সমললৈ যাওক

কনৰাড চাংমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কনৰাড কে. চাংমা

অনুষ্ঠানিক প্ৰতিকৃতি
মেঘালয়ৰ দ্বাদশ মুখ্যমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৬ মাৰ্চ ২০১৮
ৰাজ্যপাল গংগা প্ৰসাদ
তথাগত ৰয়
আৰ. এন. ৰবি
সত্য পাল মালিক
বি. ডি. মিশ্ৰা
ফাগু চৌহান
সহকাৰী প্ৰিষ্টন টাইনছং (২০১৮ চনৰ ৬ মাৰ্চৰ পৰা)
স্নিয়াৱভালং ধৰ (২০২৩ চনৰ ৭ মাৰ্চৰ পৰা)
পূৰ্বসূৰী মুকুল চাংমা
মেঘালয় বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৭ আগষ্ট ২০১৮
পূৰ্বসূৰী আগথা চাংমা
সমষ্টি দক্ষিণ তুৰা
কাৰ্যকাল
২০০৮ – ২০১৩
পূৰ্বসূৰী ক্লেমেণ্ট মাৰাক
উত্তৰসূৰী ক্লেমেণ্ট মাৰাক
সমষ্টি চেলচেলা
সংসদৰ সদস্য, লোকসভা
কাৰ্যকাল
১৯ মে’ ২০১৬ – ২৭ আগষ্ট ২০১৮
পূৰ্বসূৰী পি. এ. চাংমা
উত্তৰসূৰী আগথা চাংমা
সমষ্টি তুৰা
বিত্ত, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী
(মেঘালয় চৰকাৰ)
কাৰ্যকাল
২০০৮ – ২০০৯
মুখ্যমন্ত্ৰী ডংকুপাৰ ৰয়
ব্যক্তিগত তথ্য
জন্ম
কনৰাড কংকাল চাংমা

২৭ জানুৱাৰী, ১৯৭৮ (৪৬ বছৰ)
তুৰা, মেঘালয়, ভাৰত
ৰাজনৈতিক দল নেছনেল পিপলছ পাৰ্টি
আন ৰাজনৈতিক
সম্পৰ্ক
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট
জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (পূৰ্বতে)
দাম্পত্যসঙ্গী মেহতাব চাংমা (বি. ২০০৯)
সন্তান
পিতৃ পূৰ্ণ চাংমা
সম্বন্ধীয় জেমছ চাংমা (ভাতৃ)
আগথা চাংমা (ভগ্নী)
ক্ৰিষ্টি চাংমা (ভগ্নী)
শিক্ষা
  • ইম্পেৰিয়েল কলেজ লণ্ডন (এমবিএ)
  • ৱাৰ্টন স্কুল অৱ বিজনেছ (বিবিএ)

কনৰাড কংকল চাংমা (ইংৰাজী: Conrad Kongkal Sangma; জন্ম: ২৭ জানুৱাৰী ১৯৭৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু মেঘালয়ৰ দ্বাদশতম তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী। ২০১৮ চনৰ পৰা তেওঁ মেঘালয়ৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে।[1] তেওঁ নেছনেল পিপলছ পাৰ্টিৰ সদস্য। তেওঁৰ পিতৃ পি. এ. চাংমা প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু লোকসভাৰ প্ৰাক্তন অধ্যক্ষ আছিল। কনৰাড চাংমা ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে তুৰা লোকসভা সমষ্টিৰ পৰা সংসদ সদস্য আছিল।[2] ২০১৮ চনৰ পৰা দক্ষিণ তুৰা সমষ্টিক প্ৰতিনিধিত্ব কৰি ২০০৮ চনৰ পৰা ২০১৩ চনলৈকে চেলচেলা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ২০০৮ চনৰ পৰা ২০০৯ চনলৈকে তেওঁ মেঘালয় চৰকাৰৰ বিত্ত, শক্তি আৰু পৰ্যটন মন্ত্ৰীও আছিল। তেওঁ মেঘালয় বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।[3] তেওঁ জাতীয়তাবাদী যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

অধ্যয়ন সম্পূৰ্ণ কৰাৰ লগে লগে পিতৃ পি. এ. চাংমাৰ জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (এনচিপি)ৰ প্ৰচাৰ পৰিচালক হিচাপে চাংমাই ১৯৯০ চনৰ শেষৰ ফালে ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰে।[4] ২০০৪ চনত প্ৰথম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি গাৰো হিলছ স্বায়ত্তশাসিত জিলা পৰিষদৰ এখন আসনৰ বাবে প্ৰচাৰ চলাই ১৮২টা ভোটত পৰাস্ত হয়।[5] ২০০৮ চনৰ ৰাজ্যিক নিৰ্বাচনত এনচিপিৰ সদস্য হিচাপে প্ৰথমে ভাতৃ জেমছৰ সৈতে ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু পিছলৈ ৰাজ্যিক মন্ত্ৰীসভাত বিত্ত, শক্তি, পৰ্যটন, জিএডি আৰু আইটিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল[6] আৰু মন্ত্ৰী হিচাপে শপত লোৱাৰ ১০ দিনৰ ভিতৰতে মেঘালয়ৰ বাবে প্ৰথম বাৰ্ষিক বাজেট দাখিল কৰে। ২০০৯ চনৰ পৰা ২০১৩ চনলৈ চাংমাই মেঘালয় বিধানসভাত বিৰোধী দলৰ নেতা পদত অধিষ্ঠিত হৈছিল। ২০১৩ চনৰ মেঘালয় বিধানসভাৰ নিৰ্বাচনত চাংমাই আসন হেৰুৱাইছিল।[7]

সেই বছৰৰ আৰম্ভণিতে পিতৃৰ মৃত্যুৰ পিছত ২০১৬ চনৰ মাৰ্চ মাহত তেওঁ নেছনেল পিপলছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হয়।[8] একে বছৰৰ মে’ মাহত লোকসভালৈ উপ-নিৰ্বাচনত তুৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ ১.৯২ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰে।[9]

মেঘালয়ৰ মুখ্যমন্ত্ৰী

[সম্পাদনা কৰক]

২০১৮ চনৰ মেঘালয়ৰ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিছতে দ্বিতীয় স্থান লাভ কৰে চাংমাৰ দল এন পি পিয়ে।[10] ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ ৩০খন আসনৰ প্ৰয়োজন হোৱাৰ বাবে এনপিপিয়ে অন্যান্য আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰি এই সংখ্যা ৩৪ লৈ বৃদ্ধি কৰে। তাৰ পাছত মেঘালয়ৰ ৰাজ্যপাল গংগা প্ৰসাদক সাক্ষাৎ কৰি বিধানসভাৰ ৩৪জন সদস্যৰ পৰা সমৰ্থন পত্ৰৰে সাংমাই চৰকাৰ গঠনৰ দাবী বাজিত উঠে, য’ত এনপিপিৰ ১৯ জন, ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিৰ ছয়জন, পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ চাৰিজন, হিল ষ্টেট পিপলছ ডেম'ক্ৰেটিক পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ পৰা দুজনকৈ, আৰু এজন নিৰ্দলীয়,[11] আৰু নিৰ্বাচিত মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়।[12] ৬ মাৰ্চত তেওঁ মুকুল চাংমাৰ ঠাইত শপত গ্ৰহণ কৰে। ২০১৮ চনৰ আগষ্ট মাহত তেওঁ দক্ষিণ তুৰা আসনৰ বাবে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ১৩,৬৫৬টা ভোট লাভ কৰিছিল। ছাংমাই তেওঁৰ নিকটতম কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী চাৰ্লট ডব্লিউ মমিনক ৮৪০০ৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।[13] ২০২৩ চনৰ ৭ মাৰ্চত দ্বিতীয়বাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।[14]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৭৮ চনৰ ২৭ জানুৱাৰীত মেঘালয়ৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ তুৰা চহৰত কনৰাড চাংমাৰ জন্ম হৈছিল।[15] তেওঁৰ পিতৃ পূৰ্ণ চাংমা মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ অধ্যক্ষ, আৰু মাতৃ সোৰাদিনী এগৰাকী গৃহিণী আছিল।[16] তেওঁৰ ভাতৃ-ভগ্নীৰ ভিতৰত ডাঙৰ ভাতৃ জেমছ আৰু কনিষ্ঠ ভগ্নী আগথা এনপিপিৰ ৰাজনীতিবিদ। আন এগৰাকী ভগ্নী ক্ৰীষ্টি[17] অৱশ্যে অৰাজনৈতিক হৈয়েই আছে।[18] কনৰাড দিল্লীত ডাঙৰ-দীঘল হৈছিল আৰু তাতেই ছেইণ্ট কলম্বা স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।[5] পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ পৰা উদ্যোগীকৰণ ব্যৱস্থাপনাত ব্যৱসায় প্ৰশাসনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ইম্পেৰিয়েল কলেজ লণ্ডনৰ পৰা বিত্ত বিষয়ত এম বি এ সম্পূৰ্ণ কৰে।[2][19]

২০০৯ চনৰ ২৯ মে’ত পেছাত চিকিৎসক মেহতাব চাণ্ডীৰ সৈতে ছাংমাই বিবাহপাশত আবদ্ধ হয়[20] আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে: অমৰা (জন্ম প্ৰায় ২০১১) আৰু কেটেলিন (জন্ম ২০১৭)।[21][22] ৰাজনীতিৰ বাহিৰেও শিক্ষা আৰু পৰিৱেশৰ ক্ষেত্ৰসমূহৰ উন্নতিৰ বাবে কাম কৰা পি এ চাংমা ফাউণ্ডেশ্যনৰ সভাপতি হিচাপে সামাজিক কামৰ সৈতে জড়িত হৈ আহিছে, লগতে মেঘালয়ৰ গ্ৰাম্য অঞ্চলতো চাৰিখন মহাবিদ্যালয় চলাই আছে। বৰ্তমান তেওঁ মেঘালয় ক্ৰিকেট সন্থা আৰু ক্ৰীড়া একাডেমীৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।[23]

কনৰাড চাংমাই ইলেক্ট্ৰিক গীটাৰ বজায় আৰু হেভি মেটেল বেণ্ড আইৰন মেডেনৰ অনুৰাগী। ২০২০ চনৰ মে' মাহত তেওঁ ইনষ্টাগ্ৰামত আইৰন মেডেনৰ গীত "ৱেষ্টেড ইয়াৰ্ছ" বজাই থকা ভিডিঅ' পোষ্ট কৰাৰ বাবে উল্লেখযোগ্য জাননী লাভ কৰে।[24][25]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Congress outsmarted in Meghalaya, Conrad Sangma to be sworn in March 6". The Hindu. 4 March 2018. Archived from the original on 2018-03-04. https://web.archive.org/web/20180304184505/http://www.thehindu.com/elections/meghalaya-2018/npps-conrad-sangma-to-be-sworn-in-as-cm-in-meghalaya/article22925085.ece. 
  2. 2.0 2.1 "Conrad delivers quickie budget". The Telegraph. 28 March 2008. Archived from the original on 2012-06-12. https://web.archive.org/web/20120612123149/http://www.telegraphindia.com/1080328/jsp/guwahati/story_9066936.jsp. 
  3. "List Of Members Of The Eight Meghalaya Legislative Assembly". Meghalaya Legislative Assembly, Official Website. Archived from the original on 2011-05-11. https://web.archive.org/web/20110511120731/http://megassembly.gov.in/List%20of%20Candidate.htm. 
  4. "'In Garo Hills, I'm the moon that won't be eclipsed'". The Indian Express. 25 September 1999. http://archive.indianexpress.com/Storyold/123501/. 
  5. 5.0 5.1 Masih, Archana (18 February 2013). "How a Wharton graduate fits into North-East politics". Rediff.com. http://www.rediff.com/news/slide-show/slide-show-1-how-a-wharton-graduate-fits-into-northeast-politis/20130218.htm। আহৰণ কৰা হৈছে: 5 March 2018. 
  6. "Sangma dynasty gains momentum in Meghalaya". Rediff.com News. 23 April 2008. http://www.rediff.com/news/2008/apr/23sangma.htm. 
  7. Detailed Results State Election, 2013 to the Legislative Assembly Of Meghalaya. Election Commission of India. পৃষ্ঠা. 11. https://ceomeghalaya.nic.in/electionconducted/mla2013/10-Reports/10-detailed-results.pdf. 
  8. "Conrad K Sangma Elected NPP President". The Northeast Today. 16 March 2016. https://www.northeasttoday.in/conrad-k-sangma-elected-npp-president/. 
  9. "Tura gifts Conrad huge-win mantle". The Telegraph. 20 May 2016. https://www.telegraphindia.com/1160520/jsp/northeast/story_86547.jsp. 
  10. "Hung Assembly in Meghalaya, Congress single largest party". The Hindu. 3 March 2018. http://www.thehindu.com/elections/meghalaya-2018/hung-assembly-in-meghalaya-congress-single-largest-party/article22919518.ece. 
  11. "Meghalaya assembly elections 2018: NPP-led alliance all set to form govt". Mint. 5 March 2018. http://www.livemint.com/Politics/HENVCUo4AYfgfwqu27XNhJ/Meghalaya-assembly-elections-2018-NPPled-alliance-all-set.html. 
  12. "Congress outsmarted in Meghalaya, Conrad Sangma to be sworn in March 6". The Hindu. Press Trust of India. 4 March 2018. http://www.thehindu.com/elections/meghalaya-2018/npps-conrad-sangma-to-be-sworn-in-as-cm-in-meghalaya/article22925085.ece. 
  13. "Conrad Sangma sworn-in as Meghalaya CM". The Hindu. 6 March 2018. http://www.thehindu.com/elections/meghalaya-2018/conrad-sangma-sworn-in-as-meghalaya-cm/article22940327.ece. 
  14. "Conrad Sangma Takes Oath as Meghalaya Chief Minister Again, PM Present". https://www.ndtv.com/india-news/conrad-sangma-takes-oath-as-meghalaya-chief-minister-pm-modi-present-3840739. 
  15. "Conrad Sangma is the new Chief Minister of Meghalaya". The Northeast Today. 4 March 2018. Archived from the original on 5 March 2018. https://web.archive.org/web/20180305090710/https://thenortheasttoday.com/conrad-sangma-is-the-new-chief-minister-of-meghalaya/। আহৰণ কৰা হৈছে: 5 March 2018. 
  16. "Conrad Sangma". stwing.upenn.eduUniversity of Pennsylvania. https://www.stwing.upenn.edu/~conrad27/ME.html। আহৰণ কৰা হৈছে: 5 March 2018. 
  17. "Agatha, Pala to be sworn in today". Shillong Times. 28 May 2009. https://www.telegraphindia.com/1090528/jsp/frontpage/story_11030542.jsp. 
  18. "My daughters named after Agatha Christie: Sangma". Rediff.com. 15 July 2012. http://www.rediff.com/news/report/my-daughters-named-after-agatha-christie-sangma/20120715.htm. 
  19. "Meghalaya polls: No BJP or Cong, NPP aims for sole sway". The Times of India. 24 February 2018. https://timesofindia.indiatimes.com/india/meghalaya-polls-no-bjp-or-cong-npp-aims-for-sole-sway/articleshow/63055097.cms. 
  20. Dholabhai, Nishit (3 June 2009). "Children set stage for thaw". The Telegraph. https://www.telegraphindia.com/1090603/jsp/frontpage/story_11056376.jsp. 
  21. Khan, Saidul (28 February 2018). "Battle of Sangmas sealed in ballot box". The Telegraph. https://www.telegraphindia.com/states/north-east/battle-of-sangmas-sealed-in-ballot-box-211836. 
  22. "Conrad's Mantra: People, Principles And Participation To Be Guiding Force". Shillong Times. 21 May 2016. Archived from the original on 5 March 2018. https://web.archive.org/web/20180305092224/http://www.theshillongtimes.com/2016/05/21/conrads-mantra-people-principles-and-participation-to-be-guiding-force/. 
  23. "Meet Conrad Sangma: PA Sangma's son and next CM of Meghalaya". The Financial Express. 4 March 2018. http://www.financialexpress.com/elections/meet-conrad-sangma-man-of-the-moment-in-meghalaya-pa-sangmas-son-and-likely-new-cm/1087038/. 
  24. "Meghalaya CM Conrad Sangma's cover of an Iron Maiden song is a social media hit" (en ভাষাত). The Indian Express. 2020-05-23. https://indianexpress.com/article/trending/trending-in-india/meghalaya-cm-conrad-sangma-wasted-years-iron-maiden-electric-guitar-6423694/। আহৰণ কৰা হৈছে: 2020-11-08. 
  25. "Watch: Meghalaya Chief Minister Conrad Sangma plays Iron Maiden's 'Wasted Years' on his guitar" (en-US ভাষাত). Scroll.in. 24 May 2020. https://scroll.in/video/962801/watch-meghalaya-chief-minister-conrad-sangma-plays-iron-maidens-wasted-years-on-his-guitar। আহৰণ কৰা হৈছে: 2020-11-08. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
ৰাজনৈতিক কাৰ্যালয়সমূহ
পূৰ্বৱৰ্তী
পি. এ. চাংমা
সংসদৰ সদস্য
তুৰাৰ বাবে

২০১৬ – ২০১৯
পৰৱৰ্তী
আগথা চাংমা
পূৰ্বৱৰ্তী
মুকুল চাংমা
মেঘালয়ৰ মুখ্যমন্ত্ৰী
৬ মাৰ্চ ২০১৮ – বৰ্তমান
পৰৱৰ্তী
পদাধিকাৰ