ৰে'জ অৱ এঞ্জেল্‌ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰে'জ অৱ এঞ্জেল্‌ছ  
লেখক ছিডনী শ্বেলডন
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
প্ৰকাৰ থ্ৰিলাৰ উপন্যাস
প্ৰকাশক ৱিলিয়াম ম’ৰ’
প্ৰকাশ ১৯৮০
মিডিয়া প্ৰকাৰ মূদ্ৰণ (পকাবন্ধা আৰু কেঁচাবন্ধা)
আই.এচ.বি.এন. 978-0-446-35661-9

ৰে'জ অৱ এঞ্জেল্‌ছ ১৯৮০ চনত প্ৰকাশিত ছিডনী শ্বেলডনৰ এক উপন্যাস। এই উপন্যাসখনত জেনিফাৰ পাৰ্কাৰ নামৰ এগৰাকী মহিলা আইনবিদৰ কাহিনী আছে যিয়ে এক ভুল বুজাবুজিৰ পৰিণতিত জীৱনৰ সকলো আশা-সপোন হেৰুৱাই পেলায়। কালক্ৰমত জেনিফাৰে তাইৰ পুনৰুত্থানত সহায় কৰা এক ৰাজনীতিবিদ আৰু প্ৰথমতেই তাইক ভুল বুজাবুজিৰ চিকাৰ সজোৱা এক অপৰাধীৰ লগত প্ৰেমত পৰি দিক্‌বিদিক্‌ হেৰুৱায়।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

জেনিফাৰ পাৰ্কাৰ নিউয়ৰ্কৰ জিলা ন্যায়াগাৰৰ সহকাৰী উকিল। কিন্তু ধুনীয়া,অনভিজ্ঞ জেনিফাৰ অপৰাধ জগতৰ এক নামজ্বলা অপৰাধী মাইকেল ম’ৰেট্টিয়ে পেলোৱা এক জালত বন্দী হৈ পৰে। মেনহেট্টেনৰ চৰকাৰী অধিবক্তা ৰবাৰ্ট ডি ছিলভাই এই ঘটনাৱলীৰ কাৰণে জেনিফাৰক দোষী সাব্যস্ত কৰি তাইক কামৰ পৰা বৰ্খাস্ত কৰে আৰু তাইৰ কেৰিয়াৰ ধ্বংস কৰাৰ শপত গ্ৰহণ কৰে।

ঘটনাৰ সত্যাসত্য প্ৰমাণকৰা বুলি আনুষ্ঠানিকভাৱে দেখুৱাবলৈ ডি ছিলভাই আডাম ৱাৰ্ণাৰনামৰ এক যুৱ অধিবক্তাক জেনিফাৰৰ ওচৰলৈ পঠিয়ায়। কিন্তু আডামে গম পাই যে জেনিফাৰ নিৰ্দোষী। আডাম বিবাহিত হোৱা সত্ত্বেও দুয়োৰে মাজত প্ৰেমৰ সূত্ৰপাত হয় আৰু আডামে জেনিফাৰক আইনবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰে। আনহাতে দৃঢ়মনা জেনিফাৰৰ সফলতা দেখি মাইকেলে তাইক নিজা অধিবক্তা হিচাপে পাবলৈ বিচাৰে।

ইপিনে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আডামৰ এই বিবাহ বহিৰ্ভূত সম্পৰ্কৰ কথা জনাজাত হ’লে তেওঁৰ পৰাজয় নিশ্চিত বুলি ভাবি জেনিফাৰ আৰু আডামৰ পত্নী মেৰীয়ে নিৰ্বাচনলৈ বিবাহ বিচ্ছেদ তথা পুনৰ্বিবাহ নকৰিবলৈ সিদ্ধান্ত কৰে। কিন্তু মেৰীয়ে কৌশলেৰে আডামৰ লগত মিলিত হৈ নিজকে গৰ্ভৱতী কৰাত সক্ষম হয়। আডাম নিৰ্বাচনত জয়ী হয় কিন্তু পত্নীৰ গৰ্ভাৱস্থাৰ কথা জানি জেনিফাৰক কয় যে তেওঁ তাইক ভাল পায় কিন্তু দুয়োৰে মিলন অসম্ভৱ। জেনিফাৰে এয়া মানি লয় কিন্তু আডামৰ আগত উল্লেখ নকৰে যে আডামৰ লগত হোৱা প্ৰেমৰ পৰিণতিত তায়ো অন্তঃসত্তা।

জেনিফাৰে এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে যাৰ নাম ৰাখে য’শ্বুৱা আডাম পাৰ্কাৰ আৰু তাই নিজৰ কামত ব্যস্ত হৈ পৰে। ইপিনে মাইকেলে বাৰে বাৰে জেনিফাৰৰ লগত বন্ধুত্ব স্থাপনৰ চেষ্টা চলায় যদিও সফল নহয়। কিন্তু এবাৰ য’শ্বুৱাক এজন অপৰাধীয়ে অপহৰণ কৰি নিয়াত মাইকেলে তাক উদ্ধাৰ কৰে। ইয়াত কৃতজ্ঞ হৈ জেনিফাৰে মাইকেলৰ হৈ কাম কৰিবলৈ লয়। ঘটনাৰ পাকচক্ৰত যশ্বুৱাৰ মৃত্যু হয়। আডামৰে সম্পৰ্কৰ কথা জানি মাইকেলে জেনিফাৰক বিশ্বাসঘাটক বুলি ভাবে আৰু হত্যাৰ চেষ্টা কৰে। এফ বি আইৰ এক অভিযানত মাইকেলৰ মৃত্যু হয় আৰু আডামৰ প্ৰভাৱত জেনিফাৰ ৰক্ষা পৰে। আডামে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা দৃশ্য জেনিফাৰে টিভিত চাই থকা অৱস্থাত উপন্যাসখনৰ সমাপ্তি ঘটে।

চলচ্চিত্ৰ অভিযোজন[সম্পাদনা কৰক]

১৯৮৩ চনত ছিডনী শ্বেলডনছ ৰেজ অৱ এঞ্জেল্ছ নামৰ এক টেলিফিল্ম নিৰ্মিত হয় য’ত জেকলীন স্মিথ, আৰমাণ্ড আছন্টে আৰু কেন হাৱাৰ্ডে অভিনয় কৰে। 1986 চনত ইয়াৰ এক ছিকুৱেল ৰেজ অৱ এঞ্জেল্ছ: দ্য ষ্ট’ৰী কনটিন্যুজ নিৰ্মিত হয়।

১৯৮৬ চনত ইয়াৰ ওপৰত সম্যকভাৱে আধাৰ কৰি "ৰাজাৱিন্টে মাকান" নামৰ এক মালায়ালম চলচ্চিত্ৰ নিৰ্মিত হয় যিয়ে ইয়াৰ অভিনেতা মোহনলালক ৰাতিটোৰ ভিতৰতে এক তাৰকাত পৰিণত কৰে। এই ছবিখনে যথেষ্ট সফলতা লাভ কৰে। পিছলৈ ইয়াক "মাক্কাল এন পক্কম" নামেৰে তামিল ভাষাত পুনৰ্নিৰ্মাণ কৰা হয় য’ত সত্যৰাজ, অম্বিকা, ৰাজেশ, নাগেশ, ৰঘূৱৰণ আদিয়ে অভিনয় কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

পূৰ্বৱৰ্তী
ব্লাডলাইন
ছিডনী শ্বেলডন উপন্যাস
১৯৮০
পৰৱৰ্তী
মাষ্টাৰ অৱ দ্য গেম