অসমত হাতী চিকাৰ আৰু হাতী পোহ মনোৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমত হাতী চিকাৰ কৰা আৰু হাতী পোহ মনোৱা কাৰ্য বৰ ৰোমাঞ্চকৰ৷ এই কাৰ্যত জড়িত লোকসকলে ঘৰ-পৰিয়াল দূৰৈত এৰি আহি দীৰ্ঘদিনলৈ হাবিতলীয়া বা নৈৰ পাৰত কটাবলগীয়া হয়৷ এনে সময়তে তেওঁলোকৰ ইজনে সিজনৰ আগত মনৰ ভাৱৰ আদান-প্ৰদান কৰি নানা গীত-পদ সৃষ্টি কৰে৷ অসমীয়া লোকসাহিত্যত হাতী চিকাৰ আৰু পোহ মনোৱা কামৰ সৈতে জড়িত লোকসকলৰ মনোভাৱ প্ৰকাশক গীত-পদ আৰু আখ্যানবোৰ বৰ মনোৰম৷

হাতী চিকাৰৰ চিত্ৰ

ইতিহাস[সম্পাদনা কৰক]

অতি পুৰণি কালৰ পৰা অসম বা পূৰ্বৰ কামৰূপ হাতীৰ বাবে বিখ্যাত আছিল৷ মহাভাৰতত অসমৰ বীৰ ভগদত্তৰ হস্তীপ্ৰতাপৰ কথা লিখা আছে৷ মহাকবি কালিদাস ৰচিত ৰঘুবংশতো কামৰূপৰ ৰজাই হাতীদান কৰাৰ কথাৰ উল্লেখ আছে৷ কালিদাস ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাৰ কবি আছিল৷ বিক্ৰমাদিত্য আছিল খৃ:পূ: ৫০ আগৰ উজ্জয়িনী নগৰৰ৷[1] প্ৰাচীন কামৰূপৰ ৰজা শংকলাদিৱে বাহন হিচাপে হাতী ব্যৱহাৰ কৰাৰ কথা জনা যায়৷[2] ইয়ালৈ চাই অসম বা পুৰণি কামৰূপত হাতীৰ প্ৰচলন যে বহুবছৰ পুৰণি তাক সহজে ঠাঁৱৰ কৰিব পাৰি৷ পৰৱৰ্তীকালত আহোম ৰাজত্বৰ সময়তো হাতীয়ে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল৷ ৰজা প্ৰায়ে হাতীত উঠি যাতায়াত কৰিছিল৷ বিশেষভাৱে পোহ মনোৱা হাতী এই কাৰ্যত ব্যৱহৃত হৈছিল৷[3] বিভিন্ন যুদ্ধক্ষেত্ৰত বাহন হিচাপে ব্যৱহাৰ কৰাৰ উপৰি সন্ধিৰ চিনস্বৰূপে হাতী উপঢৌকন হিচাপে দিয়া হৈছিল৷ মীৰজুমলাৰ লগত হোৱা সন্ধিত আহোম স্বৰ্গদেৱ জয়ধ্বজ সিংহই ৪০ হাতী মোগল সম্ৰাটলৈ উপহাৰ দিছিল৷[3] অকল যুদ্ধক্ষেত্ৰ বা ৰাজ কাৰ্যতে নহয় হাতী ব্যৱহাৰ হৈছিল মনোৰঞ্জনৰ বাবেও৷ আহোম শাসন কালত অসমত স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনৰ পৰা হাতীযুঁজ খেল আৰম্ভ হৈছিল৷ [3]এই সকলোবোৰৰ বাবে প্ৰয়োজন হৈছিল প্ৰচুৰ হাতীৰ৷ হাতী যিহেতু বনৰীয়া জন্তু, ইয়াক বিশেষ কৌশলেৰে ধৰি বশ কৰি পোহনীয়া কৰা হৈছিল৷ হাতীক চোৱাচিতা কৰিবলৈ আহোম শাসনকালত হাতীবৰুৱা নামে এটি বিষয়বাবৰ সৃষ্টি কৰা হৈছিল৷ শিৱসিংহৰ দ্বিতীয়া ৰাণী বৰৰজা মদম্বিকা দেৱীয়ে সুকুমাৰ বৰকায়স্থৰ হতুৱাই হাতীৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰাই হস্তীবিদ্যাৰ্ণৱ পুথি লিখি তাত দিলবৰ আৰু দোষাইৰ দ্বাৰা চিত্ৰ অঁকাইছিল৷ [3]এইখন কেৱল হাতী বিষয়ক এখন গ্ৰন্থ৷ আহোম ৰজাই লেখেৰে এহেজাৰ হাতী কৰিবলৈ ধৰি অনা হাতীবোৰ গড় মাৰি ৰাখি তাত শংকৰদেৱক ৰখীয়া পতাৰ কথা চৰিত পুথিত বৰ্ণিত আছে৷[4]

হাতী ধৰাৰ কৌশল[সম্পাদনা কৰক]

অসমত হাতী ধৰাৰ কৌশল ভাৰতৰ দাক্ষিণাত্য বা আন ঠাইৰ লগত নিমিলে৷ অসমত দুই প্ৰকাৰে হাতী চিকাৰ কৰা হয়৷ (১) খেদা চিকাৰ আৰু (২) মেলা চিকাৰ৷ খেদা চিকাৰ বা গড়মৰা চিকাৰ বা গজালি চিকাৰ পদ্ধতিৰে হাতী ধৰা হৈছিল৷ খেদা বা গড়মৰা বা গজালি চিকাৰত হাতী অহা-যোৱা বাটত কিছুমান বৰ ডাঙৰ গাঁত খান্দি তাৰ চাৰিওফালে ডাঙৰ গছৰ টুকুৰাৰে বেৰা দিয়া হয়৷ বেৰাত দুটা বাট থাকে আৰু সেই বাটত দুখনকৈ জপনা থাকে, আৰু জপনাকেইখন শকত ৰছীৰে ওলোমাই গছৰ ওপৰত বন্ধা থাকে৷ দুখনকৈ জপনাত দুজনকৈ মুঠ চাৰিজন পালোৱান লোক গছৰ ওপৰত থাকে৷ হাতী খেদি আনি যেতিয়া এই গাঁতবোৰত পেলোৱা হয়, তেতিয়া লগে লগে জপনাকেইখন পেলাই গাঁতৰ ৰাস্তাবোৰ বন্ধ কৰি দিয়া হয়৷ তাৰপিছত কুনকীক আনি ফান্দী আৰু মাউতে নিৰ্বাচিত হাতীকেইটা ৰাখি বাকীবোৰক হানি-খুচি গাঁতৰ পৰা উঠাই খেদি দিয়ে৷ তাৰপিছত ধৰা হাতীবোৰক কুনকীৰ সহায়ত পিলখানালৈ লৈ আহে৷[5] এই পদ্ধতি বৰ্তমান লোপ পাইছে যদিও মেলা চিকাৰ পদ্ধতি এতিয়াও ক’ৰবাত ক’ৰবাত চলি আছে; কাৰণ, হাতীক বিপন্ন প্ৰজাতি বুলি চৰকাৰীভাৱে ঘোষণা কৰাৰ লগে লগে ইয়াৰ মুক্ত চিকাৰ বন্ধ হৈ মাত্ৰ চৰকাৰী পৃষ্ঠপোষকতাতহে হাতী ধৰা হয়৷[6] অসমৰ বাহিৰেও বাৰ্মা, থাইলেণ্ড, ভিয়েটনাম, লাওচ, কম্বোদিয়া আদিত হাতী ধৰা কাৰ্যত এই পদ্ধতি প্ৰয়োগ কৰা হয়৷ [7] অসমত মেলা চিকাৰ বছৰৰ দুটা বিশেষ সময়তহে কৰা হয়৷ বাৰিষা কালত আৰু শীত কালত৷ বাৰিষা কালত কৰা মেলা চিকাৰক ’গজালি চিকাৰ’ বোলা হয়৷[6]গজালি চিকাৰ বৰ কষ্টসাধ্য৷ খৰালি হাবিৰ বন জ্বলাই দিয়াৰ পিছত বাৰিষাৰ আগে আগে বননিবোৰত নতুন গজালি ওলায়৷ চিকাৰ পদ্ধতি যদিও একে, তথাপি মেলা চিকাৰতকৈ গজালি চিকাৰৰ হাতীৰ জীৱন ৰক্ষা কৰা টান হৈ পৰে৷ [8] হাতী ধৰোঁতে ফানে কাটি ঘাঁ কৰা ঘাঁবোৰ সহজে নুশুকায়, বৰং বাঢ়ি গৈ হাতীৰ গাত পোক লাগে৷ গজালি চিকাৰত চিকাৰীও ম’হ-ডাঁহ, জোক-পোকৰ কামোৰত অতীষ্ঠ হয়৷ চিকাৰত প্ৰয়োজন হয় বিশেষভাৱে প্ৰশিক্ষণ দিয়া হাতী, যাক “কুনকী’’ বোলা হয়৷[9][6] হাতী চিকাৰত গাভিনী হাতী, পোৱালী হাতী, ৰুগীয়া বা বয়সীয়া হাতী ধৰাটো নিষেধ৷[10] হাতী চিকাৰত মাউত আৰু ফান্দীৰ অস্ত্ৰ হ’ল, যাঠা, মিত আৰু লাংচিং৷ মাউতৰ হাতত যাঠা আৰু মিত থাকে আৰু ফান্দীৰ হাতত লাংচিং আৰু মিত থাকে৷

হাতী ধুৰা[সম্পাদনা কৰক]

হাতী চিকাৰ কৰিবলৈ নিজৰ নিজৰ কুনকী লৈ বিভিন্ন ঠাইৰ পৰা মাউত, ফান্দী, ঘাচি, মহলদাৰ আহি গোটখোৱা ঠাইডোখৰেই ’হাতীধুৰা’৷ সাধাৰণতে, হাতীধুৰা নদীৰ পাৰৰ উপযুক্ত ৰ’দঘাই ঠাইত পতা হয়৷ কুনকী গৈ হাতীধুৰাত উপস্থিত হ’লে ঠাইখন চিকুণাই সাৰি-মচি পূজা কৰা হয়৷ ৰঙা কুকুৰাৰ ডিঙি আধা কাটি এৰি দিয়া হয় আৰু কুকুৰাটোৱে যি দিশেই ঢপঢপাই গৈ মৰে, সেই দিশেই হাতীৰ ’চাহান’ পাব বুলি বিশ্বাস কৰা হয়৷[6] হাতীধুৰাত মাউত, ফান্দী, মহলদাৰ আদি থাকিবলৈ অস্থায়ী ঘৰ খেৰ-বাঁহেৰে সাজি লৈ ধুনি জ্বালই লোৱা হয় আৰু ইয়াতে চুবুৰীয়া গাঁৱৰ মানুহৰো সমাৱেশ হয় আৰু ইয়াতে নানা গীত-মাতৰ আখৰা কৰা হয়৷ হাতী চিকাৰৰ ই মূল শিবিৰ৷

ঝুলা[সম্পাদনা কৰক]

চিকাৰলৈ যোৱা কুনকীৰ পিঠিত গাদী নাথাকে, পৰিৱৰ্তে ঘোঁৰাৰ লেকামৰ দৰে ঝুলা বা ঝাপলন বন্ধা হয়৷ এই ঝুলাই হৈছে মাউতৰ একমাত্ৰ অৱলম্বন৷ ঝুলাত হাতীৰ লঙ্গৰ, হাড়ী, ডেকচী, কৰচ, কাঁহী, চাউল, তৰকাৰী, নিমখ, চাহপাত আদি থাকে৷[6]

কুনকী[সম্পাদনা কৰক]

হাতী চিকাৰৰ প্ৰধান সহায়ক হাতীক কুনকী বোলে৷ ই বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত হাতী৷ কুনকী মতা-মাইকী উভয় প্ৰকাৰ হাতীয়েই কুনকী হ’ব পাৰে৷ কুনকী দুই প্ৰকাৰ থাকে, ;কোমোৰা বান্ধ’ৰ কুনকী আৰু ’মিৰিকা বান্ধ’ৰ কুনকী৷ কোমোৰা বান্ধৰ কুনকীৰ দৌৰৰ গতিবেগ কম, কিন্তু খোজৰ খোপনি মজবুত; আনহাতে, মিৰিকাৰ দৌৰৰ গতি তীব্ৰ আৰু ইহঁতৰ ঠেংকেইখন দীঘল৷[10] প্ৰবাসলৈ অৰ্থাৎ হাতীৰ ’চাহান’ বিচাৰি যাওঁতে কেইবাটাও দল বা কুনকী যাব পাৰে৷ চিকাৰলৈ যাওঁতে হাতী চালনাৰ দায়িত্ব ফান্দীৰ৷ ফান্দীয়ে এখন বস্তা পাৰি কুনকীৰ গলধনত বহি যায়৷ মাউত যায় কুনকীৰ তপিনাত বা ঝুলাত ধৰি৷ এনেদৰে গৈ চাহান থকা ঠাইলৈ যায় আৰু চাহানৰ হাতীয়েও চিকাৰী কুনকী দেখা পালে পলাই যায়৷ কুনকীৰ তপিনাত মাউতৰ যাঠাৰ খোঁচ পৰে আৰু কুনকীও সমানে দৌৰি গৈ পলাই যোৱা হাতীৰ মাজৰ পৰা ফান্দীয়ে লাংচিং দলিয়াই ধৰিবলগীয়া হাতীটো চিনাক্ত কৰে আৰু কুনকীয়ে সেই হাতীটো চাহানৰ পৰা ফালৰি কটাই আনে৷ তাৰপিছত ফান্দীয়ে ’ফান’ মাৰি ফানৰ মূৰত থকা খোৰোচা গাঁঠিৰে হাতীৰ ভৰিত বান্ধ খুৱায়৷ এই ফান মৰা কামটো বৰ সাৱধানতাৰে কৰিবলগীয়া হয়৷ ফান সদায় কুনকীৰ বাওঁফালেদি মাৰিব লাগে৷ কেতিয়াবা পৰিস্থিতিত পৰি সোঁফালেদি মাৰিব লগা হ’লে চকুৰ পচাৰতে ফান্দীৰ মূৰৰ ওপৰেদি ফান ঘূৰাই আনিব লাগে৷ তেনে নকৰিলে ফানে ফান্দী আৰু মাউতক টানি তলত পেলাই বিপৰ্যয় ঘটায়৷[10] ফানৰ এটা মূৰ কুনকীৰ বুকুত বন্ধা থাকে৷ দুয়োপক্ষৰ টনাটনি হয়৷ এনে অৱস্থাত আৱদ্ধ হাতীৰ পৰিয়ালে কুনকী আৰু মাউত-ফান্দীৰ ওপৰত আক্ৰমণ কৰি হাতীটো মুকলি কৰি নিবলৈ যত্ন কৰে যদিও ফান্দীয়ে ফটকা ফুটাই, চিঞৰি হাতীজাকক ভয় খুৱাই খেদি দিয়ে৷ হাতী চিকাৰত আগ্নেয়াস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰে৷ ফান্দত পৰা হাতীটোক ’বনুৱা’ বোলে৷ টনাটনিত বনুৱা লেবেজান দিলে কুনকীক ওচৰ চপাই দিয়া হয় আৰু কুনকী ওচৰ পালে বনুৱা প্ৰাথমিকভাৱে শান্ত হৈ পৰে৷ ইয়াৰ পৰিৱৰ্তে যদি বনুৱাই কুনকীক টানি লৈ যায় তেতিয়া মাউত আৰু ফান্দীয়ে “দোহাৰ’’ শব্দ উচ্চাৰণ কৰে৷ ইয়াৰ অৰ্থ আনৰ সহায় বিচৰা৷ তেতিয়া ওচৰতে থকা আন কুনকীৰ ফান্দীয়ে আন এডাল ফান মাৰি বনুৱাক নিয়ন্ত্ৰণ কৰে৷ এনেকৈ ধৰা হাতী দুয়ো মহলদাৰৰ উমৈহতীয়া সম্পত্তি হয়৷[6]

হাতী পোহ মনোৱা[সম্পাদনা কৰক]

ধৰি অনা হাতীটোক বনুৱা বোলে৷ বনুৱাই প্ৰথম কেইদিনমান একোকে খাব নোখোজে৷ পিছত লাহে লাহে খাবলৈ ধৰে৷ ডিপোত আনি থোৱাৰ প্ৰথম দিনৰ ভিতৰতে বনুৱাক প্ৰশিক্ষণ দিয়া কাম আৰম্ভ কৰিব লাগে৷ প্ৰশিক্ষণপ্ৰাপ্ত দুটা হাতীৰ মাজত লৈ দিনত দুবাৰকৈ খোলা, বন্ধা, গা ধুৱাবলৈ নিয়া, পানী খুৱাবলৈ নিয়া আদি প্ৰাথমিক প্ৰশিক্ষণ৷ এই কালছোৱাত বনুৱাৰ লগত নিচুকণি গীত গোৱা, গাত হাত ফুৰোৱা, জুই দেখুওৱা আদি কৰি খেৰ বনেৰে হাতীৰ গা ঘঁহি দিয়া হয়৷ এনে কৰিলে হাতীৰ গাৰ সুৰসুৰণি মৰে৷ দ্বিতীয় পৰ্যায়ত হাতীৰ গাত ’কাচ’ (হাতীৰ ডিঙিৰ তলেদি ঘূৰাই নেজৰ তলেদি পাৰ কৰি আনি পিঠিত বন্ধা শক্তিশালী ৰছী) বন্ধা হয় আৰু মৰাপাটৰ ৰছীৰে তৈয়াৰী ’জাঙিয়া’ পিন্ধোৱা হয়৷ আগ ঠেং আৰু পিছ ঠেঙত পিন্ধোৱা জাঙিয়াৰ দ্বাৰা বনুৱাৰ খোজৰ গতি নিয়ন্ত্ৰণ কৰা হয়৷ লগতে গা ঘঁহা, গীত গোৱা, ৰাতিৰ শিক্ষা জুই দেখুওৱা আদি চলি থাকে৷ তৃতীয় পৰ্যায়ত পিঠিৰ ’কাচ’ খুলি দি কেৱল জাঙিয়া পিন্ধাই পিঠিত মাউত বহি মাউতৰ মুখৰ নিৰ্দেশ মানিবলৈ প্ৰশিক্ষণ দিয়া হয়৷ কিছুদিন পিছতেই বনুৱা প্ৰশিক্ষণপ্ৰাপ্ত হৈ উঠে৷ [6] প্ৰশিক্ষণৰ কালত হাতীক যথেষ্ট মৰম চেনেহৰ মাজেৰে ৰাখিব লাগে৷ ফান্দীয়ে সকলো চিন্তা পাহৰি একমাত্ৰ হাতীটোতে মনপুতি লাগিব লাগে৷ মানুহৰ কণ্ঠস্বৰ আৰু নিৰ্দেশ চিনি পাবলৈ হাতীৰ লগত একাত্ম হৈ থাকিব লাগে৷ তেনে সময়তে ফান্দীৰ মুখেৰে নিজৰ মনৰ কথা গীত আকাৰে ওলাই বহুতো মূল্যবান লোকগীতৰ জন্ম হয়৷[11]

হাতী পোহ মনাওতে ব্যৱহৃত শব্দ[সম্পাদনা কৰক]

বৈঠ/বইত- বহ, মাইল- থিয় হ, ঝুক বা জুগ- আগঠেং পাৰি চাপৰি দিয়া, পিছ খোল- পিছঠেং চাপৰাই দিয়া, উঠ পা- ঠেং দাঙি মাউত বা ফান্দীক পিঠিত উঠিবলৈ সুবিধা দিয়া, ধৰ- কোনো বস্তু ধৰা, বিৰি- এৰি দে, দেখ্- সৰু নলা আদি বেঙা মেলি পাৰ হ’বলৈ দিয়া, চুপ- শুহি ল, চুপ দলে- শুঁড়েৰে পানী শুহি গালে বা ওপৰলৈ ছটিয়া, দলে- ওপৰলৈ বস্তু তুলি দে, চালাম- শুঁড় দাঙি চালাম কৰ, তেৰে- কাতিয়াকৈ শো, ডাইনে তেৰে- সোঁফালে কাতিয়াকৈ শো, বায়ে তেৰে- বাওঁফালে কাতি হৈ শো, সামাত্- খা, আগেত্- আগুৱা, পিচ্চু- পিছুৱাই যা, ধাত্- ৰ, শাম্- শান্ত হ, ভিৰ- কাষ চাপি যা, চেই- আঁতৰি যা, চেইভিৰ- আঁতৰি কাষ চাপি যা৷ [6] এইবোৰৰ বাহিৰেও মানুহৰ মুখে মুখে বাগৰি আৰু আন আন ভাষাৰ অনেক শব্দ হাতী পোহ মনাওতে শিকোৱা হয়৷

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. বৰুৱা, গুণাভিৰাম (১৯৭২). আসাম বুৰঞ্জী. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ২১. 
  2. দত্ত, পংকজ কুমাৰ (২০২১). অৰণ্যৰ ৰ’দ বৰষুণ. পূৰ্বায়ণ প্ৰকাশন. পৃষ্ঠা. ১২৬. ISBN 978-93-90589-73-9. 
  3. 3.0 3.1 3.2 3.3 ৰাজকুমাৰ, ৺সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃষ্ঠা. ৭৬,৯৮, ১৭৯, ২৪৮. ISBN 81-7339-308-7. 
  4. পাঠক, গোকুল (১৯৫৯). বৰপেটা সত্ৰৰ ইতিহাস. ৰণজিৎ কুমাৰ দাস. পৃষ্ঠা. ১৮২. 
  5. গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোক সংস্কৃতি. ক্ৰান্তিকাল. পৃষ্ঠা. ৫৪. 
  6. 6.0 6.1 6.2 6.3 6.4 6.5 6.6 6.7 শৰ্মা, ড° নবীন চন্দ্ৰ (২০০১). জনকৃষ্টিৰ ৰূপৰেখা. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৬, ৫৭, ৫৯, ৬১, ৬৩,৬৫. 
  7. Gokhale, Nitin A.. "Parade Of The Proboscides-Elephant deaths in Assam reopen the man-beast conflict issue". Outlook India. http://www.outlookindia.com/article.aspx?213060। আহৰণ কৰা হৈছে: 2009-08-28. 
  8. Nibha Namboodiri, ed (July 1997). "Elephant capturing in North-Eastern India (by Parbati Baruah)". Practical Elephant Management:A Handbook for Mahouts. Elephant Welfare Association. Archived from the original on 2009-07-20. https://web.archive.org/web/20090720001902/http://www.elephantcare.org/manwild.htm#CAPTURING। আহৰণ কৰা হৈছে: 2009-09-14. 
  9. Kalita, Prabin (2009-08-21). "Assam seeks tame-tusker nod". The Times of India (Kolkata): 1. http://mobiletoi.timesofindia.com/mobile.aspx?article=yes&pageid=1&sectid=edid=&edlabel=TOIKM&mydateHid=21-08-2009&pubname=Times+of+India+-+Kolkata&edname=&articleid=Ar00104&publabel=TOI। আহৰণ কৰা হৈছে: 2009-08-28. [সংযোগবিহীন উৎস]
  10. 10.0 10.1 10.2 কলিতা, অৰূপা পটঙ্গীয়া (২০১৪). টোকোৰা বাহৰ সোণৰ বেজী. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৩৮,১৩, ১৪৫. ISBN 978-81-7331-373-8. 
  11. চক্ৰৱৰ্তী, পৰিতোষ (২০০৭). ওখ পাহাৰৰ টিং. সাহিত্য চৰ্চা কেন্দ্ৰ, তুৰা. পৃষ্ঠা. ৫৫.