অৱচেতনা
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
মনোবিজ্ঞানত বৰ্তমান চেতনাৰ (focal awareness) পৰিসৰত নথকা চেতনাকে অৱচেতনা (ইংৰাজী: subconcious) বোলা হয়।[1]
অৱচেতনা হ'ল মানৱ চেতনাৰেই এটা অংশ। অৱচেতনা (Subconscious) -অৰ ধাৰণাৰ উৎপত্তি হৈছিল উনৈশ শতিকাত। অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী চিগ্মণ্ড ফ্ৰয়েড আৰু ফৰাচী মনোবিজ্ঞানী পিয়েৰ জাঁনেটে পৃথকে পৃথকে এই ধাৰণাৰ অৱতাৰণা কৰিছিল । ছিগমুণ্ড ফ্ৰয়েডে মানুহৰ মনোজগতখনক তিনিটা স্তৰত ভাগ কৰিছিল ;
- চেতন (Conscious) আৰু ইয়াৰ সৈতে অন্তৰ্ভূক্ত কৰিছিল ইগ'ক (Ego)
- অৱচেতন (Subconscious) বা প্ৰাক-চেতন (Preconscious)
- অচেতন (Unconscious) আৰু ইয়াৰ সৈতে অন্তৰ্ভূক্ত কৰিছিল ইড (Id)আৰু চুপাৰ ইগ'ক (Super Ego)[2]
চেতন মনে জাগ্ৰত অৱস্থাত মানুহৰ পৰিপাৰ্শিক জগতখনৰ সৈতে সতে সংযোগ ৰাখে।অৱচেতন মনে সংযোগ ৰাখে মানুহৰ অন্তৰজগতৰ সৈতে অৰ্থাৎ অতীতৰ স্মৃতি আৰু জৈৱিক প্ৰয়োজনসমূহৰ সৈতে। মনোবিজ্ঞানী ছিগমুণ্ড ফ্ৰয়ডৰ মতে মানৱ মনৰ প্ৰায় ৯০ শতাংশই অৱচেতন বাকী কেৱল ১০ শতাংশহে চেতন অৱস্থান থাকে।অৱচেতন মন যদিও আমাৰ জাগ্ৰত চেতনাৰ বাহিৰত তথাপিও কিছু চেষ্টাৰ বিনিময়ত ইয়াক আমাৰ চেতন মনলৈ আনিব পৰা যায়। উল্লেখ্য যে এই প্ৰক্ৰিয়াৰ জৰিয়তেই মানসিক ৰোগীসকলৰ মনোচিকিৎসা কৰা হয়।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 https://www.psychologytoday.com/us/basics/unconscious
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2025-05-05. https://web.archive.org/web/20250505213857/https://www.verywellmind.com/the-conscious-and-unconscious-mind-2795946। আহৰণ কৰা হৈছে: 2026-06-23.