অংগনবাদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
উৰিষ্যাৰ এক অংগনবাদী কেন্দ্ৰ

অংগনবাদী (ইংৰাজী: Anganwadi) হৈছে ভাৰতৰ এক প্ৰকাৰৰ গ্ৰাম্য শিশু যত্ন কেন্দ্ৰ। শিশুৰ ক্ষুধা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰত চৰকাৰে ১৯৭৫ চনত এই কাৰ্যসূচী আৰম্ভ কৰিছিল। হিন্দী ভাষাত অংগনবাদী বা অংগনৱাড়ীৰ অৰ্থ হৈছে ‘চোতালৰ আশ্ৰয়’।

এটি সাধাৰণ অংগনবাদী কেন্দ্ৰই এখন গাঁৱত প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰে। ই ভাৰতীয় জনস্বাস্থ্য সেৱা প্ৰণালীৰ এটা অংশ। প্ৰাথমিক স্বাস্থ্য সেৱা কাৰ্যকলাপবোৰৰ ভিতৰত আছে গৰ্ভনিৰোধকৰ বিষয়ে পৰামৰ্শ দিয়া আৰু যোগান ধৰা, পুষ্টি আৰু পৰিপূৰকৰ বিষয়ে শিক্ষা দিয়া, লগতে শিশুসকলৰ বাবে প্ৰাক-প্ৰথমিক বিদ্যালয় ৰূপে কাম কৰা।[1] কেন্দ্ৰবোৰ অ'ৰেল ৰিহাইড্ৰেচন চল্ট (অ'আৰএছ), প্ৰাথমিক ঔষধ আৰু গৰ্ভনিৰোধকৰ বাবে কোষ্ঠাগাৰ হিচাপেও ব্যৱহাৰ কৰা হ'ব পাৰে। ৩১ জানুৱাৰী ২০১৩-ৰ তথ্য অনুসৰি, ১৩.৭ লাখ অনুমোদিত অংগনবাদী কেন্দ্ৰৰ ভিতৰত প্ৰায় ১৩.৩ লাখ অংগনবাদী কেন্দ্ৰ কাৰ্যৰত হৈছে। এই কেন্দ্ৰবোৰে পৰিপূৰক পুষ্টি, অনানুষ্ঠানিক প্ৰাক-প্ৰথমিক বিদ্যালয় শিক্ষা, পুষ্টি আৰু স্বাস্থ্য শিক্ষা, টিকাকৰণ, স্বাস্থ্য পৰীক্ষা আৰু ৰেফাৰেল সেৱা প্ৰদান কৰে। ইয়াৰে অন্তিম তিনিটা সেৱা ৰাজহুৱা স্বাস্থ্য প্ৰণালীৰ সৈতে একত্ৰিত হৈ প্ৰদান কৰা হয়।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. National Population Policy 2000 Archived 7 February 2012 at the Wayback Machine, National Commission on Population website. Accessed 13 February 2008
  2. "Anganwadi Centres". http://pib.nic.in/newsite/PrintRelease.aspx?relid=92848. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]