সমললৈ যাওক

ঔদ্যোগিক আৱৰ্জনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মণ্টানাত তাম্ৰ খননৰ এটা আৱৰ্জনা গাঁত

ঔদ্যোগিক আৱৰ্জনা ঔদ্যোগিক কাৰ্যকলাপৰ ফলত উৎপন্ন হোৱা আৱৰ্জনা, য'ত যিকোনো সামগ্ৰী থাকে; যিবোৰ কাৰখানা, মিল আৰু খনন কাৰ্যৰ উৎপাদন প্ৰক্ৰিয়াৰ সময়ত বাহিৰ কৰি পেলোৱা হয়। ঔদ্যোগিক আৱৰ্জনাসমূহৰ প্ৰকাৰসমূহৰ ভিতৰত আছে মলি আৰু শিলগুটি, শিলৰ কাম আৰু কংক্ৰিট, ধাতুৰ টুকুৰা, তেল, দ্ৰাৱক, ৰাসায়নিক পদাৰ্থ, স্ক্ৰেপ কাঠ, আনকি ৰেষ্টুৰেণ্টৰ পৰা পেলোৱা শাক-পাচলিও। ঔদ্যোগিক আৱৰ্জনা কঠিন, অৰ্ধকঠিন বা তৰল ৰূপৰ হ’ব পাৰে। ই বিপজ্জনক আৱৰ্জনা (যিবোৰৰ কিছুমান প্ৰকাৰ বিষাক্ত) বা অ-বিপজ্জনক আৱৰ্জনা হ’ব পাৰে। ঔদ্যোগিক আৱৰ্জনাবোৰে ওচৰৰ মাটি বা কাষৰীয়া জলভাগ প্ৰদূষিত কৰিব পাৰে আৰু ভূগৰ্ভস্থ পানী, হ্ৰদ, নৈ, নদী বা উপকূলীয় পানী দূষিত কৰিব পাৰে।[1] ঔদ্যোগিক আৱৰ্জনাক প্ৰায়ে পৌৰসভাৰ আৱৰ্জনাৰ সৈতে সাঙুৰি লোৱা হয়, যাৰ ফলত ইয়াৰ সঠিক মূল্যায়ন কৰাটো কঠিন হৈ পৰে। এক অনুমান মতে, ২০১৭ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বছৰি ৭.৬ বিলিয়ন টন ঔদ্যোগিক আৱৰ্জনা উৎপন্ন হয়।[2] বেছিভাগ দেশেই ঔদ্যোগিক আৱৰ্জনা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আইন প্ৰণয়ন কৰিছে, কিন্তু কঠোৰতা আৰু অনুসৰণৰ ব্যৱস্থা বেলেগ বেলেগ। ইয়াক বলবৎ কৰাটো সদায় এটা বেলেগ বিষয় হৈ আছে।

ঔদ্যোগিক আৱৰ্জনাৰ শ্ৰেণীবিভাজন আৰু শোধন ব্যৱস্থা

[সম্পাদনা কৰক]

বিভিন্ন দেশৰ চৰকাৰে ব্যৱহাৰ কৰা আৱৰ্জনাসমূহৰ শ্ৰেণীবিভাজন এনে ধৰণৰ:- বিপজ্জনক আৱৰ্জনা, ৰাসায়নিক আৱৰ্জনা, উদ্যোগিক কঠিন আৱৰ্জনা আৰু পৌৰসভাৰ কঠিন আৱৰ্জনা। নলা পৰিশোধন প্লাণ্টে কিছুমান ঔদ্যোগিক আৱৰ্জনা অৰ্থাৎ জৈৱ-ৰাসায়নিক অম্লজান চাহিদা (BOD)ৰ দৰে গতানুগতিক প্ৰদূষকৰে গঠিত আৱৰ্জনা পৰিশোধন কৰিব পাৰে। বিষাক্ত প্ৰদূষক বা অন্যান্য প্ৰদূষক (যেনে এমোনিয়া)ৰ উচ্চ ঘনত্ব থকা ঔদ্যোগিক আৱৰ্জনাসমূহৰ বাবে বিশেষ পৰিশোধন ব্যৱস্থাৰ প্ৰয়োজন হয়॥[3] ঔদ্যোগিক আৱৰ্জনাসমূহক ইয়াৰ বৈশিষ্ট্যৰ ভিত্তিত শ্ৰেণীভুক্ত কৰিব পাৰি:

  • আৱৰ্জনা কঠিন ৰূপত, কিন্তু ভিতৰৰ কিছুমান প্ৰদূষক তৰল বা তৰল ৰূপত থাকে, যেনে- ক্ৰকাৰী উদ্যোগ বা খনিজ বা কয়লা ধোৱা।
  • আৱৰ্জনা দ্ৰৱীভূত আৰু প্ৰদূষক তৰল ৰূপত থাকে, যেনে- দুগ্ধ উদ্যোগ।

পাৰিপাৰ্শ্বিক প্ৰভাৱ

[সম্পাদনা কৰক]

বহুতো কাৰখানা আৰু বেছিভাগ শক্তি কেন্দ্ৰ পানীৰ উৎসৰ ওচৰত অৱস্থিত, যাতে উৎপাদন প্ৰক্ৰিয়াৰ বাবে বা সঁজুলি শীতল কৰাৰ বাবে প্ৰচুৰ পৰিমাণে পানীৰ সুবিধা লাভ কৰিব পৰা যায়।[4] আমেৰিকাত বিদ্যুৎ শক্তি কেন্দ্ৰই পানীৰ সৰ্বাধিক ব্যৱহাৰ কৰে। বৃহৎ পৰিমাণৰ পানী ব্যৱহাৰ কৰা আন উদ্যোগসমূহ হ'ল পাল্প আৰু কাগজ কল, ৰাসায়নিক উদ্যোগ, লো আৰু তীখা কল, পেট্ৰলিয়াম শোধনাগাৰ, খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ আৰু এলুমিনিয়াম গলনাগাৰ।[5]

ব্ৰাজিলৰ পাৰাৰ এটা আৱৰ্জনাৰ স্তুপ

ঔদ্যোগীকৰণ হৈ থকা বহু কম উন্নত দেশত এতিয়াও পৰিৱেশৰ ওপৰত প্ৰভাৱ ন্যূনতম কৰিবলৈ নিজৰ আৱৰ্জনা নিষ্কাশন কৰাৰ কোনো আহিলা বা প্ৰযুক্তি নাই।[6] অপৰিশোধিত আৰু আংশিকভাৱে পৰিশোধিত দুয়োবিধ বৰ্জ্য পানী সাধাৰণতে ওচৰতে থকা জলাশয়লৈ বোঁৱাই পঠিওৱা হয়। নলা-নৰ্দমাৰে জলভাগলৈ নিৰ্গত হোৱা ধাতু, ৰাসায়নিক পদাৰ্থৰ ফলত সাগৰীয় পৰিৱেশ তন্ত্ৰ আৰু খাদ্য বা খোৱাপানীৰ উৎস হিচাপে পানীৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে। বৰ্জ্য পানীৰ পৰা ওলোৱা বিষাক্ত পদাৰ্থই সাগৰীয় জীৱক হত্যা কৰিব পাৰে বা দূষিত পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি এই সাগৰীয় জীৱ-জন্তুবোৰ খোৱাসকলৰ বিভিন্ন মাত্ৰাৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। জলভাগত নিৰ্গত হোৱা ধাতু আৰু ৰাসায়নিক পদাৰ্থই সাগৰীয় পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে।[7]

পুষ্টিকৰ উপাদান (নাইট্ৰেট আৰু ফছফেট) থকা বৰ্জ্য পানীয়ে প্ৰায়ে ইউট্ৰফিকেচনৰ সৃষ্টি কৰে, যিয়ে জলভাগত থকা জীৱক প্ৰাণনাশ কৰিব পাৰে। জল প্ৰদূষণৰ উৎপত্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি থাইলেণ্ডৰ এক অধ্যয়নত দেখা গৈছে যে, ইউ-টাপাও নদীৰ পানী দূষণ আৰু সৰ্বাধিক ঘনত্বৰ ঔদ্যোগিক বৰ্জ্য পানীৰ নিষ্কাশনৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে।[8] তাপ প্ৰদূষণ—শীতল কৰাৰ বাবে ব্যৱহাৰ কৰাৰ পিছত উচ্চ উষ্ণতাত পানী নিৰ্গত হোৱাৰ ফলতো পানী প্ৰদূষিত হ’ব পাৰে। পানীৰ উষ্ণতা বৃদ্ধিয়ে অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰে, যাৰ ফলত মাছ মৃত্যুমুখত পৰিব পাৰে আৰু খাদ্য শৃংখল গঠন সলনি কৰিব পাৰে, প্ৰজাতিৰ জৈৱ বৈচিত্ৰ্য হ্ৰাস কৰিব পাৰে আৰু নতুন তাপপ্ৰেমী মৎস্য প্ৰজাতিৰ আক্ৰমণক উৎসাহিত কৰিব পাৰে।[9]

গোটা আৰু বিপজ্জনক আৱৰ্জনা

[সম্পাদনা কৰক]

গোটা বা কঠিন আৱৰ্জনা, যাক প্ৰায়ে পৌৰসভাৰ কঠিন আৱৰ্জনা বুলি কোৱা হয়, সাধাৰণতে অ-বিপজ্জনক সামগ্ৰীক বুজায়। এই শ্ৰেণীত নিৰ্মাণৰ ধ্বংসাৱশেষ আৰু চোতালৰ আৱৰ্জনা আদি সামগ্ৰীকে ধৰি বিভিন্ন কঠিন আৱৰ্জনা অন্তৰ্ভুক্ত হ’ব পাৰে। বিপজ্জনক আৱৰ্জনাসমূহৰ সাধাৰণতে নিৰ্দিষ্ট সংজ্ঞা থাকে, কাৰণ এনে আৱৰ্জনাসমূহৰ বাবে অধিক সাৱধান আৰু জটিল পৰিচালনাৰ প্ৰয়োজন হয়। আমেৰিকাৰ আইন অনুসৰি আৱৰ্জনাক কিছুমান বিশেষ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বিপজ্জনক হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি: প্ৰজ্বলন ক্ষমতা, বিক্ৰিয়াশীলতা, জাৰণ ক্ষমতা আৰু বিষক্ৰিয়া। কিছু ধৰণৰ বিপজ্জনক আৱৰ্জনা নিয়মত বিশেষভাৱে তালিকাভুক্ত কৰা হৈছে।[10][11]

নিউজিলেণ্ডৰ ৱাইৰাৰাপাত জল প্ৰদূষণ

ঔদ্যোগিক আৱৰ্জনাসমূহৰ অন্যতম বিধ্বংসী প্ৰভাৱ হৈছে জল প্ৰদূষণ। বহুতো ঔদ্যোগিক প্ৰক্ৰিয়াৰ বাবে পানী ব্যৱহাৰ কৰা হয়, যিটো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহে। এই ৰাসায়নিক পদাৰ্থসমূহৰ ভিতৰত জৈৱিক যৌগ (যেনে দ্ৰাৱক), ধাতু, পুষ্টিকৰ পদাৰ্থ বা তেজস্ক্ৰিয় পদাৰ্থ থাকিব পাৰে। যদিহে বৰ্জ্য পানী পৰিশোধন নকৰাকৈ নিক্ষেপ কৰা হয়, তেন্তে ভূগৰ্ভস্থ পানী আৰু পৃষ্ঠীয় জলভাগ—হ্ৰদ, নৈ, নদী আৰু উপকূলীয় পানী— প্ৰদূষিত হ’ব পাৰে, যাৰ ফলত মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। খেতিৰ বাবে ব্যৱহাৰ কৰা খোৱাপানীৰ উৎস আৰু জলসিঞ্চনৰ পানী প্ৰভাৱিত হ’ব পাৰে। প্ৰদূষকবোৰে জীৱ-জন্তু আৰু উদ্ভিদৰ বাসস্থানৰ অৱক্ষয় বা ধ্বংস কৰিব পাৰে। উপকূলীয় অঞ্চলত মাছ আৰু অন্যান্য জলজ জীৱ-জন্তু অপৰিশোধিত আৱৰ্জনাৰে দূষিত হ’ব পাৰে; বিল আৰু অন্যান্য বিনোদনমূলক অঞ্চল ক্ষতিগ্ৰস্ত বা বন্ধ হ'ব পাৰে।[12]:273–309 [13]

ব্যৱস্থাপনা

[সম্পাদনা কৰক]

থাইলেণ্ডত পৌৰসভাৰ কঠিন আৱৰ্জনা (MSW) ব্যৱস্থাপনা আৰু ঔদ্যোগিক আৱৰ্জনা ব্যৱস্থাপনাৰ ভূমিকাসমূহ কেন্দ্ৰীয় (ৰাষ্ট্ৰীয়) চৰকাৰ, আঞ্চলিক চৰকাৰ আৰু স্থানীয় চৰকাৰ হিচাপে সংগঠিত ৰয়েল থাই চৰকাৰে সংগঠিত কৰে। প্ৰতিখন চৰকাৰে বিভিন্ন কামৰ বাবে দায়বদ্ধ। নিয়ন্ত্ৰণ, নীতি, মানদণ্ডক উদ্দীপিত কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় আৰু স্থানীয় চৰকাৰৰ সমন্বয়ৰ দায়িত্ব আঞ্চলিক চৰকাৰসমূহৰ। স্থানীয় চৰকাৰসমূহে নিজৰ শাসিত অঞ্চলত আৱৰ্জনা ব্যৱস্থাপনাৰ দায়িত্ব লয়।[14] কিন্তু স্থানীয় চৰকাৰসমূহে আৱৰ্জনাসমূহ নিজে নিষ্কাশন নকৰে বৰঞ্চ থাইলেণ্ডৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ পৰা (পিচিডি) অধিকাৰ লাভ কৰা ব্যক্তিগত কোম্পানীক নিযুক্তি দিয়ে।[15] মূল কোম্পানীসমূহ হ'ল বেংপু ঔদ্যোগিক আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ,[16] সাধাৰণ পৰিৱেশ সংৰক্ষণ পাব্লিক কোম্পানী লিমিটেড (জেনকো),[17] এছজিএছ থাইলেণ্ড,[18] আৱৰ্জনা ব্যৱস্থাপনা চিয়াম এলটিডি (ডব্লিউএমএছ),[19] আৰু বেটাৰ ৱৰ্ল্ড গ্ৰীণ পাব্লিক কোম্পানী লিমিটেড (বি ডব্লিউ জি)।[20] এই কোম্পানীবোৰে গ্ৰাহকৰ পৰা পোৱা আৱৰ্জনাবোৰ পৰিৱেশত মিহলি হোৱাৰ আগতে, পুতি থোৱাৰ বাবে দায়বদ্ধ।

১৯৭৬ চনৰ সম্পদ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ আইন (Resource Conservation and Recovery Act - RCRA)ত আমেৰিকাত ঔদ্যোগিক, ঘৰুৱা আৰু উৎপাদন কঠিন আৰু বিপজ্জনক আৱৰ্জনাসমূহৰ ফেডাৰেল নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে।[11][21] আৰ চি আৰ এৰ লক্ষ্য হৈছে প্ৰাকৃতিক সম্পদ আৰু শক্তি সংৰক্ষণ কৰা, মানৱ স্বাস্থ্য সুৰক্ষিত কৰা, আৱৰ্জনা নিৰ্মূল বা হ্ৰাস কৰা আৰু প্ৰয়োজনৰ সময়ত আৱৰ্জনা পৰিষ্কাৰ কৰা।[21] ১৯৬৫ চনৰ কঠিন আৱৰ্জনা নিষ্কাশন আইনখনৰ সংশোধনী হিচাপে আৰ চি আৰ এৰ প্ৰথম আৰম্ভ হৈছিল আৰু ১৯৮৪ চনত কংগ্ৰেছে বিপজ্জনক আৰু কঠিন আৱৰ্জনা সংশোধনী (HSWA) গৃহীত কৰে, যিয়ে আৰ চি আৰ এক অধিক শক্তিশালী কৰে:[22]

  • ভূমি নিষ্কাশন নিৰ্মূল কৰা:— ভূমি নিষ্কাশনৰ অৰ্থ হ’ল আৱৰ্জনা মাটিৰ ওপৰত বা ভিতৰত ৰখা (যেনে ইনজেকচন কূপ, লেণ্ডফিল আদি), আৰু ভূমি নিষ্কাশন নিষেধাজ্ঞা (এলডিআৰ) কাৰ্যসূচীয়ে (এইচএছডব্লিউএৰ অধীনত) ভূমি নিষ্কাশনৰ পৰা অপৰিশোধিত বিপজ্জনক আৱৰ্জনা নিষিদ্ধ কৰে, আৰু আমেৰিকাৰ পৰিৱেশ সুৰক্ষা সংস্থাই (EPA) বিপজ্জনক আৱৰ্জনা ভূমি নিষ্কাশনৰ বলি হোৱাৰ আগতে নিৰ্দিষ্ট পৰিশোধনৰ মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ বাধ্য কৰে। এল ডি আৰ প্ৰগ্ৰেমত আৱৰ্জনা তৰল কৰাৰ ওপৰতো নিষেধাজ্ঞা আছে, যিয়ে দৃঢ়তাৰে কয় যে, বিপজ্জনক আৱৰ্জনাসমূহ সন্তোষজনকভাৱে পৰিশোধন নকৰাকৈ হেণ্ডলাৰে তললৈ পাতল কৰিব নোৱাৰে।[22][23]
  • আৱৰ্জনা কম কৰা:— আৱৰ্জনা কম কৰাৰ লক্ষ্য হ’ল উৎপন্ন হোৱা বিপজ্জনক আৱৰ্জনা, আৰু ইয়াৰ বিষক্ৰিয়াৰ মাত্ৰা যিমান পাৰি হ্ৰাস কৰাটো নিশ্চিত কৰা আৰু ইপিএই উৎস হ্ৰাস আৰু পুনঃব্যৱহাৰৰ জৰিয়তে এই কাম কৰে। উৎস হ্ৰাস (বা প্ৰদূষণ প্ৰতিৰোধ)-এ বিপজ্জনক আৱৰ্জনাসমূহৰ উৎপাদনক ইয়াৰ উৎসতে ট্ৰিম কৰে আৰু ই ইপিএৰ সামগ্ৰী ব্যৱস্থাপনাৰ পদক্ষেপ প্ৰথম আৰু পুনঃব্যৱহাৰ দ্বিতীয়।[22][24][25]
  • সংশোধনীমূলক ব্যৱস্থাৰ সম্পৰ্কে ইপিএৰ কৰ্তৃত্ব বৃদ্ধি কৰা:— সংশোধনমূলক ব্যৱস্থা হ'ল; পৰিশোধন, সংৰক্ষণ আৰু নিষ্কাশনৰ সুবিধাসমূহে (টিএছডিএফ) মাটি আৰু পৃষ্ঠীয় পানী, মাটি আৰু বায়ুত বিপজ্জনক মুক্তিৰ বিষয়ে সোধা-পোছা কৰি ইয়াক পৰিষ্কাৰ কৰিবলৈ বাধ্য হ'ব লাগে। এইচ এছ ডব্লিউ এৰ অধীনত ই পি এয়ে অনুমোদিত আৰু অনুমোদিত নহোৱা টি এছ ডি এফত সংশোধনীমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন হ'ব পাৰে।[22][26]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Maczulak, Anne Elizabeth (2010). Pollution: Treating Environmental Toxins. প্ৰকাশক New York: Infobase Publishing. পৃষ্ঠা. 120. ISBN 9781438126333.
  2. "Industrial Waste Management: Waste Stream Statistics". Recover Inc.. 2017-02-28. https://recoverusa.com/industrial-waste-management/ আহৰণ কৰা হৈছে: 2019-04-23.
  3. Introduction to the National Pretreatment Program (Report). প্ৰকাশক Washington, D.C.: U.S. Environmental Protection Agency (EPA). 2011. pp. 1-1, 1-2. EPA 833-B-11-001. https://www.epa.gov/npdes/npdes-introduction-national-pretreatment-program.
  4. "How We Use Water". EPA. 2018-02-05. https://www.epa.gov/watersense/how-we-use-water.
  5. "Cooling Water Intakes". EPA. 2020-05-14. https://www.epa.gov/cooling-water-intakes.
  6. Ghobadi, M.; Ahmadipari, M.; Pazoki, M. (2020). "Assessment of Disposal Scenarios for Solid Waste Management Using Fuzzy Rapid Impact Assessment Matrix; a Case Study of Khorramabad Industrial Estate". Pollution খণ্ড 6 (3): 531–541. doi:10.22059/POLL.2020.295451.735. Archived from the original on 2024-05-27. https://web.archive.org/web/20240527183550/https://jpoll.ut.ac.ir/article_76543.html আহৰণ কৰা হৈছে: 2024-05-27.
  7. Wastes in Marine Environments. প্ৰকাশক Washington, DC: U.S. Congress, Office of Technology Assessment. 1987. পৃষ্ঠা. 22.
  8. Gyawali at al. (2012). "Effects of Industrial Waste Disposal on the Surface Water Quality of U-tapao River, Thailand". 2012 International Conference on Environment Science and Engineering খণ্ড 32: 5. Archived from the original on 2018-11-23. https://web.archive.org/web/20181123132018/http://www.ipcbee.com/vol32/019-ICESE2012-D10030.pdf আহৰণ কৰা হৈছে: 2024-05-28.
  9. Goel, P.K. (2006). Water Pollution - Causes, Effects and Control. প্ৰকাশক New Delhi: New Age International. ISBN 978-81-224-1839-2.
  10. "Defining Hazardous Waste: Listed, Characteristic and Mixed Radiological Wastes". EPA. 2020-07-16. https://www.epa.gov/hw/defining-hazardous-waste-listed-characteristic-and-mixed-radiological-wastes.
  11. 1 2 United States. Resource Conservation and Recovery Act. সাঁচ:USPL Approved 21 October 1976.
  12. Laws, Edward A. (2017). Aquatic Pollution: An Introductory Text (4th সম্পাদনা). প্ৰকাশক Hoboken, NJ: John Wiley & Sons. ISBN 9781119304500. https://books.google.com/books?id=V5D2DQAAQBAJ.
  13. Denchak, Melissa (2018-05-14). "Water Pollution: Everything You Need to Know". প্ৰকাশক New York: Natural Resources Defense CouncilOur Stories. https://www.nrdc.org/stories/water-pollution-everything-you-need-know.
  14. Jiaranaikhajorn, Taweechai. "Waste and Hazardous Substances Management Bureau". Pollution Control Department, Thailand. Archived from the original on 17 June 2020. https://web.archive.org/web/20200617190938/http://infofile.pcd.go.th/mgt/Overview_waste.pdf?CFID=1251248&CFTOKEN=85107412 আহৰণ কৰা হৈছে: 22 November 2014.
  15. "Pollution Control Department Statement, Thailand". Ministry of Natural Resources and Environment. Archived from the original on 2017-02-10. https://web.archive.org/web/20170210035541/http://www.pcd.go.th/about/en_ab_mission.html আহৰণ কৰা হৈছে: 2024-05-28.
  16. Visvanathan, C.. "Hazardous and Industrial Solid Waste Management in Thailand - an Overview". Asian Institute of Technology Thailandwww.faculty.ait.ac.th/visu/. Archived from the original on 11 November 2014. https://web.archive.org/web/20141111153302/http://www.jgsee.kmutt.ac.th/jgsee1/NewsEvents/Seminar/ISSOWAMA/Visvanathan_Presentation.pdf আহৰণ কৰা হৈছে: 22 November 2014.
  17. "Genco Background". General Environment Conservation Public Company Limited (GENCO). http://www.genco.co.th/EN-About.htm আহৰণ কৰা হৈছে: 22 November 2014.
  18. "About SGS". SGS (Thailand) Limited. http://www.sgs.co.th/en/Our-Company/About-SGS/Sponsorship.aspx আহৰণ কৰা হৈছে: 22 November 2014.
  19. "About Waste Management Siam Ltd.(WMS)". Waste Management Siam Ltd.. http://www.wms-thailand.com আহৰণ কৰা হৈছে: 22 November 2014.
  20. "About BGW". Better World Green Public Company Limited (BWG ). Archived from the original on 2 April 2016. https://web.archive.org/web/20160402110720/http://www.betterworldgreen.com/ আহৰণ কৰা হৈছে: 22 November 2014.
  21. 1 2 US EPA, OMS (2014-11-10). "Regulatory and Guidance Information by Topic: Waste" (en ভাষাত). www.epa.gov. https://www.epa.gov/regulatory-information-topic/regulatory-and-guidance-information-topic-waste আহৰণ কৰা হৈছে: 2021-11-21.
  22. 1 2 3 4 US EPA, OLEM (2015-08-18). "History of the Resource Conservation and Recovery Act (RCRA)" (en ভাষাত). www.epa.gov. https://www.epa.gov/rcra/history-resource-conservation-and-recovery-act-rcra আহৰণ কৰা হৈছে: 2021-11-21.
  23. US EPA, OLEM (2015-11-25). "Land Disposal Restrictions for Hazardous Waste" (en ভাষাত). www.epa.gov. https://www.epa.gov/hw/land-disposal-restrictions-hazardous-waste আহৰণ কৰা হৈছে: 2021-11-21.
  24. "Waste Minimization". Microsoft Word. November 20, 2021. https://www.eiu.edu/environ/doc123/Waste%20Minimization.pdf আহৰণ কৰা হৈছে: November 4, 2021.
  25. "Frequent Questions | Waste Minimization | Wastes | US EPA" (en ভাষাত). archive.epa.gov. https://archive.epa.gov/epawaste/hazard/wastemin/web/html/faqs.html#wastemin আহৰণ কৰা হৈছে: 2021-11-21.
  26. US EPA, OLEM (2016-01-22). "Learn about Corrective Action" (en ভাষাত). www.epa.gov. https://www.epa.gov/hw/learn-about-corrective-action আহৰণ কৰা হৈছে: 2021-11-21.