আধুনিক অসমীয়া সাহিত্যৰ আভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গ্ৰন্থৰ পৰিচয়[সম্পাদনা কৰক]

আধুনিক অসমীয়া সাহিত্যৰ আভা গ্ৰন্থখন এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক বজালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ বসন্ত কুমাৰ শৰ্মা।গ্ৰন্থখন প্ৰথম প্ৰকাশ পায় ১০ জুলাই ২০২২ত। আধুনিক অসমীয়া সাহিত্যৰ উন্মেষ, অসমীয়া চুটিগল্পৰ উত্তৰণ, অসমীয়া ব্যংগ সাহিত্য, গীতি-কবিতা, অসমীয়া নাটক, উপন্যাস আদি বিষয়কলৈ লেখকে বিভিন্ন সময়ত লিখা ১১ টা প্ৰবন্ধ গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে। । গ্ৰন্থখনৰ পৃষ্ঠাৰ সংখ্যা ৮৭।[1]

প্ৰবন্ধসমূহ[সম্পাদনা কৰক]

গ্ৰন্থকাৰৰ পৰিচয়[সম্পাদনা কৰক]

ড০ বসন্ত কুমাৰ শৰ্মা বজালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক। তেখেতে নিৰৱিচ্ছিন্নভাৱে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা কৰি আছে। গ্ৰন্থখনৰ শেষ পৃষ্ঠাত সংযোগ কৰা অসমীয়া সাহিত্য বেদীলৈ পুথি অৰ্ঘ্য শীৰ্ষক অংশটোত অসমীয়া সাহিত্যলৈ তেখেতৰ অৱদান সম্পৰ্কে উল্লেখ কৰা হৈছে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ড০ বসন্ত কুমাৰ শৰ্মা (২০২২). আধুনিক অসমীয়া সাহিত্যৰ আভা. ISBN ৯৭৮-৯৩-৯৩৮৮১-৭৩-১.