অন্নদা দেৱী বৰকটকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অন্নদা দেৱী বৰকটকী
জন্ম - , ১৮৮১
বালিগাঁও, যোৰহাট জিলা, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
সহযোগী গংগাধৰ বৰকটকী
সন্তান

অন্নদা দেৱী বৰকটকী (ইংৰাজী: Annoda Devi Borkotoki) (জন্ম ১৮৮১ চন - মৃত্যু ১৯৬৮ চন,২৫ ফেব্ৰুৱাৰী) হৈছে এগৰাকী অসমীয়া সমাজসেৱিকা আৰু লেখিকা। যজ্ঞোৰাম পণ্ডিত আৰু নিম্বেশ্বৰীৰ সন্তান অন্নদা দেৱী বৰকটকী এগৰাকী দেশপ্ৰাণ মহিলা। তেওঁ ৰাজনীতি, সমাজনীতি, সংস্কৃতি, গৃহস্থালী আদি সকলোতে সক্ৰিয় অংশগ্ৰহণ কৰি সমাজৰ হকে কাম কৰিছিল। অন্নদা দেৱী বৰকটকীৰ প্ৰচেষ্টাত ১৯৩৫-৩৬ চনত যোৰহাটৰ বালিগাঁৱত প্ৰথম জয়া উৎসৱ অনুষ্ঠিত হৈছিল। স্বাধীনতা আন্দোলনতো তেওঁ সক্ৰিয় অংশগ্ৰহণ কৰিছিল। অন্নদা দেৱী বৰকটকী অসম হৰিজন সংঘ আৰু অসম মহিলা সমিতিৰ লগতো জড়িত আছিল। তেওঁ বিভিন্ন পুথিও ৰচনা কৰিছিল। নামাঞ্জলি, আইনাম, বিয়ানাম, সাধুকথা আদিৰ ৰচয়িতা অন্নদা দেৱী বৰকটকীৰ সাধুকথা হৈছে এখন শিশু উপযোগী পুথি। অন্নদা দেৱী বৰকটকীৰ প্ৰচেষ্টাতে বালিগাঁৱত বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠিছিল। তাৰ ভিতৰত জয়া উৎসৱ, মাতৃ মন্দিৰ, মিলন মন্দিৰ জয়মতী আদৰ্শ বালিকা মহিলা বিদ্যালয়, জয়মতী ছোৱালী মজলীয়া স্কুল, বালিগাঁও মাতৃমংগল, শিশু-মংগল কেন্দ্ৰ আদিয়ে প্ৰধান। স্বামী গংগাধৰ বৰকটকীয়ে আৰম্ভ কৰা বৰকটকী এণ্ড কোম্পানীৰ বিকাশত অন্নদা দেৱী বৰকটকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।[1]

জন্ম পৰিচয়[সম্পাদনা কৰক]

১৮৮১ চনত যোৰহাট জিলাৰ বালিগাঁৱত অন্নদা দেৱী বৰকটকীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম হৈছে যজ্ঞোৰাম পণ্ডিত আৰু মাতৃৰ নাম হৈছে নিম্বেশ্বৰী।[1]

বিবাহ[সম্পাদনা কৰক]

অন্নদা দেৱী বৰকটকীৰ বিবাহ হয় বৰকটকী এণ্ড কোম্পানীৰ প্ৰতিষ্ঠাতা গংগাধৰ বৰকটকীৰ সৈতে। কালক্ৰমত তেওঁলোক তিনিটা সন্তানৰ পিতৃ-মাতৃ হয়।[1]

মৃত্যু[সম্পাদনা কৰক]

১৯৬৮ চনৰ ২৫ ফেব্ৰুৱাৰীত অন্নদা দেৱী বৰকটকীৰ মৃত্যু হয়।[1]

সামাজিক-সাহিত্যিক কৰ্মৰাজি[সম্পাদনা কৰক]

অন্নদা দেৱী বৰকটকীৰ স্বামী গংগাধৰ বৰকটকীয়ে বৰকটকী এণ্ড কোম্পানী নামৰ এক কোম্পানী আৰম্ভ কৰিছিল। এই বৰকটকী এণ্ড কোম্পানীৰ বিকাশত অন্নদা দেৱী বৰকটকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ লগতে তেওঁৰ প্ৰচেষ্টাতে যোৰহাটৰ বালিগাঁৱত বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠে। তাৰ ভিতৰত জয়া উৎসৱ, মাতৃ মন্দিৰ, মিলন মন্দিৰ জয়মতী আদৰ্শ বালিকা মহিলা বিদ্যালয়, জয়মতী ছোৱালী মজলীয়া স্কুল, বালিগাঁও মাতৃমংগল, শিশু-মংগল কেন্দ্ৰ আদিয়ে প্ৰধান। [1]

১৯২১ চনৰ স্বাধীনতা আন্দোলনত অন্নদা দেৱী বৰকটকীয়ে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। সেই আন্দোলনত যোৰহাটত অন্নদা দেৱী বৰকটকীয়ে নাৰীসকলক নেতৃত্ব দিছিল।[2] অন্নদা দেৱী বৰকটকী অসম হৰিজন সংঘ আৰু অসম মহিলা সমিতিৰো সক্ৰিয় সদস্য আছিল। অন্নদা দেৱী বৰকটকীৰ প্ৰচেষ্টাতে বালিগাঁৱত ১৯৩৫-৩৬ চনত প্ৰথম জয়া উৎসৱ অনুষ্ঠিত হয়। [1]

প্ৰয়াত অন্নদা দেৱী বৰকটকীয়ে ১৯৬৩ চনত “নামাঞ্জলি” নামৰ এখন ধৰ্মকাৰ্য্যৰ উপযোগী পুৰণি গ্ৰন্থ সংগ্ৰহ কৰি সংশোধিত আৰু পৰিবৰ্ধিত ৰূপত পুনৰ প্ৰকাশ ধৰিছিল। কিতাপখনৰ প্ৰকাশক আছিল গৌৰীচৰণ বৰকটকী আৰু মুদ্ৰাকৰ পাৰ্ব্বতী প্ৰসাদ বৰকটকী।

প্ৰকাশিত পুথি[সম্পাদনা কৰক]

অন্নদা দেৱী বৰকটকীৰ প্ৰকাশিত পুথিসমূহ হৈছে-

  1. নামাঞ্জলি
  2. আইনাম
  3. বিয়ানাম
  4. আসন-পতা আইনাম
  5. সাধুকথা

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 শান্তনু কৌশিক বৰুৱা (আগষ্ট,২০২১). সংক্ষিপ্ত অসম বিশ্বকোষ. প্ৰীতিমা কৌশিক বৰুৱা, সঞ্জীৱন প্ৰকাশন. পৃষ্ঠা. ৫৪. ISBN 978-81-950015-4-5. 
  2. Anil Kumar Sharma (2007). "Quit India Movement In Assam". ISBN 81-8324-242-1. https://books.google.co.in/books?id=gZmusO1pWjUC&pg=PA127&lpg=PA127&dq=Annada+Devi+Borkotoki&source=bl&ots=x3raHlGWWf&sig=ACfU3U1wEqhEpFHnHx6363MjfgPgAX2YKA&hl=en&sa=X&ved=2ahUKEwjb3IiCqKLzAhVG7nMBHV1zBsMQ6AF6BAgsEAI#v=onepage&q=Annada%20Devi%20Borkotoki&f=false। আহৰণ কৰা হৈছে: 29 September 2021.