সমললৈ যাওক

অসমৰ মাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমনদ-নদী, খাল-বিল, পুখুৰী, জলাশয় আদি বিভিন্ন ধৰণৰ সৰু বৰ মাছেৰে ভৰপূৰ।

মাছৰ প্ৰকাৰ

[সম্পাদনা কৰক]

বাকলি থকা ডাঙৰ মাছৰ ভিতৰত সচৰাচৰ পোৱা মাছবোৰ হ’ল- ৰৌ, বাহু, মিৰিকা, চিতল, মালি, ইলিচ/ইলিহি, খৰীয়া, পিঠিয়া, শ’ল, শাল, শিলঘৰীয়া, নাদনী আদি। অলপ মজলীয়া আকাৰৰ মাছবোৰ হ’ল-ভাঙন, গৰৈ, চেঙা,চেঙেলী, বামী, তোৰা, গেদগেদী, কুচীয়া, বৰলীয়া, কলীয়াজৰা, কুঢ়ি, গঙাটোপ, কাৱৈ, মিছা, কান্ধূলি আদি। বাকলি নথকা ডাঙৰ মাছবোৰৰ ভিতৰত বৰালি, লিঠা, আৰি, কচ, নেৰীয়া আদি দেখিবলৈ পোৱা যায়। মজলীয়া আকাৰৰ বাকলি নথকা মাছবোৰ হ’ল-মাগুৰ, শিঙি, শিঙৰা, পাভ, আদি। সৰু আকাৰৰ মাছবোৰ হ'ল পুঠি, খলিহনা, মোৱা, বটীয়া, চন্দা, পাটিমুতুৰা, মিছা মাছ , খালৈভাঙী, দনিকণা, চেলকণা, গেঠু, ৰাণী, আদি। বাকলি থকা মাছবোৰৰ কিছুমানৰ বাকলি ডাঙৰ ডাঙৰ আৰু কিছুমানৰ সৰু সৰু। বাকলি থকা মাছবোৰৰ ভিতৰত সৰু বাকলি থকা মাছবোৰৰ কাঁইট ডাঙৰ বাকলি থকা মাছতকৈ বেছি। বাকলি নথকা মাছৰ কাঁইট সাধাৰণতে কম। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ 'কাৰ্প' (carp)- কমন কাৰ্প, গল্ডেন কাৰ্প, গ্ৰাছ কাৰ্প, বিগ হেড ক্ৰাপ, আদি মাছো বৰ্তমান অসমৰ পুখুৰীসমূহত দেখিবলৈ পোৱা যায়।

অসমত পোৱা কিছুমান মাছৰ পোনা অৱস্থাৰপৰা প্ৰাপ্তবসয়স্ক হোৱালৈকে একেটা মাছৰে বিভিন্ন ধৰণৰ নাম দেখা যায়। যেনে- মৰঠী> বান্দৰহতীয়া চেনি> চেনি; শ'লপোনা> শ'লঠাৰি> পকা শ'ল; কান্ধূলি ফৰিঙা> কান্ধূলি; খৰিয়া> চিতল; বৰালি চিটিকা> ম'হৰশিঙীয়া বৰালি> বৰালি> ৰাঘ বৰালি আদি।[1]

উৎপাদন আৰু বিতৰণ

[সম্পাদনা কৰক]

অসমত মীন পালনৰ প্ৰচুৰ সম্ভাবনা থকা সত্ত্বেও অসমৰ মাছৰ উত্পাদন চাহিদা অনুসাৰে পৰ্যাপ্ত নহয়। অসমৰ নদী-বিল, ফিচাৰী, পুখুৰী আদিৰে মুঠতে প্ৰায় ৩.৯১ লাখ হেক্টৰ পানীৰে আৱৰি আছে। বৰ্ষিয় গণনা মতে ২০০৯-১০ বৰ্ষত মাছৰ মুঠ উৎপাদন আছিল ২১৮ হাজাৰ টন।[2] উৎপাদিত মাছসমূহ সাধাৰণতে থলুৱা বজাৰতে বিক্ৰী কৰা হয়। বৰ্তমান বিভিন্ন থলুৱা মাছৰ সংখ্যা দিনে দিনে কমি আহিছে। ইয়াৰ প্ৰধান কাৰণ হিচাপে কব পাৰি যে খৰালি সৰু সৰু নদীসমূহৰ পানী কমি যোৱাৰ পাছত বহুতে নদীত বিহ দি মাছ ধৰে। ইয়াৰ ফলত বহুত মাছ অযথা মৃত্যুমুখত পৰি নষ্ট হয়। তদুপৰি চৰকাৰে কণী পাৰিবৰ সময়ত মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিলেও চোৰাংকৈ এই কাম চলি থাকে। বৰ্তমান সেয়ে মাছৰ আমদানিৰ বাবে অসম অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আদি ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল।

আলোকচিত্ৰ

[সম্পাদনা কৰক]

মাছবোৰৰ আকাৰৰ ধাৰণাটো ছবি তোলা মাছটোৰ আকাৰৰ আধাৰত দিয়া হৈছে। এই ধাৰণাটো সেই শ্ৰেণীটোৰ এটা গড় ধাৰণা বুলিব পাৰি।

মাছ ধৰা থলুৱা সঁজুলিসমূহ:

[সম্পাদনা কৰক]
ব্ৰহ্মপুত্ৰৰ বুকুত মাছমৰীয়াৰ নাও, মাছঘাট, উজান বজাৰ

খেৱালি জাল (আচ্ ৰা)

[সম্পাদনা কৰক]
মাছ ধৰিবৰ বাবে পানীলৈ দলিয়াই দিয়া এখন খেৱালি জাল

হাতেৰে বহলকৈ মেলি পানীলৈ দলিয়াই দিয়া হয়। পিছত লাহেকৈ পাৰলৈ চপাই আনোতে জালৰ মূৰত থকা সৰু সৰু জেপবোৰত মাছবোৰ লাগি ধৰে।

টঙি জাল

জালখন টঙিৰে বহলকৈ মেলি পানীত পাতি থোৱা হয়। মাজে মাজে পানীৰপৰা দাঙি জালত উঠা মাছবোৰ ধৰা হয়। কেতিয়াবা এনে জালত তুঁহগুৰিৰ লাৰু একোটাও দিয়া হয়।

ফাঁচি জাল

[সম্পাদনা কৰক]
ফাঁচি জাল

পানীৰ সোঁত বৈ থকা অঞ্চলত পাতি থোৱা হয়। জালত মাছবোৰ ফাঁচ খাই লাগি ধৰে।

জাকৈ

তিনিকোণীয়া মাছ ধৰা বাঁহৰ সঁজুলি। বিশেষকৈ তিৰোতা আৰু গাভৰুসকলে ইয়াৰ ব্যৱহাৰ বেচিকৈ কৰে। পানীৰ মাজেদি চলাই চলাই ওপৰলৈ দাঙি দাঙি মাছ ধৰা হয়।

বাঁহৰ সঁজুলি। ওখ প্ৰায় দুফুট। প্ৰথমে বাঁহৰ কামি চাঁচি লৈ কামিবোৰ ওপৰৰপৰা আধাফুটমান এৰি তলৰডোখৰ ৩ বা ৪ ভাগ কৰি গোল গোল কাঠিৰ নিচিনাকৈ চাঁচি লোৱা হয়। তাৰ পাছত কামি আৰু কাঠিবোৰ ইডালৰ লগত সিডাল ক্ৰমান্নয়ে বেত বা তাঁৰেৰে বান্ধি গাঁঠি গোলাকৃতি কৰি লোৱা হয়। এনেকৈ গাঁঠি যাওঁতে ওপৰফালে সৰু আৰু তলফালে ক্ৰমান্নয়ে বহল কৰি অনা হয়। ওপৰৰফালৰ গোলাকৃতিৰ ব্যাসাৰ্ধ প্ৰায় ৮ ছে.মি. আৰু তলফালৰ গোলাকৃতিৰ ব্যসাৰ্ধ প্ৰায় ২৫ ছে.মি.। ওপৰফালে ধৰিবৰ সুবিধাৰ বাবে এটা মুঠনি দিয়া হয়। জুলুকিৰে সাধাৰণতে সৰু মাছ চাব মাৰি মাছ ধৰা হয়। ইয়াৰ বাবে প্ৰথমে গোবৰ আৰু তুঁহগুৰিৰ মিশ্ৰণেৰে বল আকৃতিৰ লাৰু বান্ধি লোৱা হয়। এই লাৰুবোৰ নদী বা পথাৰৰ আঁঠুৱনী পানীত সৰু খুটি এটাৰে পুতি থৈ অহা হয়। লাৰুটোৰ অৱস্থিতি জানিবৰ বাবে খুটিটো এক আঙুলমান পানীৰ ওপৰত ওলাই থকাকৈ পোতা হয়। ইয়াৰ পাছত মাছে লাৰুটো খাবলৈ অহালৈ ১০/১৫ মিনিটমান অপেক্ষা কৰা হয়। তাৰ পাছত লাহেকৈ গৈ লাৰুটো আৰু মাছখিনি জুলুকিৰে চাব মাৰি ঢাকি ধৰা হয়। তাৰ পাছত জুলুকিৰ ওপৰফালে হাত ভৰাই খেপিয়াই মাছখিনি সংগ্ৰহ কৰা হয়।


পানীৰ সৰু সোঁত বৈ থকা ঠাইত পাতি থোৱা হয়।

পল

বাঁহৰ সঁজুলি। জুলুকিতকৈ বহল। ওখ প্ৰায় ২ ফুট। পল সাজিৰ বাবে প্ৰথমে বাঁহৰ কাঠি গোল গোলকৈ চাঁচি লোৱা হয়। তাৰ পাছত কাঠিবোৰ ইডালৰ লগত সিডাল ক্ৰমান্নয়ে বেত বা তাঁৰেৰে বান্ধি গাঁঠি গোলাকৃতি কৰি লোৱা হয়। এনেকৈ গাঁঠি যাওঁতে ওপৰফালে সৰু আৰু তলফালে ক্ৰমান্নয়ে বহল কৰি অনা হয়। ওপৰৰফালৰ গোলাকৃতিৰ ব্যাসাৰ্ধ প্ৰায় ৯ ছে.মি. আৰু তলফালৰ গোলাকৃতিৰ ব্যসাৰ্ধ প্ৰায় ৩৫ ছে.মি.। ওপৰফালে ধৰিবৰ সুবিধাৰ বাবে এটা মুঠনি দিয়া হয়। পলৰে সাধাৰণতে ডাঙৰ মাছ চাব মাৰি মাছ ধৰা হয়। পলৰে মাছ ধৰিবৰ বাবে বহুতো লোক একেলগে নদী বা বিলত নামে আৰু পলৰে ইফালে সিফালে চাব মাৰে। এনেদৰে চাব মাৰি ফুৰোতে কোনোবা পাকত ডাঙৰ মাছ পলটোৰ মাজত সুমুৱাই পৰে।

খালৈ

মাছ থোৱা বাঁহৰ সঁজুলি। দেখিবলৈ কলহটোৰ দৰে, পেটটো পেতুৱা আৰু মুখখন সৰু।

বৰশী

লো-ৰ আঁকুটা লগা মাছ ধৰা সঁজুলি।

দীঘল মাছ ধৰা বাঁহৰ সঁজুলি। মুখখন বহল পিছলৈ ঠেক, দীঘল(১০০/১১০ ছে.মি.) আৰু বন্ধ। পানীৰ সৰু সোঁত বৈ থকা ঠাইত পাতি থোৱা হয়। মাছবোৰ সোঁতৰ কোবত খোকাৰ বহল মুখখনৰে সুমুৱাই পিছৰ ঠেক অংশত লাগি ধৰেগৈ।

বাঁহৰ কাঠিৰে এবিধ ঠেক মাছ ধৰা যতন।

বাঁহৰ কাঠি গাঁঠি সজা হয়। বাঁহৰ বেৰাৰ নিচিনা। ওখ প্ৰায় ২/৩ ফুট। সৰু নদীসমূসৰ সোঁতত পাতি থোৱা হয়। বানৰ পাছফালে ধেনুভিৰিয়াকৈ এখন জালি বা কাপোৰ বান্ধি থোৱা হয়। সোঁতৰ কোবত ভাঁহি অহা মাছবোৰ বানত লাগি বাধাপ্ৰাপ্ত হৈ জঁপিয়াই বানৰ পাছফালে পাতি থোৱা কাপোৰত পৰেগৈ। পাছত তাৰপৰাই মাছবোৰ ধৰা হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. মাছৰ উজান-লেখক দেৱকৃষ্ণ বৰুৱা; প্ৰান্তিক, ১-১৫ মাৰ্চ ২০১০
  2. "আৰ্কাইভ কপি". Archived from the original on 2012-06-10. https://web.archive.org/web/20120610034221/http://db.nedfi.com/content/fishery-assam। আহৰণ কৰা হৈছে: 2012-05-08. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]