অনুকূলচন্দ্ৰ চক্ৰৱৰ্তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অনুকূলচন্দ্ৰ চক্ৰৱৰ্তী

শ্ৰীশ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰ
জন্ম ১৪ ছেপ্টেম্বৰ, ১৮৮৮
হিমায়তপুৰ গাঁও (বৰ্তমানৰ বাংলাদেশৰ পাবনা জিলা)
মৃত্যু ২৬ জানুৱাৰী, ১৯৬৯ (৮০ বছৰ)
দেওঘৰ টাউন, দেওঘৰ জিলা, ঝাৰখণ্ড,ভাৰত
প্ৰকৃত নাম অনুকূলচন্দ্ৰ চক্ৰৱৰ্তী
প্ৰতিষ্ঠাপক সৎসঙ্গ
গুৰু মনমোহিনী দেৱী

অনুকূলচন্দ্ৰ চক্ৰৱৰ্তী বা শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ (১৪ ছেপ্টেম্বৰ, ১৮৮৮ - ২৬ জানুৱাৰী, ১৯৬৯) ভাৰতৰ এগৰাকী ধৰ্ম সংস্কাৰক। তেওঁ সৎসঙ্গ নামৰ এটি সংগঠনৰ প্ৰবৰ্তক।[1][2][3]তেওঁ ব্ৰিটিছ শাসিত ভাৰতৰ বঙ্গ প্ৰদেশৰ পাবনা জিলাৰ হিমায়তপুৰত (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) জন্মগ্ৰহণ কৰে। কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ শিক্ষা সাং কৰি তেওঁ চিকিৎসা সেৱাৰ সৈতে জড়িত হৈ পৰে।[4] তেওঁ নিজৰ প্ৰতিষ্ঠিত চিকিৎসা সেৱাৰ অনুষ্ঠানটি বন্ধুৰ হাতত গতাই দি নিজে সৎসঙ্গ হিমায়তপুৰ স্থাপন কৰে।[5] ভাৰত বিভক্ত হোৱাৰ পূৰ্বে ১৯৪৬ চনৰ ২ ছেপ্টেম্বৰ তাৰিখে তেওঁ জনমভূমি হিমায়তপুৰৰ পৰা ঝাৰখণ্ডলৈ যায়।[4][6]তেওঁ ঝাৰখণ্ডৰ দেওঘৰত ১৯৬৯ চনৰ ২৭ জানুৱাৰী তাৰিখে মৃত্যুবৰণ কৰিছিল।[6] মূলতঃ স্বাবলম্বন তথা পৰনিৰ্ভৰশীলতা ত্যাগৰ দীক্ষাই অনুকূলচন্দ্ৰৰ সৎসঙ্গ আশ্ৰমৰ আদৰ্শ। তেওঁৰ ভক্তসকলৰ সহযোগিতাত তপোবন বিদ্যালয়, দাতব্য চিকিৎসা কেন্দ্ৰ, ইঞ্জিনিয়াৰিং ৱৰ্কচপ, মূদ্ৰণ প্ৰতিষ্ঠান ইত্যাদি স্থাপন কৰে। ঠাকুৰ অনুকূলচন্দ্ৰই দৈনন্দিন জীবনত চলাৰ পথ আৰু উদযাপনৰ বহুকেইটা পথ দেখুৱাই থৈ গৈছে। তেওঁ ধৰ্ম, অৰ্থ,কৰ্ম, পৰমাৰ্থ, অধ্যাত্ন, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, বিজ্ঞান, শিক্ষা, বিবাহ, কৃষি, শিল্পকলা, বাণিজ্য, বৃত্তি, সত্তা, ব্যষ্টি, সমষ্টি, অতীত ও বৰ্তমান ভবিষ্যৎ আদি সকলোবোৰক সমন্বয়ৰ দোলৰে বান্ধিছে। তেওঁ অমৃতনিষ্যন্দী বাণীসমূহৰ দ্বাৰা এটা পূৰ্ণাংগ জীৱনৰ প্ৰকাশ কৰিছে। এই মহানবাণী সমূহ তেওঁ জনসাধাৰণৰ মাজত প্ৰচাৰৰ বাবে বিষয় ভেদে পৃথকে পৃথকে বিভিন্ন গ্ৰন্থৰ মাধ্যমেৰে প্ৰকাশ কৰিছে।

জীৱনৰ আদি কাল[সম্পাদনা কৰক]

শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ

অনুকূল চন্দ্ৰৰ জন্ম হয় ১৮৮৮ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে। তেওঁ ব্ৰিটিছ ভাৰতৰ বঙ্গ প্ৰদেশৰ পাবনা জিলা (বৰ্তমান বাংলাদেশ)-ৰ হিমায়তপুৰত জন্মগ্ৰহণ কৰে। তেওঁৰ দেউতাক আছিল শিৱচন্দ্ৰ চক্ৰৱৰ্তী আৰু মাতৃ মনমোহিনী দেৱী। তেওঁ হিমায়তপুৰ গাঁৱত, ১৮৯৩ চনৰ পৰা তেওঁৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰে। ১৮৯৮ চনত তেওঁ পাবনাৰ শিক্ষানুষ্ঠানত ভৰ্তি হয় অষ্টম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰে।[7] তেওঁ খুব কম দিনৰ বাবে ৰাইপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি নাইহাটী হাইস্কুললৈ বদলি হয় আৰু ১৯০৫ চনলৈকে অধ্যয়ন কৰে। তেওঁ কলেজীয়া শিক্ষা গ্ৰহণ নকৰি তেওঁ মেট্ৰিক পৰীক্ষাৰ ভৰ্তি মাচুল লগৰ মাচুল আদায় দিব নোৱাৰা বন্ধু এজনক দি দিয়ে।[8][9] পিছলৈ তেওঁ কলিকতা চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰে।[10][11]

হাইস্কুলত পঢ়ি থকা সময়তে তেওঁ ভালে সংখ্যক চুটি নাট ৰচনা কৰে। তেওঁ গান আৰু কবিতাও লিখিছিল। পিছত এইসমূহ "দেবজানি ও অনন্যা" নামৰ এখন কিতাপ আকাৰে প্ৰকাশ হয়।[12][13][14] ১৯১০ চনত অনুকূলচন্দ্ৰ দেৱে তেওঁৰ এজন বন্ধু অতুলচন্দ্ৰ ভট্টাচাৰ্যৰ কাৰণে কিছুমান উপদেশ মূলক বাৰ্তা লিখিছিল আৰু এই সমূহ পিছলৈ ১৯১৮ চনত "সত্যানুসৰণ"(The Pursuit of Truth)নামৰ এখন কিতাপ আকাৰে প্ৰকাশিত হয়।[15]

১৯০৬ চনত তেওঁৰ মাক-দেউতাকে ৰামগোপাল ভট্টাচাৰ্যৰ কন্যা ষোড়শীবালাৰ সৈতে বিবাহ নিশ্চিত কৰে।[16] পিছত তেওঁ সৰ্বমঙ্গলা দেৱীক বিয়া কৰাই যি নেকি চ'ত' মা বুলি জনাজাত আছিল।[17]

উল্লেখযোগ্য গ্ৰন্থ[সম্পাদনা কৰক]

অনুকূলচন্দ্ৰ ঠাকুৰৰ প্ৰায় ৪৬খন পুথি ৰচনা কৰে। এই সমূহত ধৰ্মশিক্ষা, সমাজ প্ৰভৃতি বিষয়ে আদৰ্শ আৰু উপদেশসমূহ বৰ্ণিত হৈছে। এই সমূহৰ মাজত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল:-

  • সত্যানুসৰণ
  • পুণ্যপুথি
  • অনুশ্ৰুতি (৬ খণ্ড)
  • চলাৰ সাথী
  • শাশ্বতী (৩ খণ্ড)
  • বিবাহ বিধায়না,
  • সমাজ সন্দীপন,
  • যতি অভিধৰ্ম[18]

ডাক টিকট[সম্পাদনা কৰক]

ভাৰত চৰকাৰে প্ৰকাশ কৰা ডাক টিকট

১৯৮৭ চনৰ ২ছেপ্টেম্বৰ তাৰিখে ভাৰত চৰকাৰৰে শ্ৰীশ্ৰী ঠাকুৰক সন্মান প্ৰদৰ্শনৰ অৰ্থে তেখেতৰ ছবিৰে ডাকটিকট মুকলি কৰে।[19][20][21] ৬ ডিচেম্বৰ ২০১০ তাৰিখে ভাৰত চৰকাৰে পুনৰ এইগৰাকী ব্যক্তিত্বৰ ফটো সন্নিবিষ্ট প্ৰায় ২ মিলিয়ন ডাক টিকট মুকলি কৰে। এই টিকট সমূহ নাচিকৰ সুৰক্ষা ছপাশালত ছপা কৰা হৈছিল।[21] [22]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. "Deoghar Tourism". http://deoghar.nic.in/deoghar_tourism.html. 
  2. "Baba Baidyanath Temple". http://www.babadham.org/otherplaces/satsang.html. 
  3. "Politicians turn devotees at Satsang Vihar event". Times of India. 15 February 2014. http://timesofindia.indiatimes.com/city/guwahati/Politicians-turn-devotees-at-Satsang-Vihar-event/articleshow/30418116.cms. 
  4. 4.0 4.1 Biswas, Rebati Mohon. Sree Thakur Anukulchandra. Satsang Press. 
  5. "Man Making Mission". http://satsangamerica.org/content/man-making-mission. 
  6. 6.0 6.1 Brace, Kerry; Ganguly, Arun. Benign Lord (Third সম্পাদনা). Satsang Publishing House. 
  7. Dattaroy 2012, পৃষ্ঠা. 57.
  8. Brace 2012, পৃষ্ঠা. 29.
  9. Hauserman 2011, পৃষ্ঠা. 48.
  10. Brace 1977, পৃষ্ঠা. 13.
  11. Dattaroy 2012, পৃষ্ঠা. 71.
  12. Anukulchandra 2012.
  13. Maiti 2013, পৃষ্ঠা. 25.
  14. Dattaroy 2012, পৃষ্ঠা. 80.
  15. "Satyanusaran". https://en.wikisource.org/wiki/Satyanusaran. 
  16. Bhora, Paresh Chandra. Chhotoder Sri Sri Thakur Anukulchandra. Tapoban prakashan. 
  17. "Commissioner of Income-Tax vs Sarbamangala Devi". https://indiankanoon.org/doc/613913/. 
  18. চেলিনা হুছেইন ও নুৰুল ইছলাম সম্পাদিত, বাংলা একাডেমী চৰিতাভিধান, বাংলা একাডেমী, ঢাকা, প্ৰথম পুনৰ্মুদ্ৰণ এপ্ৰিল ২০০৩, পৃষ্ঠা ৭-৮, সাঁচ:আইএসবিএন
  19. "Literature". http://www.satsang.org.in/index.php?p=literature#.VsA3GRgrK8o. 
  20. "Indian postage stamp on Sree Sree Thakur". http://indiastamp.blogspot.com/2009/11/india-stamps-on-sri-sri-thakur-anukul.html. 
  21. 21.0 21.1 "Indian postage stamps". http://postagestamps.gov.in/Stamps_List.aspx. 
  22. "sreesreebordastamp". http://www.istampgallery.com/sri-sri-borda.