সমললৈ যাওক

কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়, ওৰাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয় (ইংৰাজী: Kalaguru Bishnu Rabha Degree College) ১৯৯০ চনত স্থাপন কৰা হৈছে। অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন ৰাজহুৱা খণ্ডৰ মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ২০২১ চনত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ চৰকাৰৰ দ্বাৰা প্ৰাদেশিকৰন কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] এইখন মহাবিদ্যালয়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী শিক্ষা প্ৰদান কৰাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ ডিগ্ৰী শিক্ষা প্ৰদান কৰা হয়।

অসমৰ সংস্কৃতিৰ গুৰু তথা আৰ্থ-সামাজিক বিপ্লৱৰ পিতৃ প্ৰখ্যাত বিষ্ণুপ্ৰসাদ ৰাভাৰ নামেৰে ১৯৯০ চনত ওৰাং চাৰিআলিৰ মাজমজিয়াত এইখন উচ্চ শিক্ষানুষ্ঠান গঢ়ি তুলা হৈছিল। এই অঞ্চলৰ সচেতন লোকসকল আৰু ৰাজহুৱা অনুদানৰ সহায়ত এই শিক্ষানুষ্ঠান গঢ়ি তুলা হৈছিল ।[1]

গেট
কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ চৌহদ ২০২৪

অবিভক্ত দৰং জিলাৰ বিস্তৃত অঞ্চল সামৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক মহাবিদ্যালয়খনে গুণগত উচ্চ শিক্ষা প্ৰদান কৰা প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে। বছৰ বছৰ ধৰি কলেজখনে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা আগবঢ়াই আহিছে, কাৰণ ইয়াৰ দ্বাৰা সামৰি লোৱা অঞ্চলটোৰ বেছিভাগেই অৰ্থনৈতিকভাৱে পিছপৰা।

যোৱা ১ জানুৱাৰী ২০২১ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰে মহাবিদ্যালয়খনৰ প্ৰাদেশিকীকৰণ কৰিছিল আৰু ই বৰ্তমান অসম চৰকাৰৰ অধীনস্থ এখন পূৰ্ণাংগ প্ৰাদেশিকীকৃত মহাবিদ্যালয়।[উদ্ধৃতিৰ প্ৰয়োজন]

অধ্যক্ষ

[সম্পাদনা কৰক]

বৰ্তমান অধ্যক্ষ ড° উৎপল চন্দ্ৰ হাজং

উপ-অধ্যক্ষ ড° ধ্ৰুৱজ্যোতি শৰ্মা

বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ

[সম্পাদনা কৰক]

বিভাগসমূহ স্নাতক ডিগ্ৰীৰ বাবে

১. ৰাজনীতি বিজ্ঞান বিভাগ

২. শিক্ষা বিভাগ

৩. ইংৰাজী বিভাগ

৪. অসমীয়া বিভাগ

৫. বাংলা বিভাগ

৬. অৰ্থনৈতিক বিভাগ

৭. বড়ো বিভাগ

৮. তৰ্ক বিজ্ঞান বিভাগ

৯. নেপালী বিভাগ

স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে

১. ৰাজনীতি বিজ্ঞান বিভাগ

২. শিক্ষা বিভাগ

৩. অসমীয়া বিভাগ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]