আগালমাকা
আগালমাকা (ইংৰাজী: Agalmaka) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ গাৰো জনগোষ্ঠীৰ এক কৃষিভিত্তিক লোক উৎসৱ।
| ||||||
ভাষাসমূহ | ||||||
---|---|---|---|---|---|---|
ধৰ্ম | ||||||
উৎসৱৰ বিৱৰণ
[সম্পাদনা কৰক]গাৰোসকল আছিল কৃষিজীৱি লোক।তেওঁলোকৰ প্ৰধান খেতি হ'ল ঝুম খেতি। পাৰ্বত্য অঞ্চলত বাস কৰা গাৰোসকলৰ বাবে ঝুম খেতি কৰাটো অতি কষ্টকৰ কাম। ঝুম খেতিৰ বাবে গাৰোসকলে এডোখৰ ঠাই নিৰ্বাচন কৰি লয়। ঝুম খেতি কৰা ভূমিক আখিং বোলা হয়। এই আখিং এজন নোকমাৰ অধীনত থাকে বাবে তেওঁক আখিং নোকমা বোলে।আঘোণ পুহ মাহত নিৰ্দিষ্ট আখিঙৰ মাটি প্ৰত্যেক পৰিয়ালৰ প্ৰয়োজন মতে ভাগ কৰি লয়। সৰহ সংখ্যক পৰিয়ালৰ মাটি বেছি আৰু কম সংখ্যক পৰিয়ালৰ মাটি কম। প্ৰত্যেক পৰিয়ালে নিজৰ নিজৰ মাটি দখল কৰি তাৰ চিন স্বৰূপে অলপ অচৰপ হাবি জংঘল কাটি লয়। ই কৃষিকৰ্মৰ এক প্ৰাৰম্ভিক অৱস্থা আৰু ইয়াক গাৰো ভাষাত ওফাতা বুলি কোৱা হয়। ইয়াৰ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে নিজ নিজ মাটি পৰিস্কাৰ কৰি কৃষি উপযোগী কৰি তোলে। তাৰ পিছত মানুহখিনি নিজ গাঁৱলৈ ঘূৰি আহি আগালমাকা উৎসৱ পালন কৰে। এই উৎসৱ পালনৰ উদ্দেশ্যে হ'ল - আৰম্ভ কৰিব খোজা ঝুম খেতি নদন-বদন হয়। দেৱ-দেৱীসকলে প্ৰয়োজনীয় বৃষ্টি দি শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে শস্যক নানা প্ৰকাৰৰ অপায় অমংগল দূৰ কৰে। তাৰ কাৰণে প্ৰাৰ্থনা জনোৱা হয়।[1]
উৎযাপন শৈলী
[সম্পাদনা কৰক]অনুষ্ঠানটিৰ আৰম্ভণিতে এডোখৰ দীঘল বাঁহ মাটিত পোতা হয়। বাঁহডোখৰৰ গুৰিত কলপাত পাৰি সিদ্ধ ধান, ভাত, মাংস, শুকান মাছ আদি ৰখা হয়। তাৰ লগত এটি পাত্ৰত চু (মদ) ৰখা হয়। দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ ডেকা-গাভৰুৱে প্ৰাণ কৰি ওৰে ৰাতি নাচ-গান কৰি কটায়। পিছদিনাও গোটেই দিন-ৰাতি সকলো মানুহে আনন্দ উৎসৱ কৰি কটায়। দ্বিতীয়দিনা ৰাতিহে আনন্দ উৎসৱ শেষ হয়। এই উৎসৱ সামৰণিক দামা গোগাতা বোলে। আগালমাকা উৎসৱ সমাপ্তিৰ পিছদিনাৰ পৰা শস্যৰ গুটি সিঁচিবলৈ আৰম্ভ কৰে। এই আগালমাকা উৎসৱত যি নৃত্য কৰা হয়, সেই নৃত্যৰ লগত আচিৰোকা গীত পৰিৱেশন কৰা হয়। আচিৰোকা হ'ল কৃষি উৎসৱ আগালমাকাৰ লগত জড়িত গীত। এই আগালমাকা উৎসৱক অসমীয়া গোছ দিয়া বা গোছ ৰোৱা উৎসৱৰ লগত তুলনা কৰিব পাৰি।[2]