সমললৈ যাওক

অসমৰ পৰম্পৰাগত সাজ- পাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিহা, অসমীয়া বিহু সাজপাৰ

কোনো ব্যক্তিৰ  সাজ-পাৰ যিদৰে ব্যক্তিজনৰ স্বভাৱ- চৰিত্ৰ অথবা ব্যক্তিত্বৰ পৰিচায়ক, সেইদৰে জাতীয় সাজ-পাৰ জাতিৰ সংস্কৃতিৰ পৰিচায়ক। অসমীয়া জাতিৰ সাজ-পাৰৰ প্ৰচলন প্ৰাচীন কালৰে পৰা চলি অহাৰ আভাস অসমৰ মূৰ্তিবোৰৰ পৰা পাব পাৰি। শ্ৰীহৰ্ষচৰিত আৰু কালিকা পুৰাণৰ পৰাও প্ৰাচীন অসমৰ সাজ-পাৰৰ বিষয়ে নিৰ্ভৰযোগ্য তথ্য পোৱা যায়। অসমৰ সচিত্ৰ পুথিবোৰে পুৰণি অসমৰ সাজ-পাৰ সম্পৰ্কে জানিবলৈ দিয়ে। অসমৰ সাজপাৰৰ সম্পৰ্কে বিচাৰ কৰিলে পুৰুষ আৰু নাৰী উভয়ৰে বিভিন্ন তথ্য পোৱা যায়।  

অসমৰ  পুৰুষৰ সাজ-পাৰ

[সম্পাদনা কৰক]

অসমৰ পুৰুষ সমাজে অতীতৰ পৰা ধূতী পিন্ধি আহিছে। পুৰণি চিত্ৰ আৰু মূৰ্তিৰ পৰা জানিব পৰা যায় যে, পুৰুষে ধূতী নাভিৰ তলত পিন্ধিছিল আৰু তলফালে সাধাৰণতে আঁঠুৰ ওপৰত পেলাই পিন্ধিছিল। এনে প্ৰমাণ দশম শতিকাত নিৰ্মাণ হোৱা দেওপানীৰ বিষ্ণুমূৰ্তিত বিশেষত্ব বিদ্যমান।  মৰ্যাদা অনুসৰি পুৰুষৰ সাজ-পাৰ: অসমৰ পুৰুষ সমাজত সামাজিক মৰ্যাদা অনুসৰি সাজ-পাৰ পৰিধান কৰা হৈছিল। নিম্নস্তৰৰ পুৰুষে কেৱল ধূতী পৰিধান কৰিছিল। আনহাতেদি বিষয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ পুৰুষে ধূতী আৰু গাত চাদৰ পৰিধান কৰিছিল। এই বস্ত্ৰ পৰিধান কৰা উচ্চ মৰ্যাদাসম্পন্ন পুৰুষে ধূতী পিন্ধোতে ভৰিৰ সৰু গাঁথি পৰ্যন্ত চুইছিল। একবস্ত্ৰ পৰিধান কৰা পুৰুষে সাধাৰণতে একাঁচলেৰে পোন্ধ মাৰে আৰু আন একাঁচলেৰে কঁকালত টানকৈ মেৰাই কমৰ বান্ধে। দুই বস্ত্ৰ পৰিধান কৰা সকলে ধূতী একাঁচলেৰে পোন্ধ মাৰে আৰু আনটো আঁচলেৰে থোৰ মাৰে।  উচ্চ শ্ৰেণীৰ পুৰুষে চাদৰ লোৱাও নিয়ম আছে। কেতিয়াবা কেৱল ডিঙিত এমেৰ দি এটা আগ আগফালে আৰু আনটো আগ পাছফালে পিঠিত পেলাই থোৱা হয়। কেতিয়াবা চাদৰখন পিঠিত মেলি দুফালৰ দুটা আঁচল দুই বাউসীত পেলাই থয়।

আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰাই অসমীয়া সাজ-পাৰত দেশী-বিদেশী সাজ-পাৰৰ অধিক সংমিশ্ৰণ ঘটিবলৈ ধৰে । এইসকলৰ দিনতেই পাগুৰিৰ প্ৰচলন হয়। আহোম যুগৰ পৰা অসমীয়া সাজ-পাৰত বিদেশী প্রভাৱ বিশেষভাবে পৰিলক্ষিত হয়। সম্ভৱতঃ সী লোৱা বস্তুৰ ব্যাপক প্রচলন এই সময়ৰপৰাই হয়। চোলা (চোলক), এঙ্গা চোলা (আঙ্গিকা), জামা, চৌগা-চাপকন, ঘাগ্রা (সূত্ৰধাৰীৰ বেশ), জোতা-এইবোৰ ঘাইকৈ আহোম-মোগল দিনৰপৰা চলি অহা সাজ-পাৰ।[1]    

অসমৰ নাৰীৰ সাজ-পাৰ
[সম্পাদনা কৰক]

পুৰুষৰ সাজপাৰৰ দৰে অসমীয়া নাৰীৰ সাজপাৰৰ কিছুমান বিশেষত্ব আছে। আমাৰ প্ৰাক্‌-বৈষ্ণৱ যুগৰ সাহিত্যৰ অনেক ঠাইত নাৰীৰ সাজপাৰৰ প্ৰসংগত শাড়ীৰ প্ৰচলনৰ উল্লেখ আছে। আনকি উজনি- নামনি উভয়ৰে বিয়ানামতো শাড়ীৰ উল্লেখ আছে। প্ৰাচীন কালত অসমীয়া নাৰীৰ সাজপাৰৰ প্ৰসংগত শাড়ীৰ উল্লেখ থাকিলেও পৰৱৰ্তী কালত মেখেলা, ৰিহা বা মেখেলা  - চাদৰহে অসমীয়া নাৰীৰ প্ৰধান সাজপাৰ হৈ পৰিল । আদিতে মেখেলা সী লোৱা নাছিল। মেখেলা সী লোৱা ব্যৱস্থা পিছতহে হয়। পুৰণি সাহিত্যত শাড়ীৰ কথা থাকিলেও মেখেলা -চাদৰৰহে প্ৰাধান্য পোৱা দেখা যায়। উদাহৰণস্বৰূপে - অজন্তাৰ নাৰী চৰিত্ৰবোৰৰ বুকুত মেথনি মৰা আৰু মেখেলা ঠিক আঁঠুৰ ওপৰত পৰাকৈ পিন্ধা দেখা যায়। আমাৰ অসমৰ জনজাতীয় নাৰীয়ে নিসীয়াকৈ মেখেলা আঁঠুৰ ঠিক তলে- ওপৰে পিন্ধি বুকুত মেথনি মৰা দেখা যায়। উদাহৰণস্বৰূপে, বড়ো মহিলা সকলে পৰিধান কৰা দখনা

আহোম স্বৰ্গদেউসকলৰ দিনৰ নাৰীৰ সাজপাৰ
[সম্পাদনা কৰক]

আহোম স্বৰ্গদেউসকলৰ দিনত অসমত অভিজাত শ্ৰেণী এটা গঢ় লৈ উঠিছিল। এই অভিজাত শ্ৰেণীটোৱে দৈনন্দিন ব্যৱহাৰ কৰা সাজপাৰ সাধাৰণ মানুহৰ সৈতে সম্পূৰ্ণ পৃথক নাছিল। বৰং সমাজত প্ৰচলিত সাজপাৰতকৈ কিছু বঢ়াই উন্নত ৰূপত পৰিধান কৰিছিল। গতিকে, সমাজৰ সাধাৰণ  নাৰীয়ে পৰিধান কৰা ৰিহা, মেখেলা বা মেখেলা- চাদৰ অথবা মেখেলা মেথনিকে উন্নত ৰূপত অভিজাত শ্ৰেণী নাৰীয়ে পৰিধান কৰিবলৈ ল'লে। ফলস্বৰূপে উচ্চ শ্ৰেণীৰ তিৰোতাই মেখেলাখন ভৰিৰ গাঁথিলৈকে পিন্ধিবলৈ ল'লে। মেখেলাত কেইটামান ভাঁজ দি পিন্ধিবলৈ ল'লে। তদুপৰি দীঘল ৰিহাখনেৰে বুকুত মেৰাই কঁকালেদি আটি পাক দি টপিনাত লিপিত খুৱাই একাঁচনী কঁকালৰ খৌপনীত খুচি ওলমাই থ'বলৈ ল'লে আৰু আনটো কাঁচনী বুকুৰ ওপৰেদি নি বাওঁ কান্ধেদি পিছলৈ পেলাই থ'বলৈ শিকিলে। উন্নত অৱস্থা এটা অনুসৰণ কৰাটো সামাজিক ৰুচিবোধৰ লক্ষণ। সেইবাবেই সমাজৰ অভিজাত শ্ৰেণীৰ নাৰীয়ে পৰিধান কৰা নাৰীৰ এই সাজটোৱে স্বাভাৱিকতে নাৰী সমাজৰ মন আকৰ্ষণ কৰিবলৈ ল'লে। মুঠতে, অসমীয়া নাৰীৰ এই সাজটোৰ লগত আমাৰ অসমীয়া জনজাতীয় মহিলাৰ সাজপাৰৰ গুণগত মিল বহুখিনি আছে।        

পৰিৱৰ্তনৰ পথত অসমীয়া মানুহৰ সাজপাৰ

সভ্যতাৰ বিকাশ, সাংস্কৃতিক পৰিৱৰ্তন আৰু পৰিবৰ্ধন, জ্ঞান- বিজ্ঞানৰ নিত্য নতুনত্বৰ বাবেই অসমীয়া সাজপাৰৰ প্ৰকৃতিও সলনি হ'বলৈ ধৰিলে। আহোম স্বৰ্গদেউসকলৰ দিনতেই অসমীয়া সাজপাৰৰ বিস্তৰ পৰিৱৰ্তন হয় আৰু অসম বৃটিছ আমোললৈ যোৱাৰ পিছৰ পৰাই ভাৰতীয় আৰু বৰ্হিঃ ভাৰতীয় সাজপাৰৰ প্ৰভাৱ পৰিছেহি। বৃটিছ আমোলত ইউৰোপীয় পোছাকৰ প্ৰচলন হ'ল। লগে লগে ইউৰোপীয়,মোগল,ভাৰতীয়- এই তিনিও শ্ৰেণীৰ সাজ-পাৰৰ অদ্ভুত সংমিশ্ৰণো ঘটিল[1]কিন্তু নাৰী সমাজৰ জাতীয়- সংস্কৃতি সংৰক্ষণ কৰাত স্বাভাৱিকতে ৰক্ষণশীল মনোভাৱৰ বাবে এতিয়াও অসমীয়া নাৰীৰ সাজপাৰৰ ঐতিহ্য ক্ষুণ্ণ হোৱা নাই। ইউৰোপীয় ধ্যান-ধাৰণাই অসমীয়া সাজপাৰৰ বহুখিনি পৰিৱৰ্তন ঘটাইছে যদিও সাজপাৰৰ প্ৰতি থকা অসমীয়া মানুহৰ সামাজিক ধ্যান-ধাৰণা মুঠেই খৰ্ব হোৱা নাই। ধৰ্মীয় বা সামাজিক অনুষ্ঠানত প্ৰধানভাৱে বগা ৰঙৰ কাপোৰৰ ব্যৱহাৰ। বিবাহ বা অন্যান্য মাংগলিক অনুষ্ঠানত নৱবস্ত্ৰ বা বোৱা শুদ্ধ কাপোৰৰ ব্যৱহাৰ, মৰাশ নতুন বগা কাপোৰেৰে ঢকা ব্যৱস্থা আদি এশ এবুৰি সামাজিক মূল্যবোধ এতিয়াও অটুট আছে।                                  

তথ্য সংগ্ৰহ
  1. 1.0 1.1 বৰুৱা, বিৰিঞ্চি কুমাৰ, অসমৰ লোক-সংস্কৃতি,বীণা লাইব্ৰেৰী, গুৱাহাটীঃঅসম,দ্বাদশ সংষ্কৰণ,২০১৫ পৃ.১৩৭

অসমৰ সংস্কৃতি,লীলা গগৈ,প্ৰকাশক- বনলতা