08:54, 4 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • ক্ষণজন্মা চন্দন চিৰিং ফুকন।

পৰিপক্ব চিন্তা-চেতনা-কৰ্মৰে মনত নিগাজীকৈ ৰৈ যোৱা এক ব্যক্তিসত্তাৰ নাম ৱিকিমিডিয়ান চন্দন চিৰিং ফুকন।

কিছুমান মানুহ যেন কেৱল কাম কৰিবলৈকে জন্ম হয়, লগতে কৰ্ম আৰু নিজৰ ব্যক্তিত্বৰে চিনাকীসকলৰ মনত দ সাঁচ বহুৱাই কন্দুৱাই আঁতৰি যাবলৈ! চন্দনদাও তেনে এজন মানুহ হৈ পৰিল!

অমলিন ভাষাপ্ৰেম কঢ়িয়াই লৈ ফুৰা এটি নিষ্কলুষ মনৰ গৰাকী চন্দনদা আছিল অতি সহজ-সৰল তথা মাটিৰ মানুহ। অসমীয়া ৱিকিপিডিয়াত মাজে-সময়ে চলি থকা 'ধ্বংসাত্মক কাৰ্যকলাপ'সমূহ ৰোধ কৰিবলৈ প্ৰতিক্ষণে সষ্টম হৈ আছিল তেওঁৰ শেনচকু। প্ৰশংসামূলক বাৰ্তাক অতি বিনয়েৰে সামৰি থৈ নীৰৱে কিন্তু দক্ষতাৰে ৱিকিৰ বিভিন্ন দিশত দি গৈছিল অতুলনীয় অৱদান। ৱিকি, কৰ্মক্ষেত্ৰ, সংক্ষিপ্ত অসম বিশ্বকোষ আদি সকলো কামতে প্ৰতিফলিত হৈছিল তেওঁৰ নিষ্ঠা আৰু সততা। কাব্যপ্ৰতিভা, লোকসংস্কৃতিমূলক জ্ঞান, নেতৃত্ব গুণ এই সকলোতে সমানে দক্ষ হৈও অহং মনোভাৱৰ পৰা তেওঁ আছিল শতযোজন দূৰৈত। স্বভাৱতে হাস্যৰসিক আৰু আন্তৰিকতাপূৰ্ণ মনোভাৱেৰে মানুহক অতি সহজে আপোন কৰি ল'ব পাৰিছিল। নজনাটো শিকাই দিবলৈ কেতিয়াও আমনি নাপাইছিল বৰং ফঁহিয়াই ফঁহিয়াই বুজাই দিয়াত তেওঁ আছিল পাৰ্গত। কৰ্মত গুৰুত্ব দিয়া আৰু বন্ধুসুলভ সততা বজাই ৰখা, এই দুইদিশৰ সংমিশ্ৰণ আছিল তেওঁৰ ব্যক্তিত্বৰ ভূষণ। এনে ব্যক্তি ৱিকিসমাজত কিয়, সমগ্ৰ জগততে বিৰল বুলি ভাবোঁ মই।

এই মুহূৰ্তত কি বুলি কওঁ, লিখোঁ, ভাষা হেৰাই গৈছে...

অসমীয়া ৱিকিৰ সদাসক্ৰিয় নীৰৱ কৰ্মী বুলিলেই যি দুই এক নাম মনলৈ আহে, তাৰেই অন্যতম এক নাম আছিল চন্দন চিৰিংং ফুকন। অসমীয়া ৱিকিজগতৰ প্ৰতিটো প্ৰকল্পতে সক্ৰিয়তাৰে কাম কৰি যোৱা চন্দন চিৰিং ফুকন দাদাৰ নিৰৱচ্ছিন্ন প্ৰয়াস আৰু কষ্টৰ মূলতেই 'অসমীয়া ৱিকিউদ্ধৃতি'য়ে ডমেইন লাভ কৰাৰ লগতে আজিৰ পৰ্যায় পাইছেহি । অসমীয়া ভাষাৰ হকে, অসমীয়া জাতিৰ হকে, অসমীয়া ৱিকিজগতৰ প্ৰতিটো প্ৰকল্পতে নীৰৱে কাম কৰি অমূল্য অৱদান দি থৈ যোৱা, অত্যন্ত বুজন আৰু সকলো দিশতে বয়সতকৈও পৰিপক্ব এইজন ব্যক্তিৰ অকাল বিয়োগ সমগ্ৰ অসমৰ বাবে এক অপূৰণীয় ক্ষতি। মৰ্মান্তিক!

বাৰম্বাৰ অনুৰোধ, আহ্বান জনাই সময়ে সময়ে সোঁৱৰাই সোঁৱৰাই ৱিকিৰ বিভিন্ন কাম মনত পেলাই থকা, অধিকাংশ সময়তে তেওঁৰ অনুৰোধ ৰাখিব নোৱাৰিলেও কোনোদিন বেয়াকৈ নকৈ অসুবিধাবোৰ বুজি পোৱা চন্দনদাৰ অভাৱ মোৰ জীৱনত সহজে কেতিয়াও পূৰণ নহয়।

আপোনাক এবাৰ হ'লেও লগ নোপোৱাৰ দুখ আজীৱন কঢ়িয়াব লাগিব দাদা! বহুত শিকিবলৈ থাকি গ'ল আপোনাৰ পৰা! আপুনি য'তেই আছে শান্তিত থাকক চন্দনদা🌻

অনামিকা(চুমু) বড়া (বাৰ্তা) 13:37, 4 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • চন্দনক কায়িকভাৱে এবাৰেই লগ পাইছিলোঁ। ২০২২ চনৰ জানুৱাৰী মাহত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত হোৱা ‘ৱিকিমিট’ত পোৱা ল’ৰাটো। হোৱাটচ এপ আৰু ফেচবুকৰ জৰিয়তে ল’ৰাটো নিচেই চিনাকি হৈ উঠিছিল। ৱিকি উদ্ধৃতিৰ বিষয়ে তেওঁ বিতংকৈ জনাইছিল। সেই সময়ত অসমীয়া ৱিকিউদ্ধৃতি ‘ইনকুবেটৰ’তে আছিল। তেওঁৰ এইটো সপোনৰ প্ৰজেক্ট আছিল। পিছত সকলোৱে হাত উজান দি ইয়াক সুকীয়া ডমেইন পোৱাত সফল কৰিলে। ৱিকিৰ কামত তেওঁৰ হেঁপাহ আৰু কৰ্মোদ্যম দেখি বিষ্ময় মানিছিলোঁ। কাৰিকৰীভাৱে তেওঁ আছিল এজন পূৰঠ সদস্য। ভগ্ন স্বাস্থ্যৰেও কৰি গৈছিল কাম; জাতিটোৰ বাবে, ভাষাটোৰ বাবে। সকলোৱে প্ৰাৰ্থনা কৰিছিলোঁ সুস্থ হৈ উঠক তেওঁ। দুমাহমান আগতে উজ্জ্বীৱিত হৈ উঠিও নিয়তিৰ ওচৰত হাৰ মানিলে। চন্দনলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ। ভাষাটোক লৈ, ৱিকিক লৈ তেওঁ দেখা সপোনবোৰ এদিন পূৰণ হওক।

দীপকজ্যোতি মহন্ত (বাৰ্তা) 15:02, 4 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • ঈশ্বৰ সম্বন্ধে মোৰ এইখিনিয়েই বিশ্বাস যে, কিবা এক শক্তিয়ে আমাক বৰ্তাই ৰাখিছে, হয়তো তেৱেঁই ঈশ্বৰ; কিন্তু ঈশ্বৰ এনেকুৱা নহয় যে, আমি প্ৰাৰ্থনা কৰিলেই তেওঁ মনোবাঞ্ছা পূৰণ কৰিব৷ সেয়ে, পূজা-সেৱাত মোৰ বিশ্বাস নাই৷ তথাপি, কি তাড়নাত প্ৰতিদিনে চন্দনৰ আৰোগ্য কামনা কৰিছিলোঁ ঈশ্বৰৰ ওচৰত! সুস্থ হওক, দীৰ্ঘজীৱী হওক৷ সেই সময়ত অনুভৱ হৈছিল, ৱিকিৰ যোগেদিয়েই চিনাকি হৈ আপোন ভাতৃৰ দৰে হৈ পৰা চন্দন যেন অসমীয়া ৱিকিমিডিয়াৰ এডাল “চন্দনৰ ৰেঘা’’৷ ঈশ্বৰ নাই৷ তেওঁ মানুহৰ প্ৰাৰ্থনা নুশুনে৷ হয়তো নিজৰ মতে জগত চলায়; মানুহ জন্মে, গুচি যায় পৃথিৱীৰ মায়া এৰি সময়ে-অসময়ে; আৰু থৈ যায় প্ৰিয়জন-পৰিয়ালক স্মৃতিৰ যন্ত্ৰণা ভূগিবলৈ৷ অকালতে গুচি গ’ল তেওঁ৷ বহুত সপোন দেখা ল’ৰাটোৰ সপোনবোৰ আধৰুৱা হৈ ৰ’ল৷ কবিতা ভালপোৱা কবিমনৰ ল’ৰাটোৱে হৃদয় স্পৰ্শ কৰি যোৱা এমুঠি কবিতাও সিঁচি থৈ গ’ল অসমীয়া সাহিত্যলৈ৷ চন্দন গুচি গ’ল, কিন্তু মৃত্যু হোৱা নাই৷ নহয়৷ তেওঁ জীয়াই থাকিব, অসমীয়া ৱিকিমিডিয়াৰ মাজত, তেওঁৰ কবিতাৰ মাজত৷ “আমি তোমাক মৰিবলৈ নিদিওঁ চন্দন, জীয়াই থাকিবা আমি জীয়াই থকালৈকে৷’’

-Pranamikaadhikary (বাৰ্তা) 18:07, 4 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


  • অতি মৰ্মাহত হ'লোঁ । চন্দন চিৰিং ফুকনৰ মৃত্যুয়ে অসমীয়া ৱিকিমিডিয়াৰ সকলো সদস্যকে মৰ্মাহত কৰিলে। এই বয়সতে ইমানবোৰ কাম কৰি হঠাৎ আমাৰ মাজৰ পৰা নোহোৱা হোৱা কথাটো যেন মনটোৱে এতিয়াও মানি ল'ব পৰা নাই। সেইদিনালৈকে ভইচ্ মেচেজেৰে সকলোকে উৎসাহ দিয়াৰ কথা বাৰুকৈয়ে মনত পৰে। ৰুগ্ন দেহাৰে হস্পিটেলৰ বিছনাৰ পৰাও'নাৰীবাদ আৰু লোকগাথাৰ এডিটাথন'ত ভাগ লৈ অসংখ্য় প্ৰবন্ধ লিখি আমাক উৎসাহ দিয়াৰ দিনটো এতিয়াও মনত আছে। চন্দনৰ সুন্দৰ কবিতাবোৰ আৰু কেমেৰাৰে তোলা ফটো বোৰে এতিয়াও ফেচবুকৰ প্ৰফাইল শুৱনি কৰি আছে। কবিতাবোৰত কিযে সুন্দৰ শব্দৰ ব্যৱহাৰ। শব্দৰ ভঁৰাল দেখি ভাবিছিলোঁ অসমীয়া ভাষাৰ মৃত্যু নহয় বুলি। কিন্তু আজি তেওঁয়েই মৃত্যুক সাৱটি ল'লে । সেইদিনা খবৰ লবলৈ ফ'ন কৰোঁতে চন্দনে মনৰ পৰা লিখা কেইশাৰীমান বাক্য ইয়াতে থৈছোঁ।

"মই :তোমাৰ কেনে এতিয়া? ঘৰলৈ ঘূৰি আহিলা নেকি?

চন্দন:ঘৰলৈ ২তাৰিখে(মাৰ্চৰ) আহিলোঁ গীতাশ্ৰী বা। এতিয়া ঘৰলৈ আহি বহুত ভাল পালো ।

মই  : শুনি বৰ ভাল পালোঁ। খোৱা বোৱাৰ যত্ন ল'বা। ভৰিৰ ব্য়ায়াম কৰি থাকিবা।

চন্দন:খোৱা বোৱা কৰিছো।মাগুৰ-গৰৈ-কাৱৈ মাছৰ জোল,ছাগলীৰ ঠেঙৰ চুপ,লোকেল মূৰ্গীৰ জোল,পালেং,মানিমুনি,ডালিম,গাজিমগু নিয়মিয়াকৈ খাইছোঁ।কণীৰ বগা অংশ দৈনিক খাওঁ।ব্য়ায়াম সদায় কৰিছোঁ। খবৰ লোৱা বাবে ভাল লাগিল বা।"

ইমান সুন্দৰকৈ লিখা কথা কেইটা দেখি ভাবিছিলোঁ যে অতি সোনকালে চন্দন আকৌ সুস্থ হৈ গ্ৰুপত আমাক খোৱা বোৱাৰ ফটো দিয়াৰ লগতে লিখা মেলা কৰি থাকিব ।কিন্তু এওঁ কেতিয়াও ঘূৰি নাহিল।

'চন্দনৰ আত্মাই চিৰ শান্তি লাভ কৰক' ।

-Geetasree Gogoi Apte (বাৰ্তা)22:34, 4 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


  • মাত্ৰ কেইটামান দিন আগলৈকে অসমীয়া ৱিকিজগতত নিৰৱচ্ছিন্নভাৱে, নিজৰ দুৰ্বল স্বাস্থ্যকো আওকাণ কৰি সেৱা আগবঢ়াই যোৱা চন্দন চিৰিং ফুকন দাদাৰ বিয়োগৰ বাতৰিক মানি লোৱাটো মোৰ বাবে মুঠেও সহজ নাছিল। তেনে এক মানসিক স্থিতিত তেওঁক সোঁৱৰণ কৰি দুআষাৰ লিখাটোও কষ্টকৰ হৈ পৰিছে। কল্পনাও কৰা নাছিলোঁ দাদাৰ বিষয়ে এনেকৈ শ্ৰদ্ধাঞ্জলি লিখিবলগীয়া হ'ব বুলি!

ৱিকিৰ জগতখনত মই আছিলোঁ এজন অতি সাধাৰণ আৰু অনিয়মীয়া অৱদানকাৰী, কিন্তু সেইখন ক্ষেত্ৰতে চন্দন দা আছিল এগৰাকী পথিকৃৎ, স্বপ্নদ্ৰষ্টা আৰু অক্লান্ত কৰ্মী। চন্দন দা আৰু মুষ্টিমেয় আন কেইগৰাকীমান সাধকৰ মাতৃভাষাৰ প্ৰতি থকা নিঃস্বাৰ্থ ভালপোৱা আৰু কৰ্মনিষ্ঠাৰ বলতেই অসমীয়া ৱিকিপিডিয়াই শেহতীয়া বছৰ কেইটামানত বিকাশৰ এক নতুন মাত্ৰা লাভ কৰিলে। বিশেষকৈ চন্দন দাৰ প্ৰবল উৎসাহ-উদ্যম, স্বপ্ন আৰু নেতৃত্বদায়ী গুণৰ বাবে শেহতীয়াকৈ অসমীয়া ৱিকিউদ্ধৃতিয়েও আনুষ্ঠানিক স্বীকৃতি লাভ কৰিলে। ৱিকিউদ্ধৃতিয়ে ডমেইন লাভ কৰাৰ স্বাৰ্থত তেওঁ যিখিনি সংগ্ৰাম কৰিলে, সেই সময়খিনিৰ নিজেও কিছু সাক্ষী হৈছিলোঁ। জীৱনৰ শেষ দিনটোলৈকে তেওঁ নিৰলসভাৱে কামেই কৰি গ'ল। এনে অৱস্থাত চন্দন দাৰ দৰে অক্লান্ত, একনিষ্ঠ কৰ্মী এজনৰ অকাল বিয়োগত অসমীয়া ভাষা-সাহিত্য, অসমীয়া ৱিকিজগতৰ কিমানখিনি ক্ষতি হ'ল; সেয়া কল্পনা কৰিবলৈও টান লাগে।

ৱিকিজগতৰ বাহিৰতো মই সদা হাস্যমুখী আৰু সপ্ৰতিভ অতি আপোন দাদা এজনক হেৰুৱালোঁ। চিনাকিৰ প্ৰথম দিনাৰ পৰাই এনে লাগিছিল যেন দাদা বহুদিনৰ চিনাকি। ৱিকিৰ কামত কোনো সমস্যাৰ সন্মুখীন হ'লেই তেওঁ অতি আগ্ৰহেৰে আৰু সহজভাৱে বুজাই দিছিল, ৱিকিৰ বাহিৰৰ কথা কিছুমানক লৈও মোৰ লগত সৰসভাৱে কথা পাতিছিল।

পৰিশেষত এয়াই বিচাৰিম যে চন্দন দা য'তেই আছে শান্তিৰে থাকক। যেতিয়ালৈকে চন্দন দাৰ দৰে নিজ ভাষা-সাহিত্যক নিঃস্বাৰ্থভাৱে ভালপোৱা অসমীয়া ওলাই থাকিব, তেতিয়ালৈকে হাজাৰ সংকটৰ মাজতো অসমীয়া ভাষা-সাহিত্য জীয়াই থাকিব বুলি আমি দৃঢ়ভাৱে ক'ব পাৰোঁ। এই মুহূৰ্তত তেওঁৰ কৰ্মনিষ্ঠা আৰু সাধনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমিও সাধ্যানুসাৰে অসমীয়া ভাষা-সাহিত্য চৰ্চা কৰা, আৰু তেওঁৰ প্ৰাণাধিক মৰমৰ ৱিকিজগতলৈ অৱদান আগবঢ়াই যোৱাটোৱে হ'ব তেওঁৰ প্ৰতি আমাৰ শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি!

- Priyankush Deka (বাৰ্তা) 07:05, 5 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • अनित्यं जीवितं नृणां, मृत्युर्नित्यं वसुंधरा।

২০১৬ চনত মোৰ ৱিকিযাত্ৰাৰ প্ৰাৰম্ভিক সময়তে অসমীয়াত হেৰী পটাৰ শীৰ্ষক প্ৰবন্ধটো পঢ়িছিলোঁ। প্ৰবন্ধটোৰ গাঁথনি আৰু অনুবাদ ৱিকিসুলভ হোৱাৰ বাবেই চাগে ই মোৰ কাৰণে আদৰ্শ পৃষ্ঠা হৈ পৰিছিল। পৃষ্ঠাখনৰ সৃষ্টিকৰ্তা আছিল চন্দন চিৰিং ফুকন। প্ৰথমবাৰ নামটো তাতেই পাইছিলোঁ। তাৰপিছত খুচৰি থাকোঁতে তেওঁ সৃষ্টি কৰা কেইবাটাও ভাল পৃষ্ঠা চকুত পৰিল। এনেকৈয়ে মাজে সময়ে শেহতীয়া সাল-সলনিত চন্দন দাৰ নাম দেখিছিলোঁ। ৱিকিৰ ৱাটছএপ গোট সৃষ্টি হোৱাৰ পিছত মানুহজনৰ লগত অলপ চিনাকি হ'ল। চিনাকি মানে একেবাৰে ওপৰোৱা ধৰণৰ! মানুহজনৰ কথা বতৰা মাজে সময়ে দেখা হলোঁ আৰু নম্বৰটো চেভ কৰি থলোঁ, বচ সিমানেই। মোৰ অত্যন্ত অন্তৰ্মুখী স্বভাৱৰ কাৰণেই চাগে চা-চিনাকি পৰ্ব সিমান আগ নাবাঢ়িল। কিছুদিন পিছত নয়নৰ চাকৰি সংক্ৰান্তীয় কিবা verificationৰ বাবে জিলাই জিলাই ঘূৰি ফুৰোঁতে সি বৰপেটাতো বাহৰ পাতিছিল। বৰপেটাত সি চন্দনৰ আতিথ্য পালে আৰু নয়নৰ সূত্ৰে সেয়ায়ে আছিল চন্দন দাৰ লগত মোৰ সম্পৰ্কৰ turning point। তাৰপিছত ৱিকি সম্পৰ্কৰ উৰ্দ্ধত কেতিয়ানো আমাৰ এক মধুৰ ব্যক্তিগত সম্পৰ্ক হ’ল গমেই নাপালোঁ! কায়িক ভাবে লগ নাপালেও আমি প্ৰায়ে কিমান যে কথা পাতিছিলোঁ! ৱিকি, খাদ্য, ধৰ্ম, চিনেমা, কিতাপ, কবিতা আদিৰ ওপৰিও অফিচৰ কথা, work pressure, mental health, gossips, ফুচুৰি আদি একো টপিক বাদ পৰা নাছিল। বাদ পৰা নাছিল একান্ত ব্যক্তিগত কথা কিছুমানো.... কিমান বাৰ যে লগ কৰিম কৰিম বুলি থাকি কৰিব নোৱাৰিলোঁ। তেওঁ saras মেলালৈ যাওঁতে বা শ্বিলং যাওঁতে বা এনেই গুৱাহাটীলৈ যাওঁতে প্ৰায়ে সোঁৱৰাই লগ কৰাৰ কথা। নানান অজুহাত সময় মিলাব নোৱাৰাৰ বাবেই লগ কৰা নহ'ল। পৰিকল্পনাও কৰিছিলোঁ আমি ত্ৰিমূৰ্তি কৰবাত ফুৰিবলৈ যোৱাৰ (থাইলেণ্ড!)।

বৰপেটাত থাকোঁতে চন্দন দা প্ৰচণ্ড কামৰ চাপত আছিল। মাজুলীলৈ আহিবলৈ পাই কিমান যে ভাল পাইছিল! মাজুলীলৈ বদলি হৈ অহাৰ সময়ত হোৱা অফিচৰ খেলিমেলি কিছুমানৰ বাবে অনিয়মীয়া খোৱা-বোৱাৰ ফলত অসুখ হোৱাৰ কথা প্ৰাৰম্ভিক সময়তেই গম পাইছিলোঁ। নয়ন আৰু মই কিমান জোৰ কৰিলোঁ ডাক্তৰক দেখুৱাবলৈ। প্ৰতিবাৰেই একে উত্তৰ "যোৰহাট গ'লে দেখাম"। সেয়ে আজীৱন আক্ষেপ আৰু অনুশোচনা থাকি যাব কিয় সেই সময়ত আৰু অকণ জোৰ নিদিলোঁ। কিয় অলপ ভাল হোৱাৰ পিছত আকৌ চেকআপ কৰাবলৈ নকলোঁ! তেওঁ নিজৰ স্বাস্থ্যতকৈ কামক গুৰুত্ত্ব দি থাকোঁতেই গ'ল। জানুৱাৰী মাহত তেওঁৰ অৱস্থা বেয়া হোৱা দেখি প্ৰাৰ্থনাৰ বাহিৰে একো কৰিব পৰা নাছিলোঁ। সেয়ে অলপ ভাল হোৱাৰ প্ৰথম voice note পাই ইমান যে ভাল লাগিছিল বুজাব নোৱাৰি। সেইকণ জিৰণি লোৱাৰ সময়তো ৱিকিত লাগি থকাৰ বাবে খঙো উঠিছিল, বেয়াও লাগিছিল। কোৱাৰ পিছতো তেওঁ কামতেই লাগি থাকিল। ৱিকিউদ্ধৃতিৰ সম্পাদনা মেলাত মোক যোগ দিবলৈ কোৱাৰ সময়তেই আমাৰ শেষ কথা হৈছিল (rest লওক বুলিয়ে অলপ কথা-বতৰা কমাই দিছিলোঁ। সেই শেষ কথা হোৱাৰ সময়ত মই আকৌ তেওঁক ভাল হোৱাৰ বাবে গুৰুত্ব দিবলৈ কোৱাত তেওঁ এনেদৰে কৈছিল যে এতিয়া তেওঁ নিজৰ কাম নিজে কৰিব পাৰিছে, ক্ৰমাৎ ভাল হৈ আহিছে। তাৰপিছত.... তাৰপিছত সকলো শেষ। আজি চন্দন দা নোহোৱা হোৱা এসপ্তাহ হ'ল। যিমানে মানুহৰ পোষ্ট, লেখা, ফটো দেখিছোঁ সিমানে বেয়া লাগি আহিছে। মই নিজে নিজৰ বাবে সজা বৃত্তটোৰ ব্যাসাৰ্ধডাল আৰু অকণ চুটি হৈ আহিল। এজন ভাল friend, philosopher and guide হেৰুৱালোঁ। অসমী আইয়ে নিজৰ এজন সুযোগ্য সন্তান হেৰুৱালে। জাঁ পল ছাৰ্ত্ৰেয়ে কৈছিল মৃত্যুক কেৱল কলায়ে যুগমীয়া কৰিব পাৰে। চন্দনৰ ৱিকিলৈ অৱদান, তেওঁৰ কবিতা, ফটো আৰু অন্যান্যসমূহো কলাৰূপত সদায় যুগমীয়া হৈ থাকিব।

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति।

ওঁ শান্তি 🙏 - অজয়  কথা-বতৰা 11:07, 5 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

  • অসমীয়া ৱিকিপিডিয়া সমাজৰ এজন মহান অগ্ৰজ আছিল তেওঁ। আজৰি সময়খিনিত অলপ ৱিকি সম্পাদনা কৰোঁ যদিও পঢ়া চলি থকাৰ বাবে আনুষ্ঠানিক কামকাজ আৰু আন সম্পাদকৰ সৈতে যোগাযোগ হব পোৱা নাই। কিন্তু যেতিয়া মই পৃষ্ঠাৰ সংশোধনৰ ইতিহাসত যাওঁ তাৰে বহুত তেওঁৱে আৰম্ভ কৰা। এজন মহান অগ্ৰজ হিচাপে তেওঁ নিজৰ মহানতা বৰঙণিসমূহৰ দ্বাৰা এৰি থৈ গৈছে। তেখেতৰ বিয়োগৰ কথা শুনি আচৰিত হলো আৰু বহুত দুখ পালোঁ। KHI-LAN-TZI
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

পোনপ্ৰথমে মই অসমীয়া ৱিকিমিডিয়াৰ সকলো সদস্যকে নমস্কাৰ জনাইছোঁ। ২০১৩-১৪ চনমানত প্ৰথমবাৰৰ বাবে অসমীয়া কী-পেডত অসমীয়া বৰ্ণকেইটাৰ সৈতে মোৰ পৰিচয় ঘটিছিল। সেই সময়ত অসমীয়া কী-পেড ব্যৱহাৰকাৰীৰ সংখ্যা সীমিত আছিল। মাতৃভাষাত লিখিবলৈ সুবিধা পোৱাৰ বাবে দিনটোৰ বেছিভাগ সময়েই কিবা কিবি লিখি নিজৰ প্ৰতিভা বিকাশ কৰাৰ চেষ্টা কৰাৰ দৰে হৈছিল। কেৱল অসমীয়া ভাষাত অসমীয়া কী-পেডত লিখাৰ নিচাৰ বাবেই বহু দীঘল দীঘল লেখা মোবাইলৰ জী-মেইলত লিখি ড্ৰাফট কৰি ৰাখিছিলোঁ। তেতিয়া সামাজিক মাধ্যমত অসমীয়াত কথা-বতৰা গোটটি সাংঘাতিক জনপ্ৰিয় আছিল। বহু লোকে সেই গোটৰ পৰাই নিজৰ নিজৰ সৃষ্টিশীল কামসমূহ কৰি আগুৱাই গৈছিল। সকলোৰে আলোচনা, সমালোচনা, ব্যংগবোৰে ইজনে সিজনৰ কাষ চপোৱাত সহায় কৰিছিল। ময়ো প্ৰথমে তাতেই ভুলে শুদ্ধই অসমীয়াত দুই এটা গল্প, প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেই প্ৰয়াস এতিয়াও অব্যাহত ৰাখিবলৈ চেষ্টা কৰি আছোঁ। বহু সময়ত দেখা যায় মাতৃভাষাৰ মাধ্যমত শিক্ষাগ্ৰহণ কৰা আৰু অন্য মাধ্যমত শিক্ষা গ্ৰহণ কৰাসকলক লৈ তৰ্ক-বিতৰ্ক হৈ থাকে। অন্য মাধ্যম অৰ্থাৎ ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাসকলক লৈ প্ৰায়ে সমালোচকৰ সমালোচনাৰ সন্মুখীন হোৱা যায়। অৱশ্যে এই কথাও নুই কৰিব নোৱাৰি যে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰা অধিক সংখ্যক ল'ৰা-ছোৱালীৰ অসমীয়া ভাষা-প্ৰীতি পুতৌজনক। তাৰ বাবে কেৱল মাধ্যম জগৰীয়া হ'ব নোৱাৰে বুলি ভাবোঁ। মই বৰ্তমান মাতৃভাষাত অধ্যয়নৰত বহু লোকৰ লেখাতো বানানৰ গুৰুতৰ ভুল দেখা পাওঁ। সৰু-সুৰা ত্ৰুটি আৰু গুৰুতৰ ভুল এই দুয়োৰে মাজত পাৰ্থক্য আছে। উদাহৰণস্বৰূপে - 'বিনয়ী' শব্দটো যদি আমি 'বিণয়ী' বুলি লিখোঁ তেন্তে বানানৰ ক্ষেত্ৰত ব্যাকৰণৰ ভুল বুলি শুদ্ধ কৰিলে সেয়া সাংঘাতিক গুৰুতৰ ভুল হয়তো নহয়। কিন্তু যদি আমি 'অস্কাৰ' শব্দটো লিখিবলৈ গৈ 'অঁস্কাৰ' শব্দটো লিখোঁ, সেয়া গুৰুতৰ ভুল নহয়নে! এইখিনি কথা কোৱাৰ প্ৰয়োজন এই কাৰণেই অনুভৱ কৰিছিলোঁ কিয়নো যিকোনো ভাষা এটা শিকাৰ প্ৰথম কঠীয়াতলী ঘৰখনেই। সেয়া লাগিলে অসমীয়া হওক বা ইংৰাজী বা অন্যান্য যিকোনো ভাষা। মই সৰুৰে পৰাই ইংৰাজী মাধ্যমত পঢ়া শুনা কৰিছিলোঁ যদিও দেউতাই বিভিন্ন অসমীয়া শিশু আলোচনী, শিশু গ্ৰন্থ ইত্যাদি আনি পঢ়া মেজৰ ওপৰত সজাই ৰাখিছিল। মোৰ এতিয়াও মনত পৰে মেট্ৰিকৰ আগে আগে আৰু উচ্চতৰ মাধ্যমিকত ইচ্ছা কৰিয়েই অতিৰিক্ত হিচাপে অসমীয়া বিষয়টো বাছনি কৰি লৈছিলোঁ। আমাৰ সময়ত ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা, বিদ্যালয়ৰ প্ৰাংগণত বেছিভাগ সময়তে ইংৰাজীত কথা পতাৰ পাছত অসমীয়া বিষয়টো বাছি লোৱাৰ বাবে কিছুসংখ্যকে উচ্চতৰ মাধ্যমিকত মই ফেইল কৰিম বুলিয়েই ভাবিছিল। কিন্তু তেনে হোৱা হ'লে মই নিজৰ ওচৰতে ভীষণ লাজ পালোহেঁতেন। ভাষা-প্ৰীতি গঢ় লোৱাৰ ক্ষেত্ৰত মোৰ জীৱনত দেউতাৰ অৱদান উল্লেখযোগ্য। এই ছেগতে মা-দেউতালৈ বিশেষকৈ দেউতালৈ মই কৃতজ্ঞতা যাচিলোঁ। সৰুতেই অসমীয়া ভাষাটোৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবেই অনাগত দিনত মই অসমীয়া ভাষাত বিভিন্ন ধৰণৰ কিতাপ-পত্ৰ পঢ়া, লিখা-মেলা কৰা, গ্ৰন্থ পাঠ কৰা আদি কামসমূহ নিজৰ সীমাবদ্ধতাৰ ভিতৰত কৰিবলৈ চেষ্টা কৰি আছোঁ। ইংৰাজী কী ৱৰ্ড এটা লিখি চাৰ্চ কৰিলে যিদৰে ইংৰাজী ৱিকিপিডিয়াত প্ৰয়োজনীয় তথ্য বিচাৰি পোৱা যায় সেইদৰে অসমীয়াতো পোৱা হ'লে, বৰ উপকাৰ হ'লহেঁতেন বুলি মনে মনে ভাবি থাকিছিলোঁ। আৰু তেনে সময়তে ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য ঈশান জ্যোতি বৰাৰ পৰা মই ২০১৯ বৰ্ষৰ কোনোবা এটা দিনত অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে অৱগত হৈছিলোঁ। ২০১৯ বৰ্ষৰ ১৪ মে' তাৰিখে মই অসমীয়া ৱিকিপিডিয়াত এটা একাউণ্ট সৃষ্টি কৰিছিলোঁ যদিও একো আও-ভাও নোপোৱাৰ হেতুকে সক্ৰিয় ভাৱে কাম কৰিবলৈ অলপ সংকুচিত হৈছিলোঁ। ব্যস্ততাৰ বাবেও সময় মিলাব নোৱাৰি তেনেকৈ কাম নকৰাকৈ কেৱল একাউণ্ট সৃষ্টি কৰাতেই মোৰ অৱদান সীমাবদ্ধ হৈ ৰৈছিল। তাৰ মাজতে এবাৰ ৱিকিপিডিয়াত কেনেকৈ প্ৰবন্ধ সৃষ্টি কৰে সেই প্ৰসংগত মৃদুল দা (মৃদুল কুমাৰ শৰ্মা) লৈ ফোন কৰোঁতে তেওঁ দুই-এটা পৰামৰ্শ দি ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিও কেনেকৈ প্ৰবন্ধ সৃষ্টি কৰিব পাৰি সেই বিষয়ে বুজাই দিলে। এই ছেগতে মই মৃদুলদা লৈ কৃতজ্ঞতা জনালোঁ। ২০২০ বৰ্ষত কভিড মহামাৰীৰ বাবে সকলোৱে ঘৰতে গৃহবন্দী হৈ থাকিবলগা হোৱাত অসমীয়া ৱিকিপিডিয়াই এখনি অনলাইন কৰ্মশালাৰ আয়োজন কৰিছিল। কৰ্মশালাখনৰ বিষয় মোক অনামিকাই (অনামিকা বড়া) খবৰটো দিছিল। লগতে কৰ্মশালাখনত যোগদান কৰিবলৈ অনুৰোধ কৰিছিল। যিহেতু মইও সেই সময়ত গৃহবন্দী হৈ আছিলোঁ আৰু কামৰ বোজাও কিছু পৰিমাণে কমি আছিল, সেয়ে 'এই সুযোগনো কিয় হেৰুৱাওঁ'-এই মানসিকতাৰে কৰ্মশালাখনত যোগদান কৰিছিলোঁ। তাতেই ৱিকিৰ বিভিন্ন প্ৰকল্পসমূহৰ বিষয়ে জানিব পাৰিছিলোঁ। পৰৱৰ্তী সময়ত অসমীয়া ৱিকিমিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউৎসৰ বিষয়ে গম পাওঁ। কিদৰে ৱিকিউৎসত অসমীয়া গ্ৰন্থসমূহ মুদ্ৰণ সংশোধন কৰি ডিজিটাইজেছন কৰা হয় সেই বিষয়ে জানি বৰ ভাল লাগিছিল। অনলাইন কৰ্মশালাখন হৈ হোৱাৰ পিছত ৱিকিউৎসই এখন এডিটাথনৰ আয়োজন কৰিছিল। প্ৰথমবাৰৰ বাবে মই তাত অংশ গ্ৰহণ কৰি বহু নজনা কথা শিকিছিলোঁ। তাতোকৈ ভাল লগা কাৰণটো আছিল এগৰাকী গ্ৰন্থপ্ৰেমী হিচাপে ৱিকিউৎসৰ এই এডিটাথনখনৰ মাধ্যমেৰে মই বহু পুৰণি আপুৰুগীয়া গ্ৰন্থ পঢ়িবলৈ সুযোগ পাইছিলো। এই সুযোগতে অনামিকালৈ ধন্যবাদ জনালোঁ। লগতে সেই সময়ত মোক সহায়-সহযোগ কৰা অগ্ৰজ গীতাৰ্থ দা (গীতাৰ্থ বৰদলৈ) আৰু অনুজ প্ৰিয়াংকুশলৈও (প্ৰিয়াংকুশ ডেকা) ধন্যবাদ জনালোঁ।

মৃদুল দায়ে দিয়া পৰামৰ্শ লৈ বহু সাহস কৰি প্ৰথমবাৰৰ বাবে ২৬/০৫/২০২০ -ত অসমীয়া ৱিকিপিডিয়াত 'আমলা ৰুইয়া' নামৰ প্ৰবন্ধটি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেনেকৈয়ে অসমীয়া ৱিকিপিডিয়াত মোৰ যাত্ৰা আৰম্ভ হৈছিল। মাজতে দুবছৰমান থাকিব পৰা নাছিলোঁ যদিও বৰ্তমান কম-বেছি পৰিমাণে জ্যেষ্ঠ সকলৰ পৰা শিকি বুজি সক্ৰিয় হ'বলৈ যত্ন কৰিছোঁ। বিচাৰিলে নজনাটো শিকাই দি মোক উপকৃত কৰাৰ বাবে ঈশান জ্যোতি বৰাক মই আন্তৰিক ধন্যবাদ জনালোঁ।

এটা সময় আছিল যেতিয়া অসমীয়াত প্ৰয়োজনীয় তথ্যৰ বাবে কিতাপেই একমাত্ৰ আহিলা আছিল। কিন্তু বৰ্তমান ইণ্টাৰনেটত বিচাৰিলে বহু তথ্য আমি পাবলৈ সক্ষম হওঁ একমাত্ৰ অসমীয়া ৱিকিপিডিয়াত দিনে-ৰাতিয়ে প্ৰবন্ধ সৃষ্টি কৰি থকা সক্ৰিয় সদস্যসকলৰ প্ৰচেষ্টাৰ বাবেই।

মনলৈ আহোঁতেই থাওকতে কথা এটা কৈ থওঁ বুলি ভাৱিলোঁ। বহু সময়ত আমি দেখিবলৈ পাওঁ অসমীয়া বিশিষ্ট ব্যক্তিসকলৰ (সাহিত্যিক, চিকিৎসক, সমাজকৰ্মী, খেলুৱৈ, অভিনেতা ইত্যাদি) ভাল অৰ্থাৎ মানসম্পন্ন ফটো খুব কমেই ইণ্টাৰনেটত উপলভ্য হৈ আছে। থকা ফটোকেইখনেই বছৰি পুনৰাবৃত্তি হৈ থাকে। মানৱ ফটো (Human portrait) লোৱা যিসকল ফটোগ্ৰাফাৰ আছে; তেওঁলোকলৈ (তেওঁলোকৰ পৰিচিত কোনো ফটোগ্ৰাফাৰ যদি আছে) এটি অনুৰোধ কৰিব খুজিছোঁ। যদিহে তেওঁলোকে সেই ব্যক্তিসকলৰ ফটোসমূহ ক'ৰবাত তুলি ৰাখিছে, তেন্তে ৱিকিকমন্সত সেই ফটোসমূহ আপলোড কৰে যেন। ৱিকিত যদি তেনে কোনো সদস্য আছে তেন্তে এই অনুৰোধটো মন কৰিব বুলি আশা কৰিলোঁ।

আমি বহু সময়ত প্ৰয়োজনীয় তথ্যৰ অভাৱৰ বাবে আক্ষেপ কৰোঁ। মই ভাবোঁ, এনে এটা দিন আহিব যিদিনা ইণ্টাৰনেটত অসমীয়া ভাষাত তথ্যৰ অভাৱৰ বাবে ভৱিষ্যত প্ৰজন্মই আক্ষেপ নকৰিব। অসমীয়া ৱিকিত এমুঠিমান অসমীয়া মানুহে নীৰৱে কৰি থকা এই ভাষা আন্দোলনে মোক বাৰুকৈয়ে প্ৰভাৱিত কৰি আহিছে। এইখিনিতে ড° ভবেন্দ্ৰ নাথ শইকীয়াছাৰৰ উক্তি দুটা মই সমূহ ৱিকিযোদ্ধালৈ উৎসৰ্গা কৰিছোঁ -

১/ "বহু লোকে এই গুলী-বাৰুদ,তৰ্ক-বিতৰ্ক,অন্যায়-অনাচাৰৰ মাজতো ছবি আঁকি আছে,কবিতা লিখিছে,নাচিছে, গাইছে। এওঁলোকৰ কামৰ কিমানখিনি জাতিটোৰ বাবে বৰঙণি হিচাপে পৰিগণিত হয়গৈ, সেইটো পিছ কথা; কিন্তু সাম্প্ৰতিক পৰিবেশৰ মাজতো এওঁলোকৰ প্ৰতি উৎসাহমূলক,প্ৰেৰণামূলক দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজনীয়। দেশৰে অৱস্থা নাই,জাতিটো থাকে নে নাথাকে তাৰেই ঠিক নাই,ছবি আঁকি,কবিতা লিখি,গভীৰ চিন্তা-চৰ্চা কৰি কি ডাল হ’ব - এই ধৰণে এওঁলোকক আমনি কৰা উচিত নহ’ব।"

২/ "কিবা এটা কথাৰ বিষয়ে কিবা অলপমান লিখিলেই লগে-লগে লাভ হোৱা হ’লে কথাই নাছিল। তথাপি ধৈৰ্য ধৰি কথাবোৰ কৈ থাকিব লাগে - জানোচা এসময়ত কিবা লাভ হয়গৈ-এই আশাত।"

যিকোনো পৰিস্থিতি, ব্যক্তিগত বহু সমস্যা আৰু সীমাহীন ব্যস্ততাৰ মাজত থাকিও অসমীয়া ভাষাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অক্লান্ত ৱিকিমিডিয়ানসকললৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ।

'মনৰ কথা' লিখি থকাৰ মাজতেই বৰ দুঃসংবাদ এটাই আমাক সকলোকে ব্যথিত কৰিলে। অসমীয়া ৱিকিমিডিয়া গোটৰ এগৰাকী পুৰণি আৰু সক্ৰিয় সদস্য চন্দন চিৰিং ফুকনৰ আকস্মিকভাৱে দেহাৱসান ঘটে। সহস্ৰাধিক সম্পাদনা আৰু পাঁচশৰো অধিক প্ৰবন্ধ লিখাৰ লগতে তেওঁ অসমীয়া ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউদ্ধৃতিৰ এজন গুৰিধৰোঁতা আছিল। বিভিন্ন সময়ত বিভিন্নজনক নিঃস্বাৰ্থভাৱে সহায়-সাৰথি কৰি ৱিকিপিডিয়াত কাম কৰিবলৈ উৎসাহিত কৰি যোৱা চন্দন চিৰিং ফুকনৰ এই বিয়োগ আমাৰ বাবে অপূৰণীয় ক্ষতি। আশা কৰিছোঁ, তেওঁৰ মাতৃভাষাপ্ৰেম, ৱিকিপ্ৰকল্পৰ প্ৰতি থকা আগ্ৰহ আৰু হেঁপাহক আমি সদায় জীয়াই ৰাখিব পাৰিম।

-Mousumi.Das (বাৰ্তা) 17:50, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
জল সংৰক্ষণৰ পৃষ্ঠপোষকতা কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৯৬০ চনৰ ডাক-টিকট

জল সংৰক্ষণত প্ৰাকৃতিক সম্পদ নিৰ্মল পানীক বহনক্ষমভাৱে ব্যৱহাৰ কৰা, জলমণ্ডলক সুৰক্ষিত কৰা আৰু বৰ্তমান আৰু ভৱিষ্যতৰ মানুহৰ চাহিদা পূৰণৰ বাবে (এইদৰে পানীৰ অভাৱ এৰাই চলিবলৈ) সকলো নীতি, কৌশল আৰু কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছে। কিমান পৰিমাণৰ পানী ব্যৱহাৰ কৰা হয় তাৰ ওপৰত জনসংখ্যা, ঘৰৰ আকাৰ আৰু বৃদ্ধি আৰু ধন-সম্পত্তিৰ প্ৰভাৱ পৰে।

জলবায়ু পৰিৱৰ্তনৰ দৰে কাৰকে বিশেষকৈ কাৰিকৰী উৎপাদন আৰু কৃষি জলসিঞ্চনে প্ৰাকৃতিক জলসম্পদৰ ওপৰত চাপ বৃদ্ধি কৰিছে। ইতিমধ্যে বহু দেশে যথেষ্ট সফলতাৰে জল-সংৰক্ষণৰ লক্ষ্যৰে নীতি ৰূপায়ণ কৰিছে। পানী সংৰক্ষণৰ মূল কাৰ্যকলাপসমূহ হ'ল: পানী নষ্ট, ব্যৱহাৰ আৰু সম্পদ অপচয়ৰ যিকোনো ব্যৱহাৰ হ্ৰাস, পানীৰ গুণাগুণৰ ক্ষতি কৰা কোনো ধৰণৰ কাম এৰাই চলা; আৰু জল ব্যৱস্থাপনা পদ্ধতিসমূহ উন্নত কৰা, যিয়ে পানীৰ ব্যৱহাৰ হ্ৰাস কৰে বা উপযুক্ত ব্যৱহাৰ বৃদ্ধি কৰে।

ঘৰুৱা, বাণিজ্যিক আৰু কৃষি প্ৰয়োগ হ্ৰাস কৰিবলৈ প্ৰযুক্তিগত সমাধান আছে। সামাজিক সমাধানৰ সৈতে জড়িত জল-সংৰক্ষণ কাৰ্যসূচীসমূহ সাধাৰণতে স্থানীয় পৰ্যায়ত আৰম্ভ কৰা হয় পৌৰসভাৰ দ্বাৰা বা আঞ্চলিক চৰকাৰৰ দ্বাৰা।

ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ গৃহিণীৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
এপ্ৰিল-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৯৯

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. মাৰ্ক ৰাফেল’
  2. এলিছা কাৰ্ছন
  3. ফিফি মুকুনা
  4. ‎গীতা ত্ৰিপাঠী
  5. জাহানাৰা শ্বাহনৱাজ
  6. ছামিনা ৰাজা
  7. মাৰ্কাছ ৰাছফৰ্ড
  8. মিজানুৰ ৰহমান আজহাৰী
  9. গৌতম সিদ্ধ
  10. আওৰা

অন্যান্য

  1. ‎লিবিয়া
  2. মেলিলা
  3. চন্দিনা পৌৰসভা
  4. তুনিছিয়া

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. আত্মা ৰাম (পৰিচালক)
  2. জগদীশ মাহতো
  3. অশোক সিংহল
  4. কানু স্যানাল
  5. ধ্ৰুৱী আচাৰ্য
  6. শ্বাশ্বতী সেন
  7. দীপ্তি ওমচেৰী ভল্লা
  8. সোনম ৱাংচুক
  9. শীলা কৌল
  10. গুকেশ ডি
  11. হৰিদত্ত
  12. বিজয়ানন্দী
  13. শতানন্দ
  14. সূৰ্যদেৱ যজৱান
  15. মহেন্দ্ৰ সূৰী
  16. দামোদৰ
  17. হলায়ুধ
  18. আৰ্যভট্ট (দ্বিতীয়)
  19. ভাস্কৰ (প্ৰথম)
  20. চিত্ৰা মণ্ডল
  21. মমিতা বৈজু
  22. টিনে মেনা
  23. নাছলেন কে. গফূৰ
  24. অনস্বৰা ৰাজন

চলচ্চিত্ৰ বিষয়ক

  1. ডটাৰছ অৱ প'ল' গ'ড
  2. অন্তহীন
  3. দ্বীপ (চলচ্চিত্ৰ)
  4. চোমানা দুদি
  5. হাই নান্না
  6. ‎প্ৰেমালু

অন্যান্য

  1. যোগিনী মন্দিৰ
  2. ব্ৰহ্মোছ
  3. সিংহ-নেজীয়া বান্দৰ
  4. নক্সালবাৰী বিদ্ৰোহ
  5. মাদেইৰা
  6. আম্বেদকাৰ জয়ন্তী

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ‎দেৱব্ৰত শইকীয়া
  2. অৰুণ কুমাৰ চন্দ
  3. অশ্বিনী কুমাৰ বৰুৱা
  4. আশা বৰদলৈ
  5. ‎চন্দ্ৰ ভাৰতী
  6. ‎ভূষণ দ্বিজ
  7. মিথিংগা দৈমাৰী
  8. লক্ষ্মীনাথ তামুলী
  9. সৰ্বেশ্বৰ বসুমতাৰী
  10. ‎দ্ৰোণ ভূঞা

গ্ৰন্থ বিষয়ক

  1. ধৰ্মৰ প্ৰাণতত্ত্ব
  2. যোগাযোগ কলা

চলচ্চিত্ৰ বিষয়ক

  1. জীৱন বাটৰ লগৰী

অন্যান্য

  1. অসম সৌৰভ বঁটা
  2. অসম গৌৰৱ বঁটা
  3. ৱিমেনজ্ কলেজ, তিনিচুকীয়া
  4. ডিব্ৰুগড় পৌৰ নিগম
  5. চাচনি মেৰবিল
  6. ‎লক্ষীমপুৰ বালিকা মহাবিদ্যালয়
  7. ছয় জনগোষ্ঠীৰ জনজাতিকৰণ
  8. লাক-নি
  9. মূৰাৰা, ৰঙিয়া
  10. গায়ন-বায়ন
  11. ৰঙিয়া ৰেলৱে সংমণ্ডল
  12. আউনীআটী বিশ্ববিদ্যালয়
  13. প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়

সানমিহলি

  1. বৰলক্ষ্মী ব্ৰত
  2. ‎কল'বক
  3. ৰ'দ
  4. ছানস্ক্ৰীণ
  5. হাল্ক (চৰিত্ৰ)
  6. এছীয় দীঘল-নেজীয়া নিগনি
  7. তিয়ঁহৰ ৰাইতা
  8. তিয়ঁহৰ কেক
  9. তিয়ঁহৰ চুপ
  10. তিয়ঁহৰ ৰস
  11. বেকড্ বীন চেণ্ডুইছ
  12. আইৰণ মেন
  13. সৰু মানিমুনি
  14. শব্দ-শৃংখল
  15. জল সংৰক্ষণ
  16. শিলিখা
  17. মোহৰ
  18. ইন্টেৰিয়ৰ ডিজাইন
  19. হিন্দুত্ব
  20. ভূমিস্খলন
  21. নিৰ্বাচনী চিয়াঁহী
  22. কল্প (সময়)
  23. হিন্দু পদ্ধতিত সময়ৰ একক
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
তিনিচুকীয়াৰ লাইনা ঘাঁহনিত টাইটনিডাই পৰিয়ালৰ এটা ফেঁ‌চা
আলোকচিত্ৰ শিল্পী: Rajkimar
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
প্ৰণামিকা অধিকাৰী
প্ৰতিভাবান ন-সম্পাদকৰ পদক
সুহানী লস্কৰ
অক্লান্ত কৰ্মী পদক
Aikiasu, ৰনোজ জ্যোতি বৰুৱা






বিশেষ অভিলেখ
এপ্ৰিল-২০২৪ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
অসমীয়া ৱিকিউদ্ধৃতিত প্ৰথমখন অনলাইন উদ্ধৃতি সংযোগ মেলা ২২ এপ্ৰিল ২০২৪-ৰ পৰা ২৮ এপ্ৰিল ২০২৪-লৈ অনুষ্ঠিত হয়। য’ত আঠগৰাকী অশগ্ৰহণকাৰীয়ে মুঠ ২৫ খন পৃষ্ঠাৰে বৰঙণি আগবঢ়াইছে।
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১৩,৩৬৫ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯৫ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৬৭৫ টালৈ বৃদ্ধি পালে।
  • ৪ আৰু ৫ এপ্ৰিল, ২০২৪ ত তিনিচুকীয়াৰ ৱিমেন্‌ছ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত দুদিনীয়াকৈ ৱিকিমিডিয়া কৰ্মশালা অনুষ্ঠিত হয়।
  • ৯ এপ্ৰিল, ২০২৪ ত অসমীয়া ৱিকিমিডিয়াত মহিলা অৱদানকাৰীৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ত এখন অসমীয়া ৱিকিমিডিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ২৮২ - - ১১ ৪৭
ভাস্কৰ ভূঞা ৭০ - - ১২ -
চন্দন চিৰিং ফুকন - - ১১৭ -
ঈশান জ্যোতি বৰা ১০১ - ১২ - -
খিলঞ্জীত ২২১ - - -
প্ৰণামিকা অধিকাৰী ৫৩৩ ১১১ - ৫২
দিব্য দত্ত ৪৭৯ ৫১ - ৬২
নয়ন জ্যোতি নাথ ৯৬ - ৫৫ ৪৫


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।