উদ্ভিদৰ তীব্ৰ সঞ্চালন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ভেনাছ ফ্লাইট্ৰেপ হৈছে তীব্ৰ সঞ্চালন কৰিব পৰা এবিধ ক্ষুদ্ৰ মাংসভোজী উদ্ভিদ।

উদ্ভিদৰ তীব্ৰ সঞ্চালন (ইংৰাজীRapid plant movement) হৈছে অতি কম সময়ত, সাধাৰণতে এক ছেকেণ্ডৰ ভিতৰত সৃষ্টি হোৱা এক প্ৰকাৰৰ উদ্ভিদৰ চলন। যেনে, ভেনাছ ফ্লাইট্ৰেপৰ পিঞ্জৰাটো প্ৰায় ১০০ মিলিছেকেণ্ডত বন্ধ হয়।[1] মাত্ৰ ০.৫ মিলিছেকেণ্ডৰ ভিতৰত ডগউড ব্ৰাঞ্চবেৰীফুলৰ পাহি খোল খায় আৰু ৰেণুবোৰ সিঁচৰতি হৈ পৰে। আটাইতকৈ তীব্ৰ সঞ্চালন ঘটে বগা নুনী উদ্ভিদৰ। ইয়াৰ ফুলৰ ৰেণুবোৰ স্ৰী-ধানীৰ পৰা মাত্ৰ ২৫ মাইক্ৰ’ছেকেণ্ডত সঞ্চাৰণ ঘটে।[2]

সাধাৰণতে উদ্ভিদত দেখা পোৱা মন্থৰ গতিৰ "বৃদ্ধি-চলন", যাক ট্ৰ’পিজিম বুলি কোৱা হয়, তাতকৈ এই তীব্ৰ চলন বহু পৃথক। ট্ৰ’পিজিম হৈছে উদ্ভিদৰ শাৰীৰিক, স্থায়ী স্থানান্তৰ আনহাতে তীব্ৰ সঞ্চালন আপেক্ষিক, ই পুনৰ আগৰ অৱস্থালৈ ঘুৰি আহে আৰু ই নিচেই কম সময়ত সম্পন্ন হয়। উদ্ভিদে এই তীব্ৰ সঞ্চালন আহৰণ কৰিবলৈ বহুতো প্ৰক্ৰিয়া ব্যৱহাৰ কৰিবলগীয়া হয়। স্ফাগ্নাম মছৰ ৰেণু সঞ্চাৰণ প্ৰক্ৰিয়াৰ দৰে অতি তীব্ৰ চলনত জল-প্ৰত্যাহাৰৰ দ্বাৰা সৃষ্ট আভ্যন্তৰীণ চাপৰ যোগেদি হঠাৎ ৰেণু সঞ্চাৰিত হোৱা কাৰ্য সংঘটিত হয়। ভেনাছ ফ্লাইট্ৰেপ বা ব্লাডাৰৱৰ্টৰ দৰে উদ্ভিদত পতংগ বা অন্য জীৱৰ সংস্পৰ্শত সৃষ্টি হোৱা বৈদ্যুতিক বিভৱৰ বাবেও সঞ্চালন কাৰ্য সম্পন্ন হয়।[3] লাজুকী লতাৰ পাত জাপখোৱাৰ দৰে মন্থৰ সঞ্চালন উদ্ভিদ কোষত সংঘটিত হোৱা পূৰ্বৱত হ’ব পৰা, কিন্তু পানীৰ চাপৰ তীব্ৰ বা অসম পৰিবৰ্তনৰ বাবে হ’ব পাৰে।[4] কোষৰ বাহিৰ আৰু ভিতৰত থকা আয়নৰ অস্থিৰতা আৰু আয়ন অভিবাহ (স্ৰোত, সোঁত) পানীৰ প্ৰতি প্ৰদৰ্শন কৰা ৰসাকৰ্ষণৰ সঁহাৰিয়ে এই প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে।[5]

১৮৮০ চনত মৃত্যুৰ আগতে চাৰ্লছ ডাৰউইনে উদ্ভিদৰ চলন সম্পৰ্কত দ্য পাৱাৰ অৱ ম’ভমেণ্ট ইন প্লেণ্ট (ইংৰাজীThe Power of Movement in Plants) নামৰ এখন কিতাপ প্ৰকাশ কৰি গৈছিল।

চিকাৰ ধৰা উদ্ভিদ[সম্পাদনা কৰক]

পাত আৰু উপ-পত্ৰ সঞ্চালন কৰা উদ্ভিদ[সম্পাদনা কৰক]

কিছুমান উদ্ভিদৰ পাত অথবা উপ-পত্ৰ স্পৰ্শৰ দৰে যান্ত্ৰিক উদ্দীপনাৰ বাবে সঞ্চালিত হয়:

চুই দিলে জই পৰি যোৱা নিলাজী বন

পাত বা উপ-পত্ৰৰ তীব্ৰ সঞ্চালন খালী চকুৰে ধৰিব পৰা উদ্ভিদ:

তীব্ৰ সঞ্চালনৰ দ্বাৰা ৰেণু সঞ্চাৰিত কৰা উদ্ভিদ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Forterre, Y., J.M. Skotheim, J. Dumais & L. Mahadevan 2005. "How the Venus flytrap snaps.". //www.oeb.harvard.edu/faculty/dumais/Publications/Nature2005.pdf.  (318 KB) Nature 433: 421–425. doi:10.1038/nature03185
  2. 2.0 2.1 Taylor, P.E., G. Card, J. House, M. H. Dickinson & R.C. Flagan 2006. High-speed pollen release in the white mulberry tree, Morus alba L.. Sexual Plant Reproduction 19(1): 19–24. doi:10.1007/s00497-005-0018-9
  3. Poppinga, Simon; Weisskopf, Carmen; Westermeier, Anna Sophia; Masselter, Tom; Speck, Thomas (2016-01-01). "Fastest predators in the plant kingdom: functional morphology and biomechanics of suction traps found in the largest genus of carnivorous plants". AoB PLANTS খণ্ড 8. doi:10.1093/aobpla/plv140. PMID 26602984. PMC 4717191. https://academic.oup.com/aobpla/article/doi/10.1093/aobpla/plv140/2609493/Fastest-predators-in-the-plant-kingdom-functional. 
  4. Martone, Patrick T.; Boller, Michael; Burgert, Ingo; Dumais, Jacques; Edwards, Joan; Mach, Katharine; Rowe, Nick; Rueggeberg, Markus et al. (2010-11-01). "Mechanics without Muscle: Biomechanical Inspiration from the Plant World". Integrative and Comparative Biology খণ্ড 50 (5): 888–907. doi:10.1093/icb/icq122. ISSN 1540-7063. https://academic.oup.com/icb/article/50/5/888/644877/Mechanics-without-Muscle-Biomechanical-Inspiration. 
  5. Forterre, Yoël (2013-11-01). "Slow, fast and furious: understanding the physics of plant movements". Journal of Experimental Botany খণ্ড 64 (15): 4745–4760. doi:10.1093/jxb/ert230. ISSN 0022-0957. https://academic.oup.com/jxb/article/64/15/4745/462045/Slow-fast-and-furious-understanding-the-physics-of. 
  6. JSTOR Global Plants Compilation:Aeschynomene americana
  7. JSTOR Global Plants Compilation: Aeschynomene deightonii
  8. Missouri Botanical Garden: Averrhoa carambola
  9. JSTOR Global Plants Compilation: Biophytum abyssinicum
  10. JSTOR Global Plants Compilation: Biophytum helenae
  11. JSTOR Global Plants: Biophytum petersianum
  12. JSTOR Global Plants Compilation: Biophytum reinwardtii
  13. 13.0 13.1 The Gardens' Bulletin Singapore 49 (1) (1997)
  14. Tony D. Auld (1996). "Ecology of the Fabaceae in the Sydney region: fire, ants and the soil seedbank". Cunninghamia খণ্ড 4 (4): 531–551. //www.rbgsyd.nsw.gov.au/__data/assets/pdf_file/0005/57848/Cun4Aul531.pdf 
  15. Matt Lavin (2001). "Fabaceae". Macmillan Reference USA. //www.novelguide.com/a/discover/plsc_02/plsc_02_00131.html. 
  16. "Marantaceae in Flora of North America @". Efloras.org. //www.efloras.org/florataxon.aspx?flora_id=1&taxon_id=10535। আহৰণ কৰা হৈছে: 2011-07-18. 
  17. Lophophora blog: Thigmotropic stamens