সমললৈ যাওক

অনামিকা বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনামিকা বৰা
জন্ম ১৯৬৮
ধিং, নগাঁও জিলা, অসম
পেচা
  • সাহিত্যিক
  • শিক্ষক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি
  • জলাশয়
উল্লেখযোগ্য বঁটা
আত্মীয়-স্বজন
  • তৰুণ চন্দ্ৰ বৰা (পিতৃ)
  • নিকুঞ্জ বৰা (মাতৃ)

অনামিকা বৰা (জন্ম: ১৯৬৮) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষক৷ ২০০৭ চনত তেখেতে ‘জলাশয়’ গল্প সংকলনৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে৷[1] বৰ্তমানলৈকে তেখেতৰ মুঠ ৫ খন গল্প সংকলন, ৪ খন উপন্যাস, এখন শিশু উপন্যাস আৰু এখন প্ৰৱন্ধ সংকলন প্ৰকাশ হৈছে৷

ব্যক্তিগত জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৬৮ চনত নগাঁৱৰ ধিঙত অনামিকা বৰা জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ‌ নাম আছিল তৰুণ চন্দ্ৰ বৰা । অনামিকা বৰাই ধিং আঠগাঁও মজলীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা, ধিং ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু ধিং মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

সাহিত্য কৰ্ম

[সম্পাদনা কৰক]

গল্প সংকলনঃ

  • জলাশয়,
  • হিবাকুচা,
  • এবাহ পলুৰ ভূমাকথা,
  • লাইট কেমেৰা একচন,
  • সামুদ্ৰিক ঘোৰা

উপন্যাসঃ

  • কিনি কথা মালিতা,
  • তেজৰ তলৰ পখিলা,
  • দুখৰ সিখন হাত,
  • অস্তিত্ব

শিশু উপন্যাসঃ

  • থুপুলৰ কাণ্ড

প্ৰৱন্ধ সংকলনঃ

  • সৃজনীশীল সাহিত্য সমালোচনা
  • মুনীন বৰকটকী বঁটা (২০০৭)[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "মুনীন বৰকটকী সাহিত্য বঁটা বিজয়ীসকল". মুনীন বৰকটকী ডট অৰ্গ. https://www.muninbarkotoki.org/assamese/trust/awrdlist.html। আহৰণ কৰা হৈছে: 9 July 2024.