Wikipedia:समाज मुखपृष्ठ
Wikipedia -ৰ পৰা
সূচী |
[সম্পাদন কৰক] সহযোগী পৃষ্ঠা
[সম্পাদন কৰক] মুখ্য সদন
ৱিকিপেডীয়া সম্পৰ্কীয় কিছুমান কাম কৰোঁতে প্রায়ে কোনো কোনো বিষয়ত মোক বাকীসকল সংকলকৰ লগত আলোচনা কৰাৰ প্রয়োজন হয়। নিশ্চয় বাকীসকল সংকলকৰো তেনে কৰাৰ প্রয়োজন হয়। এনেধৰণৰ কামৰ কাৰণে সাধাৰণতে "Community Portal" ব্যৱহাৰ কৰা যায়।
আমাৰ ৱিকিপেডীয়াখন বাকী ভাৰতীয় ভাষাৰ তুলনাত এতিয়াও চালুকীয়া অৱস্থাত আছে। যদিও ইয়াৰ মূল কাৰণ সংকলকৰ অভাৱ, তথাপি মই ভাবোঁ যে আমি যদি আৰু অলপ সংঘবদ্ধ হওঁ তেন্তে কামবোৰৰ অলপ হলেও আঁত লাগিব।
মুখ্য সদনৰ পৰা সুওমি ৰৃলেত্তা বিষয়ৰো সদনলৈ লিংক দিব পৰা যাব- যেনে "translate wiki সদন", "কম্পিটাৰ বিজ্ঞান সদন", "অসমীয়া প্রতিশব্দ সদন", "বানান সদন" ইত্যাদি।
ৰাইজে মতামত দিয়কচোন। ভাল বুলি ভাৱিছে যদি কেইজনমান স্বেচছাসেৱক আগবাঢ়ি আহি কামটোৰ দায়িত্ব লওক।
Psneog ০৪:২৮, ২ জুলাই ২০০৮ (UTC)
Translatewikiত মই ইতিমধ্যে কিছু অনুবাদ কৰিছো, আন আ সদনৰ বাবেও মই স্বেচ্ছাসেৱক হব পাৰো|
Raju ০৮:৫৬, ৪ জুলাই ২০০৮ (UTC)
ধন্যবাদ, আপুনি সুন্দৰ কাম কৰি আছে, মই লক্ষ কৰিছোঁ। মই আকৌ প্রবন্ধ লিখিহে বেছি ভাল পাওঁ।
অনুবাদ কৰোঁতে কেনে ধৰণৰ সমস্যা পাইছে? মই ভাবোঁ যে কোনো কোনো শব্দৰ ক্ষেত্রত ইংৰাজীৰ পৰা আক্ষৰিক অনুবাদ নকৰি ভাবানুবাদ কৰিলে বেছি খাপখোৱা সুন্দৰ শব্দ পোৱা যায় - যেনে "বেটুপাত"।
প্রথম পৃষ্ঠাত ভালেকেইটামান ভুল বানান আছে - কিছুমান ও-ৰ ওপৰত চন্দ্রবিন্দুৰ প্রয়োজন নাই।
আৰু কেইটামান সালসলনি কৰিবলগীয়া কথা মনলৈ আহিছে-
- অসমীয়া ৱিকি সমাজ ==> মুখ্য সদন
- সাম্প্রতিক ঘটনা-প্রবাহ ==> খবৰ
- সাম্প্রতিক সালসলনিসমূহ ==> শেহতীয়া কাম
- সংযুক্ত পৃষ্ঠাসমূহ ==> ব্যৱহাৰক পৃষ্ঠাসমূহ
- সম্পৰ্ক থকা সালসলনিসমূহ ==> প্রাসংগিক পৰিবৰ্তনসমূহ
- দান-বৰঙনী ==> সাহায্য
- যিকোনো পৃষ্ঠা ==> আকস্মিক পাঠ্য
- লক্ষ-তালিকা ==> অনুসৰিত প্রৱন্ধৰাজী/অনসৰণ তালিকা
- গতিবিধি লক্ষ কৰক ==> নজৰ ৰখা হওক
- যাওক ==> যোৱা হওক
- স্থানান্তৰ কৰক ==> স্থানান্তৰ কৰা হওক
- ইতিহাস ==> ইতিবৃত্ত
বিশেষকৈ বাটনৰ ওপৰৰ টেক্সটবোৰ পৰোক্ষ ভাষ্যত লিখিলে ভাল হ'ব নেকি? যেনে - যোৱা হওক, পৰিৰক্ষিত কৰা হওক (চেভ), খচৰা দেখা হওক, পৰিবৰ্তনসমূহ, বৰ্খাস্ত কৰক => ৰদ কৰা হওক.....
কি ভাবে?
সদনৰ বিষয়ে কবলৈগ'লে অনুবাদ সম্পৰ্কীয় এনে ধৰণৰ আলোচনাৰ বাবেই এখন সদন লাগে। ইংৰাজী বা বঙালী ভাষাৰ ৱিকীপেডীয়াৰ সদনবিলাকক আৰ্হিৰূপে ব্যৱহাৰ কৰি চাওকচোন "ট্রেন্সলেটৱিকি সদন" এখন খুলিব পৰা যাবনে?
তদুপৰি মই কিছুমান টেকনিকেল ইংৰাজী শব্দ অসমীয়া কৰোঁতে বৰ অসুবিধা পাইছোঁ। কিছুমান ইংৰাজী শব্দ সেয়ে যেনে আছে তেনেই লিখিছোঁ। এখন "গ্লচাৰি"-ৰ প্রয়োজন হ'ব নেকি! লীনাক্স, কম্পিউটাৰ বিজ্ঞান আদি পৃষ্ঠাবোৰ চালেই গম পাব।
Psneog ১৯:০০, ৪ জুলাই ২০০৮ (UTC)
বাও ফালৰ অসমীয়া ৱিকি-সমাজ লিংকটোত ক্লিক কৰিলে এই পৃষ্ঠাতো খোল নাখায়, Wikipedia:সমজুৱা পৃষ্ঠা বুলি পুৰণি পৃষ্ঠা এটাহে ওলায়, কথাটো কি? এই পৃষ্ঠাটোৰ নাম Wikipedia:समाज मुखपृष्ठ| translatewikiৰ অনুবাদ খিনি কমিট হোৱাৰ পিছত কিবা গণ্ডোগোল হ’ল নেকি??
Raju ১৭:১৭, ৬ জুলাই ২০০৮ (UTC
-- মই সদ্যহতে Wikipedia:সমজুৱা পৃষ্ঠা -ৰ পৰা এটা "redirect" লগাই দিছোঁ। Psneog ০৩:৪৩, ৮ জুলাই ২০০৮ (UTC)
অনুবাদ কৰোতে সততে পোৱা সমস্যা হৈছে সঠিক অসমীয়া প্রতিশব্দৰ অভাৱ। সেয়ে প্রায়ে হিন্দি শব্দটোৰ সহায় লব লগা হৈছে। প্রথম পৃষ্ঠাৰ ভুলবোৰ কোনোবা administrator এজনে ঠিক কৰিব লাগিব।
অনুবাদৰ সদন এখন লাগে, সমুহিয়া আলোচনা কৰিহে ঠিক শব্দ বাচনি কৰিব পৰা যাব।
Raju ১৭:৩৩, ৬ জুলাই ২০০৮ (UTC)
-
হিন্দী মানে বোধহয় আপুনি সংস্কৃত ব্যৱহাৰ কৰাৰ কথা কৈছে। আমাৰ ভাৰতীয় ভাষাবোৰ সাধাৰণতে এই ভাষাৰ পৰাই উদ্ভুত। এই ভাষা অত্যন্ত শক্তিশালী, সেয়ে যিকোনো ভাৰতীয় আধুনিক ভাষাত নোপোৱা আধুনিক শব্দও এই ভাষাত পোৱা যায়।
সংস্কৃত ভাষাৰ শব্দ অসমীয়া বা অন্য ভাৰতীয় ভাষাত চিধাচিধি ব্যৱহাৰ কৰাত বাধা নাই - এনে শব্দক "তৎসম" শব্দ বোলে।
Psneog ০৩:৪৩, ৮ জুলাই ২০০৮ (UTC)
[সম্পাদন কৰক] ত্ আৰু ত্
কেইবাটাও পৃষ্ঠাত ত্ ৰ সলনি ত্ ব্যৱহাৰ হোৱা দেখা গৈছে, সেইবোৰ শুধৰাব লাগে। ত্ টাইপ কৰিবলৈ অসুবিধা হৈছে নেকি? ইয়াত embeded কৰা IMEত ত্ mapping নাই নেকি??
Raju ১৭:৩৩, ৬ জুলাই ২০০৮ (UTC)
মই অভ্র কীবৰ্ড ব্যৱহাৰ কৰোঁ। তাত একো সমস্যা মই পোৱা নাই।
Psneog ০৩:২৫, ৮ জুলাই ২০০৮ (UTC)
মইও বৰহা ব্যৱহাৰ কৰো, একো সমস্যা পোৱা নাই, কিন্তু কেইবাটাও পৃষ্ঠাত ত্ ব্যৱহাৰ কৰা হোৱা দেখিছো। Raju ১০:৪৬, ৯ জুলাই ২০০৮ (UTC)
মই অসমীয়া ৱিকিপিদিয়াৰ চেষ্টাক অসমীয়া ভাষাৰ বাবে এক উল্লেখ যোগ্য ঘটনা হিচাপে স্থান দিৱ বিচৰো । আজি প্রায় ভালেমান দিন পাৰ হৈ যোৱাৰ পাছতো এই বিশ্বকোষ চালুকীয়া অৱস্থাত আছে ই বৰ দুখ জনক । মই মোৰ তুচ্ছ বিচাৰে ঢুকি পোৱা কেইটামান উপায় দিব বিচাৰো যি এই বিশ্বকোষক নির্মাণৰ গতি অধিক ক্ষীপ্রতৰ কৰাত সহায় কৰিব পাৰে । সদাশয় পাঠক তথা অসমীয়া ৱিকিপিদিয়াৰ প্রতিস্থাপক মণ্ডলীয়ে মোৰ মতামতৰ ওপৰত বিবেচনা কৰি চাই যেন –
- সম্পাদনা কৰিব পৰা বাকছটোত আখৰৰ আকাৰ ডাঙৰ কৰিব লাগে । অতি সূক্ষ্ম আকাৰৰ আখৰৰ বাবে বহুতে সম্পাদনাৰ পৰা আঁতৰি আহিব পাৰে ।
- সম্পাদনা কৰিব পৰা বাকছটোত এটা ‘সহায়’ বুলি লিংক ৰাখিব লাগে যাৰ যোগেদি নতুন সম্পাদন কাৰি সকলে তাত টাইপিঙৰ কলা জানিব পাৰে । বিশেষকৈ কিছুমান বিশেষ বর্ণ যেনে – ঙ, ঞ, হর্স্বন্ত ত, অনুচৰ, চন্দ্রবিন্দু, ৰেফ, ঋ আৰু ঋ-কাৰ, ক্ষ আৰু যুক্তাক্ষৰ বোৰ ।
- ইন্তাৰনেট সংযোগ নথকা সময়ৰ বাবে নতুন প্রবন্ধ লিখিবৰ বাবে ইউনি ক’ড(UNICODE) ৰ উত্সৰ সন্ধান দিব লাগে । অভ্র, বৰহা আদি যথেষ্ট ভাল চফটৱেৰ যদিও অসমীয়া খৰকৈ টাইপ কৰিব নোৱাৰি । অসমীয়া ভাষাত ‘ৰ’ আৰু ‘ৱ’ ৰ সঘন ব্যৱহাৰে উক্ত চফটৱেৰত টাইপিঙৰ সীমাবদ্ধতা আনি দিয়ে ।
- সকলো দিশ একেলগে সামৰি লৈ প্রৱন্ধ যুগুত কৰাতকৈ ইয়াৰ সদস্য সকলে কিছু কিছু ক্ষেত্র আগতলৈ কামৰ ভাগ কৰি ল’লে মই ভাবো প্রৱন্ধ সমূহ অধিক নিয়াৰিকৈ সজাব পৰা যাব ।
- অসম সাহিত্য সভাক লগত যদি এই বিশ্বকোষৰ লগত জড়িত কৰিব পৰা যায় তেন্তে অধিক লাভৱান হোৱাৰ আশা কৰিব পাৰি ।
Vkborah ১৮:২৯, ১৬ জুন ২০০৯ (UTC)
ৱিকিপিদিয়াৰ বিষয়ে মই কেইমাহ মানৰ আগতে "প্ৰতিদিন কাকতৰ" দেওবৰিয়া আলোচনী "সম্ভাৰ"ত এটা প্ৰৱন্ধ লিখিছিলোঁ৷ পাঠকৰ সহাৰিও পাইছিলোঁ৷ কিন্তু তাৰপিছত যিমান কৰ্মীৰ আশা কৰিছিলোঁ সিমান নাপালোঁ৷ অসম সাহিত্য সভাই নিজেও এই বিষয়ে কোনো চিন্তা-চৰ্চ্চা কৰা দেখা নাযায়৷ আচলতে নিস্বাৰ্থ কৰ্মীয়েহে ইয়াক সফল কৰি তুলিব পাৰিব৷ আমাৰ প্ৰৱন্ধটো বিহু ডট্ ইনৰ ব্লগঃ [১] ত চাব পাৰিব৷ ইয়াকো চাওক শব্দ: [২]
ধন্যবাদ Anjal Borah ( ০৯:৪৩, ২৪ জুন ২০০৯ (UTC))
অসমীয়া ৱিকিপেডিয়া মোৰ মতে এটা খুব গুৰুত্তপুর্ণ বস্তু, আমাৰ জাতি আৰু ভাষাটোৰ ভৱিষ্যতৰৰ বাবে। কিন্তু অসমৰ ৰাইজে কথাটোত একেবাৰে গুৰুত্ব দিয়া নাই যেন লাগে । অবশ্যে টাইপিং ৰ অসুবিধাৰ বাবেই হইতো , যিমান লিখা আহিব লাগিছিল, সিমান অহা নাই। মই নিজেই বিষেশ এক কৰিব পৰা নাই, ইচ্ছা থাকিও। গতিকে ৰাইজৰ বিবেচনার্থে কেইটা মান কথা কব বিচাৰিছো
১। অভ্র যদিও খুব ভাল চফতৱেৰ, ই অসমীয়া লিখাৰ বাবে বৰ সুবিধাজনক নহয়। মই 'অমিকনলেব' ৰ লগত যোগাযোগ কৰিও একো সদুত্তৰ পোৱা নাই। আৰু আমি প্রায় সকলোৱেই ফনেতিক কীবর্দ ব্যৱহার কৰি ভাল পাও। গতিকে আমি হয় অভ্রক অসমীয়া লিখাৰ বাবে উপযুক্ত কৰি তুলিবলে অমিকনলেবক হেচা দিব লাগে, অথবা নিজেই এখন এনেধরৰনৰ কীবর্দ বনাব লাগে। মোৰ মতে আমাৰ সভ্য সকলর মাজতে বহু চফতৱেৰত কাম কৰ ব্যক্তি আছে , মই তেওঁলোকক অনুৰধ করিছো, আপনালোক আগবাঢ়ি আহক, আমি সকলোৱে যিমান পাৰো সহায় কৰিম। দৰকাৰ হ'লে অসম চৰকাৰৰ কাষ চাপিম। মোৰ মতে এটা নতুন ইউনিক'ড কিবর্দ তৈয়াৰ কৰিলে বেছি ভাল হব।
২। নতুন প্রৱন্ধুৰ বাবে আমি কেইজন মান লেখকক ব্যক্তিগত ভাবে সাক্ষ্যাত কৰিব লাগে, আৰু লগতে কেইখন মান আলোচনী যেনে প্রান্তিক আদিৰ সহায় লব লাগে। আৰু তেওঁলোকর আনুমতি সাপেক্ষে লিখাবোৰ ইয়াত 'আপল'ড' কৰিব লাগে।
ৰাইজৰ মতামত আশা কৰিলো।
অভিজিত কলিতা
[সম্পাদন কৰক] দাড়ি
বাক্যৰ শেষ বুজবলৈ ব্যৱহাৰ কৰা দাড়িৰ বাবে বহুতো ঠাইত কী-বর্ডত থকা vertical line ব্যৱহাৰ কৰা দেখা গৈছে, কিন্তু unicode মতে দাড়িৰ বাবে Devanagari Danda ব্যৱহাৰ কৰিব লাগে। মন কৰিব যে দেখিব প্রায় একে হলেও এই দুটা বেলেগ বেলেগ চিহ্ন। IME ছফ্টৱেৰত Devanagari Danda mapping নথকিলে Character Mapৰ পৰা এই চিহ্নতো ব্যৱহাৰ কৰিব পাৰি।
Raju ১০:৪৬, ৯ জুলাই ২০০৮ (UTC) বৰ ভাল লাগিল .
[সম্পাদন কৰক] অসমীয়া ৱিকিপিডীয়াৰ হিন্দী আখৰ
অনুবাদ নকৰা message বোৰৰ আখৰবোৰ হিন্দী হোৱাৰ দোষটো এই অধমৰে। প্রথম পৃষ্ঠাৰ কিছুমান মেচেজৰ বানান শুদ্ধ কৰিবলৈ যত্ন কৰোঁতে translatewiki-ৰ কথা গম পালোঁ। তাত গৈ দেখিলোঁ অসমীয়া বিভাগ নায়েই। তাতে প্রথমে আৰম্ভ কৰোঁতে fallback language দিব লাগে। মই default বুলি থৈ দিলোঁ। গতিকে নজনাৰ দোষতে ঘটনাটো ঘটিল। পাছত দেখা পাই ভাবিলোঁ
- হিন্দী ৰা্ষ্ট্রভাষা যেতিয়া ৰাইজৰ ইমান অসুবিধা নহ'ব চাগে।
- হিন্দী ৱিকিপিডীয়াৰ অনুবাদটো চকুৰ আগত ওলাই থাকিলে ভবিষ্যতৰ অনুবাদকৰ সুবিধা হ'ব।
- যিহেতু translatewiki ও সকলোৰে কাৰণে খোলা, কাৰোবাৰ অসুবিধা হ'লে নিজেও সলনি কৰি ল'ব পাৰিব।
পা্ছত কোনো কোনোৱে আপত্তি কৰাৰ কাৰণে মই সলনি কৰিবলৈ যত্ন কৰিছোঁ, কিন্তু সময়ৰ নাটনিৰ কাৰণে চাইচিতি কৰিব পৰা নাই। অনুগ্রহ কৰি ক্ষমা কৰিব।
অনুমতি নোলোৱাৰ বাবেও মই ৱিকিপিডীয়াৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলোঁ। আচলতে এনে অনুমতি/মতামত লোৱাৰ সৰ্বসন্মত আৰু সৰ্বজনবিদিত প্রক্রিয়া এটা আমাৰ অসমীয়া ৱিকিপিডীয়াৰ কাৰণে আৰম্ভ কৰিব লাগিছিল।
Psneog ১২:৫৪, ২৮ জুলাই ২০০৮ (UTC)
Message বোৰ হিন্দীত থকাৰ বাবে অনুবাদ কৰিবলৈ সুবিধাই হৈছে দিয়ক, কাৰণ মই অনুবাদ কৰোতে কেইবাবাৰো হিন্দী শব্দবোৰৰ সহায় লৈছো; যিহেতু দুয়োটা ভাষাৰ মূল একে (সংস্কৃত) সেয়েহে ই সহায়ক হৈছে।
Raju ১৬:২০, ২৮ জুলাই ২০০৮ (UTC) মহান কাম !!! লািগ থাকক |
এখন কীবৰৃদ্ গাই্দ্ লােগ েযন অনুভব হয় |
িমতুল
গূৱাহাটী ১৪ মাৰৃচ্্