কাছুটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কাছুটি
ভৌগোলিক স্বীকৃতি
Kasuti embroidery.jpg
কাছুটি এম্ব্ৰইডাৰী
প্ৰকাৰ হস্তশিল্প
অঞ্চল কৰ্ণাটক
দেশ ভাৰত
পঞ্জীয়ন ২০০৬

কাছুটি (ইংৰাজী: Kasuti) ভাৰতৰ কৰ্ণাটক ৰাজ্যত অনুশীলন কৰা লোক এম্ব্ৰইডাৰীৰ এক পৰম্পৰাগত ৰূপ।[1] কাছুটি এম্ব্ৰইডাৰীৰ কাম অতি জটিল হয়। কেতিয়াবা হাতেৰে ৫,০০০টা লৈকে চিলাই কৰি ইয়াক প্ৰস্তুত কৰা হয়। পৰম্পৰাগতভাৱে ইল্কাল শাৰী, ৰবিকে আৰু আংগী বা কুৰ্তাৰ দৰে পোছাকৰ ওপৰত কাছুটি কৰা হয়। কৰ্ণাটক হস্তশিল্প উন্নয়ন নিগমে কাছুটি এম্ব্ৰইডাৰীৰ বাবে ভৌগোলিক স্বীকৃতি সুৰক্ষা বহন কৰে আৰু ই কাছুটিৰ ওপৰত বৌদ্ধিক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰে।[2]

ইতিহাস[সম্পাদনা কৰক]

চালুক্যসকলৰ শাসনকালৰ পৰা কাছুটি কলা প্ৰচলিত।[2] কাছুটি নাম কাই অৰ্থাৎ হাত আৰু ছুটি অৰ্থাৎ কপাহৰ পৰা আহৰণ কৰা হৈছে। অৰ্থাৎ আক্ষৰিকভাবে ই কপাহ ব্যৱহাৰ কৰি হাতেৰে কৰা এক কাৰ্যকলাপ সূচায়।[3] ১৭ শতিকাৰ মহীশূৰ ৰাজ্যৰ মহিলা ৰাজগণিকাসকল ৬৪টা কলাত দক্ষ হব লাগিছিল আৰু কাছুটি এইবোৰৰ ভিতৰত অন্যতম আছিল।[3] কাছুটি এম্ব্ৰইডাৰীত কৰ্ণাটকৰ ৰংগোলী প্ৰকাৰৰ দ্বাৰা প্ৰভাৱিত লোক ডিজাইন, আইনা ব্যৱহাৰ কৰা এম্ব্ৰইডাৰী আৰু সোণ আৰু ৰূপৰ সূতা এম্ব্ৰইডাৰী বেছিভাগ বিবাহৰ দৰে বিশেষ অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হৈছিল। কৰ্ণাটকত কাছুটিৰ সৈতে এম্ব্ৰইডাৰী কৰা শাৰীবোৰ কইনাৰ পাৰম্পৰিক সাজৰ অংশ। উদাহৰণ স্বৰূপে চন্দ্ৰকালী শাৰী নামৰ কাছুটি এম্ব্ৰইডাৰীৰ সৈতে ক'লা ৰেচমেৰে তৈয়াৰ কৰা একপ্ৰকাৰৰ শাৰী মুখ্য গুৰুত্বপূৰ্ণ কইনাৰ সাজ আছিল।

বৰ্ণনা[সম্পাদনা কৰক]

কাছুটি এম্ব্ৰইডাৰীত গোপুৰা, ৰথ, পালকি, চাকি আৰু শংখৰ দৰে অতি জটিল আৰ্হিৰ এম্ব্ৰইডাৰী অন্তৰ্ভুক্ত। স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী বোৰ কাছুটিৰ বাবে ব্যৱহাৰ কৰা হয়। এম্ব্ৰইডাৰী কৰিব বিচৰা আৰ্হি প্ৰথমে কয়লা বা পেঞ্চিলেৰে চিহ্নিত কৰা হয় আৰু তাৰ পিছত সঠিক বেজী আৰু সূতা বাছনি কৰা হয়। এই কাম অতি কঠিন আৰু কাপোৰত প্ৰতিটো সূতাৰ গণনা পৰ্যন্ত অন্তৰ্ভুক্ত থাকে। কাপোৰৰ দুয়োফালে একে দেখাটো নিশ্চিত কৰিবলৈ গাঁঠি ব্যৱহাৰ নকৰাকৈ পেটাৰ্ণবোৰ চিলাই কৰা হয়।[4] আকাংক্ষিত আৰ্হি প্ৰাপ্ত কৰিবলৈ বিভিন্ন প্ৰকাৰৰ চিলাই নিয়োগ কৰা হয়। ব্যৱহাৰ কৰা কিছুমান চিলাই হৈছে গাভন্তী, মুৰ্গী, নেগি আৰু মেনথি।[5] গাভন্তী হৈছে উলম্ব, অনুভূমিক আৰু কৰ্ণ ৰেখা চিহ্নিত কৰাৰ বাবে ব্যৱহৃত এটা দুবাৰ চলি থকা চিলাই, মুৰ্গী হৈছে একপ্ৰকাৰৰ বেঁকা চিলাই, নেগী হৈছে এটা চলি থকা চিলাই আৰু মেনথি হৈছে মেথিৰ বীজৰ দৰে এটা ক্ৰছ চিলাই।

বৰ্তমান স্থিতি[সম্পাদনা কৰক]

বৰ্তমান মহীশূৰ ৰেচম শাৰীৰ দৰে অন্যান্য পোছাক সামগ্ৰীত ব্যৱহাৰ কৰিবলৈ কাছুটিৰ কাম ইয়াৰ পৰম্পৰাগত সীমাৰ বাহিৰত জনপ্ৰিয়তা বৃদ্ধি পাইছে।[6] কাছুটি সংস্কৃতিক উৎসাহিত কৰিবলৈ আৰু গ্ৰাম্য মহিলাসকলক তেওঁলোকৰ শিল্প প্ৰদৰ্শন কৰিবলৈ এক মঞ্চ প্ৰদান কৰিবলৈ কৰ্ণাটক চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা কৰ্ণাটকৰ হুবলিত এটা কাছুটি কেন্দ্ৰ স্থাপন কৰা হৈছিল।[2] অৱশ্যে কাছুটিৰ কাম দুৰ্বল পৃষ্ঠপোষকতাৰ বাবে ক্ৰমে হ্ৰাস পাইছে আৰু বহুলোকে শিল্পটো গুৰুত্বসহকাৰে ল'বলৈ ইচ্ছুক নহয়। উদাহৰণ স্বৰূপে ধাৰৱাদৰ জেএছএছ মহাবিদ্যালয়ৰ কৰ্ণাটক কাছুটি পাঠ্যক্ৰম বন্ধ কৰিবলগীয়া হৈছে।[2]

চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. An exhibition of Kasuti work is reported by "Exhibition of Kasuti work". Online Edition of The Hindu, dated 2007-03-15 (Chennai, India: 2007, The Hindu). 2007-03-15. http://www.hindu.com/thehindu/mp/2007/03/15/stories/2007031501430200.htm. 
  2. 2.0 2.1 2.2 2.3 History of Kasuti is mentioned by Govind D. Belgaumkar and Anil Kumar Sastry (2006-10-27). "Unique symbols of Karnataka". Online Edition of The Hindu, dated 2006-10-27 (Chennai, India: 2006, The Hindu). http://www.hindu.com/2006/10/27/stories/2006102714680200.htm. 
  3. 3.0 3.1 The origin of Kasuti is discussed by Shyam Subbalakshmi B M. "Between the folds". Online Edition of The Deccan Herald, dated 2003-11-23. 2003 The Printers (Mysore) Private Ltd.. http://www.deccanherald.com/deccanherald/nov23/sh1.asp। আহৰণ কৰা হৈছে: 2007-04-22. 
  4. A detailed description of Kasuti work is provided by K. L. Kamat. "Kasooti – Traditional Embroidery". Online Webpage of Kamat's Potpourri. © 1996-2007 Kamat's Potpourri. http://www.kamat.com/kalranga/art/kasuti.htm। আহৰণ কৰা হৈছে: 2007-04-22. 
  5. A brief description of Kasuti is provided by "Indian crafts" (PDF). Online webpage of cimindia.net. 2004, Conferences & Incentive Management (I) Pvt. Ltd.. http://www.cimindia.net/Indian%20Crafts.pdf। আহৰণ কৰা হৈছে: 2007-04-22. 
  6. Mysore silk sarees using Kasuti work is mentioned by Aruna Chandaraju. "Modern MYSURU". Online Webpage of The Hindu, dated 2005-03-05. 2005, The Hindu. http://www.hinduonnet.com/thehindu/mp/2005/03/05/stories/2005030502400300.htm। আহৰণ কৰা হৈছে: 2007-04-22.