অতীতৰ কথা
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
লেখক | ত্ৰৈলোক্য নাথ গোস্বামী |
---|---|
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | আত্মজীৱনী |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
অতীতৰ কথা প্ৰয়াত ত্ৰৈলোক্য নাথ গোস্বামীৰ আত্মজীৱনী। ত্ৰৈলোক্য নাথ গোস্বামীয়ে তেখেতৰ জীৱন কালত সংঘটিত সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিস্থিতি পৰিৱেশ আদিৰ বৰ্ণনাৰে তেখেতৰ আত্মজীৱনীখন লিখি উলিয়াই। গ্ৰন্থখন লেখকৰ জীৱনৰ গভীৰ উপলব্ধিৰ চাক্ষুস বৰ্ণন হলেও 'অতীতৰ কথা'ক একপ্ৰকাৰে সামাজিক ইতিহাস আখ্যা দিব পাৰি। ভাষাৰ সৌন্দৰ্য আৰু অনুভূতিৰ তীব্ৰতা, বিশ্লেষণশীলতা আৰু যুক্তিনিষ্ঠতা গ্ৰন্থখনৰ ৰচনাশৈলীৰ প্ৰধান বিশেষত্ব। গোস্বামীৰ প্ৰখৰ ঐতিহাসিক চেতনাও গ্ৰন্থখনৰ মূল আকৰ্ষণ। নিৰপেক্ষভাৱে অতীতক সমালোচনা কৰিব পৰা ক্ষমতা যে তেওঁৰ আছে তাৰ স্পষ্ট আভাস গ্ৰন্থখনৰ পৰা পোৱা যায়। কম কথাতেই ব্যাপক ঘটনাৱলী পৰিস্ফুট কৰিব পৰা স্বকীয় বৈশিষ্ট্য গ্ৰন্থখনৰ পাতে পাতে প্ৰকাশ পাইছে। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ ১৯১১ শক, মুদ্ৰক বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড। মুঠ পৃষ্ঠাৰ সংখ্যা ২৪৯।[1]
লেখকৰ পৰিচয়
[সম্পাদনা কৰক]ত্ৰৈলোক্য নাথ গোস্বামী (ইংৰাজী: Trailokya Nath Goswami; জন্ম: ১৯০৬ - মৃত্যু: ১৯৮৮) একাধাৰে এজন অসমীয়া সাহিত্যিক সমালোচক, গল্পকাৰ, প্ৰবন্ধকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ। ১৯৬৫ চনত ৰচিত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীয়ে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
গ্ৰন্থখনৰ পৰিচয়মূলক টোকা
[সম্পাদনা কৰক]ত্ৰৈলোক্য নাথ গোস্বামীৰ শেষ ৰচনা 'অতীতৰ কথা' উপন্যাসোপম আত্মজীৱনী। সাহিত্যৰ বিবিধ ৰূপৰ ভিতৰত সাৰ্থক আৰু বিশ্বাসযোগ্য আত্মজীৱনী প্ৰণয়ন কৰা অতিকে দুৰূহ। আত্মনিষ্ঠ বা ব্যক্তিনিষ্ঠ (Subjective) বিষয় বিশেষক ভাষা-ব্যঞ্জনাৰ সহায়ত বস্তুনিষ্ঠ (Objective) ৰূপ প্ৰদানৰ বাবে প্ৰয়োজন নিৰপেক্ষতা, নিৰ্ভীকতা আৰু ঐতিহাসিক সচেতনতাৰ। এই তিনিটা বৈশিষ্ট্যৰ অভাৱত অনেক ক্ষেত্ৰত আত্মজীৱনী অনুত্তৰিত হয় ব্যক্তিনিষ্ঠ প্ৰবন্ধত। 'অতীতৰ কথা' এই ক্ষেত্ৰত নিঃসন্দেহে ব্যতিক্ৰম। গোস্বামীয়ে ব্যক্তিগত জীৱন আৰু অভিজ্ঞতাৰ ওপৰত তত্ত্বানুসন্ধানকাৰীৰ দৰে আলোকপাত কৰি সমসাময়িক সমাজ-জীৱনৰ পৰিপূৰ্ণ আৰু বিশ্লেষণাত্মক বৰ্ণনা পৰিৱেশন কৰিছে - সমাজ বিজ্ঞানীৰ দৰে। ইয়াৰ পৰিণতি স্বৰূপে 'অতীতৰ কথা' কেৱল আত্মজীৱনীৰ পৰিসীমাতে সীমিত নহয়, ই সমাজিক ইতিহাসৰ শাৰীলৈ উত্তীৰ্ণ হৈছে। গ্ৰন্থখনত গোস্বামীৰ জন্মৰ অন্ততঃ কুৰি বছৰ পূৰ্বৰেপৰা মৃত্যুৰ সময়লৈকে প্ৰায় শতিকা যোৰা কালৰ অসমৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু ৰাজনৈতিক জীৱনৰ সাংগোপাংগ বৰ্ণনা সন্নিবিষ্ট কৰা হৈছে। ত্ৰৈলোক্য নাথ গোস্বামী জন্ম হৈছিল নলবাৰীত। গতিকে নলবাৰীৰ সামাজিক জীৱনৰ ওপৰত লিখকৰ দৃষ্টি বিশেষভাৱে সীমিত থাকিলেও 'গোস্পদে নভোমণ্ডলম'ৰ নিচিনাকৈ ক্ষুদ্ৰত ভূমাৰ সন্ধান পোৱাৰ নিচিনাকৈ নলবাৰীৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু ৰাজনৈতিক জীৱনৰ বৰ্ণনাৰ মাজেৰেই সামগ্ৰিকভাৱে অসমৰ সমাজ-জীৱনৰ প্ৰতিফলন প্ৰতিফলিত নোহোৱাকৈ থকা নাই। আনকি লোক বিজ্ঞানীৰ নিচিনাকৈ গোস্বামীদেৱে লোক জীৱনত নিয়তভাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থকা বিশ্বাস, সংস্কাৰ, মিথ, জনশ্ৰুতি, পৰম্পৰা আদিৰ বিচাৰ-বিশ্লেষণ উপস্থাপন কৰিবলৈ সামাজিক দৃষ্টিভংগীৰ ফালৰপৰা প্ৰয়াস কৰিছে। অৰ্থনৈতিক দিশত নলবাৰী তথা অসম বৰ্তমানৰ দৰে অনগ্ৰসৰ আছিল সঁচা; কিন্তু তেতিয়া বয় বস্তুৰ অভাৱ। গোস্বামীৰ মতে ব্যৱসায়ৰ দিশত অসমীয়ালোকৰ অনগ্ৰসৰতাৰ মূল কাৰণ "মিছা আভিজাত্যভিমানৰ চেতনা। ইয়াৰ কাৰণেই আন ৰাজ্যৰ মেহনতী লোকৰ তুলনাত এই অঞ্চলৰ লোক শ্ৰম বিমুখ আৰু দীৰ্ঘসূত্ৰী। অলপতে সন্তুষ্ট হোৱা স্বভাৱৰ কাৰণেই আৰ্থিক ক্ষেত্ৰত এই অঞ্চলৰ লোকসকল সহজে আগবাঢ়ি যাব নোৱাৰে” [2]। আৰ্থিক আৰু শৈক্ষিকদিশত নলবাৰী অঞ্চলৰ লোক অনগ্ৰসৰ হলেও সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ আছিল বিশেষ অনুৰাগ। সেই সময়ত নলবাৰীত স্কুল-কলেজৰ সুবিধা নাছিল সঁচা কিন্তু সংস্কৃত শিক্ষাত এই অঞ্চল অসমৰ ভিতৰতে আছিল উন্নত। "টোলবিলাকে শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত যি অৰিহণা যোগাইছিল তাৰ প্ৰভাৱতে নলবাৰী অঞ্চলৰ লোকসকলে সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি অনুৰাগী আছিল বুলি ক'ব পাৰি। এই কাৰণেই বোধ হয় নলবাৰী অঞ্চলটোক কেৱে কেৱে বংগদেশৰ বিক্ৰমপুৰ নাইবা নৱদ্বীপৰ লগত তুলনা কৰে। শিক্ষা-সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা থকাৰ কাৰণে এই অঞ্চলৰ লোক বিদ্বান আৰু গুণবানজনৰ প্ৰতি শ্ৰদ্ধাশীল”[3]।