কমলাকান্ত দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমলাকান্ত দাস
জন্ম ১৯০৪
বেছেৰীয়া,কামৰূপ জিলা, অসম
মৃত্যু ১৯৬৯ চন, ১৬ অক্টোবৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সংস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন

কমলাকান্ত দাস (ইংৰাজী: Kamalakanta Das) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগাৰকী সংগ্ৰামী আছিল৷ তেওঁ এগৰাকী সমাজ সেৱক, ৰাজনৈতিক সংগঠক আৰু মহাত্মা গান্ধীৰ অনুগামী লোক আছিল৷ ১৯২৮ চনতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগ দি তেওঁ স্বাধীনতা সংগ্ৰামৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হৈ পৰিছিল আৰু ইয়াৰ বাবে তেওঁ কাৰাবৰণ কৰিবলগীয়া হৈছিল৷

জন্ম, পৰিচয় আৰু শিক্ষা[সম্পাদনা কৰক]

কমলাকান্ত দাসৰ জন্ম হৈছিল, ১৯০৪ চনত বেছেৰীয়াৰ বগাই চুকত৷ দেউতাকৰ নাম আছিল নন্দিৰাম সুত[1] আৰু মাকৰ নাম বন্দুলি দাস৷ তেওঁলোকৰ পৰিয়ালটো ১৯১০ চনত তেজপুৰৰ ওচৰৰ জহামাৰীলৈ উঠি যায় আৰু তাতে বসতি কৰিবলৈ লয়৷ জহামাৰীতে প্ৰাথমিক শিক্ষা আৰু মজলীয়া শিক্ষা শেষ কৰি তেওঁ তেজপুৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ১৯২৩ চনত এণ্ট্ৰেন্স পৰীক্ষা দি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ তেওঁৰ প্ৰতিভা দেখি বৃটিছ চৰকাৰে তেওঁক চৰকাৰী চাকৰি যাচিছিল যদিও তেওঁ সেয়া প্ৰত্যাখ্যান কৰিছিল৷[2]

সংগ্ৰামী জীৱন[সম্পাদনা কৰক]

১৯২৮ চনতে মহাত্মা গান্ধীৰ প্ৰতি অনুৰক্ত হৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি স্ৱাধীনতা আন্দোলনত জঁপিয়াই পৰে৷ বিয়াল্লিছৰ গণ-আন্দোলনত তেওঁ সংগ্ৰামী প্ৰশিক্ষণ শিবিৰ পৰিচালনাৰ দায়িত্ব পালন কৰি জহামাৰীৰ শিবিৰৰ প্ৰায় ৬০০জনমান প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিছিল৷ ১৯৪২ চনৰ ১৫-১৬ ছেপ্তেম্বৰত বৰগাঁও নামঘৰত এখনি সভাত পুষ্পলতা দাস, ত্ৰিনয়ন বৰকাকতী আদি নেতা-নেত্ৰীৰ উপস্থিতিত ঢেকিয়াজুলি থানাত পতাকা উত্তোলনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল৷ সভাই পতাকা উত্তোলনৰ সকলো কাম নিয়াৰিকৈ কৰিবলৈ তিনিজন মানুহৰ ওপৰত দায়িত্ব দিছিল৷ তেওঁলোক আছিল, কমলাকান্ত দাস, ফণীধৰ দাস আৰু বাপুৰাম গগৈ৷ পৰিকল্পনামতে, এই তিনিগৰাকী ব্যক্তিৰ পৰিচালনাত কেউফালৰ পৰা তেতিয়াৰ তেজপুৰ আদালতৰ বিশেষ বিচাৰপতি এছ,কে, দাসৰ মতে ২০০০ আৰু বেচৰকাৰী হিচাপমতে প্ৰায় ৫০০০ লোক থানাৰ সম্মুখত সমবেত হৈছিল৷ ঢেকিয়াজুলি থানাৰ তেতিয়াৰ দাৰোগা মহীধৰ বৰা আছিল কমলাকান্ত দাসৰ সহপাঠী৷ থানাত প্ৰৱেশ কৰাক লৈ দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা হয় আৰু মহধৰ বৰাই থানাত প্ৰৱেশ কৰিলেই গুলী চলাব বুলি সঁকিয়াই দিয়ে৷ সেই সঁকিয়নিত ভীতিগ্ৰস্ত নহৈ কমলাকান্তৰ নেতৃত্বত সমবেত জনতা থানা চৌহদত সোমাই পৰে৷ লগে লগে লাঠি-চালনা আৰু পিছত গুলীচালনা হয়৷ কমলাকান্ত দাস বয়নেটৰ আঘাতত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ[1] বাগৰি পৰাত ৰক্ষী বাহিনীয়ে তেওঁক সেই ঠাইৰ পৰা আঁতৰাই নিয়ে৷ তেজপুৰত বহা বিশেষ আদালতত "King Emperor Vrs Kamalakanta Das and Others’’ নামৰ মোকৰ্দমাত তেওঁ দোষী সাব্যস্ত হৈ ভাৰতীয় দণ্ডবিধিৰ ১৪১ নং ধাৰাত ডেৰ বছৰ আৰু ৩৫৩ ধাৰাত এবছৰ, মুঠ আঢ়ৈবছৰ সশ্ৰম কাৰাদণ্ড ভোগে৷[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

স্বাধীনতা সংগ্ৰামী কমলাকান্ত দাসে তেজপুৰ লোকেল বোৰ্ডৰ দুবাৰো সদস্য নিৰ্বাচিত হৈছিল৷ কিন্তু ৰাজনৈতিক পাকচক্ৰত পৰি তেওঁ মিছামাৰী বিধান সভা সমষ্টিৰ পৰা আশা কৰাতো অসম বিধান সভালৈ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে টিকট লাভ নকৰিলে৷ তেওঁক পঞ্চায়ত বিভাগৰ এটা সাধাৰণ চাকৰিত মকৰল কৰাত নিজ কৰ্মক্ষেত্ৰৰ পৰা দূৰৈলৈ গৈছিল৷[2]

ইতিহাসত দ্ব্যৰ্থতা[সম্পাদনা কৰক]

ভাৰতৰ স্বাধীনতা সংগ্ৰাম অসমৰ ইতিহাসত কমলাকান্ত দাস কিছু পৰিমাণে উপেক্ষিত হৈ ৰ’ল৷ যদিও সেই সময়ৰ তেজপুৰ আদালতৰ বিশেষ বিচাৰপতি এছ,কে, দাসে তেওঁৰ ৰিপ’ৰ্টৰ শিৰোনামাত “King Emperor Vrs. Kamalakanta Das and Others’’ বুলি তেওঁৰ বিবৃতি দিছিল, অসমৰ ইতিহাস অধ্যয়নকাৰীৰ দৃষ্টিত কমলাকান্ত দাসৰ ত্যাগক যেন সমুচিত মূল্য দিয়া নহ’ল৷ পুষ্পলতা দাসৰ দৰে জিলা পৰ্যায়ৰ নেত্ৰীয়ে তৃণমূল পৰ্যায়ৰ সাহসী কংগ্ৰেছ বীৰৰ বিষয়ে “কোনো এজন লোকে’’ বুলিহে তেওঁৰ লেখাত উল্লেখ কৰিছিল৷[2]

মৃত্যু[সম্পাদনা কৰক]

১৯৬৯ চনৰ ১৬ অক্টোবৰত কমলাকান্ত দাসৰ মৃত্যু হয়৷[2]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 কনক চন্দ্ৰ ডেকা (১৯৯০). অসমৰ প্ৰয়াত মুক্তি-যুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা জন্ম-শতবাৰ্ষিকী উদযাপন সমিতি. পৃষ্ঠা. ৪০৯. 
  2. 2.0 2.1 2.2 2.3 2.4 কলিতা, ৰমেশ চন্দ্ৰ (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৬১-১৮৫.