আৰ ইউ এফ্ৰেইদ অৱ দ্য ডাৰ্ক? (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আৰ ইউ এফ্ৰেইদ অৱ দ্য ডাৰ্ক?  
লেখক ছিডনী শ্বেলডন
ভাষা ইংৰাজী
প্ৰকাৰ থ্ৰিলাৰ
প্ৰকাশক ৱিলিয়াম ম'ৰ'
প্ৰকাশ ২০০৪
পৃষ্ঠা সংখ্যা ৩৩৭
আই.এচ.বি.এন. ISBN 0-06-055934-9
অ.চি.এল.চি নং 54365479
ডুৱি ডেচিমেল 813/.54 22
এল চি শ্ৰেণীকৰণ PS3569.H3927 A83 2004
পূৰ্বৱৰ্তী দ্য স্কাই ইজ ফলিং (২০০১ উপন্যাস)

আৰ ইউ এফ্ৰেইদ অৱ দ্য ডাৰ্ক? (ইংৰাজী: Are You Afraid of the Dark) বিখ্যাত ৰহস্য ঔপন্যাসিক ছিডনী শ্বেলডন ৰচিত এক থ্ৰিলাৰ উপন্যাস। ২০০৪ চনত প্ৰকাশিত হোৱা এই উপন্যাসখনেই তেওঁৰ শেষ উপন্যাস।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

বিশ্বৰ চাৰিখন জনবহুল চহৰত চাৰিজন মানুহক ৰহস্যজনকভাৱে নৃশংষতাৰে হত্যা কৰা হয়। চাৰিওজনৰ মাজত এটাই যোগসূত্ৰ আছিল: চাৰিওৱে এক শক্তিশালী পৰিৱেশ সচেতন চিন্তন মহল(থিংক টেংক) "কিংছলে ইন্টাৰনেশ্যনেল গ্ৰুপ"ৰ লগত জড়িত আছিল। হত্যাৰ বলি হোৱা চাৰিজনৰ ভিতৰত দুজনৰ বিধৱা পত্নী-চিত্ৰশিল্পী ডায়েনা ষ্টিভেন্স আৰু বিশ্ববিখ্যাত মডেল কেলী হেৰিছেহে এই হত্যাৰ কাৰণ জানিব পাৰে। এজনে আনজনৰ সন্দেহৰ বশৱৰ্তী হৈ তথা পদে পদে মৃত্যুৰ সন্মুখীন হৈয়ো দুয়ো স্বামী হত্যাৰ পোটক তুলিবলৈ অভিযান আৰম্ভ কৰে য'ত তেওঁলোকৰ একমাত্ৰ অস্ত্ৰ হ'ল তেওঁলোকৰ প্ৰত্যুত্‍পন্নমতিতা আৰু সাহস আৰু তেওঁলোকে এনে এক ষড়যন্ত্ৰৰ বিৰূদ্ধে যুঁজিব লাগিব যাৰ লক্ষ্য পৃথিৱীখনৰ মান বিশাল তথা বতাহৰ সমান সুৰুঙা বিহীন।

মৃত্যুৰ গৰাহৰ পৰা বাৰে বাৰে হাত সাৰি শেষত দুয়ো গম পায় যে কিংছলে ইন্টাৰনেশ্যনেল গ্ৰুপৰ গৰাকী টেনাৰ কিংছলেয়ে এক যন্ত্ৰ নিৰ্মাণ কৰে যাৰ দ্বাৰা কোনো এঠাইৰ বতৰ নিয়ন্ত্ৰণ কৰিব পাৰি। ভাল উদ্দেশ্যেৰে নিৰ্মাণ কৰিলেও টেনাৰে ইয়াক নিজা স্বাৰ্থত ব্যৱহাৰ কৰিব বুলি জানি সেই চাৰিজন কৰ্মচাৰীয়ে আৰক্ষীক ইয়াৰ খবৰ দিবলৈ সিদ্ধান্ত কৰে। ফলত তেওঁলোকক টেনাৰে হত্যা কৰোৱায়। যত্‍পৰোনাস্তি চেষ্টা কৰিও কেলী আৰু ডায়েনাক হৰুৱাব নোৱাৰা টেনাৰক অৱশেষত তেওঁৰ নিজ ভাতৃয়ে সেই যন্ত্ৰেৰেই হত্যা কৰে।

মতামত[সম্পাদনা কৰক]

গুগলবুকছে ইয়াক ৫ৰ ভিতৰত ৩ নম্বৰ[1] আৰু গুডৰীডছে ৩.৫ নম্বৰ[2] দিয়ে। কিৰকাছে মিশ্ৰিত সঁহাৰি দি কয় যে "শ্বেলডনে ইয়াক অনন্য দক্ষতাৰে লিখিছে। প্ৰতিটো বাক্যই কাহিনীক অধিক ৰহস্যঘন কৰি তোলে। তুমি পঢ়নযোগ্য কিন্তু অযথা আশ্চৰ্য্য কিছুমান গো-গ্ৰাসে পঢ়িব লাগিব।"[3] কাৰ্লডাপে কৈছে "পটভূমি কিছু অবিশ্বাস্য আৰু চৰিত্ৰসমূহ কিছু কৃত্ৰিম যেন লাগিলেও আৰ ইউ এফ্ৰেইদ অৱ দ্য ডাৰ্ক? সঁচাকৈয়ে এক সুন্দৰ গল্পকথন। থ্ৰিলাৰখনৰ প্ৰতিটো কথাই তোমাক আকৰ্ষণ কৰিব,তুমি শ্বাসৰূদ্ধভাৱে শেষলৈকে পাত লুটিয়াই যাবা আৰু কিতাপখন শেষ কৰাৰ পিছতো তুমি আৰু পঢ়িবলৈ বিচাৰিবা।"[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]