এনচেফেলাইটিচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এনচেফেলাইটিচ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

Coronal T2-weighted MR image shows high signal in the temporal lobes including hippocampal formations and parahippogampal gyrae, insulae, and right inferior frontal gyrus. A brain biopsy was performed and the histology was consistent with encephalitis. PCR was repeated on the biopsy specimen and was positive for HSV
আই.চি.ডি.-10 A83-A86, B94.1, G05
আই.চি.ডি.-9 323
ডিজিজেছ ডে'টাবে'ছ 22543
মেডলাইন প্লাছ 001415
ইমেডিচিন emerg/163
MeSH D004660

মস্তিষ্কৰ ‘ইনফ্লেমেচন’ ঘটিলে এনচেফেলাইটিচ (IPA: /ɛnˌsɛfəˈl[unsupported input]ɪtɪs/[1], ইংৰাজী: encephalitis ) হোৱা বুজায়। ইনফ্লেমেচনৰ অৰ্থ হ'ল- জীৱিত কোষত হোৱা কোনো প্ৰতিক্ৰিয়াৰ ফলত এই চাৰিটা গুণৰ মিশ্ৰণ ঘটা : বিষ হোৱা, উত্তাপ হোৱা, ফুলি উঠা আৰু ৰঙা পৰা। মস্তিষ্কৰ আৱৰণীত ইনফ্লেমেচন ঘটিলে মেনিনজাইটিচ হোৱা বুজায়। একেলগে মস্তিষ্ক আৰু আৱৰণী দুয়ো অংশতে ইনফ্লেমেচন হ’লে মেনিনগ-এনচেফেলাইটিচ হোৱা বুলি কয়। একেলগে মগজু আৰু ৰাজহাঁড়ৰ মজ্জাৰ (স্পাইনেল কৰ্ডৰ) ইনফ্লেমেচন হলে তাক এনকেফালোমায়েলাইটিচ বোলে। ঘাইকৈ হাৰপিজ জষ্টাৰ ভাইৰাচে এই ৰোগক কৰিব পাৰে। ইনফ্লেমেচনৰ উৎপত্তি আঘাতৰ দ্বাৰা বা যি কোনো সংক্ৰমনৰ দ্বাৰা হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এছিয়া মহাদেশত বছৰি পঞ্চাছ হাজাৰজনলৈকে লোকে ভাইৰেল এনচেফেলাইটিচ ৰোগত ভোগে। ৰোগাক্ৰান্ত হোৱা এই পঞ্চাছ হাজাৰজন লোকৰ ভিতৰৰ পোন্ধৰ হাজাৰজনৰ মৃত্যু হয় আৰু ইয়াৰে অধিকাংশই ভাৰত, চীন আদি দক্ষিণ-পূব এছিয়া মহাদেশৰ দেশসমূহৰ। ২০১১ চনত ভাৰতবৰ্ষত এই ৰোগত ১১৬৯ জনৰ প্ৰাণহানি হৈছিল। ২০১১চনত অসমত ১৫৯ জনৰ ভাইৰেল এনচেফেলাইটিচ ৰোগত মৃত্যু হৈছিল আৰু তাৰে অধিকাংশই আছিল শিৱসাগৰ জিলাৰ। আসাম ট্ৰিবিউন কাকতৰ এক বাতৰি অনুসৰি ২০১১চনত অসমৰ ২৭ খনৰ ভিতৰত ২০খন জিলাই এই ৰোগত আক্ৰান্ত হৈছিল। ২০১২ চনৰ আগষ্টলৈকে অসমত ২২ জনৰ প্ৰাণহানি ঘটিছে। দেশৰ ডাঙৰ প্ৰদেশ উত্তৰ প্ৰদেশত ২৬৩জন আৰু বিহাৰত ৮২জন লোকৰ এই বছৰত এতিয়ালৈকে মৃত্যু হৈছে। ইয়াৰে অধিকাংশই হ'ল শিশু। মৃত্যুৰ সংবাদ আহিছে তমিলনাডু, উৰিষ্যা আৰু কাষৰীয়া পশ্চিম বংগৰ পৰাও। ভাৰতবৰ্ষৰ উত্তৰ-পশ্চিম অঞ্চলৰ বাহিৰে গোটেই দেশখনতেই ৰোগৰ প্ৰাদূৰ্ভাৱ দেখা যায়। বেচিকৈ ৰোগ হোৱা দেখা যায় জুনৰ পৰা চেপ্তেম্বৰৰ ভিতৰত। কিন্তু কমকৈ হ’লেও গোটেই বছৰটোৱেই ৰোগ চলি নথকা নহয়। কৃষিজীৱী লোকৰ বসতি থকা গ্ৰামাঞ্চলত এনচেফেলাইটিচৰ প্ৰাদূৰ্ভাৱ বেছি।

এনচেফেলাইটিচ উৎপন্ন হোৱাৰ কাৰণসমূহ[সম্পাদনা কৰক]

ঘাইকৈ ভাইৰাচৰ দ্বাৰা এনচেফেলাইটিচ ৰোগ হয়। জাপানিজ-বি ভাইৰাচ, হাৰপিজ চিম্প্লেস্ক ভাইৰাচ, মিজলচ, মাম্পচ, পলিঅ', চিকেন পস্ক, ৰুবেলা, কস্কচেকি, চাইট'মেগাল' ভাইৰাচ, ৱেষ্ট-নীল, ইক' ভাইৰাচ, ভেনেজুৱেলান ইকুইন এনচেফেলাইটিচ ভাইৰাচ, ইষ্টাৰ্ণ ইকুইন এনচেফেলাইটিচ ভাইৰাচ আদিৰ দ্বাৰা এনচেফেলাইটিচ উৎপন্ন হ’ব পাৰে। এনচেফেলাইটিচৰ কৰিব পৰা ফাংগাচসমূহৰ নাম হ'ল - কেণ্ডিডা, মিউকৰ, ক্ৰিপ্ত ক'কাচ আদি।

  • এনচেফেলাইটিচৰ কৰিব পৰা পেৰাচাইটসমূহৰ নাম হ'ল - টস্কপ্লাজমা, নেইগেলেৰিয়া, ৰাউণ্ডৱৰ্ম, চিষ্টিচাৰক'চিচ, এণ্টামিবা হিষ্টলাইটিকা আদি।
  • কেঞ্চাৰ আৰু এইডচ ৰোগীৰ এনচেফেলাইটিচ হ’ব পাৰে।
  • ভেকচিনৰ বিৰূপ পাৰ্শ্ব প্ৰতিক্ৰিয়া স্বৰূপে এনচেফেলাইটিচ হ’ব পাৰে।
  • কোনো এলাৰ্জি বা অট' ইমিউন' ৰোগৰ ফলত এনচেফেলাইটিচ হ’ব পাৰে।
  • টি বি, বাৰ্টনেলা হেনচলিই,চিফিলিচ,লাইম ডিজিজ বা আন কোনো বেক্টেৰিয়াৰ সংক্ৰমনেও এনচেফেলাইটিচ কৰিব পাৰে।
  • পাগল কুকুৰে কামুৰিলে ৰেবিজ এনচেফেলাইটিচ হ’ব পাৰে। এছিয়া আৰু আফ্ৰিকা এই দুই মহাদেশত বছৰি ৫৫০০০ লোকৰ ইয়াৰ ফলত মৃত্যু হয়।
  • পয়জনিং (যেনে লিড পয়জনিং) এনচেফেলাইটিচৰ কাৰণ হ’ব পাৰে।
  • মস্তিষ্কৰ আঘাতেও এনচেফেলাইটিচ কৰিব পাৰে।

এনচেফেলাইটিচৰ ফল[সম্পাদনা কৰক]

মস্তিষ্কৰ কোষসমূহ ফুলি উঠে। কোষবোৰ নষ্ট হ’বলৈ ধৰে। মস্তিষ্কৰ ভিতৰত ৰক্তক্ষৰণ হয়। এইবিলাক ক্ৰিয়াৰ ফলতেই ৰোগৰ লক্ষণসমূহ দেখা দিয়ে। মগজুৰ মূল অংশ চেৰিব্ৰেল কৰ্টেস্ক, চেৰিবেলাম, থেলামাচ আৰু স্পাইনেল কৰ্ডত ইনফ্লেমেচন চলি থাকে।

এনচেফেলাইটিচ ৰোগৰ লক্ষণসমূহ[সম্পাদনা কৰক]

পোনতেই জনোৱা ভাল যে ৰোগৰ লক্ষণসমূহ সাধাৰণ পানী লগা,চৰ্দি জ্বৰৰ দৰেও হব পাৰে নাইবা অত্যন্ত গুৰুতৰো হব পাৰে। ই বহু পৰিমাণে ৰোগাক্ৰান্ত ব্যক্তিজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ (যাক ইমিউনিটি বোলে) ওপৰত নিৰ্ভৰ কৰে। শৰীৰত ৰোগৰ বীজাণু প্ৰবেশ কৰাৰ পৰা লক্ষণ ফুটি উঠালৈকে সময়চোৱাক ডাক্তৰী ভাষাত 'ইনকুবেচন পিৰিয়'ড' বোলে। এনচেফেলাইটিচৰ ইনকুবেচন পিৰিয়'ড ৫ ৰ পৰা ১৫ দিনৰ ভিতৰত। ডিব্ৰুগড়ৰ ৰিজঅ'নেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰত ২০০০-২০০২ চনলৈ ৭৬৩জন ৰোগীৰ ওপৰত এক অধ্যয়ন চলোৱা হৈছিল। তেওঁলোকে প্ৰকাশকৰা তথ্য অনুসৰি লক্ষণসমূহ আছিল এনে : - জ্বৰ ১০০% ৰোগীৰ ক্ষেত্ৰত, মতিভ্ৰম ৮২%, মূৰৰ বিষ ৭১%, ডিঙিৰ জঠৰতা ৫৪%, অস্বাভাবিক লৰচৰ ৫১%, পৰীক্ষা কৰিলে পোৱা তীব্ৰ জাৰ্ক ( Increased Jerk ) ৪৮%, অস্থিৰতা ৪৫%, মাংসপেশিৰ বৰ্দ্ধিত ট'ন (Muscle Tone) ৩৫%, ফিট হোৱা ৩৪%, অচেতন হোৱা ২১%। এই ৰোগীসকলৰ সৰহ সংখ্যকেই (৯৬%) আছিল গ্ৰামাঞ্চলৰ।

সাধাৰণতে কম বয়সীয়া লোক বেচিকৈ ৰোগাক্ৰান্ত হয় যদিও যি কোনো বয়সৰ লোকৰ এনকেফেলাইিচ হব পাৰে। কেঁচুৱাৰ ক্ষেত্ৰত দেখা যায় ডাঙি কোলাত ললে কান্দে, মাতৃদুগ্ধ বা আন খাদ্যলৈ অনীহা, বমি কৰা, অস্থিৰতা, মূৰ-গাৰ জঠৰতা, কপালখন ফুলি উঠা আৰু জ্বৰ থকা। আন লোকৰ সাধাৰণতে হোৱা লক্ষণসমূহ হ'ল - জ্বৰ,শৰীৰ অবশ হোৱা, ডিঙি আৰু পিঠিৰ জঠৰতা, মূৰৰ বিষ,বমি, ডিঙিৰ বিষ, মুখত ঘা হোৱা, মানসিক অস্থিৰতা, মানসিক ভ্ৰম, নিদ্ৰাচ্ছন্ন হোৱা, পোহৰ সহ্য কৰিব নোৱৰা হোৱা, কথা পাহৰি যোৱা, মানুহ চিনিব নোৱৰা হোৱা, খোজৰ অস্থিৰতা,ভুল নিৰ্ণয় লোৱা আদিৰ উপৰিও পেৰালাইচিচ, ফিট হোৱা, হেলুচিনেচন আদি হব পাৰে। এনচেফেলাইটিচত আক্ৰান্ত হলে গৰ্ভৱতী মহিলাৰ সন্তানৰ নানা অহিত (আনকি গৰ্ভপাতো)হব পাৰে। এনচেফেলাইটিচত মৃত্যুৰ হাৰ ৫%ৰ পৰা ৩৫% লৈকে দুদোল্যমান। চিকিৎসাৰ সা-সুবিধা আৰু ৰোগীৰ ইমিউনিটিৰ ওপৰত মৃত্যুহাৰ নিৰ্ভৰ কৰে।

ৰোগৰ চিনাক্তকৰণ[সম্পাদনা কৰক]

ৰোগৰ লক্ষণ সমূহেই ৰোগ চিনাক্ত কৰাত সহায় কৰে। তথাপিও চিকিৎসালয় ভেদে পৰীক্ষাৰ মানদণ্ডৰ তাৰতম্য হয়। পোনতেই তেজৰ ৰুটিন পৰীক্ষা কৰিব লাগিব। তাৰ পিছত আহিব পিঠিৰ ৰাজহাঁড়ৰ পৰা পানী ( Cerebro Spinal Fluid)উলিয়াই কৰা পৰীক্ষা যাক লাম্বাৰ পাংচাৰ বোলে। চেৰিব্ৰ স্পাইনেল ফ্লুইডত সাধাৰণতে শ্বেতৰক্ত কণিকা আৰু প্ৰটিনৰ মাত্ৰা বাঢ়ে, গ্লুকজ লেভেলৰ পৰিবৰ্তন নহয়। মগজুৰ ই ই জি, চি টি স্কেন, এম আৰ আই আদি হ'ল লাগতিয়াল পৰীক্ষা। মগজুৰ কিমান অংশ কেনেদৰে ফুলিছে সেইয়া চি টি বা এম আৰ আই কৰিলে জনা যায়। এম আৰ আইত চিটি তকৈ বেচি উন্নত ছবি পোৱা যায়।

এনচেফেলাইটিচ ৰোগৰ চিকিৎসা[সম্পাদনা কৰক]

চিকিৎসাৰ লক্ষ্য হ'ল ৰোগীৰ প্ৰাণৰক্ষাৰ উপৰিও কষ্টসমূহৰ অৱসান ঘটোৱা। ৰোগীৰ উপযুক্ত বিশ্ৰাম, খাদ্য বা চেলাইন যোগে পৰিপুষ্টি সাধন, জ্বৰৰ নিয়ন্ত্ৰণ, লক্ষণসমূহৰ প্ৰতিকাৰ, মানসিক দিশত সহায়ক হোৱা আদি দিশত চকু দিব লাগে।

ঔষধৰ ব্যৱহাৰ[সম্পাদনা কৰক]

  • এচাইক্লভিৰ বা ফচকোভিৰ এণ্টিভাইৰেল ড্ৰাগচ বেজীৰ মাধ্যমেৰে সাধাৰণতে আৰম্ভ কৰা যায়। ৰোগৰ কাৰণ ভাইৰাচ নহয় বুলি নিশ্চিতকৈ জানিলে ইয়াক বন্ধ কৰিব পাৰি।
  • এণ্টিবায়িকৰ ব্যৱহাৰে বীজাণুৰ আক্ৰমণৰ পৰা ৰোগীক সুৰক্ষা দিব।
  • ফেনিটইন, ফেনবাৰ্বিটন, ডায়েজেপাম আদি ফিটৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ হোৱা লাগতিয়াল ঔষধ।
  • ডেস্কামিথাচন, মিথাইলপ্ৰেডনিচলন, হাইড্ৰকৰ্টিচন আদি ষ্টেৰইডে মগজুৰ ইনফ্লেমেচন কমায়।
  • সংকট কালত নিশ্বাসৰ কষ্ট হৈছে নেকি তালৈ লক্ষ্য ৰাখি প্ৰয়োজন অনুসৰি ব্যৱস্থা লব লাগে।
  • ৰোগী যিহেতু পোহৰ আৰু ধ্বনিৰ প্ৰতি বেচি সংবেদনশীল হয় সেয়ে এনে ৰোগীক কিছু কম পোহৰৰ শান্ত পৰিষ্কাৰ পৰিবেশত ৰাখিব লাগে।
  • অসুখৰ ফলত ৰোগী যদি পিছলৈ কোনো ত্ৰুতিৰ চিকাৰ হয় যেনে পেৰালাইচিচ,কাণেৰে নুশুনা হোৱা বা বাক শক্তি হেৰুৱা - তেতিয়া তাৰ উপযুক্ত ব্যৱস্থা লব লাগে।

এনচেফেলাইটিচ ৰোগৰ প্ৰতিৰোধক[সম্পাদনা কৰক]

১৮৭০ চনত জাপানত "গ্ৰীষ্মকালীন এনচেফেলাইটিচ" নামৰ খ্যাতিৰে এক মহামাৰীৰূপে এই ৰোগ পোন প্ৰথমবাৰৰ বাবে বিশ্বৰ দৃষ্টিগোচৰ হয়। তাৰ পিছত পুনৰ ১৯২৪ চনত ৬১২৫জন লোক এনচেফেলাইটিচত আক্ৰান্ত হয় আৰু তাৰে ৬২% (৩৭৯৭ জন) মৃত্যুমুখত পৰে। ১৯৪০ চনত চীনদেশত, ১৯৪৯ চনত কোৰিয়াত (৫৫৪৮জন ৰোগী) আৰু ১৯৭৮ চনত ভাৰতত (৬০০০জন ৰোগী) - এই ৰোগে মহামাৰীৰূপে দেখা দিয়ে। ১৯৩৫ চনত পোন প্ৰথমবাৰৰ বাবে জাপানত এইবিধ ভাইৰাচক ৰোগীৰ শৰীৰত চিনাক্ত কৰা হয়। আকৌ মহৰ এবিধ প্ৰজাতিৰ (Culex tritaeniorhynchus) গাত এইবিধ ভাইৰাচক উদ্ধাৰ কৰাতো সম্ভৱপৰ হয় ১৯৩৮ চনত। ইয়াৰ ভেকচিন নিৰ্মাণ কৰাত চীনদেশে আগভাগ লয়। ১৯৫০ চনৰ পৰা ভেকচিন বজাৰত উপলব্ধ হবলৈ ধৰে। বৰ্তমান আমাৰ দেশৰ দুটা প্ৰতিষ্ঠান ( বায়লজিকেল ইভানচ্ আৰু ভাৰত বায়টেক) ভেকচিন নিৰ্মাণৰ বিভিন্ন স্তৰৰ মাজদি অগ্ৰসৰ হৈ আছে।

ভেকচিনৰ ব্যৱহাৰৰ ফলত চীন, জাপান, কোৰিয়া, টাইৱান আৰু থাইলেণ্ডত ৰোগৰ প্ৰাদূৰ্ভাৱ কমিছে। সেই কেইখন দেশত ৰোগে মহামাৰীৰ ৰূপ নোলোৱা হৈছে। কিন্তু এতিয়াও মাজে মাজে মহামাৰী হৈ থকা এই দেশসমূহ হ'ল- ভাৰতবৰ্ষ, নেপাল, বাংলাদেশ, ভিয়েটনাম, কম্বোডিয়া, শ্ৰীলংকা, মালেয়েচিয়া আৰু ম্যানমাৰ।

১৯৫৪ চনৰ পৰা জাপানত ভেকচিনৰ ব্যৱহাৰ আৰম্ভ হৈছে। ১৯৮৩ চনত কোৰিয়া আৰু আমেৰিকাত ভেকচিন উপলব্ধ হয়। আমেৰিকাই দক্ষিণ পূৱ এছিয়া ভ্ৰমণলৈ আহিব খোজা লোকসকলক আৰু সৈন্যবাহিনীৰ লোকসকলক এই ভেকচিন লবলৈ পৰামৰ্শ দিয়ে। ভেকচিন ২৮দিনৰ ব্যৱধানত মুঠ দুটা ললে এবছৰলৈ ৯৮% সুৰক্ষিত হয়। এবছৰৰ মূৰত পুনৰ বুষ্টাৰ লোৱাতো বাঞ্ছনীয়। কেতিয়াবা প্ৰথম পালি ভেকচিন লওঁতে গুৰুতৰ পাৰ্শ্বক্ৰিয়া হোৱা দেখিলে তেওঁক আৰু ছিটা দিব নালাগে। এজমা আৰু এলাৰ্জিৰ ৰোগীৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত। সাধাৰণতে গৰ্ভৱতী মহিলাক ছিটা দিয়া নাযায়। অসমত যোৱা বছৰৰ অক্টোবৰৰ পৰা চৰকাৰীভাবে ইয়াৰ যোগান ধৰা হৈছে। শিৱসাগৰত ভেকচিন লোৱা লোকৰো ৰোগ হোৱাৰ বাতৰি অতি উদ্বেগজনক। ভেকচিন কাচিৎ ব্যৰ্থ নোহোৱা নহয়। কিন্তু ব্যাপক হাৰত ব্যৰ্থতাৰ বাতৰিও উদ্বেগজনক। এনে ঘটনা বিশ্ব স্বাস্থ্য সংস্থাক জনোৱাৰ উপৰিও নিৰপেক্ষ অনুসন্ধানৰ অতি প্ৰয়োজন।

প্ৰকাৰৰ আৰু উপলদ্ধ ভেকচিন[সম্পাদনা কৰক]

  1. জেই –ভেস্ক (JE – VAX) : ইনএক্টিভেটেড পিউৰিফাইড মাউচব্ৰেইন ভেকচিন। নিৰ্মাতা - চীন,জাপান,কোৰিয়া,-ভিয়েটনাম,থাইলেণ্ড। ১৭ বছৰৰ ওপৰৰ লোকৰ বাবে।
  2. ইস্কিআৰো (IXIARO) : নিৰ্মাতা – নভাৰ্টিচ। এইবিধ ছিটাও ১৭ বছৰৰ ওপৰৰ লোকৰ বাবে।
  3. গ্ৰীণক্ৰচ (Green Cross): এবছৰৰ ওপৰৰ শিশুৰ বাবে ০-৭-২৮ দিনৰ ব্যৱধানত তিনিটা ছিটা দিয়া হয়।

এনচেফেলাইটিচ বিয়পাৰ কাৰণ[সম্পাদনা কৰক]

কীট-পতংগই (আৰ্থ'পড) বিয়পোৱা ভাইৰাচক কয় আৰ্বোভাইৰাচ। জাপানিজ-বি ভাইৰাচ হ'ল এবিধ আৰ্বোভাইৰাচ। ইয়াক আশ্ৰয় দি ৰাখে গাহৰি, ঘোঁড়া, গাধ, ম'হ, কুকুৰ, ভেঁড়া, কেৰ্কেটুৱা,বাদুলি,বগলি নানা বনৰীয়া চৰাই আদি জন্তুয়ে। কিউলেস্ক মহে এইবিলাকৰ শৰীৰৰ পৰা ভাইৰাচ কঢ়িয়াইলৈ গৈ মানুহৰ শৰীৰত মেলি দিয়ে। মানুহৰ শৰীৰত ভাইৰাচৰ বৃদ্ধি হয় আৰু ব্যক্তিজন ৰোগাক্ৰান্ত হৈ পৰে। মানুহৰ পৰা মানুহলৈ ৰোগ নোসোঁচৰে। গাহৰি, ঘোঁড়াজাতীয় জন্তু হ'ল Amplifying host আৰু বগলীজাতীয় বনৰীয়া চৰাই হ'ল Maintance host। মহে এই বিলাক জন্তুক কামুৰি বেমাৰ ব্যাপ্ত হৈ থকাত সহায় কৰে। গতিকে মহৰ কামোৰৰ পৰা সকলো প্ৰকাৰে সুৰক্ষা লোৱাতো অতীব প্ৰয়োজনীয়। গাহৰি আদিৰ ফাৰ্ম ঘৰৰ পৰা যথেষ্ট নিলগত হব লাগে। মহৰ কামোৰৰ পৰা জন্তুবিলাকক বচাই ৰখাৰ ব্যৱস্থা লব লাগে আৰু পাৰিপাৰ্শ্বিকতাৰ স্বচ্ছতাত বিশেষ চকু দিব লাগে। গাহৰি পালন নকৰা দেশ পাকিস্তানত জাপানীজ-বি এনচেফেলাইটিচ প্ৰায় নায়েই।

গৰ্ভৱতী মহিলাৰ যদি যৌনাংগত হাৰপিজ চিম্প্লেস্ক ভাইৰাচ থাকে তেনে সন্তানক সুৰক্ষা দিবলৈ চিজাৰিয়ান অপাৰেচন কৰাৰ প্ৰয়োজন।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বৰ্গীকৰণ