সমললৈ যাওক

ঈদ মোবাৰক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঈদ মোবাৰক (আৰবী: عيد مبارك) – মুছলমানসকলৰ এক ঐতিহ্যবাহী শুভেচ্ছা বাক্য, যাক মুছলমানসকলে ঈদ-উল-ফিতৰ আৰু ঈদ-উল-আজহাত পৰস্পৰে পৰস্পৰক কৈ শুভেচ্ছা জনায়। ঈদ শব্দৰ অৰ্থ হৈছে আনন্দ বা উদ্‌যাপন আৰু মোবাৰক শব্দৰ অৰ্থ কল্যাণময়, অৰ্থাৎ ঈদ মোবাৰক শব্দৰ অৰ্থ হৈছে ঈদ বা আনন্দ উদ্‌যাপন কল্যাণময় হওক। কোনো ৰাষ্ট্ৰত এই শুভেচ্ছা বিনিময় এটা সাংস্কৃতিক ঐতিহ্য আৰু কোনো ধৰ্মীয় বাধ্যবাধকতাৰ অংশ নহয়। তথাপি, এই শুভেচ্ছা বাণী মাত্ৰ এই দুই মুছলিম উৎসৱৰ সময়ত ব্যৱহৃত হয়৷[1][2]

আঞ্চলিক বৈচিত্ৰ্য

[সম্পাদনা কৰক]

মুছলিম বিশ্বত ঈদ-উল-আযহা ও ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনোৱাৰ বাবে অন্যান্য আৰু বহু শুভেচ্ছা বাক্য আছে। ঈদ-উল-ফিতৰত নবী মহম্মদ সাহাবী সকলৰ সৈতে সাক্ষাৎকাৰৰ সময়ত এজনে আনজনক কৈছিল, "তাকাব্বাল্লাহু মিন্না ওয়া মিনকুম" (আল্লাহ আমাৰ ও আপোনালোকৰ পক্ষৰ পৰা কবুল কৰক)। মুছলিম বিশ্ব ব্যাপি ঈদ শুভেচ্ছা বিনিময়ত বহু বৈচিত্ৰ্য বিদ্যমান।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]