ই. গায়ত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ইছাম্পতি গায়ত্ৰীৰ পৰা পুনঃনিৰ্দেশিত)
ইছাম্পতি গায়ত্ৰী
প্ৰাথমিক তথ্য
মূল অন্ধ্ৰপ্ৰদেশ, ভাৰত
সংগীতৰ প্ৰকাৰ ভাৰতীয় ধ্ৰুপদী সংগীত, চলচ্চিত্ৰ সংগীত
পেচা বীণা বাদক
বাদ্যযন্ত্ৰ বীণা

ইছাম্পতি গায়ত্ৰী (ইংৰাজী: Echampati Gayathri) হৈছে পৰম্পৰাগত কৰ্ণাটকী সংগীতৰ এগৰাকী স্বনামধন্য বীণাবাদক, যাক বীণা গায়ত্ৰী বুলিও জনা যায়। তেখেতৰ জন্ম হৈছিল ১৯৫৯ চনৰ ৯ নৱেম্বৰত।[1] ২০১৩ চনৰ নৱেম্বৰ মাহত তদানীন্তন তামিলনাডুৰ মুখ্যমন্ত্ৰী জয়ললিতাই তেখেতক "তামিলনাডু সংগীত আৰু ললিত কলা বিশ্ববিদ্যালয়"ৰ উপাচাৰ্য হিচাপে মনোনীত কৰে। তেখেত বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী উপাচাৰ্য।[2][3]

ই. গায়ত্ৰীয়ে ২০০২ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে। ইয়াৰ পূৰ্বে ১৯৮৪ চনত তেখেতে তামিলনাডু চৰকাৰৰ পৰা 'কলামতী' সন্মান অৰ্জন কৰে। তেখেতক এই সন্মান প্ৰদান কৰে ড॰ এম. জি. আৰে। ২০১১ চনত ই. গায়ত্ৰীয়ে পূৰ্ব মাদ্ৰাছ ৰ'টাৰী ক্লাৱৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে। ২০১১ চনত তদানীন্তন মুখ্যমন্ত্ৰী জয়ললিতাই তেখেতক চেন্নাই, থিৰুভায়াৰু, মাদুৰাই আৰু কৈম্বায়তুৰত থকা সংগীত মহাবিদ্যালয়সমূহৰ সন্মানীয় অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে। ২০১৭ চনত তেখেতক বিশ্ব তামিল বিশ্ববিদ্যালয়ে ডক্তৰেট সন্মানেৰে সন্মানীত কৰে।[4]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৫৯ চনৰ ন নৱেম্বৰত জন্মলাভ কৰা ই. গায়ত্ৰীৰ পিতৃ আছিল জি. অশ্বত্থামা আৰু মাতৃ আছিল কমলা অশ্বত্থামা। মাতৃ এগৰাকী প্ৰসিদ্ধ বীণা বাদক আছিল। আনহাতে পিতৃ জি. অশ্বত্থামা তেলেগু চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী সংগীত পৰিচালক আছিল।[5]দেউতাকে গায়ত্ৰীৰ নাম ৰাখিছিল গায়ত্ৰী বসন্ত শোবা। গায়ত্ৰীয়ে প্ৰাথমিক শিক্ষা লাভ কৰিছিল তেখেতৰ পিতৃ-মাতৃৰ তত্ত্বাৱধানতেই। দ্য হিন্দুৰ সৈতে সম্পন্ন হোৱা এটা বিশেষ সাক্ষাৎকাৰত এটা প্ৰশ্নৰ প্ৰত্যুত্তৰত শিল্পীগৰাকীয়ে মন্তব্য কৰে যে, “দৰাচলতে, মই তেতিয়া (শৈশৱতে) মোক পিতৃক সন্তুষ্ট কৰিব বিচাৰিছিলোঁ আৰু তেওঁৰ পৰা লাভ কৰা এটা প্ৰশংসায়েই মোক যথেষ্ট উৎফুল্ল কৰিছিল।”[6] পৰৱৰ্তী সময়ত ই. গায়ত্ৰীয়ে সংগীতা কালানিধি টি.এম. থ্যাগাৰঞ্জনৰ ওচৰত প্ৰশিক্ষণ লয়।[7] তেখেত আছিল এগৰাকী কৰ্ণাটকী সংগীতকাৰ আৰু সুৰকাৰ।

গায়ত্ৰীয়ে কৰ্মজীৱনৰ পাতনি মেলিছিল মাত্ৰ ন বছৰ বয়সতেই। ১৯৬৮ চনৰ সেই কালছোৱাত শ্ৰী পাৰ্থসাৰথি স্বামী সভাই তেখেতক ত্ৰিপ্লীকেনত পৰিৱেশন কৰিবলৈ আমন্ত্ৰিত কৰিছিল। তেখেতক মহাপুৰুষ থ্যাগাৰাজা মহোৎসৱত পৰিৱেশন কৰিবলৈ দিয়া হৈছিল। পৰৱৰ্তী সময়ত গায়ত্ৰীয়ে দেশে-বিদেশে বিভিন্ন ঠাইত বীণা বাদন পৰিৱেশন কৰি ভূয়সী প্ৰশংসা আৰু স্বীকৃতি আদায় কৰে।[8] গায়ত্ৰীয়ে বহুতো এলবামো মুকলি কৰিছে। গায়ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, আমেৰিকা গণৰাজ্য, ফ্ৰান্স, জাৰ্মানী, ছিংগাপুৰ আৰু মালয়েছিয়াৰ দৰে দেশত কলা পৰিৱেশন কৰিছে। সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ ভাৰতীয় সংগীতশিল্পী এ. আৰ. ৰহমানজন গণ মন শীৰ্ষক গীততো তেখেতে অংশগ্ৰহণ কৰিছে।

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

  • অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্বাৰা ১৩ বছৰ বয়সতে জ্যেষ্ঠ গ্ৰেড শিল্পীৰ সন্মান, ১৯৭৩ চনত।
  • ড॰ এম.জি.আৰ.ৰ পৰা 'কালাইমামণি' শীৰ্ষক তামিলনাডু ৰাজ্যিক বঁটা লাভ, ১৯৮৪ চনত।
  • ড॰ এ পি জে আব্দুল কালামৰ পৰা 'সংগীত নাটক একাডেমী বঁটা' লাভ, ২০০২ চনত[9]
  • মধ্যপ্ৰদেশ চৰকাৰৰ পৰা 'কুমাৰা গন্ধৰ্ব' সন্মান, ১৯৯৯ চনত।
  • চেন্নাইৰ ভাৰতীয় ললিত কলা সমাজৰ পৰা 'সংগীত কলাশিখামণি' সন্মান, ২০০১ চনত।[10]
  • শ্ৰী পাৰ্থসাৰথি স্বামী সভাৰ পৰা 'সংগীত কলাসাৰথি' সন্মান লাভ, ২০০৯ চনত।[5]
  • চেন্নাইৰ ৰ'টাৰি ইষ্টৰ পৰা 'জীৱনজোৰা সাধনাৰ বঁটা' লাভ, ২০১১ চনত।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Vice - Chancellor". Tamil Nadu Music and Fine Arts University. http://www.tnmfau.in/Vice-Chancellor.html। আহৰণ কৰা হৈছে: 24 August 2015. 
  2. "Vice Chancellor: University will have unique approach towards music". B. Vijayalakshmi. Deccan Chronicle. 22 November 2013. http://www.deccanchronicle.com/131122/news-current-affairs/article/vice-chancellor-university-will-have-unique-approach-towards। আহৰণ কৰা হৈছে: 24 August 2015. 
  3. "Gayathri is music varsity V-C". 21 November 2013. http://www.thehindu.com/news/national/tamil-nadu/gayathri-is-music-varsity-vc/article5372760.ece। আহৰণ কৰা হৈছে: 24 August 2015. 
  4. "Kurai Ondrum Illai-Aditya Anand-Harmonium". https://www.golectures.com/index.php?go=search&yti=Sb3J8kR1m30। আহৰণ কৰা হৈছে: 4 February 2021. [সংযোগবিহীন উৎস]
  5. 5.0 5.1 Balasubramanian, V. (17 December 2009). "On a nostalgic November evening". The Hindu. http://www.thehindu.com/features/friday-review/music/article64870.ece. 
  6. "On a nostalgic November evening". The Hindu. https://www.thehindu.com/features/friday-review/music/On-a-nostalgic-November-evening/article16853771.ece। আহৰণ কৰা হৈছে: 4 February 2021. 
  7. "Gayathri Echampati". indiamusicinfo.com. Archived from the original on 14 December 2012. https://web.archive.org/web/20121214014706/http://www.indiamusicinfo.com/profiles/carnatic/gayathri.html। আহৰণ কৰা হৈছে: 24 December 2008. 
  8. "On a nostalgic November evening". 17 December 2009. http://www.thehindu.com/features/friday-review/music/on-a-nostalgic-november-evening/article64870.ece। আহৰণ কৰা হৈছে: 24 August 2015. 
  9. "Sangeet Natak Akademi Puraskar (Akademi Awards)". Sangeet Natak Akademi. Archived from the original on 17 February 2012. https://web.archive.org/web/20120217185616/http://www.sangeetnatak.org/sna/awardeeslist.htm. 
  10. "Sangeetha Kala Sikhamani' conferred on Gayathri". The Hindu. 19 December 2001. http://www.thehindu.com/thehindu/2001/12/19/stories/2001121902090500.htm। আহৰণ কৰা হৈছে: 24 August 2015.