অশ্বিনী কুমাৰ বৰুৱা
| অশ্বিনী কুমাৰ বৰুৱা | |
|---|---|
| জন্ম | যোৰহাট, অসম |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| শিক্ষা | স্নাতক (আৰ্টচ্) |
| বিষয় | লেখক, সাংবাদিক |
অশ্বিনী কুমাৰ বৰুৱা লিখক তথা সাংবাদিক। তেওঁ অসমীয়া আৰু ইংৰাজী দৈনিক বাতৰি কাকতৰ স্তম্ভ লিখকো৷[1] তেওঁ আকাশৱাণী ডিব্ৰুগড়ৰ দ্বাৰা অনুমোদিত এজন গীতিকাৰ।[2]
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]তেখেতৰ জন্ম হয় ১৯৪০ চনৰ ফেব্ৰুৱাৰী মাহত৷ গাঁৱৰ ওচৰৰে এখন প্ৰাইমেৰী স্কুল আৰু মধ্য ইংৰাজী স্কুলত তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰে । পৰৱৰ্তী কালত তেওঁ যোৰহাট নগৰৰ চোলাধৰা অঞ্চলত থকা মোমায়েকৰ ঘৰলৈ গৈ তাৰপৰাই পঢ়াশুনা আৰম্ভ কৰে। পৰৱৰ্তী সময়ত জগন্নাথ বৰুৱা কলেজত ভৰ্তি হৈ ১৯৬২ চনত কলা বিভাগৰ স্নাতক হয়৷
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]যোৰহাটৰ গৱাৰ্ণমেণ্ট হাইস্কুলত পঢ়ি থাকোঁতেই ১৯৫৬ চন মানতে স্কুলৰ আলোচনী "জেউতি"ৰ বাবে তেওঁ এটা ইংৰাজী গল্প অসমীয়ালৈ অনুবাদ কৰি লিখক জীৱনৰ পাতনি মেলে। গল্পটোৰ নাম আছিল "Pen is mightier than the Sword" গল্পটো প্ৰকাশ পাইছিল কলিকতাৰপৰা প্ৰকাশিত দৈনিক কাকত Amrita Bazar Patrikaৰ সাহিত্য চ'ৰাত। ১৯৬৩ চনৰ পৰা তেওঁ গল্প, কবিতা গীত আদি লিখিবলৈ লয়। যোৱা ছয় দশক কাল ধৰি বৰুৱাই নিৰৱচ্ছিন্নভাৱে বিভিন্ন কাকতে পত্ৰই লিখা মেলা কৰি আছে। বৰুৱাৰ শেহতীয়া ৰচনা হ'ল- তেওঁৰ নিজৰেই আত্মজীৱনীমূলক "গৈ পোৱা গাঁও" নামৰ উপন্যাসখন, য'ত লেখকে ১৯৪০-৫০ দশকৰ গ্ৰাম্য জীৱনৰ এক সম্যক আভাষ দাঙি ধৰিছে।
চাকৰি জীৱন
[সম্পাদনা কৰক]১৯৬৩ চনত যোৰহাটৰপৰা গুৱাহাটীলৈ অহাৰ পিচত শ্ৰীবৰুৱাই ইংৰাজী দৈনিক কাকত Assam Tribuneত অংশকালীন প্ৰুফ্ ৰীডাৰৰ চাকৰি এটাত যোগ দিয়ে। তাৰ পিচত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ ডক্টৰ মুকুন্দ মাধৱ শৰ্মাৰ সান্নিধ্যলৈ আহে আৰু কিছুদিনৰ পিচত সেই বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগত গৱেষণা মূলক জাৰ্ণেল দুখনৰ কামত নিযুক্তি লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ নতুন অসমীয়া নামৰ দৈনিক বাতৰি কাকত এখনত উপ-সম্পাদকৰ পদত যোগ দিয়ে। ইয়াৰ লগে লগে তেওঁ "অসম ৱাণী" নামৰ সাপ্তাহিক বাতৰি কাকতত স্তম্ভ লিখিবলৈ লয়। "এই পৃথিৱী উন্মাদ" নামৰ এই শিতানটো একেৰাহে চাৰি ছৰ চলিছিল আৰু সেই সময়ৰ মূল্য অনুযায়ী প্ৰতি সপ্তাহে কুৰি টকাকৈ মাননিও লাভ কৰিছিল৷ পিচলৈ তেওঁ 'দৈনিক জনমভূমি’, 'দৈনিক অসম আদি কাকততো তেওঁ দীৰ্ঘদিন ধৰি একোটা জনপ্ৰিয় ‘কলম’ লিখিবলৈ লয়।[1] শ্ৰীবৰুৱাই 1965 চনত কেন্দ্ৰীয় চৰকাৰৰ information &Broadcasting মন্ত্ৰনালয়ৰ প্ৰেছ ইনফৰমেশ্যন বুৰৰ দিল্লীৰ মুখ্য কাৰ্য্যালয়ত Information Assistant পদত যোগদান কৰে । দিল্লীত এই পদত প্ৰায় সাত বছৰ থকাৰ পিচত 1969 চনত UPSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ davp<delhi>ত কিছুদিন কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞাপন সংক্ৰান্ত সেৱাত যোগদান কৰে । ইয়াৰ পিচত তেওঁ গুৱাহাটী ডিব্ৰুগড় ছিলং শিলচৰ আদি বিভিন্ন ঠাইত আাকাশৱাণী, ফিল্ড পাব্লিছিটি, আদিত সেৱা আগবঢ়ায় । শেষত আকাশৱাণী গুৱাহাটীৰ বাতৰি বিভাগৰ যুটীয়া সঞ্চালক পদলৈ উত্তীৰ্ণ হয় আৰু কিছুদিন পিচতেই বিভাগটোৰ ডাইৰেক্তৰ অৰ্থাৎ বাতৰি বিভাগৰ সঞ্চালক পদলৈ প্ৰমোশ্যন পায় আৰু 2001 চনৰ জুলাই মাহত অৱসৰ গ্ৰহণ কৰে । উল্লেখযোগ্য যে আকাশৱাণী গুৱাহাটীৰ বাতৰি বিভাগৰ তেওঁৱেই সৰ্বপ্ৰথমজনা বাৰ্তা সঞ্চালক ।
সাহিত্যৰাজি
[সম্পাদনা কৰক]- দাপোণত আপোন ছবি, গল্প সংকলন, প্ৰকাশক, লয়াৰ্ছ, গুৱাহাটী, এপ্ৰিল, ১৯৯০,
- গীতে মাতে গধূলি, শিশুৰ ছন্দোপন্যাস, নবজ্যোতি প্ৰকাশন, নগাঁও, ২০০৯
- মীৰ্জা গালিবৰপৰা লালডেংগালৈ, ৰচনা সম্ভাৰ, কস্তুৰী প্ৰকাশন, যোৰহাট, নৱেম্বৰ, ২০১৯
- আলিপুৰদুৱাৰত সন্ধিয়া, গল্প সংকলন, কস্তুৰী প্ৰকাশন, যোৰহাট, আগষ্ট,
- অন্নপূৰ্ণাৰ আড্ডা, ভিন্নসুৰী ৰচনাৱলী, বৰুৱা অফ্ছে'ট্, আগষ্ট, ২০১৫
- LIFE LIKE THAT,BLUE ROSE PUBLISHERS, New Delhi, June, 2022
- 'গৈ পোৱা গাঁও' এক চলমান গল্প, আত্মজীৱনী মূলক উপন্যাস, কস্তুৰী প্ৰকাশন, যোৰহাট, মাৰ্চ, ২০২৩
তথ্যসূত্ৰ
[সম্পাদনা কৰক]বিভিন্ন লেখা আৰু প্ৰকাশিত বাতৰি আদি