সমললৈ যাওক

ইউৰেছিয়ান পিগমী শ্ৰীউ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউৰেছিয়ান পিগমী শ্ৰীউ
Eurasian pygmy shrew[1]
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Eulipotyphla
পৰিয়াল: Soricidae
গণ: Sorex
প্ৰজাতি: S. minutus
বৈজ্ঞানিক নাম
Sorex minutus
লিনীয়াছ, 1766
ইউৰেছিয়ান পিগমী শ্ৰীউৰ বিস্তাৰ

ইউৰেছিয়ান পিগমী শ্ৰীউ (ইংৰাজী :Eurasian pygmy shrew; বৈজ্ঞানিক নাম: Sorex minutus), এবিধ ইউৰেছিয়া অৰ্থাৎ ইউৰোপ আৰু এছিয়াৰ উত্তৰ অংশত পোৱা চিকাজাতীয় প্ৰাণী। ইয়াক প্ৰায়ে পিগমী শ্ৰীউ বুলিও কোৱা হয়। ই আয়াৰলেণ্ড একমাত্ৰ স্থানীয় শ্ৰীউ।[3] ইউৰেছিয়ান পিগমী শ্ৰীউ ভৰৰ হিচাপত পৃথিৱীৰ দ্বিতীয় ক্ষুদ্ৰতম স্তন্যপায়ী প্ৰাণী। ইয়াৰ গড় ভৰ মাত্ৰ ৪ গ্ৰাম।

এই জীৱবিধ দিন ৰাতি উভয়ে সক্ৰিয় হৈ থাকে। ইয়াৰ মূল খাদ্য সমূহ হ'ল, গছৰ গেলা পচা অংশ আৰু সৰু অমেৰুদণ্ডী পোক-পৰুৱা। ইহঁত সাধাৰণতে গাঁত খান্দি মাটিৰ তলত বাস কৰে।[4]ইয়াৰ সৰ্বোচ্চ ভৰ ৪ গ্ৰাম।[3] ইউৰেছিয়ান পিগমী শ্ৰীউৰ দেহৰ ভিতৰত সংঘটিত ৰসায়নিক বিক্ৰিয়াৰ হাৰ আৰু গতি দুয়োটা আন জীৱৰ তুলনাত আটাইতকৈ বেছি। সেয়ে জীয়াই থাকিবলৈ প্ৰতি দুঘণ্টাৰ মূৰে মূৰে ইহঁতক খাদ্যৰ প্ৰয়োজন।[5][6]

ইহঁতৰ প্ৰজনন কাল সাধাৰণতে এপ্ৰিলৰ পৰা আগষ্ট মাহলৈ। মাইকী শ্ৰীউ জনীয়ে এবাৰত দুটাৰ পৰা আঠটা পৰ্যন্ত পোৱালি জন্ম দিয়ে। পোৱালিবোৰ মাটিৰ তলত অৱস্থিত বাহত লালন পালন কৰা হয়। ইহঁতৰ গৰ্ভকাল মাত্ৰ তিনি সপ্তাহ। সেয়ে এবছৰত ইহঁতে পাঁচ বাৰ পোৱালি জগাব পাৰে। ইহঁতৰ জীৱন কাল মাত্ৰ ১৫ মাহ।[4]

২০০৮ চনৰ এপ্ৰিল মাহত আয়াৰলেণ্ডত গ্ৰেটাৰ হোৱাইট টুথদ শ্ৰীউ (ডাঙৰ বগা দঁতীয়া শ্ৰীউ) আৱিষ্কৃত হয়।[7] বিভিন্ন প্ৰকাৰৰ বাহ্যিক প্ৰজাতিৰ অন্তৰ্ভুক্তকৰণৰ বাবে বৰ্তমান এই সৰু প্ৰজাতিৰ স্তন্যপায়ী জীৱ সকলৰ জীৱন ধাৰণত ব্যাঘাত জন্মইছে। স্থানীয় পৰিস্থিতি তন্ত্ৰ আংশিক ভাবে সলনি হলেও এনে জীৱ সমূহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে।[7]

সাধাৰণ শ্ৰীউ আৰু পিগমী শ্ৰীউৰ মাজত আকাৰৰ তুলনা

তথ্য উৎস

[সম্পাদনা কৰক]
  1. সাঁচ:MSW3 Hutterer
  2. {{{assessors}}} (1996). Sorex minutus. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 2006-05-12.Database entry includes a brief justification of why this species is of least concern
  3. 1 2 "Irish mammals the Pygmy Shrew". http://homepage.eircom.net/~edrice/mammals/shrew.htm আহৰণ কৰা হৈছে: 2007-12-27.[সংযোগবিহীন উৎস]
  4. 1 2 "UK safari on Pygmy shrews". http://www.uksafari.com/pygmyshrews.htm আহৰণ কৰা হৈছে: 2007-12-27.[সংযোগবিহীন উৎস]
  5. "Phibius-log.blogspot.com Sorex minutus". http://phibius-log.blogspot.com/2007/07/sorex-minutus.html আহৰণ কৰা হৈছে: 2007-12-27.
  6. Burton, Robert; Burton, Maurice (1970). The international wildlife encyclopedia. Marshall Cavendish. পৃষ্ঠা. 2358–2359. ISBN 0-7614-7266-5. https://books.google.com/books?id=_YicMQmIA7wC&pg=PA2359&lpg=PA2359&dq=eurasian+pygmy+shrew+hour&source=bl&ots=URM2T1ow7c&sig=gClnGVsnoq0HStY8yGLpyipARLs&hl=en&ei=ybASTYejIInCnAe8iKHUCw&sa=X&oi=book_result&ct=result&resnum=5&ved=0CDYQ6AEwBDgK#v=onepage&q&f=false আহৰণ কৰা হৈছে: 22 December 2010.
  7. 1 2 "For Good Or Ill, Ireland Gains Another Mammal Species". Science Daily. 2008-04-28. http://www.sciencedaily.com/releases/2008/04/080428071113.htm আহৰণ কৰা হৈছে: 2008-05-07.

বহিঃসংযোগ

[সম্পাদনা কৰক]