ৱিণ্ডমিলছ অৱ দ্য গডছ
| ৱিণ্ডমিলছ অৱ দ্য গডছ | |
|---|---|
| লেখক | ছিডনী শ্বেলডন |
| ভাষা | ইংৰাজী |
| প্ৰকাশক | ৱিলিয়াম ম’ৰ’ |
| প্ৰকাশ | ১৯৮৭ |
| পৃষ্ঠা সংখ্যা | ৩৮৪ |
| আই.এচ.বি.এন. | 0-688-06570-8 |
| অ.চি.এল.চি নং | 14273555 |
| ডুৱি ডেচিমেল | 813/.54 19 |
| এল চি শ্ৰেণীকৰণ | PS3569.H3927 W5 1987 |
| পূৰ্বৱৰ্তী | ইফ টুমৰ’ কামছ |
| পৰৱৰ্তী | দ্য ছেণ্ডছ অৱ টাইম |
ৱিণ্ডমিলছ অৱ দ্য গডছ হ’ল ১৯৮৭ চনত আমেৰিকান ঔপন্যাসিক ছিডনী শ্বেলডন ৰচিত এক ৰহস্যধৰ্মী উপন্যাস।
কাহিনীৰ সাৰাংশ
[সম্পাদনা কৰক]কানছাছ ষ্টেট য়ুনিভাৰ্ছিটিৰ মেৰী এশ্বলীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি প’ল এলিছনে ৰাষ্ট্ৰদূতৰ পদবী আগবঢ়াই। কিন্তু স্বামী ডাo এডৱাৰ্ড এশ্বলীৰ কামত ব্যাঘাত জন্মাব নিবিচাৰি মেৰীয়ে সেই পদ প্ৰত্যাখ্যান কৰে কাৰণ এখন দেশৰ কাৰণে এজন ৰাষ্ট্ৰদূত বিচৰাতকৈ কানছাছৰ দৰে সৰু চহৰৰ বাবে ভাল ডাক্তৰ এজন বিচৰাটো বহুগুনে টান কাম। কিন্তু এক সন্দেহজনক দুৰ্ঘটনাত স্বামীৰ মৃত্যু হোৱাত মেৰীয়ে জীৱনৰ শূন্যতা পূৰ কৰিবলৈ মেৰীয়ে ৰোমানিয়াৰ ৰাষ্ট্ৰদূতৰ পদবীটো স্বীকাৰ কৰে। কিন্তু তাত গৈ তেওঁ আৱিষ্কাৰ কৰে যে সকলোৱে তেওঁৰ বিৰূদ্ধে ষড়যন্ত্ৰ কৰাত লাগি আছে।
সৌন্দৰ্য আৰু পাণ্ডিত্যৰ অপূৰ্ব সমাহাৰ এই নতুন ৰাষ্ট্ৰদূত গৰাকী পূবা-পশ্চিম মুখামুখি নীতিৰ সফলতাৰে সমগ্ৰ বিশ্বৰ ঘটনাপ্ৰৱাহৰ দিশ সলনি কৰি দিবলৈ সক্ষম....কিন্তু এয়া সম্ভৱ যদিহে তেওঁ সিমান সময়লৈ জীয়াই থাকে। কাৰণ ইতিমধ্যে বিশ্বৰ আটাইতকৈ কুশল আৰু ৰহস্যময় হত্যাকাৰী সন্থাটোৱে মেৰীক তেওঁলোকৰ পৰৱৰ্তী লক্ষ্য হিচাপে বাচি লৈছে।
দুৰদৰ্শন ধাৰাবাহিক
[সম্পাদনা কৰক]উপন্যাসখনৰ লগত একে নামৰ জেকলীন স্মিথ অভিনীত ধাৰাবাহিক এখন ১৯৮৮ চনত সম্প্ৰচাৰিত হয়।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- SidneySheldon.com | Bookshelf Archived 2005-09-18 at the Wayback Machine
| পূৰ্বৱৰ্তী ইফ টুমৰ’ কামছ |
ছিডনী শ্বেলডন উনন্যাস ১৯৮৭ |
পৰৱৰ্তী দ্য ছেণ্ডছ অৱ টাইম |
| |||||||||||||||||||