সমললৈ যাওক

অতনু দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অতনু দাস
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ৫ এপ্ৰিল, ১৯৯২ (৩৪ বছৰ)
পশ্চিমবংগ, ভাৰত
ক্ৰীড়া
ক্ৰীড়া আৰ্চাৰী

অতনু দাস (ইংৰাজী: Atanu Das; জন্ম: ৫ এপ্ৰিল ১৯৯২) হৈছে এজন ভাৰতীয় ধনুৰ্বিদ।[1] তেওঁ আৰ্চাৰীৰ ল'ৰাৰ একক, দলগত ৰিকাৰ্ভ আৰু মিশ্ৰ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০০৮ চনত প্ৰথম আন্তৰ্জাতিক খেলত অংশগ্ৰহণ কৰিছিল।[2] বৰ্তমান বিশ্ব আৰ্চাৰীত তেওঁৰ ২২ তম স্থান দখল কৰি আছে।[3] ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে।[4]

উল্লেখযোগ্য ঘটনা সমূহ

[সম্পাদনা কৰক]

২০১৩ চনত কলম্বিয়াত অনুষ্ঠিত বিশ্বকাপ মিশ্ৰ দল ইভেণ্টত অতনুৱে দীপিকা কুমাৰীৰ লগত এটি ব্ৰঞ্জ পদক পাইছিল। বৰ্তমান তেওঁ কলিকতাস্থিত ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি কৰে।[5]

অতনু ভাৰতৰ এজন আশাপ্ৰদ প্ৰতিভা, তেওঁ মাত্ৰ ১৪ বছৰ বয়সৰ পৰাই ধনুৰ্বিদ্যাৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। ২০০৮ চনত তেওঁ টাটা আৰ্চিৰী একাডেমিত ভৰ্ত্তি হয় আৰু তাত তেওঁক কোৰিয়ান প্ৰশিক্ষক লিম চাই উঙে প্ৰশিক্ষণ প্ৰদান কৰিছিল।

অন্যান্য সাফল্য

[সম্পাদনা কৰক]
  • 2 পুৰুষৰ একক ৰিকাৰ্ভ বিভাগ, ছিনিয়ৰ নেচনেল আৰ্চাৰী চেম্পিয়নশ্বিপ, ভাৰত, ২০১৪[6]
  • 3 পুুৰুষৰ দলগত ৰিকাৰ্ভ বিভাগ, এছিয়ান আৰ্চাৰী গ্ৰেণ্ড প্ৰিস্ক, থাইলেণ্ড, ২০১৩ [সংগী ৰাহুল বন্দ্যোপাধ্যায় আৰু বিনোদ ছউয়ান্সি][7]
  • 3 ৰিকাৰ্ভ মিশ্ৰ দল বিভাগ, এছিয়ান আৰ্চাৰী গ্ৰেণ্ড প্ৰিস্ক, থাইলেণ্ড ২০১১ [সংগী বোম্বাইলা দেৱী লাইশ্ৰাম][7]
  • 3 পুৰুষৰ একক ৰিকাৰ্ভ বিভাগ, এছিয়ান আৰ্চাৰী গ্ৰেণ্ড প্ৰিস্ক, থাইলেণ্ড, ২০১৩[7]
  • 1 ৰিকাৰ্ভ মিশ্ৰ দল বিভাগ, তৃতীয় এছিয়ান গ্ৰেণ্ড প্ৰিস্ক, ঢাকা, বাংলাদেশ, ২০১১ [সংগী ৰিমিল বুৰিউলি][8]
  • 3 পুৰুষৰ দলগত ৰিকাৰ্ভ বিভাগ, তৃতীয় এছিয়ান গ্ৰেণ্ড প্ৰিস্ক, ঢাকা, বাংলাদেশ, ২০১১[8][9]
  • 1 পুৰুষৰ দলগত ৰিকাৰ্ভ বিভাগ, ৩৪তম নেচনেল গেমছ, জামছেদপুৰ, ভাৰত ২০১১[10]
  • 3 পুৰুষৰ দলগত ৰিকাৰ্ভ বিভাগ, ৩১ তম ছাহাৰা ছিনিয়ৰ নেচনেল আৰ্চাৰী চেম্পিয়নশ্বিপ, বিজয়উৰা, ভাৰত, ২০১১
  • 2 জুনিয়ৰ ল'ৰাৰ দলগত ৰিকাৰ্ভ বিভাগ, য়ুথ ৱৰ্ল্ড চেম্পিয়নশ্বিপ, পোলেণ্ড, ২০১১[8]
  • 1 ল'ৰাৰ দলগত ৰিকাৰ্ভ বিভাগ, ৩৩ তম জুনিয়ৰ নেচনেল আৰ্চাৰী চেম্পিয়নশ্বিপ, নতুন দিল্লী, ভাৰত ২০১০

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "World Archery - Atanu Das". World Archery Federation. http://worldarchery.org/athlete/7295/atanu-das আহৰণ কৰা হৈছে: 3 November 2015.
  2. "Atanu Das". World Archery. http://worldarchery.org/athlete/7295/atanu-das আহৰণ কৰা হৈছে: 2015-11-03.
  3. "World Ranking | World Archery". World Archery. http://worldarchery.org/world-ranking আহৰণ কৰা হৈছে: 2015-11-26.
  4. "Happy with Arjuna, Atanu Das vows to work harder". https://www.newindianexpress.com/sport/other/2020/aug/25/happy-with-arjuna-atanu-vows-to-work-harder-2187891.html.
  5. "Bharat Petroleum Corporation Directors Report | Bharat Petroleum Corporation Ltd Directors Report". economictimes.indiatimes.com. http://economictimes.indiatimes.com/bharat-petroleum-corporation-ltd/directorsreport/companyid-11941.cms আহৰণ কৰা হৈছে: 2015-11-26.
  6. "National archery: Maiden title for Dindor" (en ভাষাত). The Hindu. 2014-10-19. ISSN 0971-751X. http://www.thehindu.com/sport/other-sports/national-archery-maiden-title-for-dindor/article6517143.ece.
  7. 1 2 3 Minded, Sports. "The Southeast Asian Games - News: 1st Asian Archery Grand Prix (World Ranking Tournament)". http://southeastasiansports.blogspot.in/2013/03/1st-asian-archery-grand-prix-world.html আহৰণ কৰা হৈছে: 2015-11-26.
  8. 1 2 3 "Indian Archery". www.indianarchery.info. http://www.indianarchery.info/achivement.aspx আহৰণ কৰা হৈছে: 2015-11-03.
  9. "International Achievements : Archery Association of India". www.indianarchery.info. http://www.indianarchery.info/htdocs/achvmnts.htm আহৰণ কৰা হৈছে: 2015-11-26.
  10. "Indian Archery". www.indianarchery.info. http://www.indianarchery.info/results.aspx আহৰণ কৰা হৈছে: 2015-11-03.