ক'লা জীৰা
Jump to navigation
Jump to search
ক'লা জীৰা | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
বৰ্গ: | Ranunculales |
পৰিয়াল: | Ranunculaceae |
গণ: | Nigella |
প্ৰজাতি: | N. sativa |
বৈজ্ঞানিক নাম | |
N. sativa L.[1] |
ক'লা জীৰা (বৈজ্ঞানিক নাম: N. sativa; ব্লেক কিউমিন, ব্লেক কাৰাৱে, কাল জিৰা, নিগেলা, কালোজিৰা, কলঞ্জী বা কালঞ্জী বুলিও কোৱা হয়) হৈছে ৰাণুকুলেচিয়া পৰিয়ালৰ অন্তৰ্গত পূৱ ভুমধ্যসাগৰীয় অঞ্চল, উত্তৰ আফ্ৰিকা, ভাৰতীয় উপমহাদেশ, আৰু পশ্চিম এছিয়াৰ এক বৃহৎ অঞ্চলৰ এবিধ স্থানীয় একবাৰ্ষিক সপুষ্পক উদ্ভিদ।[2]
ক'লা জীৰা ২০-৩০ ছেমি (৭.৯–১১.৮ ইঞ্চি) ওখ হয়, পাতল, ৰৈখিক (কিন্তু সূতাৰ দৰে নহয়) পাত থাকে। ফুলবোৰ কোমল, আৰু সাধাৰণতে ৰঙীন হালধীয়া নীলা আৰু বগা ৰঙৰ পাঁচৰ পৰা দহটাকৈ পাহি থাকে। ফলটোত তিনিৰ পৰা সাতটা ঐক্যবদ্ধ ডাঙৰ আৰু ইনফোল্ড কেপচুল থাকে, য'ত অজস্ৰ বীজ থাকে যাক মছলা হিচাপে ব্যৱহাৰ কৰা হয়।[2] পাঁচ ফোৰণ নামৰ ভাৰতত প্ৰচলিত এবিধ গোটা মছলা মিশ্ৰণৰ ই এবিধ মুখ্য উপাদান।[3]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "The Plant List: A Working List of All Plant Species". http://www.theplantlist.org/tpl/record/kew-2381679.
- ↑ 2.0 2.1 Engels, Gayle; Brinckmann, Josef (2017). "Nigella sativa". Herbalgram, American Botanical Council. http://cms.herbalgram.org/herbalgram/issue114/hg114-herbprofile.html?ts=1588343219&signature=4d088c6c21b53fee8d812e3f7e2a4fbc.
- ↑ "Panch Phoron Seeds Glossary | Recipes with Panch Phoron Seeds". Tarladalal.com. http://www.tarladalal.com/glossary-panch-phoron-seeds-1027i। আহৰণ কৰা হৈছে: 2012-07-13.