ৱিকিপিডিয়া বাৰ্তা:ৱিকিপ্ৰকল্প পদাৰ্থবিজ্ঞান

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

Recruit User:Dipankar Chetia and User:Pranabnlp. Gitartha.bordoloi 16:46, 6 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ User:Gitartha.bordoloi


ধন্যবাদ[সম্পাদনা কৰক]

দীপাংকৰ, তোমাৰ বাৰ্তাৰ বাবে ধন্যবাদ। নিশ্চয়, এনে এটা প্ৰকল্পৰ অংশীদাৰ হ'বলৈ পালে মই ভাল পাম। মোক কৰ্মীৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰা। প্ৰণৱ

প্ৰস্তাব[সম্পাদনা কৰক]

দীপাংকৰ , অগ্ৰাধিকাৰ ভিত্তিত প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ বাবে নিবন্ধসমূহৰ এখন তালিকা প্ৰস্তুত কৰি লৈ আগ্ৰহী সদস্যৰ মাজত বিতৰণ কৰি ল'লে আগবাঢ়িবলৈ সুবিধা নহ'বনে বাৰু? প্ৰতিজন সদস্যই নিজৰ নিজৰ বিষয়সমূহত মনোনিবেশ কৰিব। অৱশ্যেই সকলো ধৰণৰ আলোচনা-বিলোচনাৰ বাবে পাৰস্পৰিক ভাৱ বিনিময় অব্যাহত থাকিব। প্ৰণৱ


সমৰ্থন কৰো প্ৰণৱ দা, কেনেকৈ ভাগ বতৰা কৰিব পাৰি ভাবিবচোন | আৰম্ভ কৰিব লাগে | দীপাংকৰ চেতিয়া বাৰ্তা 18:04, 9 ফেব্ৰুৱাৰী 2012 (UTC)


দীপাংকৰ, লক্ষ্য তালিকা-১ ত মুঠতে ৩৯ টা প্ৰৱন্ধ (উপাংশ সমূহৰ সৈতে) সন্নিবিষ্ট হৈছে। যিহেতু এই প্ৰকল্পৰ বাবে বৰ্তমান ৩ জন সদস্যই আগ্ৰহ প্ৰকাশ কৰিছে, গতিকে আমি গাইপতি সমানে ভগাই ল'ব পৰাৰ কথাও চিন্তা কৰিব পাৰোঁ। ধৰা, সদস্য "ক"ৰ ভাগত- ১, ৪ ,৭ ..., সদস্য "খ"ৰ ভাগত- ২,৫,৮ ....; আৰু সদস্য "গ"ৰ ভাগত- ৩, ৬, ৯ ... ইত্যাদি ইত্যাদি। বেলেগ উপায় ভাবিৱ পাৰি নেকি চাবাচোন। প্ৰণৱ জ্যোতি ভূঞা 05:32, 10 ফেব্ৰুৱাৰী 2012 (UTC)


ৰেফাৰেন্স সম্পৰ্কে[সম্পাদনা কৰক]

এই প্ৰকল্পৰ ভিতৰৰ কিছুমান প্ৰৱন্ধত ৰেফাৰেন্স সংযোগ কৰা হোৱা নাই। এই বিষয়টোত অলপ চকু দিবলৈ অনুৰোধ জনালো। প্ৰকল্পৰ অধীনত ৰছিত প্ৰৱন্ধসমূহক ষ্টেণ্ডাৰ্ড হিচাপে গণ্য কৰা হ'ব বাবে ৱিকিপিডিয়াৰ সকলোখিনি নিয়ম পাৰ্যমানে মানি চলিবলৈ চেষ্টা কৰিলে ভৱিষ্যতলৈ সুবিধা হ'ব। উদ্দীপতালুকদাৰ 19:01, 9 ফেব্ৰুৱাৰী 2012 (UTC)


আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ উদ্দীপতালুকদাৰ দা। তাৰে দুটামান প্ৰৱন্ধ মই আৰম্ভ কৰিছিলোঁ; সময়ৰ অভাৱতহে পোখালিৰ পৰা বিকশিত কৰিব পৰা নাই। নিশ্চয়, যিমান পৰা যায় সোনকালে সেইখিনি কৰিম আৰু লগতে ৰেফাৰেন্স খিনিও অন্তৰ্ভুক্ত কৰি দিম। প্ৰণৱ


চুটি প্ৰবন্ধ যোগ কৰি থকাৰ লগতে লাহে লাহে প্ৰবন্ধবোৰ বহলাই "ভাল প্ৰবন্ধ"ৰ শাৰীলৈ নিলেহে ভাল হ'ব। কাৰণ উদ্দীপ দাই কোৱা ধৰণে প্ৰকল্পৰ প্ৰবন্ধসমূহ ষ্টেণ্ডাৰ্ড হিচাপে গণ্য কৰা হ'ব। অৱশ্যে কৰিবলগীয়া কামৰ প্ৰথম পৰ্যায়ত মূল বিষয় বৰ্ণনা কৰা অন্ততঃ এটা পৰিচ্ছেদ থাকিব লাগে বুলিহে কোৱা হৈছে। কৰি থাকা। গীতাৰ্থ বৰদলৈ 16:52, 16 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্য বাদ, প্ৰথম পৰ্যায়ত পদাৰ্থ বিদ্যাৰ মূল প্ৰৱন্ধটো আৰু পদাৰ্থবিদ্যাৰ ইতিহাস প্ৰৱন্ধটো সম্পূৰ্ণকৈ ইং ৱিকিৰ পৰা অনুবাদ কৰিম, আনবোৰ ক্ৰমান্বয়ে কৰিম বুলি ভাবিছো | এইকেদিন সকলো পৰীক্ষাত ব্যস্ত আছিলো | দীপাংকৰ চেতিয়া বাৰ্তা 17:26, 18 মাৰ্চ 2012 (UTC)