সমললৈ যাওক

অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয়
মূলমন্ত্ৰ ज्ञानम परमं बलम
স্থাপিত ২০২২ চনত
ধৰণ ৰাজহুৱা বিশ্ববিদ্যালয়
আচাৰ্য ৰাজ্যপাল, অৰুণাচল প্ৰদেশ
উপাচাৰ্য টমো ৰিবা
স্থান পাছিঘাট, অৰুণাচল প্ৰদেশ, ভাৰতবৰ্ষ
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট apupsg.ac.in

অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয় ৰাজ্যখনৰ একমাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয়। [1]

অৱস্থিত

[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়খন ৰাজ্যখনৰ পূব ছিয়াং জিলাৰ পাছিঘাট নামৰ ঠাইখনত অবস্থিত।

১ জুলাই, ২০২২ তাৰিখে প্ৰতিষ্ঠা কৰা ৰাজ্যখনৰ এইখন বিশ্ববিদ্যালয় একমাত্ৰ ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় অনুদান আয়োগ আইন ১৯৫৬ৰ ২২ নং ধাৰা অনুসৰি বিশ্ববিদ্যালয়খনে ডিগ্ৰী প্ৰদান কৰিব পাৰে। বিশ্ববিদ্যালয়খনে প্ৰয়োজনীয় সকলো অনুমোদনৰ সৈতে বিভিন্ন বিভাগসমূহ, সংযুক্ত মহাবিদ্যালযসমূহৰ জৰিয়তে বিভিন্ন পাঠ্যক্ৰম আগবঢ়াব পাৰে।[2]

বিশ্ববিদ্যালয়খনে বাণিজ্য, শিক্ষা, অৰ্থনীতি, সমাজ কৰ্ম, আৰু জনজাতীয় অধ্যয়নৰ পাঁচটা স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায় আছে। বিশ্ববিদ্যালয়ৰ লক্ষ্য হৈছে আৰ্থ-সামাজিক উন্নয়ন আৰু অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক ঐতিহ্যক প্ৰচাৰ কৰা। বিশ্ববিদ্যালয়খনে নিজৰ জ্ঞানৰ জৰিয়তে সমাজ সবলীকৰণ কৰিব পৰা বুদ্ধিজীৱীক লালন-পালন কৰিবলৈ অধিক স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।[3][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The ARUNACHAL PRADESH UNIVERSITY ACT, 2012". India Code. 17 April 2012. https://www.indiacode.nic.in/bitstream/123456789/3952/1/2017%20EOG%2080%20university%20bill.pdf। আহৰণ কৰা হৈছে: 12 July 2024. 
  2. "Universities". University Grant Commission. UGC. 12 July 2023. Archived from the original on 26 June 2024. https://web.archive.org/web/20240626131419/https://www.ugc.gov.in/universitydetails/university?type=LZ1FUMk6U2JWGNLvhWfVSA==। আহৰণ কৰা হৈছে: 12 July 2024. 
  3. "APU celebrates 2nd foundation day; to offer PhD prog". The Arunachal Time. 3 July 2024. https://arunachaltimes.in/index.php/2024/07/03/apu-celebrates-2nd-foundation-day-to-offer-phd-prog/। আহৰণ কৰা হৈছে: 12 July 2024. 
  4. "ARUNACHAL PRADESH UNIVERSITY BEGINS FIRST ACADEMIC SESSION". Eastern Sentinel. 23 August 2023. https://www.easternsentinel.in/news/state/arunachal-pradesh-university-begins-first-academic-session.html। আহৰণ কৰা হৈছে: 12 July 2024.