পাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
The leaves of a Beech tree
3D rendering of a µCT scan of a leaf piece, resolution circa 40 µm/voxel.

পাত (ইংৰাজী: Leaf) উদ্ভিদৰ অংগজ অংগ৷ কাণ্ডৰ গাঁঠিৰ পৰা এইবিলাক বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হয়৷ এইবিলাক দেখাত সেউজীয়া আৰু চেপেটা হয়৷ কাণ্ড বা শাখা-প্ৰশাখাৰ গাঁঠিৰ পৰা বহিৰ্জনিষ্ণুভাৱে উৎপন্ন হোৱা বহল, চেপেটা, পাৰ্শ্বীয় অংগজ অংগটোক পাত বোলে৷ সাধাৰণতে পাত কাণ্ড বা শাখা-প্ৰশাখাৰ ওপৰত অগ্ৰোমুখভাৱে (acropetally) সজ্জিত হৈ থাকে আৰু এইবিলাকৰ কক্ষত এক বা একাধিক মুকুল থাকে৷ সেউজীয়া হোৱাত এইবিলাকে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰিব পাৰে৷ সালোকসংশ্লেষণৰ বাহিৰেও আৰু প্ৰস্বেদন বিভিন্ন গেছীয় পদাৰ্থৰ আদান-প্ৰদান পাতৰ মাধ্যমত হয়৷[1]

পাতৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

  1. কাণ্ড বা শাখাৰ গাঁঠিৰ পৰা উৎপন্ন হোৱা সেউজীয়া পাৰ্শ্বীয় অংগজ অংগ৷
  2. ক্ল’ৰফিল থকা বাবে এইবিলাক দেখাত সেউজীয়া বৰণৰ হয়৷
  3. এইবিলাক কাণ্ড বা শাখাৰ গাঁঠিৰ পৰা বহিৰ্জনিষ্ণুভাৱে (exogenously) উৎপন্ন হয়৷
  4. পাতৰ কক্ষত সদায় কক্ষমুকুল থাকে৷
  5. এইবিলাক কাণ্ড বা শাখাৰ ওপৰত অগ্ৰোমুখভাৱে (acropetally) সজ্জিত হৈ থাকে৷
  6. পাতৰ বৃদ্ধি নিৰ্দিষ্ট বা নিয়ত (definite) হয়৷

পাতৰ প্ৰকাৰ[সম্পাদনা কৰক]

অৱস্থান, আকৃতি আৰু প্ৰকৃতি অনুযায়ী পাত বিভিন্ন প্ৰকাৰৰ হয়৷

  • শল্কপত্ৰ বা কেটাফিল (Scale leaf or cataphylls) : এইবিলাক সাধাৰণতে শুকান (কেতিয়াবা ৰসাল হয়, যেনে-পিঁয়াজ, নহৰু আদিৰ ক্ষেত্ৰত), ঈষৎ বাদামী ৰঙৰ পাতল পাত, যিবিলাক কাণ্ডৰ গাঁঠিৰ পৰা উৎপন্ন হয়৷ এইধৰণৰ পাতৰ কক্ষত কক্ষমুকুল থাকে৷ ৰাইয’ম, স্ফীতকন্দ আদি মৃদগত কাণ্ডত আৰু শতমূল (Asparagus), ঝাউ (Casuarina) আদিৰ কাণ্ডত শল্কপত্ৰ থাকে৷ শল্কপত্ৰৰ কাম হ’ল- ইয়াৰ কক্ষত থকা মুকুলক ৰক্ষা কৰা৷ ইয়াৰ বাহিৰেও এইবিলাকে খাদ্য সঞ্চয় কৰে (যেনে- পিঁয়াজ)৷
  • পুষ্পধৰ পত্ৰ (Bract): এইবিলাক বিশেষ ধৰণৰ পাত৷ এইবিলাকৰ কক্ষৰপৰা পুষ্পমুকুলৰ সৃষ্টি হয়৷ এইবিলাক সাধাৰণতে ক্ষুদ্ৰ ক্ষুদ্ৰ সেউজীয়া বৰণৰ হয় আৰু কেতিয়াবা অন্য বৰণৰ হোৱাও দেখা যায়৷ মুকুল অৱস্থাত ফুলক ৰক্ষা কৰাই ইয়াৰ প্ৰধান কাম৷ কেতিয়াবা ৰঙীন পুষ্পধৰ পত্ৰই কীট-পতঙ্গক আকৰ্ষণ কৰি পৰাগযোগ হোৱাত সহায় কৰে৷
  • পুষ্পপত্ৰ (Floral leaf) : ফুলৰ বিভিন্ন চক্ৰৰ প্ৰতিটো অংশকে পুষ্পপত্ৰ বোলে৷ এইবিলাক ৰূপান্তৰিত পাত৷
  • প্ৰ’ফিল (Prophyll) : যেতিয়া কাণ্ড বা শাখাৰ প্ৰথম কেইটামান পাত সাধাৰণ পাতৰ দৰে নহয়,কাঁইট বা আকৰ্ষৰ দৰে হয়, তেতিয়া সেইবিলাক পাতক প্ৰ'ফিল বোলে৷ যেনে- বেলগছৰ কাঁইট, নেমুৰ কাঁইট, লাউৰ আকৰ্ষ৷[1]



A leaf shed in autumn.

পাতৰ বিভিন্ন অংশ[সম্পাদনা কৰক]

1. পত্ৰমূল: কাণ্ডৰ গাত লাগি থাকে ২. বৃন্ত বা ঠাৰি ৩. ফলক : সেউজীয়া,বহল আৰু চেপেটা ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ৪৩৬ ৷



বাহ্যিক সংযোগ[সম্পাদনা কৰক]