কাকৈ-চেৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

কাকৈ-চেৰা (বৈজ্ঞানিক নাম:Memecylon cerasiforme; কাৰবি: নৰাকং; কছাৰী: পান্দাওজে) মেলাষ্টমেচি (Melastomacee) পৰিয়ালৰ অন্তৰ্ভুুক্ত অসমত দেখা পোৱা এবিধ সৰু আকাৰৰ বনৰীয়া গছ৷[1]

বিৱৰণ[সম্পাদনা কৰক]

কাকৈ-চেৰাৰ বাকলিৰ বৰণ মদৰুৱা৷ বাকলিৰ উপৰিভাগত দীঘল দীঘল ফাটৰ উৎপত্তি হোৱা দেখা যায়৷

ইয়াৰ পাতবোৰ কেতিয়াবা দীঘলীয়া আৰু কেতিয়াবা ডিম্বাকাৰ আৰু দুয়োমূৰ দীঘলনেজীয়া হয়৷ পাতবোৰ চামৰাৰ দৰে ডাঠ আৰু মিহি হোৱা দেখা যায়৷ পাতৰ বৰণ সেউজীয়া৷

কাকৈ-চেৰাৰ ফুল শেঁতাবৰণীয়া৷ ফুলবোৰ পুৰঠ হ’লে দীঘলীয়া আৰু জামুৰ দৰে মঙহাল ফল উৎপন্ন হয়৷ এই ফলবোৰ পকিলে ক’লা পৰে৷[1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭