সমললৈ যাওক

হোমাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
চমুকৈ আৰম্ভ কৰিলোঁ
(কোনো পাৰ্থক্য নাই)

10:25, 9 March 2012ৰ সংস্কৰণ

হোমাৰ (গ্ৰীক Ὅμηρος Homēros)

হেলেনীয় যুগত নিৰ্মিত হোমাৰৰ এক কাল্পনিক প্ৰতিমূৰ্তি (ব্ৰিটিছ সংগ্ৰহালয়)।
জীৱনকাল আনুমানিক খ্ৰীষ্টপূৰ্ব অষ্টম শতিকা
প্ৰভাৱ আবেগবিহ্বল মৌখিক কাব্য
প্ৰভাৱিত কৰিছিল দ্ৰুপদী কাব্য (পাশ্চাত্য শিল্প আৰু দৰ্শন)

পশ্চিমীয়া দ্ৰুপদী পৰম্পৰাত হোমাৰ (pron.: /ˈhmər/; প্ৰাচীন গ্ৰীক: Ὅμηρος, Hómēros) হৈছে মহাকাব্য "ইলিয়াদ" আৰু "ওডিছী"ৰ লেখক যাক সৰ্বশ্ৰেষ্ঠ প্ৰাচীন গ্ৰীক কবি হিছাপে গণ্য কৰা হয়। পশ্চিমীয়া সভ্যতাক গঢ় দিয়াৰ বৰঙণিৰ উপৰিও সাহিত্যৰ ইতিহাসত এই মহাকাব্য দুখনৰ প্ৰভাৱ অপৰিসীম।

হোমাৰৰ জীৱনৰ সময় বিতৰ্কিত। হিৰ'ড'টাছৰ মতে হোমাৰৰ জীৱনকাল আছিল তেওঁতকৈ ৪০০ বছৰ আগতে, যাৰ অৰ্থ প্ৰায় খ্ৰীষ্টপূৰ্ব ৮৫০।[1] আনহাতে অন্য প্ৰাচীন সূত্ৰ মতে তেওঁৰ জীৱনকাল ট্ৰ'জান যুদ্ধৰ সময়ৰ ওচৰা-ওচৰি, অৰ্থাত্‍ খ্ৰীষ্টপূৰ্ব ১২শ শতিকাৰ প্ৰথম ভাগ।[2]

আধুনিক পণ্ডিতসকলৰ মতে "হোমাৰৰ তাৰিখ"-এ কোনো ব্যক্তিবিশেষক বুজোৱা নাই, বৰং মহাকাব্যকেইখন ৰচনা হোৱা সময়হে সূচাইছে। অধিকাংশৰ মতে ইলিয়াদ আৰু ওডিছীৰ ৰচনাকাল প্ৰায় খ্ৰীষ্টপূৰ্ব ৮ম শতিকা। ইলিয়াদ ওডিছীতকৈ সম্ভৱ কেইদশকমান আগতে ৰচিত,[3] অৰ্থাত্‍ হিছিঅ'ডতকৈ আগতে।[4] ইলিয়াদ পশ্চিমীয়া সাহিত্যৰ আটাইতকৈ প্ৰাচীনতম চানেকী। যোৱা কেইদশকমান ধৰি কোনো কোনো পণ্ডিতে খ্ৰীষ্টপূৰ্ব ৭ম শতিকা বুলিও মত পোষণ কৰিছে। গ্ৰেগৰী নেগীকে ধৰি তাৰে কিছুমানে যুক্তি দৰ্শাই যে এই সময় অধিক পিছৰ, কাৰণ বহুকাল ধৰি হোমাৰৰ কাব্যৰ বিকাশ ঘটিছিল আৰু খ্ৰীষ্টপূৰ্ব ৬ম শতিকাতহে এইবোৰে পূৰ্ণ ৰূপ পাইছিল।[5] হোমাৰ ব্যক্তিজনৰ ইতিহাসক লৈ উঠা প্ৰশ্নক "হোমাৰিক প্ৰশ্ন" বুলি কোৱা হয়; ইয়াৰ বিষয়ে নিৰ্ভৰযোগ্য কোনো তথ্য পোৱা নাযায়।[6] কবিতাসমূহ এক সুবিকশিত কাব্যৰচনাৰ প্ৰণালীত মুখে মুখে চলি অহা সাধুকথাৰ ৰূপান্তৰ বুলিও ভবা হয়। মাৰ্টিন ৱে'ষ্টৰ দৰে কিছুমান পণ্ডিতৰ মতে "হোমাৰ কোনো ঐতিহাসিক কবিৰ নাম নহয়, বৰং এক কাল্পনিক বা গঢ়িত নামহে"।[7]

গ্ৰীক সংস্কৃতিৰ বিকাশত হোমাৰৰ মহাকাব্যৰ অৱদান সৰ্বজনস্বীকৃত। হোমাৰক গ্ৰীছৰ শিক্ষক বুলিও কোৱা হৈছিল।[8] হোমাৰৰ কৰ্মৰ থকা বক্তৃতাসমূহ প্ৰাচীন আৰু মধ্যযুগৰ কথিত বা লিখিত যুক্তিমূলক গ্ৰীক সাহিত্যৰ বাবে আদৰ্শস্বৰূপ আছিল। পেপিৰাছত লিখা প্ৰাচীন গ্ৰীক সাহিত্যৰ আধাখিনিমানেই হোমাৰৰ শৈলীত লিখা।[9]

তথ্যসূত্ৰ

  1. Herodotus 2.53.
  2. Graziosi, Barbara (2002). The Invention of Homer. প্ৰকাশক Cambridge. pp. 98–101. 
  3. Vidal-Naquet, Pierre (2000). Le monde d'Homère. Perrin. পৃষ্ঠা. 19. 
  4. M. L. West (1966). Hesiod's Theogony. প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 40, 46. ISBN 058534339X. 
  5. Nagy, Gregory (2001). Homeric Poetry and Problems of Multiformity: The "Panathenaic Bottleneck. 96. Classical Philology (journal). pp. 109–119. 
  6. G. S. Kirk's comment that "Antiquity knew nothing definite about the life and personality of Homer" represents the consensus (Kirk, The Iliad: a Commentary (Cambridge 1985), v. 1).
  7. West, Martin (1999). "The Invention of Homer". Classical Quarterly খণ্ড 49 (364). 
  8. Heubeck, Alfred; West, Stephanie; Hainsworth, J. B. (1988). A Commentary on Homer's Odyssey. প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 3. ISBN 0198140479. 
  9. Finley, Moses (2002). The World of Odysseus. প্ৰকাশক New York: New York Review of Books. পৃষ্ঠা. 11–2. ISBN 978-1-59017-017-5. ; Finley's figures are based upon the corpus of literary papyri published before 1963.

অতিৰিক্ত পঠন

  • Ford, Andrew (1992). Homer : the poetry of the past. প্ৰকাশক Ithaca, NY: Cornell University Press. ISBN 0801427002. 
  • Kirk, G.S. (1962). The Songs of Homer. প্ৰকাশক Cambridge: Cambridge University Press. 
  • Schein, Seth L. (1984). The mortal hero : an introduction to Homer's Iliad. প্ৰকাশক Berkeley: University of California Press. ISBN 0520051289. 

বহিঃ সংযোগ