উত্তৰ চেণ্টিনেল দ্বীপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ চেণ্টিনেল দ্বীপ
ভৌগোলিক
অৱস্থান বংগোপ সাগৰ
ভৌগোলিক স্থানাংক 11°33′25″N 92°14′28″E / 11.557°N 92.241°E / 11.557; 92.241স্থানাংক: 11°33′25″N 92°14′28″E / 11.557°N 92.241°E / 11.557; 92.241
দ্বীপপুঞ্জ আন্দামান দ্বীপপুঞ্জ
মাটিকালি ৫৯.৬৭ km2 (23.039 sq mi)
দৈৰ্ঘ্য ৭.৮ km (4.85 mi)
প্ৰস্থ ৭.০ km (4.35 mi)
তটৰেখা ৩১.৬ km (19.64 mi)
সৰ্বোচ্চ উচ্চতা ১২২ m (400 ft)
ৰাষ্ট্ৰ
জনগাঁথনি
জাতিৰ নাম উত্তৰ চেণ্টিনেলী জনগোষ্ঠী
জনসংখ্যা 39[1]
অতিৰিক্ত তথ্য
প্ৰশাসনিক ৱেবছাইট andaman.nic.in

উত্তৰ চেণ্টিনেল দ্বীপ বঙ্গোপসাগৰত স্থিত আন্দামান দ্বীপপুঞ্জৰ এটা দ্বীপ। এই দ্বীপ চেণ্টিনেলী জনগোষ্ঠীৰ বাসস্থান,[2] যিসকল স্বেচ্ছামূলক বিচ্ছিন্নতাত জীৱন জাপন কৰে। অৰ্থাৎ তেওঁলোকে বাহিৰৰ জগতৰ সৈতে কোনো ধৰণৰ সংস্পৰ্শ নাৰাখে আৰু প্ৰায়ে বলপূৰ্বকভাৱে, বাহিৰৰ জগতৰ পৰা নিজৰ বিচ্ছিন্নতা ৰক্ষা কৰে। [3]দ্বীপটোৰ দৈৰ্ঘ্য প্ৰায় ৮ কিলোমিটাৰ (৫.০ মাইল) আৰু বহল ৭ কিলোমিটাৰ (৪.৩ মাইল) আৰু ইয়াৰ আয়তন প্ৰায় ৬০ বৰ্গ কিলোমিটাৰ (২৩ বৰ্গমাইল)।

১৯৫৬ চনৰ আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ আদিবাসী জনজাতি সুৰক্ষা আইন[4] অনুসৰি দ্বীপটোলৈ যাত্ৰা কৰা নিষিদ্ধ, আৰু ৫ নটিকেল মাইল (৯.৩ কিলোমিটাৰ)তকৈ ওচৰৰ যিকোনো ধৰণৰ পৰিবহন নিষিদ্ধ, যাতে এই জনজাতীয় সম্প্ৰদায়ক "মূল ভূখণ্ড" সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰিব পৰা যায় । ইয়াৰ কাৰণ হʼলযে তেওঁলোকৰ (সম্ভৱতঃ) কোনো আয়ত্ব কৰা ৰোগৰ প্ৰতিৰোধ ক্ষমতা কম। এই অঞ্চলত কেৱল ভাৰতীয় নৌসেনাৰহে টহলৰ অনুমতি আছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Mysterious 'lost' tribe kills US tourist". news.com.au. November 22, 2018. https://www.news.com.au/lifestyle/real-life/american-tourist-killed-by-bow-and-arrow-after-he-landed-on-a-remote-island-in-the-indian-ocean/news-story/7157ade6b6b9a1f69f140f74f9ab8b24. 
  2. "A visit to North Sentinel island: 'Please, please, please, let us not destroy this last haven'". https://scroll.in/article/903254/a-visit-to-north-sentinel-island-please-please-please-let-us-not-destroy-this-last-haven। আহৰণ কৰা হৈছে: 24 November 2018. 
  3. Sasikumar, M. U. N. D. A. Y. A. T. (2018). The Sentinelese of the north Sentinel Island: Concerns and perceptions. Journal of the Anthropological Survey of India, 67(1), 37-44.
  4. "Ten Indian families world knows nothing about" (en ভাষাত). The Times of India. 2018-11-25. http://timesofindia.indiatimes.com/articleshow/66744174.cms.