আৰুষী শৰ্মা
আৰুষী শৰ্মা | |
---|---|
২০২০ চনত শৰ্মা | |
জন্ম | ১৮ নৱেম্বৰ, ১৯৯৫ (২৯ বছৰ)[1] ছিমলা, হিমাচল প্ৰদেশ, ভাৰত |
শিক্ষানুষ্ঠান | জেপী তথ্য প্ৰযুক্তি বিশ্ববিদ্যালয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০১৫–বৰ্তমান |
দাম্পত্যসঙ্গী | বৈভৱ বিশান্ত |
আৰুষী শৰ্মা (ইংৰাজী: Arushi Sharma; জন্ম: ১৮ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে।[2] তেওঁ ইমতিয়াজ আলীৰ পৰিচালনাত নিৰ্মিত ছবি তামাছা (২০১৫)ত সৰু চৰিত্ৰ এটিত অভিনয় কৰি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। ২০২০ চনত, আলীৰ লাভ আজ কাল নামৰ ছবিখনত অভিনয়েৰে অভিনেত্ৰীৰূপে সকলোৰে নজৰলৈ আহে। ইয়াৰ পিছত, শৰ্মাই নেটফ্লিক্সৰ নাট্য চলচ্চিত্ৰ জাদুগৰ (২০২২) আৰু ধাৰাবাহিক কালা পানী (২০২৩)ত অভিনয় কৰে।[3][4]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৯৫ চনৰ ১৮ নৱেম্বৰ তাৰিখে, হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাত শৰ্মাই জন্মগ্ৰহণ কৰিছিল।[1] তেওঁৰ পিতৃ-মাতৃ, দুয়োগৰাকী উকীল। তেওঁ হিমাচল প্ৰদেশৰ জেপী তথ্য প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ পৰা তথ্য প্ৰযুক্তি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। অভিনয়ৰ ক্ষেত্ৰখনত খোজ দিয়াৰ আগতে, তেওঁ গুৰুগ্ৰাম চহৰত কাম কৰি আছিল।[5][6]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০১৫ চনত, ইমতিয়াজ আলী পৰিচালিত তামাছা নামৰ ছবিত অভিনয়েৰে শৰ্মাই অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। ছবিখনত তেওঁ ৰণবীৰ কাপুৰৰ শিক্ষয়িত্ৰীৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে "চলি কাহিনী" গীতটোত সমযুক্তা নামৰ চৰিত্ৰটোতো অভিনয় কৰিছিল।[7][8][9]
ইয়াৰ পিছত, তেওঁ ২০১৭ চনত, ধ্ৰুৱ চেহগালৰ বিপৰীতে কেটৰ্চ: ডিমিনিছিং ৰিটাৰ্ণছ আৰু ২০১৮ চনত, পাৱেল গুলাটিৰ বিপৰীতে দ্য আদাৰ ৱে নামৰ দুখন চুটি ছবিত অভিনয় কৰে।[10] আলীৰ লাভ আজ কাল নামৰ ছবিখনত শৰ্মাই অভিনেতা কাৰ্তিক আৰিয়ানৰ বিপৰীতে অভিনয় কৰিছিল।[11] হিন্দুস্তান টাইমছে উল্লেখ কৰে, "আৰুষীৰ চৰিত্ৰটি সূক্ষ্ম, সহজ আৰু তেওঁৰ অভিব্যক্তি আৰু চেহেৰাই তেওঁৰ সংলাপসমূহতকৈ অধিক প্ৰভাৱিত কৰে।" [12] টাইমছ অৱ ইণ্ডিয়াই উল্লেখ কৰে যে শৰ্মাই যথেষ্ট ফলপ্ৰসূ অভিনয় কৰিছে।[13]
২০২২ চনত শৰ্মাই নেটফ্লিক্সৰ জাদুগৰ নামৰ ছবিখনত জিতেন্দ্ৰ কুমাৰৰ বিপৰীতে অভিনয় কৰিছিল। ছবিখনত তেওঁ দিশা ছাব্ৰা নামৰ এগৰাকী ডাক্তৰৰ চৰিত্ৰত অভিনয় কৰিছিল,[14] যিয়ে যাদুকৰ এজনক লগ পায়, যিজন এজন ফুটবলাৰো। ৰেডিফ.কমে উল্লেখ কৰে, “শৰ্মাই প্ৰবাহৰ সৈতেই যায় আৰু নম্ৰতাৰে বলীউডৰ আন এক সুন্দৰ প্ৰদৰ্শনেৰে মীনুৰ অস্বাস্থ্যকৰ প্ৰবৃত্তিক শক্তিশালী কৰি তোলে।”[15] ইণ্ডিয়া টুডেই তেওঁৰ অভিনয়ক গড় প্ৰদৰ্শন বুলি উল্লেখ কৰে।[16] শৰ্মাই নেটফ্লিক্সৰ ধাৰাবাহিক কালা পানী (২০২৩)তো অভিনয় কৰিছিল।[17]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]
এতিয়াও মুক্তি লাভ কৰা নাই |
বৰ্ষ | শিৰোনাম | ভূমিকা | টোকা | তথ্যসূত্ৰ |
---|---|---|---|---|
২০১৫ | তামাছা | সমযুক্তা | [18] | |
২০১৮ | দ্য আদাৰ ৱে | হোটেলৰ কৰ্মচাৰী | চুটি ছবি | [10] |
২০২০ | লাভ আজ কাল | লীনা গুপ্তা | [19] | |
২০২২ | জাদুগৰ | ডাঃ দিশা ছাব্ৰা | [20] |
দূৰদৰ্শন
[সম্পাদনা কৰক]বৰ্ষ | শিৰোনাম | ভূমিকা | টোকা | তথ্যসূত্ৰ |
---|---|---|---|---|
২০২৩ | কালা পানী | জ্যোৎস্না দে | [21] |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ ইয়ালৈ যাওক: 1.0 1.1 "Exclusive - Arushi Sharma on Imtiaz Ali". News 18. https://www.news18.com/amp/news/movies/jaadugar-actor-arushi-sharma-imtiaz-ali-is-hands-on-person-in-my-life-i-often-call-him-for-his-guidance-exclusive-5583109.html। আহৰণ কৰা হৈছে: 20 July 2022. "The 26-year-old agrees that focusing too much on them can prove to be detrimental."
- ↑ "Year Ender 2020: From Sanjana Sanghi to Arushi Sharma, 5 Bollywood debutants who shone this year". India TV News. https://www.indiatvnews.com/amp/entertainment/celebrities/year-ender-2020-from-sanjana-sanghi-to-alaya-f-5-bollywood-debutants-who-shone-this-year-674626। আহৰণ কৰা হৈছে: 29 December 2020.
- ↑ "'Love Aaj Kal' fame Arushi Sharma on her new film 'Jaadugar': The film taught me teamwork" (en ভাষাত). Mid Day. https://www.mid-day.com/amp/entertainment/bollywood-news/article/arushi-sharma-on-jaadugar-the-film-taught-me-teamwork-23237773। আহৰণ কৰা হৈছে: 28 August 2022.
- ↑ "Exclusive - Ayushi Sharma: Being Observant Helped Me Learn The Tricks Of Trade" (en ভাষাত). Outlook India. https://www.outlookindia.com/art-entertainment/arushi-sharma-being-observant-helped-me-learn-the-tricks-of-trade-news-207671/amp। আহৰণ কৰা হৈছে: 31 August 2022.
- ↑ "From Education to First Film: THESE facts about Arushi Sharma will make you root for the newcomer". Pinkvilla. https://www.pinkvilla.com/photos/arushi-sharma/love-aaj-kal-arushi-sharmas-these-facts-will-make-you-root-newcomer-501325। আহৰণ কৰা হৈছে: 20 January 2020.
- ↑ "Exclusive - Here are 5 interesting facts about Arushi Sharma from Love Aaj Kal". Filmfare. https://m.filmfare.com/features/here-are-5-interesting-facts-about-arushi-sharma-from-love-aaj-kal-39058.amp। আহৰণ কৰা হৈছে: 13 February 2022.
- ↑ "Tamasha Album Details". A.R. Rahman – The Official Website. http://www.arrahman.com/discography_details.aspx?id=286। আহৰণ কৰা হৈছে: 29 October 2015.
- ↑ "'Tamasha' not autobiographical, says Imtiaz Ali". প্ৰকাশক Mumbai: Indo-Asian News ServiceThe Indian Express. 22 November 2015. http://indianexpress.com/article/entertainment/bollywood/tamasha-not-autobiographical-says-imtiaz-ali/। আহৰণ কৰা হৈছে: 25 November 2015.
- ↑ "Tamasha (2015) | Box Office Earnings – Bollywood Hungama". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/boxoffice/id/674554। আহৰণ কৰা হৈছে: 5 January 2016.
- ↑ ইয়ালৈ যাওক: 10.0 10.1 "The Other Way review: This short film by Imtiaz Ali is the tale of our deepest fears". Indian Express. https://indianexpress.com/article/entertainment/web-series/the-other-way-short-film-imtiaz-ali-5106290/lite/। আহৰণ কৰা হৈছে: 22 March 2018.
- ↑ "Kartik Aaryan and Arushi Sharma are adorable goofballs in this behind-the-scenes boomerang from Love Aaj Kal". Bollywood Hungama. https://www.bollywoodhungama.com/amp/news/features/kartik-aaryan-arushi-sharma-adorable-goofballs-behind-scenes-boomerang-love-aaj-kal/। আহৰণ কৰা হৈছে: 24 January 2020.
- ↑ "Love Aaj Kal movie review: Sara Ali Khan, Kartik Aaryan's Valentine's Day offering is love's labour's lost". Hindustan Times. https://www.hindustantimes.com/bollywood/love-aaj-kal-movie-review-sara-ali-khan-kartik-aaryan-s-valentine-s-day-offering-is-love-s-labour-lost/story-snZNR8ugWi1lD8O9UiXeeM_amp.html। আহৰণ কৰা হৈছে: 22 February 2020.
- ↑ Love Aaj Kal Movie Review: Emotionally charged saga of love Times of India, Ronak Kotecha, 14 February 2020
- ↑ "Exclusive - Arushi Sharma chuffed about her OTT debut with 'Jaadugar'". Times of India. https://timesofindia.indiatimes.com/web-series/news/hindi/arushi-sharma-chuffed-about-her-ott-debut-with-jaadugar/articleshow/92388732.cms। আহৰণ কৰা হৈছে: 23 June 2022.
- ↑ "Jaadugar Review: Jaadugar is too flimsy" (en ভাষাত). Rediff. https://m.rediff.com/amp/movies/review/jaadugar-review/20220715.htm। আহৰণ কৰা হৈছে: 10 August 2022.
- ↑ "Netflix's Jaadugar Movie Review: Jitendra Kumar's overstretched film fails to spread magic". India Today. https://www.indiatoday.in/amp/binge-watch/story/jaadugar-movie-review-jitendra-kumar-s-overstretched-film-fails-to-spread-magic-1975820-2022-07-15। আহৰণ কৰা হৈছে: 16 July 2020.
- ↑ "Arushi Sharma: 'Kaalapani' Is Going To Redefine The Way Women Are Perceived". Outlook India. 2021-01-05. https://www.outlookindia.com/art-entertainment/jaadugar-love-aaj-kal-arushi-sharma-kaalapani-is-going-to-redefine-the-way-women-are-perceived-news-211903/amp। আহৰণ কৰা হৈছে: 29 July 2022.
- ↑ "Actress Arushi Sharma: Had tasted blood after that cameo in Tamasha". Mid Day. https://www.mid-day.com/amp/entertainment/bollywood-news/article/arushi-sharma-on-making-her-debut-with-tamasha-had-tasted-blood-after-that-cameo-22508264। আহৰণ কৰা হৈছে: 29 January 2020.
- ↑ "Love Aaj Kal: Kartik Aaryan and Arushi Sharma express their happiness for being loved by the fans; WATCH". Pinkvilla. https://www.pinkvilla.com/entertainment/news/love-aaj-kal-kartik-aaryan-and-arushi-sharma-express-their-happiness-being-loved-fans-watch-502546?amp। আহৰণ কৰা হৈছে: 28 January 2020.
- ↑ "Jitendra Kumar and Arushi Sharma to star in a sports-based Netflix original film : Bollywood News". Bollywood Hungama. 2021-01-05. https://www.bollywoodhungama.com/news/bollywood/jitendra-kumar-arushi-sharma-star-sports-based-netflix-original-film/। আহৰণ কৰা হৈছে: 2021-05-22.
- ↑ "Arushi Sharma win hearts with her heart-warming performance in 'Jaadugar,' begins working on her next series 'Kaala Paani'". Times of India. 2021-01-05. https://timesofindia.indiatimes.com/web-series/news/hindi/arushi-sharma-continues-to-win-hearts-with-her-heart-warming-performance-in-jaadugar-begins-working-on-her-next-series-kaala-paani/articleshow/93109793.cms। আহৰণ কৰা হৈছে: 27 July 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আৰুষী শৰ্মা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
ৱিকিমিডিয়া কমন্সত আৰুষী শৰ্মা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |