কদম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কদম
কদম গছ
কদম ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Gentianales
পৰিয়াল: Rubiaceae
গণ: Neolamarckia
প্ৰজাতি: N. cadamba
বৈজ্ঞানিক নাম
Neolamarckia cadamba
(Roxb.) Bosser
সমাৰ্থক

Nauclea cadamba Roxb.
Anthocephalus cadamba (Roxb.) Miq.
Samama cadamba (Roxb.) Kuntze
Anthocephalus morindifolius Korth.
Nauclea megaphylla S.Moore
Neonauclea megaphylla S.Moore

কদম (বৈজ্ঞানিক নাম: Neonauclea cadamba ) ভাৰতৰ ঘাইকৈ অসম , পশ্চিমবংগ, আন্দামান দ্বীপপুঞ্জ,আৰু বাংলাদেশৰ এক সাধাৰণ গছ। নীপ, বৃত্তপুষ্প, মেঘাগমপ্ৰিয়, কৰ্ণপূৰক, ভৃঙ্গবল্লভ, মঞ্জুকেশিনী, পুলকি, সৰ্ষপ, প্রাবৃষ্য, ললনাপ্রিয়, সুৰভি, সিন্ধুপুষ্প ইত্যাদি বিভিন্ন নামেৰে কদম জনাজাত।[1]

বৰ্ণনা[সম্পাদনা কৰক]

কদম দীৰ্ঘাকৃতি, বহুশাখাবিশিষ্ট বিশাল বৃক্ষ বিশেষ । সৌন্দৰ্য্যবৰ্ধক বৃক্ষৰ ভিতৰত কদম অন্যতম। কদমৰ কাণ্ড সৰল, উন্নত, ধূসৰৰ পৰা প্ৰায় ক'লা বৰণৰ । শাখা অজস্র আৰু ভূমিৰ সমান্তৰালত প্রসাৰিত। পাতবোৰ বিশাল , ডিম্বাকৃতি, উজ্বল-সেউজীয়া, তেলেতীয়া। উপপত্ৰক অত্যন্ত ক্ষণস্থায়ী । নিবিড় পত্রবিন্যাসৰ বাবে কদম ছাঁ অতি ঘন। শীতকালত কদমৰ পাত সৰে আৰু বসন্ত কালত কুঁহি পাত উলায়। সাধাৰণতে পৈণত পাতৰ অপেক্ষাত কুঁহি পাতবোৰ বৰ সৰু। কদমৰ এক সম্পূৰ্ণ মঞ্জৰীক সাধাৰণতৰে ফুল বুলিয়ে কোৱা হয়। তাতে বলৰ নিচিনা গোলাকাৰ , পুষ্পবিন্যাসত অজস্র সৰু সৰু ফুলৰ বিকীৰ্ণ বিন্যাস। পূৰ্ণ প্রস্ফুটিত মঞ্জৰীৰ ৰং বগা-হালধিয়া। প্রতিটো ফুল খুবই সৰু , বৃতি বগা, দল হালধীয়া, পৰাগচক্র বগা আৰু বহিৰ্মুখী, গৰ্ভদণ্ড দীঘল। ফুলৰ উগ্ৰ গোন্ধ আছে। পৰাগযোগ ঘাইকৈ বাদুলিৰ দ্বাৰা হয়। ফলবোৰ মঙহাল, আৰু টেঙা ।[2]

পাত আৰু ফুল

ব্যৱহাৰ[সম্পাদনা কৰক]

কদম গছৰ বৃদ্ধি অত্যন্ত দ্ৰুত। ইয়াৰ কাঠ জ্বলনশীল হোৱাৰ বাবে খৰি হিচাপে ব্যৱহাৰ কৰিবলৈ ইয়াক ৰোপন কৰা হয়। কাঠ বগা আৰু অতি নৰম। নৰম কাঠ বাকচ আদি সাজিবলৈ আৰু জুইশলা শিল্পত ব্যৱহাৰ কৰা হয়। ফুলৰ পৰা সুগন্ধি দ্ৰব্য নিষ্কাষন কৰা হয়। ছাল জ্বৰৰ ঔষধ হিচাপেও উপকাৰী।[2] ভগৱান শ্ৰী কৃষ্ণৰ লগত কদম গছৰ সম্পৰ্ক আছে।

মিনাক্ষী মন্দিৰৰ প্ৰৱেশদ্বাৰত কদম গছ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. এল বর্ষার দূত,আশীষ-উৰ-ৰহমান, দৈনিক প্রথম আলো। ঢাকাৰ পৰা প্রকাশিত তাৰিখ: ০৮-০৬-২০১৩ খ্রিষ্টাব্দ।
  2. 2.0 2.1 শ্যামলী নিসর্গ, দ্বিজেন শৰ্মা , বাংলা একাডেমী, ঢাকা।