কবছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Kabsa
আৰবী: كبسة
প্ৰকাৰ আহাৰ
অঞ্চল আৰব উপদ্বীপ
মুখ্য উপাদান চাউল (সাধাৰণতে দীঘল শস্যৰ,প্ৰায় সদায় বাছমতী), কুকুৰা, শাক-পাচলি, আৰু মছলাৰ মিশ্ৰণ (ইলাচী, কেশৰ, ডালচেনি, ক'লা চূণ, তেজপাত আৰু জাইফল) কাবছা বা মাচবুছ
ভিন্ন প্ৰকাৰ মাচবুছ (আৰবী: مكبوس/مچبوس)

কাবছা (আৰবী: كبسة kabsah) বা makbūs/machbūs (مكبوس/مچبوس উপসাগৰীয় pron.: [mɑtʃˈbuːs]) হৈছে য়েমেনৰ পৰা উৎপত্তি হোৱা আৰব মিশ্ৰিত চাউলৰ খাদ্য।[1] ইয়াক সাধাৰণতে আৰব উপদ্বীপৰ সকলো দেশতে জাতীয় খাদ্য হিচাপে গণ্য কৰা হয়। ইয়াক দক্ষিণ ইৰাণ আৰু পেলেষ্টাইনৰ গাজাৰ দৰে অঞ্চলতো পোৱা যায়।[2]

ব্যুৎপত্তি[সম্পাদনা কৰক]

কাবছা হৈছে চৌদি আৰৱৰ জাতীয় খাদ্য,আৰবী চাউলৰ খাদ্যৰ ভিতৰত ই অন্যতম। সোৱাদযুক্ত কাবছা চাউলৰ ওপৰত কুকুৰা মাংসৰ টুকুৰাবোৰ গোল্ডেন ব্ৰাউন কৰি ৰান্ধী পাইনৰ বাদাম আৰু সোণালী কিচমিচেৰে সজাই তোলা হয় । ই মধ্যপ্ৰাচ্যৰ বহু দেশৰ এটা ক্লাছিক ৰেচিপি। উষ্ণ মছলাযুক্ত চাউলৰ ওপৰত পৰিবেশন কৰা কোমল কুকুৰা মাংস, ইলাচি, ডালচেনি, ধনীয়া, ক’লা চূণ আৰু হালধীৰেৰ ই অতি সোৱাদযুক্ত। পৰম্পৰাগতভাৱে কবছা ডাঙৰ বাচনত পৰিবেশন কৰা হয় আৰু সোঁহাতেৰে খোৱা হয়। কাবছা হৈছে আচৰিত ধৰণৰ সোৱাদযুক্ত চাউলৰ খাদ্য যিটো কুকুৰা, গো-মাংস বা মেৰ পোৱালিৰ মাংসৰেও সৈতে বনাব পাৰি। ই আৰব উপদ্বীপৰ এটা পাত্ৰৰ সুগন্ধি ধানৰ পোলাও।[3] সোৱাদযুক্ত চাউল আৰু চিকেন কাবাব খাই থকাৰ দৰেই, সকলোবোৰ একেটা পাত্ৰতে বনোৱা। বন্ধৰ দিনত আৰু যিকোনো উৎসৱৰ বতৰত কিচমিচ আৰু বাদামৰ সৈতে পৰিবেশন কৰা এটা বিদেশী চৌদি চাউলৰ খাদ্য। এই নামটো কাবাছা (আৰবী: كبس) শব্দৰ পৰা আহিছে, যাৰ আক্ষৰিক অৰ্থ হৈছে টিপি বা চেপি লোৱা, ইয়াৰ দ্বাৰা ৰন্ধা-বঢ়াত ব্যৱহৃত কৌশলৰ ইংগিত পোৱা যায় য'ত উপাদানসমূহ সকলো এটা পাত্ৰত (বা "চেপি থোৱা") ৰন্ধা হয়।[4]

উপাদানসমূহ[সম্পাদনা কৰক]

পেলেষ্টাইনৰ কাবছাত ভাত, শাক-পাচলি আৰু কিছু মছলা যোগ কৰা হৈছে। ইয়াক তন্দুৰী কুকুৰাৰ মাংহৰ সৈতে পৰিবেশন কৰা হয়।

এই খাদ্য, যাৰ বহুতো ভিন্নতা আছে । ইয়াক চাউল (সাধাৰণতে বাছমতী), মাংস, শাক-পাচলি আৰু মছলাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়।

প্ৰি-মিক্সড কবছা মছলা এতিয়া কেইবাটাও ব্ৰেণ্ৰড নামত উপলব্ধ। এইবোৰে প্ৰস্তুতিৰ সময় কমায়, কিন্তু পৰম্পৰাগত কাবছাৰ পৰা পৃথক সোৱাদ থাকিব পাৰে। কবছাত ব্যৱহাৰ কৰা মছলাবোৰ ইয়াৰ সোৱাদৰ বাবে বহুলাংশে দায়ী; মচলাবোৰ সাধাৰণতে ক'লা জলকীয়া, লৱণ, ইলাচি, কেশৰ, দালচেনি, ক'লা চূণ, তেজপাত আৰু জাইফলেৰে গুড়ি কৰি লোৱা হয় ।[5]

মছলাবোৰৰ লগত থকা প্ৰধান উপাদানটো হ’ল মাংস। ব্যৱহাৰ কৰা মাংস সাধাৰণতে কুকুৰা, ছাগলী, ভেৰা ছাগলীৰ পোৱালি, উট, গো-মাংস, মাছ বা মিছা মাছ। কুকুৰাৰ গোটা কুকুৰা ব্যৱহাৰ কৰা হয়।[6]

মছলা, চাউল আৰু মাংস আলমণ্ড, পাইন বাদাম, বাদাম, পিঁয়াজ আৰু খিচমিচেৰে ইয়াৰ পৰিমান বৃদ্ধি কৰিব পাৰি।[7] এই খাদ্য়বিধ হাছু (আৰবী: حشو)ৰে সজাই গৰমে ডাককুছ (আৰবী: دقّوس)ৰ সৈতে পৰিবেশন কৰিব পাৰি, যিটো ঘৰতে বনোৱা আৰবী টমেটো চচ।[8]

ৰন্ধা পদ্ধতি[সম্পাদনা কৰক]

এই খাদ্য খোৱাৰ অন্যতম জনপ্ৰিয় পদ্ধতি মাণ্ডী। ইয়াৰ উৎপত্তি য়েমেনৰ হাদ্ৰমাউটত হৈছিল।[9]

কাবছাৰ বাবে মাংস বিভিন্ন ধৰণে ৰান্ধিব পাৰি। মাংস প্ৰস্তুত কৰাৰ এটা জনপ্ৰিয় পদ্ধতিক মাণ্ডী বুলি কোৱা হয়। এই প্ৰাচীন কৌশলটো হাদ্ৰমাউটৰ পৰাই উৎপত্তি হৈছে[10] আৰু ইয়াত এক প্ৰকাৰৰ মাটিৰ অভেন জড়িত হৈ থাকে য'ত মাটিৰ দ গাঁত এটাত পুৰা মাংস কৰা হয় আৰু তাৰ পিছত মাংস সিজোৱাৰ সময়ত ঢাকি দিয়া হয়। কবছাৰ বাবে মাংস প্ৰস্তুত কৰি পৰিবেশন কৰাৰ আন এটা উপায় হ’ল মাথবি, য’ত জ্বলি থকা জুইকুৰাৰ ওপৰত ৰখা চেপেটা শিলত জুতি লোৱা মাংস পুৰা হয়। তৃতীয় কৌশল মাদঘুতত মাংসখিনি প্ৰেচাৰ কুকাৰত ৰান্ধি লোৱা হয়। এই সকলোবোৰ কৌশল য়েমেনৰ পৰাই উদ্ভৱ হৈছে।[11]

এয়াও চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Anissa Helou (4 October 2018). Feast: Food of the Islamic World. ISBN 9781526605566.
  2. Anissa Helou (4 October 2018). Feast: Food of the Islamic World. ISBN 9781526605566.
  3. https://amiraspantry.com/chicken-saudi-kabsa/
  4. Salloum, Habeeb (2010). The Arabian nights cookbook : from lamb kebabs to baba ghanouj, delicious homestyle Arabian cooking. Suan I. Lim. Tokyo: Tuttle Pub. ISBN 978-1-4629-0524-9. OCLC 782879761.
  5. "Al Kabsa - Traditional Rice dish". Food.com. Retrieved 23 June 2012.
  6. How to Make Kabsa". Retrieved 23 June 2012.
  7. "How to Make Kabsa". Retrieved 23 June 2012.
  8. Salloum, Habeeb (2010). The Arabian nights cookbook : from lamb kebabs to baba ghanouj, delicious homestyle Arabian cooking. Suan I. Lim. Tokyo: Tuttle Pub. ISBN 978-1-4629-0524-9. OCLC 782879761.
  9. Salloum, Habeeb (2010). The Arabian nights cookbook : from lamb kebabs to baba ghanouj, delicious homestyle Arabian cooking. Suan I. Lim. প্ৰকাশক Tokyo: Tuttle Pub. ISBN 978-1-4629-0524-9. OCLC 782879761. https://www.worldcat.org/oclc/782879761. 
  10. Anissa Helou (4 October 2018). Feast: Food of the Islamic World. ISBN 9781526605566.
  11. Anissa Helou (4 October 2018). Feast: Food of the Islamic World. ISBN 9781526605566.