ইব্ৰাহিম ৰাইছি
অৱয়ব
ছৈয়দ ইব্ৰাহিম ৰাইছি আল ছাদাতি | |
---|---|
ইৰাণৰ ৮ম ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ৩ আগষ্ট ২০২১ – ১৯ মে’ ২০২৪ | |
পূৰ্বসূৰী | হাছান ৰৌহানী |
ইৰাণৰ মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ৭ মাৰ্চ ২০১৯ – ৩ আগষ্ট ২০২১ | |
নিয়োগকৰ্তা | আলী খামেনেই |
পূৰ্বসূৰী | সাদেক লাৰিজানী |
উত্তৰসূৰী | গোলাম-হোছেইন মহছেনী-এজেয়ী |
ইৰাণৰ এটৰ্নী জেনেৰেল | |
কাৰ্যকাল ২০১৪ – ২০১৬ | |
পূৰ্বসূৰী | গোলাম-হোছেইন মহছেনী-এজেয়ী |
উত্তৰসূৰী | মহম্মদ জাফৰ মন্টাজেৰী |
ইৰাণৰ উপ মুখ্য ন্যায়াধীশ | |
কাৰ্যকাল ২০০৪ – ২০১৪ | |
নিয়োগকৰ্তা | মাহমুদ হাশ্বেমি শ্বাহৰুদী |
ব্যক্তিগত তথ্য | |
জন্ম | ১৪ ডিচেম্বৰ, ১৯৬০ মাছহাদ, ইৰাণ |
মৃত্যু | ১৯ মে', ২০২৪ (৬৩ বছৰ) বাৰ্জাকান, ইৰাণ |
দাম্পত্যসঙ্গী | জামিলেহ আলামোলহোদা |
সন্তান | ২ |
শিক্ষানুষ্ঠান | মফিড বিশ্ববিদ্যালয় |
ছৈয়দ ইব্ৰাহিম ৰাইছি আল ছাদাতি (১৪ ডিচেম্বৰ ১৯৬০ – ১৯ মে' ২০২৪) আছিল এজন ইৰাণী ৰাজনীতিবিদ আৰু ন্যায়াধীশ। ২০২১ চনৰ নিৰ্বাচনত তেওঁ জয়লাভ কৰিছিল আৰু ৩ আগষ্ট ২০২১ৰ পৰা ১৯ মে’ ২০২৪লৈ মৃত্যুৰ পূৰ্বলৈকে ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][2]
মৃত্যু
[সম্পাদনা কৰক]২০২৪ চনৰ ১৯ মে’ দেওবাৰে পূব আজাৰ বায়জান প্ৰদেশৰ জালপাই অঞ্চলত ৰাষ্ট্ৰপতি ইলহাম আলিৰ সৈতে জলাশয় প্ৰকল্প উদ্বোধন কৰি উভতি অহাৰ পথত উত্তৰ-পশ্চিম ইৰাণৰ ভাৰ্জাকান অঞ্চলৰ এখন অৰণ্যত ইব্ৰাহিম ৰাইছি কঢ়িয়াই অনা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। সেই দুৰ্ঘটনাত ইব্ৰাহিম ৰাইছি, ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ান আৰু হেলিকপ্টাৰত থকা সকলো অৰ্থাৎ ৯ জন লোকৰ মৃত্যু হয়।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Taylor, Jerome (20 May 2024). "Drone footage shows wreckage of crashed helicopter". CNN. https://www.cnn.com/middleeast/live-news/raisi-iran-president-helicopter-crash/h_f56d9dc05b70138e1dacf0cfa1daa796। আহৰণ কৰা হৈছে: 20 May 2024.
- ↑ "Iran's president, foreign minister martyred in copter crash". Mehr News Agency. 20 May 2024. https://en.mehrnews.com/news/215381/Iran-s-president-foreign-minister-martyred-in-copter-crash.
- ↑ "Helicopter carrying Iran's president suffers a 'hard landing,' state TV says without further details" (en ভাষাত). AP News. 2024-05-19. https://apnews.com/article/iran-helicopter-raisi-b483ba75e4339cfb0fe00c7349d023b8। আহৰণ কৰা হৈছে: 2024-05-19.