এমাজন (কোম্পানী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমাজ’ন ডট কম, Inc.
প্ৰকাৰ ৰাজহুৱা
Traded as "নাচডেক": AMZN
NASDAQ-100 Component
S&P 500 Component
প্ৰতিষ্ঠা ১৯৯৪
প্ৰতিষ্ঠাপক জেফ বেজ’চ
মূখ্য কাৰ্যালয় চিয়াট্টল, ৱাচিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰ
কৰ্মৰ এলেকা বিশ্বজুৰি
উল্লেখযোগ্য ব্যক্তি জেফ বেজ’চ
(অধক্ষ, সভাপতি আৰু চি ই অ’)
উদ্যোগ ক্লাউড কম্পিউটিং
ই-বাণিজ্য
কৃত্ৰিম বুদ্ধিমত্তা
উৎপাদন এ2জেড ডেভেলপমেণ্ট, এ9 ডট কম, এলেক্সা ইণ্টাৰনেট, আমাজ’ন ডট কম, আমাজ’ন কিণ্ডল, আমাজ’ন ষ্টুডিঅ’জ, আমাজ’ন ৱেব চাৰ্ভিছেজ,, অ’ডিবল ডট কম, ডি পি ৰিভিউ ডট কম, এণ্ডলেচ ডট কম, আই এম ডি বি, লভ ফিল্ম, দ্য বুক দিপ’জিটৰী, জাপ্প’চ ডট কম, ৱুট, জাংলি ডট কম
ৰাজহ বৃদ্ধি US$232.887 billion
Operating আয় বৃদ্ধি US$12.421 billion
মুঠ আয় বৃদ্ধি US$10.073 billion
Total assets decrease US$162.648 billion
Total equity decrease US$43.549 billion
কৰ্মচাৰী বৃদ্ধি ৬৪৭, ৫০০
ৱেবছাইট Amazon.com (original US site)
various national sites
এলেক্সা তালিকাত স্থান ১০[1]
ৱেবছাইটৰ প্ৰকাৰ ই-বাণিজ্য
বিজ্ঞাপন ৱেব বেনাৰ সমূহ, ভিডিঅ’ সমূহ
উপলব্ধ ভাষা ইংৰাজী, ফৰাচী, জাৰ্মান, স্পেনীয়, ইটালীয়, জাপানিজ, চাইনীজ, ব্ৰাজিলীয় প্ৰতুগিজ
প্ৰচলন হয় ৫ জুলাই ১৯৯৫

আমেৰিকা যুক্তৰাষ্ট্ৰআমাজ’ন ডট কম হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বহুজাতিক ই-বাণিজ্য প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় যুক্তৰাষ্ট্ৰৰ চিয়াট্টল, ৱাচিংটনত। প্ৰথমে নিজৰ ৱেবচাইটৰ যোগেদি কিতাপ বিক্ৰীৰে নিজৰ ব্যৱসায় আৰম্ভ কৰা আমাজ’ন ডট কমে পাছলৈ চফটৱেৰ, গেমছ, ইলেকট্ৰনিকচ সঁজুলি, এম পি থ্ৰী ডাউনলোড, ঘৰুৱা আচবাব, গহণা আদি সকলো প্ৰকাৰৰ বস্তু নিজৰ ৱেবচাইটত উপলভ্য কৰে। এমাজ’নে ই-কিতাপ (ই-বুক) পঢ়িবলৈ কিণ্ডল নামৰ সঁজুলি বিধ মুকলি কৰে। তদুপৰি আমাজ’ন ডট কমৰ এচিয়াৰ দেশসমূহৰ বাবে ক্লাউড তথ্য সংৰক্ষণ ব্যৱস্থাও আছে (Cloud Based Storage)।[2]

আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিমাহে প্ৰায় ৬৫ নিযুত মানুহে আমাজ’ন ডট কমৰ পৰা বজাৰ কৰে, বৰদিনৰ সময়ত এই পৰিসংখ্যা আৰু অধিক বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়।[2]

অৱস্থানসমূহ[সম্পাদনা কৰক]

আমাজ’নৰ কাৰ্যালয়সমূহ, গ্ৰাহক সেৱা কেন্দ্ৰসমূহ আৰু চফ্টৱেৰ বিকাশ কেন্দ্ৰসমূহ উত্তৰ আমেৰিকা, লেটিন আমেৰিকা, ইউৰোপ, আফ্ৰিকা আৰু এচিয়াৰ বিভিন্ন স্থানত আছে।[3]

মুখ্য কাৰ্যালয়সমূহ[সম্পাদনা কৰক]

ৱাচিংটনৰ বেক’ন হিলত থকা আমাজ’ন ডট কমৰ পূৰ্বৰ কাৰ্যালয় ভৱন।

কোম্পানীটোৰ গোলকীয় মুখ্য কাৰ্যালয় চিয়াট্টলৰ "চাউথ লেক ইউনিয়ন"ত আছে। আনহাতেদি ইয়াৰ ইউৰোপীয় মুখ্য কাৰ্যালয় আছে লাক্সেমবাৰ্গৰ ৰাজধানী লাক্সেমবাৰ্গ মহানগৰীত। তদুপৰি আমাজ’নৰ মায়ামি আৰু ফ্ল’ৰিডাত দুটা কাৰ্যালয় আছে।

চফ্টৱেৰ বিকাশ কেন্দ্ৰসমূহ[সম্পাদনা কৰক]

যদিও আমাজ’নৰ চফ্টৱেৰ বিকাশৰ অধিকাংশ কাম চিট্টলতে হয় তথাপিও গোটেই বিশ্বজুৰি আমাজ’নৰ কেইবাটাও চফ্টৱেৰ বিকাশ কেন্দ্ৰ আছে। এইসমূহ আমাজ’নৰ অধীনস্থ সংস্থা এ2জেডে তদাৰক কৰে।[4]

  • উত্তৰ আমেৰিকা
    • যুক্তৰাষ্ট্ৰ: কেম্ব্ৰিজ, মেছাচুচেট;[5] ছাৰ্লেষ্ট’ন, দক্ষিণ কেৰ’লিনা;[6] কুপেৰটিন’, কেলিফ’ৰ্নিয়া;[4] অৰেঞ্জ কাণ্ট্ৰি, কেলিফ’ৰ্নিয়া; ছান ফ্ৰান্সিস্ক, কেলিফ’ৰ্নিয়া; ছান লুই অ’বিচপ’, কেলিফ’ৰ্নিয়া; ,[7] চিয়াট্টল, ৱাচিংটন; আৰু টেম্পে, এৰিজ’না
    • কানাডা: ভেংক’ভাৰ, ব্ৰিটিছ কলম্বিয়া আৰু অণ্টেৰিঅ’
  • ইউৰোপ
    • যুক্তৰাজ্য: শ্ল’ঘ (ইংলেণ্ড), লণ্ডন (ইংলেণ্ড) আৰু এডিনবাৰ্গ (স্কটলেণ্ড), ডবলিন (আয়াৰলেণ্ড)
    • ৰোমানিয়া: Iaşi
  • এচিয়া
  • আফ্ৰিকা

গ্ৰাহক সেৱা কেন্দ্ৰ সমূহ[সম্পাদনা কৰক]

  • যুক্তৰাষ্ট্ৰ: কেন্নেৱিক, ৱাচিংটন; হানিংটন, পশ্চিম ভাৰ্জিনিয়া; গ্ৰেণ্ড ফৰ্কচ, উত্তৰ ডাক’টা; ৱিনচেষ্টাৰ, কেনাটকি
  • ভাৰত: হায়দৰাবাদ
  • দক্ষিণ আফ্ৰিকা: কেপ টাউন[8]
  • ফিলিপাইনচ: Convergys Cebu, Convergys Bacolod
  • চীন: চেংডু
  • জাৰ্মানী: বাৰ্লিন
  • আয়াৰলেণ্ড: কৰ্ক
  • মৰ’ক্ক’: চালা অল জাডিদা
  • স্ক’টলেণ্ড: এডিনবাৰ্গ
  • জাপান: চাপ্প’ৰ’
  • ক’ষ্টা ৰিকা: হেৰেডিয়া আৰু কালে ব্লানক’চ
  • উৰুগুৱে: মণ্টেভিডেঅ’

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Amazon.com Site Info". Alexa Internet. http://www.alexa.com/siteinfo/Amazon.com। আহৰণ কৰা হৈছে: 2012-08-02. 
  2. 2.0 2.1 thinkdigit.com (ডিচেম্বৰ ২০১২). "Encyclopedia Technica A to E". ডিজিট খণ্ড ১২ (১২): ১৫. 
  3. "Amazon.com facilities". Amiba.net. http://www.amiba.net/resources/news-archive/amazon-nexus-subsidiaries। আহৰণ কৰা হৈছে: February 1, 2012. 
  4. 4.0 4.1 Woo, Stu (July 1, 2011). "California Online Tax Law Pressures Amazon". The Wall Street Journal. http://online.wsj.com/article/SB10001424052702304450604576416191562187986.html?mod=googlewsj। আহৰণ কৰা হৈছে: February 25, 2012. 
  5. Kirsner, Scott (December 23, 2011). "Amazon plans Cambridge office". Boston Globe. http://articles.boston.com/2011-12-23/business/30545640_1_amazon-software-engineers-online-video-delivery। আহৰণ কৰা হৈছে: February 22, 2012. 
  6. "Charleston". a2z.com. http://www.a2z.com/all-locations/charleston/। আহৰণ কৰা হৈছে: February 25, 2012. 
  7. "San Luis Obispo". a2z.com. http://www.a2z.com/all-locations/san-luis-obispo/। আহৰণ কৰা হৈছে: February 25, 2012. 
  8. "Amazon chooses 1stream call center solutions for South Africa", Retrieved, February 1, 2012.