সমললৈ যাওক

অসমৰ পৰম্পৰাগত সাজ- পাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অসমৰ পুৰুষৰ সাজ-পাৰ

[সম্পাদনা কৰক]

অসমৰ পুৰুষ সমাজে অতীতৰ পৰা ধূতী পিন্ধি আহিছে। পুৰণি চিত্ৰ আৰু মূৰ্তিৰ পৰা জানিব পৰা যায় যে, পুৰুষে ধূতী নাভিৰ তলত পিন্ধিছিল আৰু তলফালে সাধাৰণতে আঁঠুৰ ওপৰত পেলাই পিন্ধিছিল। এনে প্ৰমাণ দশম শতিকাত নিৰ্মাণ হোৱা দেওপানীৰ বিষ্ণুমূৰ্তিত বিশেষত্ব বিদ্যমান।  মৰ্যাদা অনুসৰি পুৰুষৰ সাজ-পাৰ: অসমৰ পুৰুষ সমাজত সামাজিক মৰ্যাদা অনুসৰি সাজ-পাৰ পৰিধান কৰা হৈছিল। নিম্নস্তৰৰ পুৰুষে কেৱল ধূতী পৰিধান কৰিছিল। আনহাতেদি বিষয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ পুৰুষে ধূতী আৰু গাত চাদৰ পৰিধান কৰিছিল। এই বস্ত্ৰ পৰিধান কৰা উচ্চ মৰ্যাদাসম্পন্ন পুৰুষে ধূতী পিন্ধোতে ভৰিৰ সৰু গাঁথি পৰ্যন্ত চুইছিল। একবস্ত্ৰ পৰিধান কৰা পুৰুষে সাধাৰণতে একাঁচলেৰে পোন্ধ মাৰে আৰু আন একাঁচলেৰে কঁকালত টানকৈ মেৰাই কমৰ বান্ধে। দুই বস্ত্ৰ পৰিধান কৰা সকলে ধূতী একাঁচলেৰে পোন্ধ মাৰে আৰু আনটো আঁচলেৰে থোৰ মাৰে।  উচ্চ শ্ৰেণীৰ পুৰুষে চাদৰ লোৱাও নিয়ম আছে। কেতিয়াবা কেৱল ডিঙিত এমেৰ দি এটা আগ আগফালে আৰু আনটো আগ পাছফালে পিঠিত পেলাই থোৱা হয়। কেতিয়াবা চাদৰখন পিঠিত মেলি দুফালৰ দুটা আঁচল দুই বাউসীত পেলাই থয়।

অসমৰ নাৰীৰ সাজ-পাৰ

[সম্পাদনা কৰক]

পুৰুষৰ সাজপাৰৰ দৰে অসমীয়া নাৰীৰ সাজপাৰৰ কিছুমান বিশেষত্ব আছে। আমাৰ প্ৰাক্‌-বৈষ্ণৱ যুগৰ সাহিত্যৰ অনেক ঠাইত নাৰীৰ সাজপাৰৰ প্ৰসংগত শাড়ীৰ প্ৰচলনৰ উল্লেখ আছে। আনকি উজনি- নামনি উভয়ৰে বিয়ানামতো শাড়ীৰ উল্লেখ আছে। প্ৰাচীন কালত অসমীয়া নাৰীৰ সাজপাৰৰ প্ৰসংগত শাড়ীৰ উল্লেখ থাকিলেও পৰৱৰ্তী কালত মেখেলা, ৰিহা বা মেখেলা  - চাদৰহে অসমীয়া নাৰীৰ প্ৰধান সাজপাৰ হৈ পৰিল । আদিতে মেখেলা সী লোৱা নাছিল। মেখেলা সী লোৱা ব্যৱস্থা পিছতহে হয়। পুৰণি সাহিত্যত শাড়ীৰ কথা থাকিলেও মেখেলা -চাদৰৰহে প্ৰাধান্য পোৱা দেখা যায়। উদাহৰণস্বৰূপে - অজন্তাৰ নাৰী চৰিত্ৰবোৰৰ বুকুত মেথনি মৰা আৰু মেখেলা ঠিক আঁঠুৰ ওপৰত পৰাকৈ পিন্ধা দেখা যায়। আমাৰ অসমৰ জনজাতীয় নাৰীয়ে নিসীয়াকৈ মেখেলা আঁঠুৰ ঠিক তলে- ওপৰে পিন্ধি বুকুত মেথনি মৰা দেখা যায়। উদাহৰণস্বৰূপে, বড়ো মহিলা সকলে পৰিধান কৰা দখনা

আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰাই অসমীয়া সাজ-পাৰত দেশী-বিদেশী সাজ-পাৰৰ অধিক সংমিশ্ৰণ ঘটিবলৈ ধৰে । এইসকলৰ দিনতেই পাগুৰিৰ প্ৰচলন হয়। আহোম যুগৰ পৰা অসমীয়া সাজ-পাৰত বিদেশী প্ৰভাৱ বিশেষভাবে পৰিলক্ষিত হয়। সম্ভৱতঃ সী লোৱা বস্তুৰ ব্যাপক প্ৰচলন এই সময়ৰপৰাই হয়। চোলা (চোলক), এঙ্গা চোলা (আঙ্গিকা), জামা, চৌগা-চাপকন, ঘাগ্ৰা (সূত্ৰধাৰীৰ বেশ), জোতা-এইবোৰ ঘাইকৈ আহোম-মোগল দিনৰপৰা চলি অহা সাজ-পাৰ। [1]    

আহোম স্বৰ্গদেউসকলৰ দিনৰ নাৰীৰ সাজপাৰ

[সম্পাদনা কৰক]

আহোম স্বৰ্গদেউসকলৰ দিনত অসমত অভিজাত শ্ৰেণী এটা গঢ় লৈ উঠিছিল। এই অভিজাত শ্ৰেণীটোৱে দৈনন্দিন ব্যৱহাৰ কৰা সাজপাৰ সাধাৰণ মানুহৰ সৈতে সম্পূৰ্ণ পৃথক নাছিল। বৰং সমাজত প্ৰচলিত সাজপাৰতকৈ কিছু বঢ়াই উন্নত ৰূপত পৰিধান কৰিছিল। গতিকে, সমাজৰ সাধাৰণ  নাৰীয়ে পৰিধান কৰা ৰিহা, মেখেলা বা মেখেলা- চাদৰ অথবা মেখেলা মেথনিকে উন্নত ৰূপত অভিজাত শ্ৰেণী নাৰীয়ে পৰিধান কৰিবলৈ ল'লে। ফলস্বৰূপে উচ্চ শ্ৰেণীৰ তিৰোতাই মেখেলাখন ভৰিৰ গাঁথিলৈকে পিন্ধিবলৈ ল'লে। মেখেলাত কেইটামান ভাঁজ দি পিন্ধিবলৈ ল'লে। তদুপৰি দীঘল ৰিহাখনেৰে বুকুত মেৰাই কঁকালেদি আটি পাক দি টপিনাত লিপিত খুৱাই একাঁচনী কঁকালৰ খৌপনীত খুচি ওলমাই থ'বলৈ ল'লে আৰু আনটো কাঁচনী বুকুৰ ওপৰেদি নি বাওঁ কান্ধেদি পিছলৈ পেলাই থ'বলৈ শিকিলে। উন্নত অৱস্থা এটা অনুসৰণ কৰাটো সামাজিক ৰুচিবোধৰ লক্ষণ। সেইবাবেই সমাজৰ অভিজাত শ্ৰেণীৰ নাৰীয়ে পৰিধান কৰা নাৰীৰ এই সাজটোৱে স্বাভাৱিকতে নাৰী সমাজৰ মন আকৰ্ষণ কৰিবলৈ ল'লে। মুঠতে, অসমীয়া নাৰীৰ এই সাজটোৰ লগত আমাৰ অসমীয়া জনজাতীয় মহিলাৰ সাজপাৰৰ গুণগত মিল বহুখিনি আছে।        

পৰিৱৰ্তনৰ পথত অসমীয়া মানুহৰ সাজপাৰ

[সম্পাদনা কৰক]

সভ্যতাৰ বিকাশ, সাংস্কৃতিক পৰিৱৰ্তন আৰু পৰিবৰ্ধন, জ্ঞান- বিজ্ঞানৰ নিত্য নতুনত্বৰ বাবেই অসমীয়া সাজপাৰৰ প্ৰকৃতিও সলনি হ'বলৈ ধৰিলে। আহোম স্বৰ্গদেউসকলৰ দিনতেই অসমীয়া সাজপাৰৰ বিস্তৰ পৰিৱৰ্তন হয় আৰু অসম বৃটিছ আমোললৈ যোৱাৰ পিছৰ পৰাই ভাৰতীয় আৰু বৰ্হিঃ ভাৰতীয় সাজপাৰৰ প্ৰভাৱ পৰিছেহি। বৃটিছ আমোলত ইউৰোপীয় পোছাকৰ প্ৰচলন হ'ল। লগে লগে ইউৰোপীয়,মোগল,ভাৰতীয়- এই তিনিও শ্ৰেণীৰ সাজ-পাৰৰ অদ্ভুত সংমিশ্ৰণো ঘটিল[1]কিন্তু নাৰী সমাজৰ জাতীয়- সংস্কৃতি সংৰক্ষণ কৰাত স্বাভাৱিকতে ৰক্ষণশীল মনোভাৱৰ বাবে এতিয়াও অসমীয়া নাৰীৰ সাজপাৰৰ ঐতিহ্য ক্ষুণ্ণ হোৱা নাই। ইউৰোপীয় ধ্যান-ধাৰণাই অসমীয়া সাজপাৰৰ বহুখিনি পৰিৱৰ্তন ঘটাইছে যদিও সাজপাৰৰ প্ৰতি থকা অসমীয়া মানুহৰ সামাজিক ধ্যান-ধাৰণা মুঠেই খৰ্ব হোৱা নাই। ধৰ্মীয় বা সামাজিক অনুষ্ঠানত প্ৰধানভাৱে বগা ৰঙৰ কাপোৰৰ ব্যৱহাৰ। বিবাহ বা অন্যান্য মাংগলিক অনুষ্ঠানত নৱবস্ত্ৰ বা বোৱা শুদ্ধ কাপোৰৰ ব্যৱহাৰ, মৰাশ নতুন বগা কাপোৰেৰে ঢকা ব্যৱস্থা আদি এশ এবুৰি সামাজিক মূল্যবোধ এতিয়াও অটুট আছে।      

সহায়ক গ্ৰন্থ

[সম্পাদনা কৰক]
  • অসমৰ সংস্কৃতি, লীলা গগৈ, প্ৰকাশক- বনলতা

                           

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 বৰুৱা, বিৰিঞ্চি কুমাৰ, অসমৰ লোক-সংস্কৃতি,বীণা লাইব্ৰেৰী, গুৱাহাটীঃঅসম,দ্বাদশ সংষ্কৰণ,২০১৫ পৃ.১৩৭