কবৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কবৰী
ছাৰা বেগম কবৰী
বাংলাদেশ সংসদৰ সদস্য
কাৰ্যকাল
২৫ জানুৱাৰী, ২০০৯ – ২০ নৱেম্বৰ, ২০১৩
পূৰ্বসূৰী মহম্মদ গিয়াছুদ্দিন
উত্তৰসূৰী ছেমিম ওচমান
সমষ্টি নাৰায়ণগঞ্জ-৪
ব্যক্তিগত তথ্য
জন্ম
মীনা পাল

১৯ জুলাই, ১৯৫০
বোৱালখালি, চিটাগং, পূৰ্ববংগ
মৃত্যু ১৭ এপ্ৰিল, ২০২১ (৭০ বছৰ)
ঢাকা, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশী
দাম্পত্যসঙ্গী চিত্ত চৌধুৰী
চাইফুদ্দিন সৰৱাৰ
সন্তান ৫ পুত্ৰ
পেচা অভিনেত্ৰী, ৰাজনৈতিক ব্যক্তি, সমাজকৰ্মী

ছাৰা বেগম কবৰী (বা কবৰী চৰৱাৰ; জন্মːমীনা পাল; [1]ইংৰাজী: Kabori, ১৯ জুলাই ১৯৫০-১৭ এপ্ৰিল,২০২১)[2][3] এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেত্ৰী[4] আৰু ৰাজনীতিবিদ।[5] তেওঁৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে সুতৰাং, সাৰেং বৌ, আৱিৰ্ভাব, শত ভাই চম্পা, সুজন সখী আৰু লালন ফকীৰ[3] সাৰেং বৌ (১৯৭৮) ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ২০১৩ চনত জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰে।[6][7]

জীৱনৰ পিছৰ কালছোৱাত কবৰীয়ে ৰাজনীতিৰ লগত জড়িত হৈ পৰে। ২০০৮ চনত নাৰায়ণগঞ্জ-৪ সমষ্টিৰ পৰা আৱামী লীগৰ এগৰাকী নেত্ৰী হিচাপে নিৰ্বাচিত হৈ সংসদৰ সদস্য হয় আৰু ২০১৪ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।[8]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

কবৰীৰ জন্ম হৈছিল পাকিস্তানৰ পূৰ্ববংগৰ চিটাগং জিলাৰ বোৱালখালিত।[2] তাতে তেওঁ অষ্টম শ্ৰেণীলৈকে পঢ়িছিল।[8] ভজন গায়ক তেওঁৰ পিতৃৰ নাম আছিল কৃষ্ণ দাস পাল আৰু মাকে ধৰ্মীয় পুথিৰ গীত-পদ গাইছিল। কবৰীৰ জন্ম সংস্কৃতিসম্পন্ন এটা পৰিয়ালত। তেওঁৰ ভায়েকসকলে নাচ আৰু গান জানিছিল আৰু তেওঁৰ এগৰাকী ভায়েকে তবলা বজাব পাৰিছিল।[9]

অভিনয় আৰু অন্যান্য[সম্পাদনা কৰক]

সুতৰাং ছবিত সুভাষ দত্ত আৰু কবৰী(১৯৬৪)

১৩ বছৰ বয়সতে কবৰীয়ে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। সুভাষ দত্তৰ পৰিচালনাত তেওঁৰ প্ৰথমখন ছবি সুতৰাং ১৯৬৪ চনত মুক্তি পায়।[10] সংগীত পৰিচালক সত্য সাহাৰ জৰিয়তে তেওঁ এই চৰিত্ৰটো লাভ কৰিছিল।[9] ১৯৬৮ চনত দত্তৰ অৱিৰ্ভাবৰ পিছৰ পৰা কবৰীয়ে অভিনেতা ৰাজ্জাকৰ সৈতে একেলগে ২০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল; ছবিসমূহৰ ভিতৰত আছে, নীল আকাশেৰ নিচে (১৯৬৯), দীপ নিভে নাই (১৯৭০), আৰু ক-খ-গ-ঘ-উঙ (১৯৭০)।[11]

১৯৭০ চনত কবৰীয়ে অভিনেতা ফাৰুকৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰিছিল, বিশেষকৈ সুজন সখী আৰু সাৰেং বৌ[3] তেওঁ বুলবুল আহমেদৰ সৈতে চাছি নাজৰুল ইছলামৰ দেৱদাস (১৯৮২) ছবিখনতো অভিনয় কৰিছিল।[3] ১৯৭৩ চনত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ঋত্বিক ঘটকৰ তিতাশ একটি নদীৰ নাম ছবিত অভিনয় কৰিছিল।[3] তদুপৰি তেওঁ সহ অভিনেতা ৰহমানৰ সৈতে জাহিৰ ৰাইহানৰ এখন উৰ্দু ছবি বাহানাত অভিনয় কৰিছিল।[3] এইসকলৰ উপৰি তেওঁ আলমগীৰ, সোহেল ৰানা, উজ্জ্বল, ৱাছিম, খান আতাউৰ ৰহমান, গোলাম মুস্তাফা, আনোৱাৰ হোছেইন, এ.টি.এম. শ্বামছুজ্জামান আদি অভিনেতাৰ সৈতে অভিনয় কৰিছিল।[3]

তেওঁ ছবি পৰিচলনাতো হাত দিছিল আৰু ২০০৬ চনত আয়না নামৰ ছবিখন পৰিচালনা কৰিছিল।[12]

আন এক কৃতিত্ব হিচাপে কবৰীয়ে "শ্ৰীতিতুকু থাক" শীৰ্ষক এখন গ্ৰন্থ ৰচনা কৰিছিল।[3]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

২০০৮ চনত নাৰায়ণগঞ্জ-৪ৰ পৰা বাংলাদেশৰ ৰাষ্ট্ৰীয় সংসদলৈ নৱম বাংলাদেশ সংসদৰ সদস্য হিচাপে কবৰী নিৰ্বাচিত হয়। ১৯৭১ চনৰ মুক্তিযুদ্ধৰ সময়ত তেওঁ স্বাধীনতা সংগ্ৰামীসকলক সহায় কৰিবলৈ ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।[5] যুদ্ধৰ সময়ত তেওঁ ভাৰতলৈ পলায়ন কৰিছিল আৰু মুম্বাইত "জয় বাংলাদেশ" নামৰ এখন ছবিৰ কাম কৰিছিল।[3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

কবৰীয়ে প্ৰথমে চিত্ত চৌধুৰীক বিয়া কৰাইছিল।[13] চিত্ত চৌধুৰীৰ সৈতে বিবাহ বিচ্ছেদ হয় আৰু তাৰপিছত তেওঁ ১৯৭৮ চনত শ্বাফিউদ্দিন সৰৱাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সৰৱাৰ ৰাজনীতিবিদ ছামিম ওছমানৰ এজন সম্পৰ্কীয় খুৰাক।[13] ২০০৮ চনত এই দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়।[13][14] কবৰীৰ পাঁচজন পুত্ৰ আছিল।[5]

মৃত্যু[সম্পাদনা কৰক]

কবৰীৰ শৰীৰত ক'ভিড-১৯ পজিটিভ পোৱাৰ পিছত তেওঁক প্ৰথমে কুৰমিতোলা জেনেৰেল হস্পিতালত ভৰ্তি কৰা হয় আৰু পিছলৈ, শ্বেখ ৰাছেল নেচনেল গেষ্ট্ৰ'লিভাৰ ইনষ্টিটিউট এণ্ড হস্পিতালৰ আই চি ইউলৈ স্থানান্তৰ কৰা হয়, আৰু তাতেই ২০২১ চনৰ ১৭ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।[15][3] ২০১৯ চনৰ পৰা তেওঁ এই তুমি সেই তুমি নামৰ এখন ছবিৰ কাম কৰি আছিল।[16]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. Afsar Ahmed (6 May 2005). "Tit Bits – The celebrity name game". The Daily Star. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304094409/http://archive.thedailystar.net/2005/05/06/d505061403105.htm. 
  2. 2.0 2.1 "আৰ্কাইভ কপি" (bn ভাষাত). BD Times 71. Archived from the original on 16 October 2015. https://web.archive.org/web/20151016073000/http://www.bdtimes71.com/?p=32376. 
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 "Silver screen legend Kabori no more" (en ভাষাত). The Daily Star. 17 April 2021. https://www.thedailystar.net/arts-entertainment/news/kabori-no-more-2078853. 
  4. "Actress Kabori dies of Covid-19" (en ভাষাত). The Business Standard. 17 April 2021. http://www.tbsnews.net/bangladesh/actress-kabari-no-more-232678. 
  5. 5.0 5.1 5.2 "Political career spells divorce for Bangladeshi actress". asiaone news. 23 November 2008. Archived from the original on 22 December 2015. https://web.archive.org/web/20151222123023/http://news.asiaone.com/News/Latest%2BNews/Asia/Story/A1Story20081121-102458.html। আহৰণ কৰা হৈছে: 16 January 2013. 
  6. "জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্তদেৰ নামেৰ তালিকা (১৯৭৫-২০১২)" (bn ভাষাত). Government of Bangladesh. Bangladesh Film Development Corporation. Archived from the original on 23 December 2018. https://web.archive.org/web/20181223211753/http://www.fdc.gov.bd/site/page/f3bb17fe-d9ad-4b61-bd8a-5824262691ad/%E0%A7%A7%E0%A7%AF%E0%A7%AD%E0%A7%AB-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%A8। আহৰণ কৰা হৈছে: 19 June 2020. 
  7. "Film Mrittika Maya wins national award 2013" (en ভাষাত). The Daily Star. 10 March 2015. https://www.thedailystar.net/arts-entertainment/film-mrittika-maya-wins-national-award-2013-70772. 
  8. 8.0 8.1 "Constituency 207". Bangladesh Parliament. Archived from the original on 19 April 2021. https://web.archive.org/web/20210419001201/http://www.parliament.gov.bd/index.php/en/mps/members-of-parliament/former-mp-s/list-of-9th-parliament-members-bangla?layout=edit&id=856। আহৰণ কৰা হৈছে: 18 April 2021. 
  9. 9.0 9.1 "Muniments of my life". 17 November 2018. https://www.thedailystar.net/showbiz/through-the-eyes/news/muniments-my-life-1661470. 
  10. "আৰ্কাইভ কপি" (bn ভাষাত). Prothom Alo. 4 June 2014. Archived from the original on 25 November 2017. https://web.archive.org/web/20171125170608/http://www.prothom-alo.com/entertainment/article/232978/%E2%80%98%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A7%87%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%95%E0%A6%AC%E0%A6%B0%E0%A7%80%E0%A6%B0-%E0%A7%AB%E0%A7%A6-%E0%A6%AC%E0%A6%9B%E0%A6%B0%E2%80%99. 
  11. "Kabori honoured...". https://www.thedailystar.net/arts-entertainment/film/news/kabori-honoured-nayakraj-razzak-award-1733149। আহৰণ কৰা হৈছে: 6 January 2024. 
  12. "Heroine searching for heroine". Prothom Alo. 27 February 2015. Archived from the original on 27 February 2015. https://web.archive.org/web/20150227162859/http://en.prothom-alo.com/entertainment/news/59791/Heroine-searching-for-heroine. 
  13. 13.0 13.1 13.2 "Actress Kabori divorced" (en ভাষাত). The Daily Star. 20 November 2008. https://www.thedailystar.net/news-detail-64152. 
  14. "Entry into politics sours Kabari's marriage" (en ভাষাত). Gulf News. https://gulfnews.com/world/asia/entry-into-politics-sours-kabaris-marriage-1.144259. 
  15. "Veteran actress Kabori passes away". Dhaka Tribune. 17 April 2021. https://www.dhakatribune.com/bangladesh/2021/04/17/veteran-actress-kabori-passes-away. 
  16. ""I feel very proud to have been born in Bangladesh" - Kabori" (en ভাষাত). The Daily Star. 17 April 2021. https://www.thedailystar.net/arts-entertainment/news/i-feel-very-proud-have-been-born-bangladesh-kabori-2078969.