উমা ছেত্ৰী
| ব্যক্তিগত তথ্য | ||||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| জন্ম | ২৭ জুলাই, ২০০২ (২৩ বছৰ) বোকাখাট, অসম, ভাৰত | |||||||||||||||||||||||||||
| বেটিং শৈলী | সোঁহতীয়া | |||||||||||||||||||||||||||
| ভূমিকা | উইকেট-কীপাৰ-বেটিং | |||||||||||||||||||||||||||
| আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||||||||||||||||||||||||||
| অ'ডিআই (কেপ ১৫৭) | ২৬ অক্টোবৰ ২০২৫ বনাম বাংলাদেশ | |||||||||||||||||||||||||||
| অ'ডিআই চোলা নং. | ৫৫ | |||||||||||||||||||||||||||
| আন্তৰ্জাতিক টি২০ অভিষেক (কেপ ৮৩) | ৭ জুলাই ২০২৪ v চাউথ আফ্ৰিকা | |||||||||||||||||||||||||||
| অন্তিম আন্তৰ্জাতিক টি২০ | ২৮ জুলাই ২০২৪ বনাম শ্ৰী লংকা | |||||||||||||||||||||||||||
| টি২০ চোলা নং. | ৫৫ | |||||||||||||||||||||||||||
| ঘৰুৱা দলৰ তথ্য | ||||||||||||||||||||||||||||
| বছৰ | দল | |||||||||||||||||||||||||||
| 2015/16–present | অসম | |||||||||||||||||||||||||||
| ২০২৪ | UP Warriorz | |||||||||||||||||||||||||||
| কেৰিয়াৰ পৰিসংখ্যা | ||||||||||||||||||||||||||||
| প্ৰতিযোগিতা | WODI | WT20I | ||||||||||||||||||||||||||
| মুঠ খেল | 1 | 7 | ||||||||||||||||||||||||||
| ৰাণ | – | 37 | ||||||||||||||||||||||||||
| বেটি গড় | – | 9.25 | ||||||||||||||||||||||||||
| শতক/অৰ্ধশতক | –/– | 0/2 | ||||||||||||||||||||||||||
| সৰ্বোচ্চ ৰাণ | – | 24 | ||||||||||||||||||||||||||
| কেচ্চ/ষ্টাম্পিং | –/– | 3/1 | ||||||||||||||||||||||||||
পদক অভিলেখ
| ||||||||||||||||||||||||||||
| উৎস: https://www.espncricinfo.com/cricketers/uma-chetry-960695 ESPNcricinfo, 26 october 2025 {{{year}}} | ||||||||||||||||||||||||||||
উমা ছেত্ৰী (ইংৰাজী: Uma Chetry, জন্ম: ২৭ জুলাই ২০০২) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া ক্ৰিকেটাৰ। তেওঁ এগৰাকী উইকেট-কিপাৰ আৰু বেটাৰ। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উইকেট কিপাৰৰ লগতে অসম মহিলা ক্ৰিকেট দলৰো ইউকেট কিপাৰ। তেওঁ ২০২৩ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অংশ আছিল।[1][2][3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]২০০২ চনৰ ২৭ জুলাই তাৰিখে গোলাঘাট জিলাৰ বোকাখাটৰ কান্ধূলিমাৰী গাঁৱত উমা ছেত্ৰীৰ জন্ম হৈছিল। উমা লোকবাহাদুৰ চেত্ৰী আৰু দীপা চেত্ৰীৰ পাঁচটা সন্তানৰ ভিতৰত কনিষ্ঠ সন্তান। ঘৰৰ চাৰিজন ল’ৰাৰ তিনিজনেই বহিঃৰাজ্যত কৰ্মৰত। ভায়েক বিজয় ছেত্ৰী আৰু আন ল’ৰাৰ সৈতে উমাক ৰাস্তাত খেলি থকা দেখি মাকে তেওঁক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰিছিল। তেওঁ স্কুলীয়া শিক্ষা বোকাখাত হিন্দী হাইস্কুলৰ পৰা গ্ৰহণ কৰে।[4][5]
খেলুৱৈ জীৱন
[সম্পাদনা কৰক]ক্ৰিকেট খেলি ভালপোৱা উমাই ৰাজ্যিক দলৰপৰা ভাৰতীয় ‘এ’ দলৰ পাছত এতিয়া টিম ইণ্ডিয়াত স্থান লাভ কৰে। তেওঁ অসমৰপৰা ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। ২০২৩ চনৰ জুলাই মাহত উমাই ভাৰতীয় মহিলা দলৰ হৈ বাংলাদেশ ভ্ৰমণৰ সৈতে আন্তৰ্জাতিক ক্ৰিকেটৰ জগতত প্ৰৱেশ কৰে।[6] একেবছৰে হংকঙত অনুষ্ঠিত হোৱা ২৩ বছৰ অনূৰ্ধ্ব ইমাৰ্জিং এছিয়া কাপত ফাইনেলত বাংলাদেশক পৰাস্ত কৰা ইণ্ডিয়া এ দলৰ তেওঁ অংশ আছিল।[7]
তেওঁ ২০২৩ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অংশ আছিল।
২০২৪ চনৰ মে' মাহত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে WODI, WT20I আৰু টেষ্ট দলত স্থান লাভ কৰে আৰু ২০২৪ চনৰ ৭ জুলাইত T20Iত আন্তঃৰাষ্ট্ৰীয় খেলতো খোজ পেলায়।[8][9]
২০২৪ চনৰ অক্টোবৰ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা WODI শৃংখলাৰ বাবে ছেত্ৰীক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হয়।[10]
যস্তিকা ভাটিয়া আঘাতপ্ৰাপ্ত হোৱাৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে WODI শৃংখলা আৰু ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰে উমাই।[11] বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে WODIত অংশ লয় ছেত্ৰীয়ে।[12]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Uma Chetry Profile - Cricket Player, India | News, Photos, Stats, Ranking, Records - NDTV Sports" (en ভাষাত). NDTVSports.com. https://sports.ndtv.com/cricket/players/117940-uma-chetry-playerprofile। আহৰণ কৰা হৈছে: 2023-09-27.
- ↑ "Asian Games: Indian women's cricket team wins gold in their maiden appearance". The Times of India. 2023-09-26. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/asian-games-2023/asian-games-indian-womens-cricket-team-wins-gold-in-their-maiden-appearance-at-the-games/articleshow/103929999.cms?from=mdr.
- ↑ Desk, Sentinel Digital (2023-09-26). "Asian Games: India clinch first-ever gold medal in women’s T20 event - Sentinelassam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/sports-news/asian-games-india-clinch-first-ever-gold-medal-in-womens-t20-event-668424। আহৰণ কৰা হৈছে: 2023-09-27.
- ↑ "Uma Chetry becomes first cricketer from Assam to make it to India senior team" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/sports/cricket/uma-chetry-becomes-first-cricketer-from-assam-to-make-it-to-indian-womens-cricket-team/cid/1949454। আহৰণ কৰা হৈছে: 2023-09-27.
- ↑ PTI (2023-07-03). "Uma Chetry becomes first cricketer from Assam to make it to India senior team" (en-US ভাষাত). ThePrint. https://theprint.in/india/uma-chetry-becomes-first-cricketer-from-assam-to-make-it-to-india-senior-team/1652590/। আহৰণ কৰা হৈছে: 2023-09-27.
- ↑ Acharya, Shayan (2023-07-03). "Uma Chetry: Assam’s rising star ready to spread wings" (en ভাষাত). sportstar.thehindu.com. https://sportstar.thehindu.com/cricket/uma-chetry-assam-cricketer-named-in-team-india-squad-for-bangladesh-tour-rising-stars-journey/article67037660.ece। আহৰণ কৰা হৈছে: 2023-09-27.
- ↑ "Uma Chetry: Farm hand to keeping wickets for India" (en ভাষাত). Hindustan Times. 2023-07-03. https://www.hindustantimes.com/cricket/uma-chetry-farm-hand-to-keeping-wicket-for-india-101688399812798.html। আহৰণ কৰা হৈছে: 2023-09-27.
- ↑ "How Uma Made It Big With Her Indomitable Spirit". The Times of India. https://timesofindia.indiatimes.com/city/guwahati/uma-chetry-from-small-village-to-indian-womens-national-cricket-team/articleshow/110630867.cms। আহৰণ কৰা হৈছে: 4 June 2024.
- ↑ "Assam's Uma Chetry makes it to senior women's cricket squad for series against SA". NORTHEAST NOW. https://nenow.in/north-east-news/assams-uma-chetry-makes-it-to-senior-womens-cricket-squad-for-series-against-sa.html। আহৰণ কৰা হৈছে: 4 June 2024.
- ↑ "India's Squad for IDFC First Bank ODI Series against New Zealand announced". BCCI. https://www.bcci.tv/bccilink/articles/EEI1QDRi। আহৰণ কৰা হৈছে: 9 November 2024.
- ↑ "Yastika Bhatia ruled out of Australia ODIs and World Cup". Cricbuzz. https://www.cricbuzz.com/cricket-news/135493/yastika-bhatia-ruled-out-of-australia-odis-and-world-cup-cricbuzzcom। আহৰণ কৰা হৈছে: 3 November 2025.
- ↑ "Uma Chetry Makes Her ODI Debut In Last Group Game; Kranti, Rana Rested". Cricket.com. https://www.cricket.com/news/uma-chetry-makes-her-odi-debut-in-last-group-game-kranti-rana-rested-10262025-1761473621034। আহৰণ কৰা হৈছে: 26 October 2025.