সমললৈ যাওক

কমণ্ডলু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এজন সাধুৱে ধৰি থকা অৱস্থাত এটা ধাতুৰ কমণ্ডলু।

কমণ্ডলু (সংস্কৃত: कमण्डलु ) [1]), কমণ্ডল বা কমণ্ডলম হৈছে এক ডিম্বাকাৰ পানীৰ পাত্ৰ। এই পাত্ৰৰ মূল হৈছে ভাৰতীয় উপমহাদেশ। শুকান ৰঙালাও বা নাৰিকলৰ খোলা, ধাতু, কমণ্ডলতৰু গছৰ কাঠ,[2] বা মাটিৰ সহায়ত সাধাৰণতে হেণ্ডেল আৰু পানী ওলাই আহিব পৰা এডাল নলী সহ নিৰ্মিত। হিন্দু তপস্বী বা যোগীসকলে প্ৰায়ে ইয়াক খোৱা পানী সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰে।[3] তপস্বীসকলে বহন কৰা পানীভৰ্তি কমণ্ডলুৱে এক সৰল আৰু স্বয়ংসম্পূৰ্ণ জীৱনক প্ৰতিনিধিত্ব কৰে বুলি কোৱা হয়।

নিৰ্মাণৰ পদ্ধতি

[সম্পাদনা কৰক]

কমণ্ডলু ধাতু, মাটি, কাঠ, নাৰিকলৰ খোলা আৰু শুকান ৰঙালাওকে ধৰি বিভিন্ন সামগ্ৰীৰে নিৰ্মিত হ'ব পাৰে। ৰঙালাওৰ কমণ্ডলু তৈয়াৰ কৰাৰ বাবে, এটা পকা ৰঙালাও নিৰ্বাচন কৰা হয় আৰু ভিতৰৰ মঙহ আৰু বীজ বোৰ পৰিষ্কাৰ কৰি কেৱল বাহিৰৰ খোলাটো ৰখা হয়। ইয়াক আধ্যাত্মিক পৰ্যায়ত এজন ব্যক্তিৰ পৰা অহংকাৰ আঁতৰোৱা বুলি ব্যাখ্যা কৰা হয়। পকা ৰঙালাওটোৱে ব্যক্তিজনক প্ৰতিনিধিত্ব কৰে, বীজ আৰু মঙহ অংশ হৈছে অহংকাৰ। এনেদৰে বীজ পৰিষ্কাৰ কৰাটো অহংকাৰ আঁতৰ কৰাৰ প্ৰতীক। অৰ্থাৎ উকা কমণ্ডলু এটাই আত্ম-উপলব্ধি স্বীকাৰ কৰিবলৈ উপযুক্ত এজন পৰিষ্কাৰ ব্যক্তিক প্ৰতিনিধিত্ব কৰে।[4]

হিন্দু ধৰ্ম

[সম্পাদনা কৰক]
সোঁ হাতত কমণ্ডলু ধাৰণ কৰা অৱস্থাত ব্ৰহ্মা।

কমণ্ডলুৰ পানীয়ে অমৃতাক প্ৰতিনিধিত্ব কৰে - জীৱনৰ অমৃত- এনেদৰে উৰ্বৰতা, জীৱন আৰু সম্পদৰ প্ৰতীক।[5] কমণ্ডলু প্ৰায়ে দেৱতাৰ হাতত থকা বুলি দেখুওৱা হয়। শিৱ আৰু ব্ৰহ্মাৰ দৰে তপস্বীৰ লগতে বৰুণ, গংগা আৰু সৰস্বতীৰ দৰে নদীৰ দেৱী সকলৰ সৈতেও সম্পৰ্কিত।[5] আদি শংকৰাচাৰ্যৰ অষ্টোতৰম স্তোত্ৰত শিৱৰ হাত কমাণ্ডালুৰে সজ্জিত বুলি উল্লেখ আছে। দেৱতা অগ্নি আৰু বৃহস্পতিৰ দৰে অন্যান্য দেৱতাসকলৰো হাতত কামণ্ডলু থকা বুলি দেখুওৱা হৈছে।[6][7] কৰমগমালাধাৰিণী দেৱীক কমণ্ডলুৰ মালা পিন্ধা বুলি বৰ্ণনা কৰা হৈছে।[8] দেৱী মাহাত্ম্যা নামৰ পাঠ্যত উল্লেখ থকা অনুসৰি দেৱী ব্ৰহ্মচাৰিণীয়ে ৰাক্ষসবোৰক তেওঁৰ কমণ্ডলুৰ পৰা পবিত্ৰ পানী ছটিয়াই বধ কৰিছিল।[9] খ্ৰীষ্টপূৰ্ব ১৮৩-১৬৫ খ্ৰীষ্টপূৰ্বৰ এটা মুদ্ৰাত কৃষ্ণই কমণ্ডলু ধৰি থকা দেৱতা ৰূপত দেখুওৱা হৈছে।[10]

নদী সম্পৰ্কীয় কিংবদন্তি

[সম্পাদনা কৰক]

পৌৰাণিক সৰস্বতী নদীৰ সৃষ্টি সম্পৰ্কীয় কিংবদন্তীত সৃষ্টিকৰ্তা-দেৱতা ব্ৰহ্মাৰ কমণ্ডলুৰ পৰা নিৰ্গত পানীৰ কথা উল্লেখ আছে।[11] গঙ্গা নদীও ব্ৰহ্মাৰ কমণ্ডলুৰ মাজেৰে বৈ যোৱা বুলি বিশ্বাস কৰা হয়।[12] গঙ্গাৰ জন্মসম্পৰ্কে এটা কিংবদন্তীত উল্লেখ থকা অনুসৰি ব্ৰহ্মাই বামনৰ ভৰিৰ আঙুলি ধুই তেওঁৰ কমণ্ডলুত সেই পানী সংগ্ৰহ কৰিছিল আৰু এই পানীয়েই গংগা নদীলৈ ৰূপান্তৰিত হয়।[13]

আন এখন নদী চিলাম্বুৰ উৎপত্তি সম্পৰ্কীয় কাহিনী অনুসৰিও যেতিয়া ব্ৰহ্মাই বমনৰ ভৰিখন তেওঁৰ কামন্দালুৰ পানীৰে ধুইছিল, পৃথিৱীত বমনৰ ভৰিৰপৰা পৰা এটা টোপাল নদীলৈ ৰূপান্তৰিত হৈছিল আৰু এই নদীখনেই চিলাম্বু নদী বুলি জনা গৈছিল।[14] তীৰ্থস্থান দৰ্শ পুষ্কৰিনীৰ বিষয়ে আন এটা পৌৰাণিক কাহিনীত বৰ্ণনা কৰা হৈছে যে যেতিয়া কাবেৰী নদীক ঋষি অগস্ত্যই বিবাহৰ বাবে দিয়া প্ৰস্তাৱ অস্বীকাৰ কৰাত তেওঁ তেওঁৰ কমণ্ডলুত কাবেৰী নদীক আৱদ্ধ কৰিছিল। ইয়াৰ ফলত নৈপৰীয়া অঞ্চলটো দুৰ্ভিক্ষৰ সন্মুখীন হয় আৰু এই কথা লক্ষ্য কৰি কাবেৰী কমণ্ডলুৰ পৰা পলাই যায় কিন্তু ঋষিৰ অভিশাপ লৈ শেষত দৰ্শা পুষ্কৰিনীত শুদ্ধ হয়।[15] আন এক ব্যাখ্যা অনুসৰি কাবেৰীক বন্দী কৰি ৰখাৰ বাবে খং উঠি দেৱতা গণেশে কাউৰীৰ ৰূপত অগষ্ট্যৰ কামণ্ডলুটো তললৈ ঠেলি পেলাই দি কাবেৰীক উদ্ধাৰ কৰে আৰু পূৰ্বৰ নদীৰ ৰূপলৈ উভতি যায়।[16]

বৌদ্ধ-জৈন ধৰ্ম

[সম্পাদনা কৰক]

বৌদ্ধসকলে কোনো ৰীতি-নীতিৰ আগতে কমণ্ডলুৰ পৰা মানুহৰ হাতৰ তলুৱাত পানী ঢালে, য'ত পানী জীৱনৰ অমৃতৰ প্ৰতীক।[17] ইয়াক ভুম্বা বুলিও কোৱা হয়।[18] মৈত্ৰেয় আৰু অৱলোকিতেশ্বৰৰ দৰে বোধিসত্ত্বসকলৰ হাতত কমণ্ডলু থকা বুলি দেখুওৱা হৈছে।[19][20] কমণ্ডলু প্ৰথমতে ব্ৰাহ্মণীয় হিন্দু ধৰ্মৰ পৰা বৌদ্ধ ধৰ্মলৈ, ব্ৰহ্মা দেৱতাৰ জৰিয়তে মৈত্ৰেয়লৈ প্ৰবাহিত হৈছিল বুলি কোৱা হয়। পিছত আন বহুতো মহাযান বৌদ্ধ দেৱতাৰ প্ৰতিনিধিত্বত কমণ্ডলু অন্তৰ্ভুক্ত কৰা হৈছিল।[21]

জৈন দিগম্বৰ ঋষিসকলে "শৌচাগাৰৰ উদ্দেশ্যে" পানী সংৰক্ষণৰ বাবে কমণ্ডলু ব্যৱহাৰ কৰে।[22]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Monier Williams Sanskrit-English Dictionary (2008 revision)
  2. http://sanskritdocuments.org/all_sa/shankara108m_sa.html, Shankarachrya’s ashtotaram)
  3. Radha, Swami Sivananda (1992). Kundalini Yoga. Motilal Banarsidass. পৃষ্ঠা. 357. ISBN 9788120808126. https://books.google.com/books?id=xfDzSaOju8gC&q=Kamandalu আহৰণ কৰা হৈছে: 2008-08-20. p.40
  4. Pandit, Bansi (2005). Explore Hinduism. Heart of Albion. পৃষ্ঠা. 187. ISBN 9781872883816. https://books.google.com/books?id=PT5h4IjBMk0C&dq=Kamandalu&pg=PA48 আহৰণ কৰা হৈছে: 2008-08-21. p.48
  5. 1 2 Jansen, Eva Rudy (1993). The Book of Hindu Imagery. Binkey Kok Publications. পৃষ্ঠা. 158. ISBN 9789074597074. https://books.google.com/books?id=1iASyoae8cMC&dq=Kamandalu&pg=PA144 আহৰণ কৰা হৈছে: 2008-08-21. p.52
  6. Chaplin, Dorothea (2007). Mythlogical Bonds Between East and West. READ BOOKS. পৃষ্ঠা. 160. ISBN 9781406739862. https://books.google.com/books?id=GiAwgX1Eg1wC&dq=Kamandalu&pg=PA114 আহৰণ কৰা হৈছে: 2008-08-21. p.117
  7. Chakrabarti, Dilip K. (2001). Archaeological Geography of the Ganga Plain. Orient Longman. পৃষ্ঠা. 301. ISBN 9788178240169. https://books.google.com/books?id=OEZe-wAIiKIC&dq=Kamandalu&pg=PA84 আহৰণ কৰা হৈছে: 2008-08-21. p.40
  8. Harper, Katherine Anne; Robert L. Brown (2007). The Roots of Tantra. SUNY Press. পৃষ্ঠা. 270. ISBN 9780791453056. https://books.google.com/books?id=M7Fbj5hrmQoC&dq=Kamandalu&pg=PA240 আহৰণ কৰা হৈছে: 2008-08-21. p.240
  9. Coburn, Thomas B. (1988). Devī-Māhātmya. Motilal Banarsidass. পৃষ্ঠা. 359. ISBN 9788120805576. https://books.google.com/books?id=hy9kf7_TOHgC&dq=Kamandalu&pg=PA146 আহৰণ কৰা হৈছে: 2008-08-21. p.146
  10. Kala, Jayantika (1988). Epic Scenes in Indian Plastic Art. Abhinav Publications. পৃষ্ঠা. 107. ISBN 9788170172284. https://books.google.com/books?id=MLcGKezqdDIC&dq=Kamandalu&pg=PA92 আহৰণ কৰা হৈছে: 2008-08-21. p.92
  11. Darian, Steven G. (2001). The Ganges in Myth and History. Motilal Banarsidass. পৃষ্ঠা. 235. ISBN 9788120817579. https://books.google.com/books?id=0obUy_W9NREC&dq=Kamandalu&pg=PA60 আহৰণ কৰা হৈছে: 2008-08-21. p.60
  12. Hiltebeitel, Alf (1990). The Ritual of Battle. SUNY Press. পৃষ্ঠা. 368. ISBN 9780791402498. https://books.google.com/books?id=vwWGX08JAx8C&dq=Kamandalu&pg=PA160 আহৰণ কৰা হৈছে: 2008-08-21. p.160
  13. https://web.archive.org/web/20091027080628/http://geocities.com/dr_gda/ganga.htm, Origin of Holy River Ganga
  14. Deep in the Woods
  15. http://saranathantg.blogspot.com/2008_03_01_archive.html, Srimad Bhagawat Geeta
  16. http://chennaionline.com/columns/Lifehistory/history05.asp,(Agastya–Part[সংযোগবিহীন উৎস] V
  17. Blau, Tatjana; Mirabai Blau (2002). Buddhist Symbols. Sterling Publishing Company, Inc.. পৃষ্ঠা. 256. ISBN 9781402700330. https://books.google.com/books?id=bcf46Ye46qUC&dq=Kamandalu&pg=PA225 আহৰণ কৰা হৈছে: 2008-08-21. p.225
  18. Jansen, Eva Rudy; Tony Langham (1990). The Book of Buddhas. Binkey Kok. পৃষ্ঠা. 110. ISBN 9789074597029. https://books.google.com/books?id=GngtR4O6Y_EC&dq=Kamandalu&pg=PA28 আহৰণ কৰা হৈছে: 2008-08-21. p.28
  19. Wong, Dorothy C. (2004). Chinese Steles. University of Hawaii Press. পৃষ্ঠা. 226. ISBN 9780824827830. https://books.google.com/books?id=4gNk5HzIIKgC&dq=Kamandalu&pg=PA93 আহৰণ কৰা হৈছে: 2008-08-21. p.93
  20. Donaldson, Thomas E. (2001). Iconography of the Buddhist Sculpture of Orissa. Abhinav Publications. পৃষ্ঠা. 792. ISBN 9788170173755. https://books.google.com/books?id=DbxE8zOuRbUC&dq=Kamandalu&pg=PA195 আহৰণ কৰা হৈছে: 2008-08-21. p.195
  21. Jacques Duchesne-Guillemin (1974). Acta Iranica. BRILL. ISBN 978-90-04-03902-5. https://books.google.com/books?id=_MoUAAAAIAAJ&dq=Kamandalu&pg=PA97 আহৰণ কৰা হৈছে: 2008-08-21. p.97
  22. Jaini, Padmanabh S. (2000). Collected Papers on Jaina Studies. Motilal Banarsidass. পৃষ্ঠা. 428. ISBN 9788120816916. https://books.google.com/books?id=HPggiM7y1aYC&dq=Kamandalu&pg=PA164 আহৰণ কৰা হৈছে: 2008-08-21. p.164