ইলা (দেৱতা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
ইল
ইলা
Budhadeva.jpg
ইলাৰ সৈতে বুধ
দেৱনাগৰী इल/इला
সম্পৰ্ক দেৱী
নিবাস বুধলোক
মন্ত্ৰ ওঁ‌ম ইলায় নমঃ
সঙ্গী বুধ (নাৰীৰ ৰূপ লওঁতে)
সহোদৰ ইক্ষাকু আৰু অন্য ৯ গৰাকী
সন্তান পুৰুৰবা (নাৰীৰ ৰূপ লওঁতে হোৱা পুত্ৰ)
উৎকল, গয়া আৰু বিনতাশ্ব (পুৰুষৰ ৰৰুপ লওঁতে হোৱা পুত্ৰ)

ইল (সংস্কৃত: इल) বা ইলা (সংস্কৃত: इला) হৈছে হিন্দু আখ্যানৰ এক উভয়লিংগী দেৱতা। তেওঁ নিজৰ লিংগ পৰিৱৰ্তনৰ বাবে খ্যাত। এজন পুৰুষ হিচাপে, তেওঁক ইল বা সুদুম্ন নামেৰে জনা যায় আৰু এগৰাকী নাৰী হিচাপে তেওঁক ইলা নামেৰে পৰিচিত। ইলাক ভাৰতীয় চন্দ্ৰবংশী ৰজাসকলৰ মুখ্য বংশধৰ বুলি গণ্য কৰা হয়। তেওঁলোকক ঐল ("ইলাৰ বংশধৰ") নামেৰেও জনা যায়।

এই কাহিনীটোৰ বহুকেইটা সংস্কৰণ আছে যদিও ইলাক সাধাৰণতে বৈভাস্বত মনুৰ কন্যা বা পুত্ৰ তথা সূৰ্যবংশৰ প্ৰতিষ্ঠাপক ইক্ষাকুৰ সহোদৰ বুলি বৰ্ণনা কৰা হয়। যিসমূহ সংস্কৰণত জন্মসূত্ৰে ইলা নাৰী, সেই সংস্কৰণসমূহত, তেওঁ জন্মৰ পিছতে দৈৱিক অনুগ্ৰহৰ ফলত পুৰুষলৈ ৰূপান্তৰিত হয়। প্ৰাপ্তবয়স্ক অৱস্থাত ভুলতে এক পৱিত্ৰ বনাঞ্চলত প্ৰৱেশ কৰাৰ পিছত ইলাক প্ৰতি মাহে তেওঁৰ লিংগ পৰিৱৰ্তন হোৱাৰ অথবা নাৰী হোৱাৰ অভিশাপ দিয়া হয়।

এগৰাকী নাৰী হিচাপে ইলা বুধ গ্ৰহৰ দেৱতা তথা চন্দ্ৰৰ (সোম) পুত্ৰ বুধক বিয়া কৰায় আৰু তেওঁক চন্দ্ৰ ৰাজবংশৰ প্ৰতিষ্ঠাতা পুৰুৰবা নামৰ এক পুত্ৰ সন্তানৰ জন্ম দিয়ে। পুৰুৰবাৰ জন্মৰ পিছত ইলা পুনৰ এজন পুৰুষলৈ ৰূপান্তৰিত হয় আৰু তিনিজন পুত্ৰৰ পিতৃত্ব অৰ্জন কৰে।

বেদত ইলাক বাক দেৱী ইডা (সংস্কৃত: इडा) আৰু পুৰুৰবাৰ মাতৃ হিচাপে বৰ্ণনা কৰা হৈছে। ইলাৰ লিংগ পৰিৱৰ্তনৰ কাহিনী পুৰাণসমূহৰ লগতে ভাৰতীয় মহাকাব্য ৰামায়ণ আৰু মহাভাৰততো বৰ্ণনা কৰা হৈছে।

জন্ম[সম্পাদনা কৰক]

লিঙ্গ পুৰাণ আৰু মহাভাৰতৰ আখ্যান অনুসৰি, মানৱজাতিৰ বংশধৰ বৈভাস্বত মনু আৰু তেওঁৰ পত্নী শ্ৰদ্ধাৰ জ্যেষ্ঠ কন্যা হিচাপে ইলাই জন্ম গ্ৰহণ কৰে। অৱশ্যে তেওঁৰ পিতৃ-মাতৃয়ে এজন পুত্ৰৰ কামনা কৰিছিল আৰু সেয়েহে তেওঁলোকে মিত্ৰ আৰু বৰুণক আৰাধনা কৰে। ফলস্বৰূপে দেৱতাসকলে ইলাৰ লিংগ পৰিৱৰ্তন কৰে। ইয়াৰ পিছত তেওঁৰ নাম সুদুম্মা ৰখা হৈছিল।[1] ভাগৱত পুৰাণ, দেৱী-ভাগৱত পুৰাণ,[2] কুৰ্ম পুৰাণ, হৰিবংশ, মাৰ্কণ্ডেয় পুৰাণ আৰু পদ্ম পুৰাণৰ বৰ্ণনা অনুসৰি, ইলাৰ পিতৃ-মাতৃয়ে দীৰ্ঘদিন ধৰি সন্তানৰ মুখ দেখা নাছিল। তেওঁ‌লোকে অগস্ত্যৰ কাষ চাপে আৰু ঋষিয়ে দম্পতীহালৰ বাবে পুত্ৰ প্ৰাপ্ত কৰিবলৈ মিত্ৰ আৰু বৰুণক উৎসৰ্গিত এক যজ্ঞ সম্পন্ন কৰে। ৰীতি-নীতিৰ কিবা ত্ৰুটি, বা যথোপযুক্ত উছৰ্গা আগবঢ়োৱাত ব্যৰ্থ হোৱাৰ বাবে, মিত্ৰ আৰু বৰুণে পুত্ৰৰ পৰিৱৰ্তে তেওঁলোকৰ কোলালৈ এগৰাকী কন্যা প্ৰেৰণ কৰে। কাহিনীৰ এক সংস্কৰণৰ মতে, ভুল স্তোত্ৰবোৰ সংশোধন কৰাৰ পিছত আৰু পুত্ৰক ইলা বুলি কোৱাৰ পিছত ইলাৰ লিংগৰ পৰিৱৰ্তন হয়।[3] অন্য এক সংস্কৰণ অনুসৰি, শ্ৰদ্ধাই এজনী কন্যা সন্তানৰ কামনা কৰিছিল আৰু বশিষ্ঠই যজ্ঞৰ আহুতি দিয়াৰ সময়ত তেওঁৰ ইচ্ছাক মানি লৈছিল। এনেদৰেই এজনী কন্যাৰ জন্ম হৈছিল। অৱশ্যে মনুৱে এটা পুত্ৰ বিচাৰিছিল আৰু সেয়েহে বশিষ্ঠই বিষ্ণুক তেওঁৰ জীয়েকৰ লিংগ সলনি কৰিবলৈ আহ্বান জনাইছিল। ইলাৰ নাম ৰখা হৈছিল সুধ্যোম্ন।[4] ইলাক মনুৰ জ্যেষ্ঠ বা কনিষ্ঠ সন্তান বুলি বৰ্ণনা কৰা হৈছে। মনুৰ সন্তান হিচাপে ইলাৰ নজন ভ্ৰাতৃ আছিল। ইয়াৰে ভিতৰ আটাইতকৈ উল্লেখযোগ্য আছিল সূৰ্যবংশৰ প্ৰতিষ্ঠাপক ইক্ষাকু।[5][6] মনুৰ পুত্ৰ হিচাপে ইলা হৈছে সূৰ্যদেৱতাৰ নাতি।[7] বায়ু পুৰাণ আৰু ব্ৰহ্মাণ্ড পুৰাণত পোৱা আন এক বিৱৰণ অনুসৰি, ইলাই নাৰী হিচাপে জন্ম গ্ৰহণ কৰিছিল আৰু নাৰী হৈয়েই জীৱন অতিবাহিত কৰিছিল।[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Williams, George Mason (2003). Handbook of Hindu mythology. প্ৰকাশক Saint Barbara: ABC-CLIO Inc.. পৃষ্ঠা. 156. ISBN 978-1-57607-106-9. https://archive.org/details/isbn_9791576071068. 
  2. For translation, see Swami Vijnanananda (2008). The S'Rimad Devi Bhagawatam. 1. BiblioBazaar, LLC. পৃষ্ঠা. 62–6. ISBN 978-1-4375-3059-9. https://books.google.com/books?id=kt02ZSt2Q8AC&q=Ila+Budha&pg=PA62. 
  3. Conner & Sparks (1998), p. 183, "Ila/Sudyumna"
  4. Hudson, D. Dennis (2008). The body of God: an emperor's palace for Krishna in eighth-century Kanchipuram. Oxford University Press US. পৃষ্ঠা. 413–4. ISBN 978-0-19-536922-9. https://books.google.com/books?id=IMCxbOezDi4C. 
  5. Samuel, Geoffrey (2008). The origins of yoga and tantra: Indic religions to the thirteenth century. Cambridge University Press. পৃষ্ঠা. 67–8. ISBN 978-0-521-69534-3. https://books.google.com/books?id=JAvrTGrbpf4C&q=Ila&pg=PA67. 
  6. 6.0 6.1 Pargiter, F.E. (1972). Ancient Indian Historical Tradition. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 253–4. 
  7. Shulman p.59